বঙালী সাহিত্যিক
৭৮ প্ৰবন্ধ
-
জসীমউদ্দিন
জসীমউদ্দিনৰ জন্ম হয় ১৯০৪ চনৰ ১ জানুৱাৰীত বাংলাদেশৰ ফৰিদপুৰ জিলাৰ অম্বিকাপুৰ গাঁঁৱত। তেওঁৰ পিতা মৌলভি আনসাৰ উদ্দিন আছিল এজন স্কুল শিক্ষক। তেওঁৰ লিখনীৰে বাংলা লোক সাহিত্যৰ ভাণ্ডাৰ সমৃদ্ধশালী কৰাৰ বাবে তেওঁক পল্লীকবি বুলিও কোৱা হয়। ১৯৩১ চনত জসীমউদ্দিনে কলকাতা বিশ্ববিদ্যালয়ৰ পৰা এম. এ পাছ কৰে।
-
তৰু দত্ত
তৰু দত্ত (Toru Dutt; ৪ মাৰ্চ, ১৮৫৬ – ৩০ আগষ্ট ১৮৭৭) হ'ল ভাৰতীয় উপমহাদেশৰ এগৰাকী বঙালী অনুবাদক আৰু কবি। স্বাধীনতাৰ আগৰ ব্ৰিটিছ ভাৰতত প্ৰচলিত ইংৰাজী আৰু ফৰাছী ভাষাত তেওঁ লিখা-মেলা কৰিছিল।
-
নিৰ্মলেন্দু গুণ
নিৰ্মলেন্দু গুণ (Nirmalendu Goon; জন্মঃ ২১ জুন ১৯৪৫ চন) এজন বাংলাদেশী কবি। তেওঁ সুগম কবিতাৰ বাবে পৰিচিত। তেওঁক ২০০১ চনত একুশে পদক আৰু ২০১৬ চনত বাংলাদেশ চৰকাৰ দ্বাৰা স্বাধীনতা দিৱস বঁটা প্ৰদান কৰা হয়। ১৯৮২ চনত তেওঁক বাংলা অকাডেমী সাহিত্য বঁটা প্ৰদান কৰা হয়।
-
প্ৰমথনাথ বিশী
প্ৰমথনাথ বিশী (Pramathanath Bishi; ১১ জুন ১৯০১ – ১০ মে' ১৯৮৫) এগৰাকী ভাৰতীয় সাহিত্যিক, শিক্ষাবিদ আৰু পশ্চিম বংগৰ প্ৰাক্তন সংসদ সদস্য। তেখেত আছিল পশ্চিম বংগ বিধান সভাৰ প্ৰাক্তন সদস্য (১৯৬২–১৯৬৮) আৰু ১৯৭২ চনৰপৰা ১৯৭৮ চনলৈকে ৰাজ্যসভাৰ মনোনীত সদস্য আছিল।
-
মণিশংকৰ মুখোপাধ্যায়
শংকৰ (৭ ডিচেম্বৰ ১৯৩৩ - ২০ ফেব্ৰুৱাৰি ২০২৬) এজন ভাৰতীয় বাঙালী সাহিত্যিক। তেওঁৰ প্ৰকৃত নাম মণিশংকৰ মুখোপাধ্যায়। ১৯৫৫ চনত তেওঁৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশিত হয়। তেওঁৰদ্বাৰা ৰচিত উল্লেখযোগ্য গ্ৰন্থসমূহ হ'ল চৌৰঙ্গী, সীমাবদ্ধ আৰু জন অৰণ্য। এই তিনিখন গ্ৰন্থৰ আধাৰত চলচ্চিত্ৰও নিৰ্মিত হৈছে।
-
হৰপ্ৰসাদ শাস্ত্ৰী
হৰপ্ৰসাদ শাস্ত্ৰী (ইংৰাজী: Hara Prasad Shastri, বাংলা: হব়প্ৰসাদ শাস্ত্ৰী; ৬ ডিচেম্বৰ ১৮৫৩ – ১৭ নৱেম্বৰ ১৯৩১) আছিল এগৰাকী ভাৰতীয় শিক্ষাবিদ, সংস্কৃত পণ্ডিত, সংৰক্ষণবিদ আৰু বাংলা সাহিত্যৰ ইতিহাসবিদ। বাংলা সাহিত্যৰ আদিম জ্ঞাত উদাহৰণ চৰ্যাপদ আৱিষ্কাৰ কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
ৰাজমোহন নাথ
