বঙালী সাহিত্যিক
৭৮ প্ৰবন্ধ
-
কুসুমকুমাৰী দাশ
কুসুমকুমাৰী দাশ (১৮৭৫–১৯৪৮) এগৰাকী বাংলা কবি, লেখিকা আৰু সমাজকৰ্মী আছিল। তেওঁক আধুনিক বাংলা সাহিত্যৰ প্ৰখ্যাত কবি জীবনানন্দ দাশৰ মাতৃ হিচাপে জনা যায়। ইয়াৰ উপৰি তেওঁ বৰিশাল মহিলা সভাৰ সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
গোলাম কুদ্দুছ
গুলাম কুদ্দুছ (২০ জানুৱাৰী ১৯২০ – ১৩ ডিচেম্বৰ ২০০৬) এজন বিশিষ্ট কমিউনিষ্ট বাঙালী কবি, কল্পকাহিনী লেখক আৰু সাংবাদিক।
-
চিত্ৰা দেৱ
চিত্ৰা দেৱ ( Chitra Deb; (২৪ নৱেম্বৰ ১৯৪৩ — ২ অক্টোবৰ ২০১৭) এগৰাকী বঙালী সাহিত্যিক আৰু গৱেষক। ঠাকুৰ পৰিয়ালৰ ভিতৰ চৰাৰ বিষয়ে লিখা গৱেষণামূলক গ্ৰন্থ ঠাকুৰবাৰীৰ অন্দৰমহলৰ বিশেষভাবে জনাজাত।
-
দীপান্বিতা ৰায়
দীপান্বিতা ৰায় (Dipanwita Roy) এগৰাকী বঙালী লেখিকা আৰু সাংবাদিক। তেওঁ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা তুলনামূলক সাহিত্যৰ অধ্যয়ন সমাপ্ত কৰে। শিশু সাহিত্যৰ প্ৰতি তেওঁ সদায় অধিক আগ্ৰহী।
-
নৰেন্দ্ৰনাথ মিত্ৰ
নৰেন্দ্ৰনাথ মিত্ৰ (Narendranath Mitra); ১৯১৬–১৯৭৫) বাংলা ভাষাৰ এজন ঔপন্যাসিক আৰু গল্পকাৰ।
-
প্ৰবীৰ ঘোষ
প্ৰবীৰ ঘোষ (জন্ম ১ মাৰ্চ, ১৯৪৫ – ৭ এপ্ৰিল, ২০২৩) কলকাতাত অৱস্থিত ভাৰতীয় বৈজ্ঞানিক আৰু যুক্তিবাদী সন্থাৰ মুৰব্বী আৰু মানৱতাবাদী সন্থাৰ সভাপতি আছিল। ভাৰতীয় বৈজ্ঞানিক আৰু যুক্তিবাদী সন্থাৰ তেওঁ আছিল প্ৰতিষ্ঠাপক।
-
প্ৰসন্নময়ী দেৱী
প্ৰসন্নময়ী দেৱী (চৌধুৰী) (২৯ ছেপ্টেম্বৰ ১৮৫৬ – ২৫ অক্টোবৰ ১৯৩৯) এগৰাকী বাঙালী কবি, ভ্ৰমণ সাহিত্যিক আৰু বংগ নৱ-জাগৰণ যুগৰ স্মৃতিগ্ৰন্থ আছিল। তেওঁৰ গ্ৰন্থ আৰ্য্যৱৰ্তঃ জনৈকা বংগমহিলাৰ ভ্ৰমণ বৃত্তান্ত (১৮৮৮) আছিল এগৰাকী বাঙালী মহিলাৰদ্বাৰা ভাৰতৰ প্ৰথম প্ৰকাশিত ভ্ৰমণ বিৱৰণ।
-
ফিৰদৌচ আজিম
ফিৰদৌচ আজিম (Firdous Azim) ব্ৰাক বিশ্ববিদ্যালয়ৰ ইংৰাজী ভাষাৰ অধ্যাপিকা, এগৰাকী সাহিত্য সমালোচক আৰু এগৰাকী মহিলা অধিকাৰ কৰ্মী। ব্ৰাক বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু মানৱীয় বিভাগৰ অধ্যক্ষ। তেওঁ নাৰিপখোৰ সদস্য।
-
বাঙালী সাহিত্যিকৰ ছদ্মনাম
বাংলা ভাষাত ৰচিত সাহিত্যকৰ্মকে বাংলা সাহিত্য নামেৰে জনা যায়। আনুমানিক খ্ৰীষ্টীয় সপ্তম শতিকাৰ মাজভাগৰ আশে-পাশে বাংলা ভাষাত সাহিত্য ৰচনা আৰম্ভ হৈছিল। বাংলা ভাষাৰ লগতে পৃথিৱীৰ সকলো সাহিত্যতে সাহিত্যিকসকলে বহু সময়ত নিজৰ প্ৰকৃত নাম গোপনে ৰাখি আন নামেৰে সাহিত্য সৃষ্টি কৰাৰ নজিৰ আছে।
-
বাসুদেৱ দাস
বাসুদেৱ দাস (Basudev Das) বঙালী ভাষাৰ এগৰাকী লেখক আৰু প্ৰসিদ্ধ অনুবাদক। তেওঁ অসমীয়া সাহিত্যৰ ৪৫০ৰো অধিক গল্প, অসংখ্য কবিতা, প্ৰবন্ধ আদি প্ৰধানকৈ বঙালী ভাষালৈ অনুবাদ কৰিছে আৰু সেই সমূহ অসম, পশ্চিম-বংগকে ধৰি ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বাংলাদেশ আদিৰ পৰা প্ৰকাশিত কাকত-আলোচনী আৰু প্ৰকাশন গোষ্ঠীৰ দ্বাৰা…
