বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় ভাৰতৰ এজন সাহিত্যিক, উপন্যাসিক তথা গীতিকাৰ।১ তেঁও ভাৰতৰ জাতীয় স্তোত্ৰ বন্দে মাতৰম্ গীতৰ ৰচিয়তা। তেঁও কমলাকান্ত ছদ্মনামত সাহিত্য ৰচনা কৰিছিল।২
জন্ম আৰু শিক্ষা
১৮৩৮ চনৰ ২৬ জুন তাৰিখত যাদবচন্দ্ৰ চট্টোপাধ্যায়ৰ ঔৰস আৰু দুৰ্গাসুন্দৰীৰ গৰ্ভত বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম হয়। পশ্চিমবংগ ৰাজ্যৰ বৰ্তমান উত্তৰ ২৪ পৰগনা জিলাৰ নৈহাটিৰ নিকটস্থ কাঁঠালপাৰা গ্ৰাম তেঁওৰ জন্মস্থান। পাঁচ বছৰ বয়সতে তেওঁলোকৰ কুল-পুৰহিত বিশ্বম্ভৰ ভট্টাচাৰ্যৰ তত্বাবধানত বঙ্কিমচন্দ্ৰৰ শিক্ষা জীবন আৰম্ভ হয়। শিশু কালৰ পৰা তেওঁৰ অসাধৰণ মেধাৰ পৰিচয় পোৱা গৈছিল। তেওঁৰ কনিষ্ঠ সহোদৰ পুৰ্ণচন্দ্ৰ চট্টোপাধ্যায় লিখিছিল, "শুনিছো, বঙ্কিমচন্দ্ৰ এদিনতেই বঙালী বৰ্ণমালা আয়ত্ত কৰিবলৈ সক্ষম হৈছিল।৩৪ তেওঁ গাঁৱৰ পাঠশালাত কেতিয়াও যোৱা নাছিল, পাঠশালাৰ শিক্ষক ৰামপ্ৰাণ সৰকাৰ গৃহ শিক্ষকৰূপে নিযুক্ত হৈছিল। বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ৰচনাৰ পৰা জানিবলৈ পোৱা যায় যে ৰামপ্ৰাণ দেৱৰ শিক্ষাৰ পৰা তেওঁ বিশেষ উপকৃত হোৱা নাই৫। তেওঁ লিখিছিল,"আঠ-দহ মাহতে সেই মহাত্মাৰ হস্তৰ পৰা মুক্তি পায় মেদিনীপুৰলৈ গমন কৰিলো"।
১৮৪৪ চনত মেদিনীপুৰত তেওঁৰ প্ৰকৃত শিক্ষাৰ সূচনা হয়। মেদিনীপুৰৰ ইংৰাজী স্কুলত প্ৰধান শিক্ষক এফ টিডৰ পৰামৰ্শত যাদবচন্দ্ৰ শিশু বঙ্কিমচন্দ্ৰক ইংৰাজী স্কুলত নামভৰ্তি কৰায়। ইয়াতেও তেওঁ নিজ মেধাৰ পৰিচয় দিছিল। পুৰ্ণচন্দ্ৰৰ ৰচনাৰ পৰা জনা যায় যে বাৰ্ষিক পৰীক্ষাৰ ফলাফল প্ৰদৰ্শন কৰি এফ টিড মহোদয় তেওঁক ডবল প্ৰম'চন দিবলৈ উদ্যত হয়।৩৬ ১৮৪৯ চনত তেওঁ পুনৰায় কাঁঠালপাৰাত উভতি আহে। ইয়াত তেওঁ শ্ৰীৰাম ন্যায়বাগীচৰ পৰা বঙালী আৰু সংস্কৃত ভাষা ভাষাৰ শিক্ষা গ্ৰহণ কৰে। তেওঁ খুব ভাল আবৃত্তিকাৰ আছিল।
সংবাদ প্ৰভাকৰ আৰু সংবাদ সাধুৰঞ্জনত প্ৰকাশিত বহু কবিতা তেওঁ এই বয়সতে কন্ঠস্থ কৰিবলৈ সক্ষম হৈছিল। ভাৰত ৰায়চন্দ্ৰ ৰচিত বিদ্যাসুন্দৰ কাব্যৰ পৰা বিদ্যাৰৰূপবৰ্ণন আৰু জয়দেৱ প্ৰণীত গীতগোবিন্দমৰ পৰা ধীৰে সমীৰে যমুনাতীৰে কবিতা আবৃত্তি কৰিছিল। পণ্ডিত হলধৰ তৰ্কচুড়ামণিৰ পৰা তেওঁ মহাভাৰত শ্ৰবণ কৰিছিল। পণ্ডিত হলধৰ মহোদয় শিক্ষা দিছিল," শ্ৰীকৃ্ষ্ণ আদৰ্শ পুৰুষ আৰু আদৰ্শ চৰিত্ৰ"। এই শিক্ষা তেওঁৰ বিভিন্ন ৰচনাত প্ৰতিফলিত হৈছিল।৭