ৰাজমোহন নাথ (Rajmohan Nath; ৩১ অক্টোবৰ ১৮৯৯- ৩ এপ্ৰিল ১৯৬৫) এগৰাকী ভাৰতীয় লেখক আৰু পুৰাতত্ববিদ। পেচাত তেওঁ অসমৰ গড়কাপ্তানি বিভাগৰ অভিযন্তা আছিল। অসমীয়া, বঙালী আৰু ইংৰাজী ভাষাত তেওঁ বহু কেইখন গ্ৰন্থ ৰচনা কৰিছে। তেওঁৰ বহুতো প্ৰবন্ধ বিভিন্ন কাকত-আলোচনীত সিঁচৰতি হৈ আছে।
-
ৰামকুমাৰ মুখোপাধ্যায়
ৰামকুমাৰ মুখোপাধ্যায় (Ramkumar Mukhopadhyay, জন্মঃ ৮ মাৰ্চ ১৯৫৬) ভাৰতৰ এজন বাঙালী সাহিত্যিক। তেওঁ ডাঙৰসকলৰ লগতে ল'ৰা-ছোৱালীৰ বাবে উপন্যাস আৰু চুটিগল্প ৰচনা কৰিছে।
-
অনিল ঘড়াই
অনিল ঘড়াই (Anil Ghorai, ১ নৱেম্বৰ, ১৯৫৭ – ২৩ নৱেম্বৰ, ২০১৪) হ'ল পশ্চিমবংগৰ এগৰাকী বাঙালী সাহিত্যিক। বাংলা সাহিত্যত তেওঁৰ স্থান অনন্য। দলিত আৰু প্ৰান্তীয় মানুহক লৈ সাহিত্যচৰ্চা কৰাৰ বাবে তেওঁক অন্ত্যজ জীৱনেৰ ৰূপকাৰ বুলি কোৱা হয়।
-
আলাওল
চৈয়দ আলাওল (সৈয়দ আলাওল; ১৬০৭ – ১৬৮০)) আছিল ১৭ শতিকাৰ বংগৰ এজন কবি। তেওঁৰ আটাইতকৈ পৰিচিত গ্ৰন্থ হৈছে পদ্মাৱতী, য'ত সিংহলী ৰাজকুমাৰী পদ্মাৱতীৰ কাহিনী চিত্ৰিত কৰা হৈছে। তেওঁক মধ্যযুগীয় বঙালী কবিসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।
-
চেলিনা হুছেইন
চেলিনা হুছেইন ( Selina Hossain) ১৯৪৭ চনৰ ১৪ জুনত জন্মগ্ৰহণ কৰা এগৰাকী বাংলাদেশী ঔপন্যাসিক আৰু ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা বাংলা একাডেমীৰ বৰ্তমানৰ সভানেত্ৰী। তেওঁৰ প্ৰধান ৰচনাসমূহৰ ভিতৰত হাংগোৰ নোডি গ্ৰেনেড(১৯৭৬) আৰু পোকা মাকড়েৰ ঘৰ বসতি (১৯৯৬) অন্যতম।
-
চৈয়দ আলী আহছান
'চৈয়দ আলী আহছান' (২৬ মাৰ্চ ১৯২২ - ২৫ জুলাই ২০০২) বাংলাদেশৰ এজন খ্যাতিনামা সাহিত্যিক, কবি, সাহিত্য সমালোচক, অনুবাদক, প্ৰাবন্ধিক আৰু শিক্ষাবিদ। ১৯৮৯ খ্ৰিষ্টাব্দত পক হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। তেওঁ তেওঁৰ পাণ্ডিত্যৰ বাবে প্ৰসিদ্ধ আছিল।
-
তপোধীৰ ভট্টাচাৰ্য
তপোধীৰ ভট্টাচাৰ্য (১২ ফেব্ৰুৱাৰী, ১৯৪৯) অসমবাসী এজন বাঙালী বুদ্ধিজীৱী। সমকালীন মননশীল প্ৰাবন্ধিকসকলৰ ভিতৰৰ এজন হিচাপে পঢ়ুৱৈ সমাজত পৰিচিত।
-
নবাৰুণ ভট্টাচাৰ্য
নবাৰুণ ভট্টাচাৰ্য (Nabarun Bhattacharya, ২৩ জুন ১৯৪৮ – ৩১ জুলাই ২০১৪) এগৰাকী ভাৰতীয় বাঙালী কবি আৰু কথাসাহিত্যিক। তেওঁ সাহিত্য অকাডেমী বঁটা (১৯৯৭) আৰু বাংকিম পুৰস্কাৰ (১৯৯৬) লাভ কৰিছে। হাৰবাৰ্ট, কাঙ্গাল মালসাট ইত্যাদি তেওঁৰ বিখ্যাত উপন্যাস।
-
পাৰ্থ চট্টোপাধ্যায়
