অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

গধূলিগোপাল

গধূলিগোপাল (Mirabilis jalapa) বা Four O'Clock Flower বা Marvel of Peru এক প্ৰকাৰৰ গুল্ম জাতীয় আলংকাৰিক ফুল গছ। বিভিন্ন ৰঙৰ গধূলিগোপাল পোৱা যায়। লেটিন ভাষাত Mirabilis মানে "আশ্চৰ্য্যকৰ" আৰু jalapa হৈছে মধ্য আৰু উত্তৰ আমেৰিকাৰ এক ঠাইৰ নাম। ১৫৪০ চনত গধূলিগোপাল পেৰুৰ পৰা আমদানি কৰা হৈছিল।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ১৯৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

গধূলিগোপাল (Mirabilis jalapa) বা Four O'Clock Flower বা Marvel of Peru এক প্ৰকাৰৰ গুল্ম জাতীয় আলংকাৰিক ফুল গছ। বিভিন্ন ৰঙৰ গধূলিগোপাল পোৱা যায়। লেটিন ভাষাত Mirabilis মানে "আশ্চৰ্য্যকৰ" আৰু jalapa হৈছে মধ্য আৰু উত্তৰ আমেৰিকাৰ এক ঠাইৰ নাম। ১৫৪০ চনত গধূলিগোপাল পেৰুৰ পৰা আমদানি কৰা হৈছিল।

ফুল আৰু ৰং

একেটা গছতেই ভিন্ন বৰণৰ ফুল ফুলা ইয়াৰ অন্যতম বৈশিষ্ট্য।

একে গছত বিভিন্ন বৰণৰ গধূলিগোপাল
একে গছত বিভিন্ন বৰণৰ গধূলিগোপালছবি: Vaikoovery · CC BY 3.0
বিভিন্ন বৰণৰ গধূলিগোপাল
বিভিন্ন বৰণৰ গধূলিগোপালছবি: Woodlot at English Wikipedia) · CC BY-SA 3.0
প্ৰাকৃতিকভাৱে একে গছত বিভিন্ন বৰণৰ গধূলিগোপাল
প্ৰাকৃতিকভাৱে একে গছত বিভিন্ন বৰণৰ গধূলিগোপালছবি: Woodlot (talk) at en.wikipedia · CC BY-SA 3.0

সেইদৰে সম্পূৰ্ণ বগা, গুলপীয়া, হালধীয়া ইত্যাদি ৰঙৰো ফুল দেখা যায়। একে ফুলতে কেতিয়াবা বিভিন্ন ৰঙৰ দাগ দেখা যায়। ৰঙাৰ পৰা বেঙুনীয়ালৈ এই ফুল পোৱা যায়। ফুলবোৰ সুন্দৰ সুগন্ধিযুক্ত। গধূলিগোপাল সন্ধিয়া ফুলে আৰু ওৰে নিশা ফুলি পুৱা মৰহি যায়। মথ জাতীয় নিশাচৰ প্ৰাণীৰ দ্বাৰা পৰাগযোগ হয়। ১

বংশগতিক অধ্যয়ন

১৯০০ চনত বিজ্ঞানী কাৰ্ল কৰেন্সে কোষপ্ৰৰসীয় বংশানুক্ৰম (Cytoplasmic Inheritance ) অধ্যয়নত গধূলিগোপালক ব্যৱহাৰ কৰিছিল।২ পিছলৈ ইয়াৰ পৰা অসম্পূৰ্ণ প্ৰভাৱিতা ( Incomplete Dominance) আৱিষ্কাৰ হৈছিল।

ব্যৱহাৰ

গধূলিগোপাল ফুল সাধাৰণতে খাদ্য প্ৰক্ৰিয়াকৰণ শিল্পত ৰঙৰ কামত ব্যৱহাৰ হয়। তাৰ বাহিৰে ইয়াৰ পাত খাব পাৰি। তদুপৰি কেক আৰু জেলীত ৰং দিবলৈ ফুড কালাৰিং এজেণ্ট হিচাপে ইয়াৰ ৰং ব্যৱহৃত হয়। কিছুমান ঔষধ তৈয়াৰ কৰোঁতে গধূলিগোপালৰ বীজ আৰু শিপা ব্যৱহাৰ হয়।৩

ঔষধি গুণ

নলা নাৰেঙীয়া ৰোগত গধূলি গোলাপ ফুল পিহি প্ৰলেপ দিলে নাৰেঙীয়া ঘা ভাল হয়। গধূলি গোলাপ ফুল খৰ-খজুৱতিত ব্যৱহাৰ কৰিও উপকাৰ পোৱা যায়।৪

অন্য ভাষাত নাম

  • বাংলা: সন্ধ্যামালতী
  • মাৰাঠী: গুলবক্ষী (गुलबक्षी)
  • হিন্দী: গুল অব্বাস (गुल अब्बास)
  • নেপালী: ল্বাঙ্কসানী (ल्वाङकसानी)

তথ্যসূত্ৰ

  1. ↑ UCLA Mildred E. Mathias Botanical Garden. Botgard.ucla.edu
  2. ↑ Miko, I. Non-nuclear genes and their inheritance. Nature Education 1(1), (2008)
  3. ↑ Mirabilis jalapa Marvel Of Peru PFAF Plant Database. Pfaf.org
  4. ↑ কেইবিধমান ফুলৰ ঔষধি গুণ

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগতফুলঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গধূলিগোপাল” প্ৰবন্ধৰ সংশোধন ৫৪০৮৭৬ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।