১৮৪৯ চনত তেওঁ হুগলি কলেজত (তেতিয়াৰ হুগলি মহচিন কলেজ) নামভৰ্তি কৰায়। ইয়াত তেওঁ সাত বছৰ অধ্যয়ণ কৰে। হুগলি কলেজত অধ্যয়ণৰত সময়ত ১৮৫৩ চনত জুনিয়ৰ স্কলাৰচিপত প্ৰথম স্থান লাভ কৰি প্ৰতি মাহে আঠ টকা বৃত্তি লাভ কৰিছিল। এই সময়ছোৱাত সংবাদ প্ৰভাকৰ কবিতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিশ টকা নগদ ধন পুৰস্কাৰ লাভ কৰে। হুগলি কলেজত অধ্যয়নৰত সময়ৰ পৰা তেওঁ কবিবৰ ঈশ্বৰচন্দ্ৰ গুপ্তৰ সংবাদ প্ৰভাকৰ আৰু সংবাদ সাধুবঞ্জনত গদ্য-পদ্য ৰচণা কৰিছিল। পৰবৰ্তী সময়ত তেওঁৰ বহু ৰচনা এই কাকতত প্ৰকাশিত হৈছিল। ১৮৫৬ চনত হুগলি কলেজত চিনিয়ৰ বৃত্তি পৰীক্ষাত বিশেষ কৃতিত্ব প্ৰদৰ্শন কৰি দুবছৰৰ বাবে প্ৰতিমাহে ২০ টকা বৃত্তি লাভ কৰিছিল। এই সময়ছোৱাত হুগলি কলেজ বাদ দি আইন অধ্যয়ণৰ বাবে প্ৰেচিডেঞ্চি কলেজত নামভৰ্তি কৰায়। ১৮৫৭ চনত কলিকতা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। বিশ্ববিদ্যালয় কতৃপক্ষ এন্ট্ৰাঞ্চ বা প্ৰবেশিকা পৰীক্ষাৰ প্ৰবৰ্তন কৰিছিল। প্ৰেচিডেঞ্চি কলেজৰ আইন বিভাগৰ পৰা পৰিক্ষা দি তেওঁ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। ১৮৫৮ চনত প্ৰথমবাৰৰ বাবে বি.এ পৰীক্ষা লোৱা হয় মুঠ দহজনৰ ভিতৰত বঙ্কিমচন্দ্ৰ আৰু যদুনাথ বসু উত্তীৰ্ণ হৈছিল।
পিতাৰ ন্যায় তেওঁ ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ পদত চৰকাৰী চাকৰীত যোগদান কৰিছিল। অতি নিষ্ঠাৰ সহিত তেওঁ কৰ্তব্য পালন কৰিছিল। ১৮৯১ চনত ৰায় বাহাদুৰ আৰু ১৮৯৪ চনত কম্পেনিয়ন অফ দ্য মোষ্ট এমিনেন্ট অৰ্ডাৰ অফ দ্য ইণ্ডিয়ান এম্পায়াৰ উপাধিত ব্ৰিটিছ চৰকাৰ তেওঁক বিভূষিত কৰিছিল। কিন্তু তেওঁ চৰকাৰী কৰ্মচাৰীৰূপত নহয় প্ৰকৃতপক্ষত এজন বিশিষ্ট লেখক বাঙলা তথা ভাৰতৰ নবজাগৰণৰ প্ৰমুখ ব্যক্তি ৰূপত বিখ্যাত।
বিবাহ
নাৰায়ণপুৰ গাঁওৰ পঞ্চম বৰ্ষীয়া বালিকাৰ সৈতে ১৮৪৯ চনত মাত্ৰ ১১ বছৰ বয়সত বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ প্ৰথম বিবাহ হয়। কিন্তু দুৰ্ভাগ্যবশঃ ১৮৫৯ চনত তেওঁৰ পত্নীৰ মৃত্যু হৈছিল। ১৮৬০ চনৰ জুন মাহত হালি চহৰৰ বিখ্যাত চৌধুৰী বংশৰ কন্যা ৰাজলক্ষীৰ সৈতে তেওঁৰ বিবাহ হৈছিল।
কৰ্মজীবন
- যশোৰ - ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ - যোগদানৰ তাৰিখ: ১৮৫৮, ৭ আগষ্ট
- নেগুয়া (মেদিনীপুৰ) - ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ যোগদানৰ তাৰিখঃ ১৮৬০, ৯ ফেব্ৰুৱাৰী
- খুলনা -ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ যোগদানৰ তাৰিখঃ ১৮৬০, ৯ নৱেম্বৰ
- বাৰুইপুৰ (২৪ পৰগনা) - ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ যোগদানৰ তাৰিখ - ১৮৬৪, ৫ মাৰ্চ
- মুৰ্শিদাবাদ - ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ যোগদানৰ তাৰিখ-: ১৮৬৯, ১৫ ডিসেম্বৰ।
- মুৰ্শিদাবাদ- কালেক্টৰ - পদোন্নতিৰ তাৰিখ: ১৮৭১, ১০ জুন।