ড॰ পাৰ্থ চট্টোপাধ্যায় (Dr. Partha Chattopadhyay) বঙালী সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত এজন ব্যক্তি। পাৰ্থ চট্টোপাধ্যায়ৰ জন্ম হয় ১৯৩৯ চনত পশ্চিমবঙ্গৰ উত্তৰ ২৪ পৰগণা জিলাৰ গোবৰডাঙ্গা গাঁৱত।
-
বাদল সৰকাৰ
বাদল সৰকাৰ (Badal Sarkar; ১৫ জুলাই, ১৯২৫ – ১৩ মে', ২০১১) এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঙালী নাট্য ব্যক্তিত্ব। তেওঁ থাৰ্ড থিয়েটাৰ নামক এক ভিন্ন ধাৰাৰ নাটকৰ প্ৰবক্তা হিচাপে পৰিচিত।
-
বিনয় ঘোষ
বিনয় ঘোষ (Binoy Ghosh; জন্ম: ১৪ জুন, ১৯১৭ - মৃত্যু: ২৪ জুলাই, ১৯৮০) হ'ল কুৰি শতিকাৰ এগৰাকী বাঙালী সমাজবিজ্ঞানী, সাহিত্য সমালোচক, সাহিত্যিক, লোকসংস্কৃতিৰ সাধক, চিন্তাবিদ আৰু গৱেষক। ইতিহাস আৰু ৰাজনীতি পৰ্যালোচনাত তেওঁ বিশেষ কৃতিত্বৰ অধিকাৰী আছিল।
-
ব্ৰাত্য বসু
ব্ৰাত্যব্ৰত বসু ৰায়চৌধুৰী (Bratya Basu; জন্ম: ২৫ ছেপ্টেম্বৰ ১৯৬৯) এজন ভাৰতীয় বাঙালী নাট্যকাৰ, নাট পৰিচালক, কবি, প্ৰাবন্ধিক, ঔপন্যাসিক, অনুবাদক, সম্পাদক, অভিনেতা আৰু ৰাজনীতিবিদ। বৰ্তমান তেওঁ পশ্চিম বংগৰ উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ মন্ত্ৰী।
-
মনোজ মিত্ৰ
মনোজ মিত্ৰ (Manoj Mitra; ২২ ডিচেম্বৰ ১৯৩৮ – ১২ নৱেম্বৰ ২০২৪) হ'ল এজন বাঙালী থিয়েটাৰ, চলচ্চিত্ৰ আৰু টেলিভিছনৰ অভিনেতা আৰু নাট্যকাৰ।
-
মিথিলেশ ভট্টাচাৰ্য
মিথিলেশ ভট্টাচাৰ্য (Mithilesh Bhattacharya) উত্তৰ-পূব ভাৰতৰ এজন বাংলা ভাষাৰ কথা-সাহিত্যিক। ১৯৪৬ চনৰ ২৩ ফেব্ৰুৱাৰিত তৎকালীন পূব-পাকিস্তান (বৰ্তমানৰ বাংলাদেশ)ৰ মৌলভীবাজাৰ মহকুমাৰ দক্ষিণ বিনোষণা গাঁৱত ভট্টাচাৰ্যৰ জন্ম।
-
মিৰ মোছাৰফ হুছেইন
মিৰ চৈয়দ মোশ্বাৰফ হুছেইন (ইংৰাজী: Mir Syed Mosharraf Hossain) আছিল এজন বাঙালী লেখক, ঔপন্যাসিক, নাট্যকাৰ আৰু প্ৰবন্ধকাৰ। বংগৰ মুছলমান সমাজৰ পৰা ওলাই অহা প্ৰথমজন প্ৰধান লেখক, আৰু বাংলা ভাষাৰ অন্যতম উত্তম গদ্য লেখক হিচাপে তেওঁক গণ্য কৰা হয়।
-
শক্তিপদ ৰাজগুৰু
শক্তিপদ ৰাজগুৰু (Shaktipada Rajguru) (১ ফেব্ৰুৱাৰী ১৯২২ – ১২ জুন ২০১৪) এগৰাকী ভাৰতীয় বঙালী সাহিত্যিক। তেওঁৰ ৰচিত উপন্যাসসমূহৰ কাহিনীৰ ভিত্তিত কেইবাখনো চলচ্চিত্ৰ নিৰ্মিত হৈছে। যাৰ ভিতৰত ঋত্বিক ঘটকৰ দ্বাৰা পৰিচালিত মেঘে ঢাকা তাৰা আৰু শক্তি সামন্তৰ দ্বাৰা পৰিচালিত অমানুষ উল্লেখযোগ্য।
