ৰক্তমল্লিকা, সাধাৰণ নাম গ্লব অমৰনাথ (globe amaranth), মখমলি (makhmali), আৰু বেদমালি (vadamalli), অমৰনাথেচি পৰিয়ালৰ অন্তৰ্গত এবিধ খাদ্য উপযোগী ফুল আৰু উদ্ভিদ। গোলাকাৰ ফুলপাহ মাৰ্জেণ্টা, বেঙুনীয়া, ৰঙা, কমলা, বগা, গুলপীয়া আদি ভিন্ন বৰণৰ হোৱা দেখা যায়।১
ৰক্তমল্লিকা ব্ৰাজিল, পানামা আৰু গোৱাটিমালাকে ধৰি মধ্য আমেৰিকাৰ থলুৱা উদ্ভিদ আছিল, কিন্তু বৰ্তমান বিশ্বজুৰি ইয়াৰ খেতি কৰা হয়।২ নাতিশিতোষ্ণ বাৰ্ষিক ফুল হিচাপে ৰক্তমল্লিকা গোটেই গীষ্মকালৰ পৰা প্ৰাক বৰ্ষাকাললৈকে একেৰাহে ফুলে। ই অতিমাত্ৰাৰ উত্তাপো সহ্য কৰিব পাৰে আৰু ৰদঘাই তথা আৰ্দ্ৰ অঞ্চলত ভালকৈ বাঢ়ে।৩ ৰক্তমল্লিকাই C4 স্থিতিকৰণ কৰিব পাৰে।৪ পূৰ্ণাংগ অৱস্থাত ফুলবোৰ ৪ চেমি. পৰ্যন্ত দীঘল আৰু উদ্ভিদজোপা ২৪ ইঞ্চিলৈকে ওখ হয়।১
ৰক্তমল্লিকা এবিধ বহিঃজননক্ষম উদ্ভিদ, সাধাৰণতে পখিলা, মৌমাখি আৰু অন্যান্য পতংগৰ দ্বাৰা ইয়াৰ পৰাগন হয়। সফল প্ৰজননৰ ক্ষেত্ৰত ইয়াৰ ফুলৰ ভিন্নতাই গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে, কিয়নো ফুলৰ আকৰ্ষণিয় ৰঙেহে ভিন্ন প্ৰজাতিৰ পতংগত পৰাগ-সংযোগৰ বাবে আকৰ্ষণ কৰিব পাৰে।১ যিবোৰ ফুলে পৰাগনৰ বাবে জৈৱিক বাহক ব্যৱহাৰ কৰে, সিহঁতৰ পৰাগ সংযোগকাৰী বোৰক আকৰ্ষণৰ বাবে মধু গ্ৰন্থি থাকে। ফুলে গন্ধ আৰু ৰঙৰ দ্বাৰাও পৰাগ সংযোগকাৰীক আকৰ্ষণ কৰে। ৰক্তমল্লিকাৰ যি অংশক ফুল বোলা হয় সেই অংশ ফুল নহয়, প্ৰকৃততে সেয়া মঞ্জৰীপত্ৰ বা উদ্ভিদবিদ্যাৰ ভাষাত হৈছে ৰূপান্তৰিত পত্ৰ। উদ্ভিদৰ এই ৰূপান্তৰিত পত্ৰই কীট পতংগক আকৰ্ষণৰ কৰে। ইয়াৰ চাৰিওকাষে যি সৰু সৰু ফুল দেখা যায়, সেইবোৰহে প্ৰকৃত ফুল।
বিভিন্ন ভাষাত নাম
- অসমীয়া: ৰক্তমল্লিকা
- বাংলা: বোতাম ফুল
- পঞ্জাবী: গৌফৰীনা (ਗੌਫ਼ਰੀਨਾ)
- নেপালী: মখমলী (मखमली)
- মৈথিলী: সুপাড়ী ফূল (सुपाड़ी फूल)
- ডোটেলী: সুপাৰি ফূল (सुपारि फूल)
তথ্যসূত্ৰ
- ↑ Jiang, Yifan; Zhao, Nan; Wang, Fei. (2011-01-01). Emission and Regulation of Volatile Chemicals from Globe Amaranth Flowers. Journal of the American Society for Horticultural Science. পৃ. 16–22
- ↑ Roriz, Custódio Lobo; Barros, Lillian; Carvalho, Ana Maria. (2014). Pterospartum tridentatum, Gomphrena globosa and Cymbopogon citratus: A phytochemical study focused on antioxidant compounds. Food Research International. পৃ. 684–693
- ↑ Silva, Luís R.; Valentão, Patrícia; Faria, Joana. (2012). Phytochemical investigations and biological potential screening with cellular and non-cellular models of globe amaranth (Gomphrena globosaL.) inflorescences. Food Chemistry. পৃ. 756–763
- ↑ Herold, A.; Lewis, D. H.; Walker, D. A. (1976-05-01). Sequestration of Cytoplasmic Orthophosphate by Mannose and Its Differential Effect on Photosynthetic Starch Synthesis in C3 and C4 Species. New Phytologist. পৃ. 397–407
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰক্তমল্লিকা” প্ৰবন্ধৰ সংশোধন ৫৪০৮৬৭ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।