- কলিকতা - বেঙ্গল গনৰ্মেন্টেৰ এচিটেন্টি চেক্ৰেটেৰী- যোগদানৰ তাৰিখ: ১৮৮১, ৪ চেপ্টেম্বৰ।
- আলিপুৰ -ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ - ১৮৮২, ২৬ জানুৱাৰী।
- জাজপুৰ (কটক) - ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ - ১৮৮৩, ৮ আগষ্ট।
- হাওৰা - ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ - ১৮৮৩, ১৪ ফেব্ৰুৱাৰী।
- ঝিনাইদহ - ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ - ১৮৮৫, ১ জুলাই।
- অবসৰগ্ৰহণৰ তাৰিখ: ১৮৯১, ১৪ চেপ্টেম্বৰ।
গ্ৰন্থপঞ্জী
| উপন্যাস * দুৰ্গেশনন্দিনী * কপালকুণ্ডলা * মৃণালিনী * বিষবৃক্ষ * ইন্দিৰা * যুগলাঙ্গুৰীয়া * চন্দ্ৰ শেখৰ * ৰাধাৰানী * ৰজনী * কৃষ্ণকান্তেৰ উইল * ৰাজসিংহ * আনন্দমঠ * দেবী চৌধুৰানী * সীতাৰাম * উপকথা (ইন্দিৰা,যুগলাঙ্গুৰীয় ও ৰাধাৰানী ত্ৰয়ী সংগ্ৰহ) * Rajmohan's Wife (ইংৰাজী উপন্যাস) | প্ৰবন্ধ গ্ৰন্থ * কমলাকান্তেৰ দপ্তৰ * লোকৰহস্য * কৃষ্ণ চৰিত্ৰ * বিজ্ঞানৰহস্য * বিবিধ সমালোচনা * প্ৰবন্ধ-পুস্তক * সাম্য * কৃষ্ণ চৰিত্ৰ * বিবিধ প্ৰবন্ধ * মুচিৰাম গুড়েৰ জীবনচৰিত | বিবিধ * ললিতা * ধৰ্ম্মতত্ত্ব * সহজ ৰচনা শিক্ষা * শ্ৰীমদ্ভগবদগীতা * কবিতাপুস্তক (কিছু কবিতা, এবং ললিতা ও মানস) | সম্পাদিত গ্ৰন্থাবলী * দীনবন্ধু মিত্ৰেৰ জীবনী * বাঙ্গলা সাহিত্যে প্যাৰীচাঁদ মিত্ৰেৰ স্থান * সঞ্জীবচন্দ্ৰ চট্টোপাধ্যায়েৰ জীবনী |
তেঁওৰ বিখ্যাত আৰু জনপ্ৰিয় ৰচনা বন্দে মাতৰম্।
তথ্যসূত্ৰ
- ↑ সংসদ বাঙালি চৰিতাভিধান - প্ৰথম খণ্ড - সংশোধিত পঞ্চম সংস্কৰন - সাহিত্য সংসদ
- ↑ মাসিক কাৰেন্ট ওয়াৰ্ল্ড, মে ২০১১, পৃ. ৩৩; পৰিদৰ্শনৰ তাৰিখ: ২৬ মে ২০১১ খ্ৰিষ্টাব্দ
- ↑ প্ৰবন্ধ বঙ্কিমচন্দ্ৰেৰ বাল্যশিক্ষা, পূৰ্ণচন্দ্ৰ চট্টোপাধ্যায়, বঙ্কিম-প্ৰসঙ্গ গ্ৰন্থ, সুৰেশচন্দ্ৰ সমাজপতি সম্পাদিত
- ↑ বঙ্কিমচন্দ্ৰজীবনী, অমিত্ৰসূদন ভট্টাচাৰ্য, আনন্দ পাবলিশাৰ্স প্ৰাইভেট লিমিটেড, কলিকতা, ১৯৯১, পৃ. ২৫ থেকে উদ্ধৃত
- ↑ বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় (জীবনকথা), বঙ্কিম ৰচনাবলী, প্ৰথম খণ্ড, যোগেশচন্দ্ৰ বাগল সম্পাদিত, সাহিত্য সংসদ, কলিকতা, পৃষ্ঠা ৯
- ↑ বঙ্কিমচন্দ্ৰজীবনী, অমিত্ৰসূদন ভট্টাচাৰ্য, আনন্দ পাবলিশাৰ্স প্ৰাইভেট লিমিটেড, কলিকতা, ১৯৯১, পৃ. ২৫
- ↑ প্ৰবন্ধ বঙ্কিমচন্দ্ৰেৰ বাল্যশিক্ষা, পূৰ্ণচন্দ্ৰ চট্টোপাধ্যায়, বঙ্কিম-প্ৰসঙ্গ গ্ৰন্থ, সুৰেশচন্দ্ৰ সমাজপতি সম্পাদিত, পৃষ্ঠা ৩৩-৪১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়” প্ৰবন্ধৰ সংশোধন ৪২৭২৭৬ (৩১ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।