-
সন্দীপ দত্ত
সন্দীপ দত্ত (২৪ জুলাই ১৯৫১ – ১৫ মাৰ্চ ২০২৩) এজন বাঙালী সম্পাদক, অনুবাদক, লেখক আৰু আলোচনী সংগ্ৰাহক।
-
সাগৰময় ঘোষ
সাগৰময় ঘোষ (Sagarmoy Ghosh, ২২ জুন, ১৯১২ – ১৯ ফেব্ৰুৱাৰী, ১৯৯৯) এজন স্বনামখ্যাত ভাৰতীয় বাঙালী সাহিত্যিক; তেওঁ কলকাতাৰপৰা প্ৰকাশিত দেশ আলোচনীৰ সম্পাদকৰ দায়িত্ব পালন কৰি জীৱন্ত কিংবদন্তিত পৰিণত হৈছিল।
-
সুচিত্ৰা ভট্টাচাৰ্য
সুচিত্ৰা ভট্টাচাৰ্য (Suchitra Bhattacharya; ১০ জানুৱাৰী ১৯৫০ – ১২ মে’ ২০১৫) এগৰাকী ভাৰতীয় ঔপন্যাসিক, হেমন্তেৰ পাখী, কাষেৰ মানুষ, অলীক সুখ, ইচ্ছে আৰু কাচেৰ দেৱাল আদি ৰচনাৰ বাবে পৰিচিত। লেখিকা হিচাপে কাম কৰাৰ সময়ছোৱাত তেওঁ ২০খনতকৈও অধিক উপন্যাস আৰু বহুতো চুটিগল্প ৰচনা কৰিছিল।
-
সুস্মিতা বেনাৰ্জী
চৈয়দা কমলা (পূৰ্বৰ নাম: সুস্মিতা বেনাৰ্জী বা সুস্মিতা বন্দোপাধ্যায়; মৃত্যু: ৪ অথবা ৫ ছেপ্টেম্বৰ ২০১৩) এগৰাকী বঙালী লেখিকা। তেওঁৰ জন্ম হৈছিল কলকাতাত। তেওঁ ১৯৯৭ চনত 'কাবুলীৱালাৰ বাঙালী বৌ' (A Kabuliwala's Bengali Wife; কাবুলীৱালাৰ বঙালী স্ত্ৰী) নামৰ বিখ্যাত স্মৃতি কাহিনী লিখিছিল।
-
অংশুমান কৰ
অংশুমান কৰ ( Angshuman Kar) এজন বাঙালী কবি। তেওঁ বৰ্তমান পশ্চিমবঙ্গৰ বৰ্ধমান বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাধ্যাপক হিচাপে কৰ্মৰত।
-
অৰুণাভ সৰকাৰ
অৰুণাভ সৰকাৰ (Arunabh Sarkar; ২৯ মে' ১৯৪১ - ১৮ ডিচেম্বৰ ২০১৪) এগৰাকী বাংলাদেশী কবি, স্তম্ভলেখক, সাহিত্য সম্পাদক আৰু স্বাধীনতা সংগ্ৰামী তেওঁৰ জন্ম হৈছিল বাংলাদেশ টাঙ্গাইলত। ২০০৯ চনত কবিতাৰ বাবে তেওঁ বাংলা অকাডেমী সাহিত্য বঁটা লাভ কৰিছিল।
-
আব্দুল্লা আবু ছাইদ
আব্দুল্লা আবু ছাইদ (Abdullah Abu Sayeed, জন্ম ২৫ জুলাই ১৯৩৯) এজন বাংলাদেশী শিক্ষাবিদ, লেখক, টেলিভিছন উপস্থাপক আৰু কৰ্মী। তেওঁ সাহিত্যৰ অধ্যয়ন, পঠন অভ্যাস আৰু প্ৰগতিশীল ধাৰণাক প্ৰসাৰিত কৰা অ-লাভজনক সংস্থা বিশ্ব সাহিত্য কেন্দ্ৰৰ প্ৰতিষ্ঠাতা আৰু অধ্যক্ষ। তেওঁ ২০০৪ চনত ৰমন মেগছেছে বঁটা লাভ কৰিছিল৷
-
আশালতা সেন
আশালাতা সেন (Ashalata Sen; জন্ম:৫ ফেব্ৰুৱাৰী ১৮৯৪ – মৃত্যু:১৩ ফেব্ৰুৱাৰী ১৯৮৬) এগৰাকী ভাৰতীয় সক্ৰিয় কৰ্মী, কবি, সমাজকৰ্মী, আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ আগশাৰীৰ ব্যক্তি আছিল।