-
বিজয় গুপ্তা (কবি)
বিজয় গুপ্তা আছিল পঞ্চদশ শতিকাৰ বৰিশালৰ এজন বঙালী কবি। ১৫ শতিকাৰ শেষৰ ফালে আৰু ষোড়শ শতিকাৰ আৰম্ভণিতে তেওঁ বাংলা সাহিত্যৰ নৱ-জাগৰণৰ অংশ আছিল।
-
বিপ্ৰদাস পিপলাই
বিপ্ৰদাস পিপলাই (Bipradas Pipilai; বিপ্ৰদাস পিপিলাই বুলিও লিখা হয়) পঞ্চদশ শতিকাৰ এগৰাকী বিশিষ্ট বঙালী কবি আছিল। তেওঁ আছিল পশ্চিমবংগৰ বৰ্তমানৰ উত্তৰ ২৪ পৰগনা জিলাৰ বাদুড়িয়া-বটগ্ৰামৰ বাসিন্দা আৰু মুকুন্দ পিপলাইৰ পুত্ৰ। বিপ্ৰদাস মনসা-পাঁচালীৰ সবাতোকৈ পুৰণি কবি।
-
যশোধৰা ৰায়চৌধুৰী
যশোধৰা ৰায়চৌধুৰী (জন্ম: ১৯৬৫) এগৰাকী ভাৰতীয় কবি। তেওঁ কেইবাখনো বাংলা কবিতা সংকলন ৰচনা কৰিছে। ১৯৯৮ চনত তেওঁক কৃত্তিবাস পত্ৰিকাৰ তৰফৰপৰা কৃত্তিবাস পুৰস্কাৰ প্ৰদান কৰা হৈছিল। যশোধৰা মূল ফৰাচী ভাষাৰপৰা বাংলালৈ অনুবাদ কৰা এগৰাকী অনুবাদকো।
-
সুতপা চক্ৰৱৰ্তী
সুতপা চক্ৰৱৰ্তী (Sutapa Chakraborty, জন্ম: ১১ ছেপ্টেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় কবি আৰু সাহিত্যিক। ২০২৪ চনত তেওঁ দেৰাজে হলুদ ফুল, গতজন্ম শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে বাংলা ভাষাৰ সাহিত্য অকাডেমি যুৱ বঁটা লাভ কৰে।
-
স্বপ্নময় চক্ৰৱৰ্তী
স্বপ্নময় চক্ৰৱৰ্তী (Swapnamoy Chakraborty, জন্ম: ২৪ আগষ্ট ১৯৫১) এগৰাকী ভাৰতীয় বাঙালী কথাসাহিত্যিক, ঔপন্যাসিক আৰু প্ৰাবন্ধিক। তেওঁ আনন্দ পুৰস্কাৰ, বঙ্কিম পুৰস্কাৰ আৰু সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হৈছে।
-
হুমায়ূন আহমেদ
হুমায়ুন আহমেদ ( ɦumaiyun aɦmed)১৩ নৱেম্বৰ ১৯৪৮ – ১৯ জুলাই ২০১২) আছিল এজন বাংলাদেশী ঔপন্যাসিক, নাট্যকাৰ, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, গীতিকাৰ, পণ্ডিত আৰু শিক্ষাবিদ।তেওঁৰ প্ৰথম পৰিচিতি লাভ কৰিছিল ১৯৭২ চনত প্ৰকাশিত তেওঁৰ প্ৰথম উপন্যাস নন্দিত ন'ৰ'কেৰ জৰিয়তে।
-
হেনা দাস
হেনা দাস (Hena Das; ১২ ফেব্ৰুৱাৰী, ১৯২৪ – ২০ জুলাই, ২০০৯) আছিল বাংলাদেশৰ নাৰী জাগৰণ আন্দোলনৰ তেওঁৰ সময়ৰ এগৰাকী উল্লেখযোগ্য অৱদানকাৰী। তেওঁ বাওঁপন্থী মতাদৰ্শত বিশ্বাসী আছিল আৰু ব্ৰিটিছ বিৰোধী আন্দোলন, ভাষা-আন্দোলন, ঊনসত্তৰৰ গণ-অভ্যুত্থান তথা বাংলাদেশৰ স্বাধীনতা সংগ্ৰামকে ধৰি বহুকেইটা আন্দোলনৰ…
-
ৰামেন্দ্ৰসুন্দৰ ত্ৰিৱেদী
আচাৰ্য ৰামেন্দ্ৰসুন্দৰ ত্ৰিৱেদী (২২ আগষ্ট, ১৮৬৪ – ৬ জুন, ১৯১৯) বাংলা ভাষাৰ এগৰাকী বিজ্ঞান লেখক। তেওঁৰ জন্ম ভাৰতৰ মুৰ্ছিদাবাদত। পূৰ্বতে বাংলা ভাষাত বিজ্ঞান-চৰ্চাৰ বাবে উপযুক্ত পৰিৱেশ নাছিল। এনে হোৱাৰ মূল কাৰণ আছিল উপযুক্ত কিতাপ-পত্ৰৰ অভাৱ।