অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

স্থলপদ্ম

স্থলপদ্ম (Land Lotus) হৈছে Malvaceae পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ যাৰ বৈজ্ঞানিক নাম হিবিস্কাছ মিউটাবিলিছ (Hibiscus Mutabilis)। ফুলৰ বাবে ইয়াৰ খেতি কৰা হয়। স্থলপদ্ম মূলতঃ দক্ষিণ চীনৰ থলুৱা ফুল। ই এতিয়া এণ্টাৰ্কটিকাৰ বাহিৰে সকলো মহাদেশতে পোৱা যায়।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ২০৮ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

স্থলপদ্ম (Land Lotus) হৈছে Malvaceae পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ যাৰ বৈজ্ঞানিক নাম হিবিস্কাছ মিউটাবিলিছ (Hibiscus Mutabilis)। ফুলৰ বাবে ইয়াৰ খেতি কৰা হয়। স্থলপদ্ম মূলতঃ দক্ষিণ চীনৰ থলুৱা ফুল। ই এতিয়া এণ্টাৰ্কটিকাৰ বাহিৰে সকলো মহাদেশতে পোৱা যায়। ১

বৰ্ণনা

শৰৎ-হেমন্ত কালত ফুলিবলৈ আৰম্ভ কৰা স্থলপদ্ম ফুলৰ পাঁহিবোৰৰ ব্যাস ৪–৬ ইঞ্চি (১০–১৫ চে.মি.) হয়। এপাঁহ ফুলত কেইবাটাও পাঁহি থাকে। কেইবাটাও ঠাল-ঠেঙুলিযুক্ত ইয়াৰ গা-গছ সাধাৰণতে ১২–১৫ ফুট হোৱা দেখা যায়। কাটিং মাধ্যমেৰে স্থলপদ্মৰ ফুলৰ বংশবিস্তাৰ সহজে কৰিব পাৰি। বছৰৰ যিকোনো সময়তে ইয়াৰ কাটিং কৰিব পাৰি। ২

অসমত পোৱা স্থলপদ্ম

অসমত শৰৎ কালৰ অগমনৰ লগে লগে ফুলিবলৈ আৰম্ভ কৰা এইবিধ ফুলৰ পাঁহিবোৰ দেখিবলৈ পদুম ফুলৰ দৰে। মাটিত হোৱাৰ বাবে ইয়াৰ নাম স্থলপদ্ম (স্থল: মাটি; পদ্ম: পদুম) বুলি জনা যায়। কিছুমান ঠাইত ইয়াক কপাহী গোলাপ বুলিও জনা যায়। ইয়াৰ ফুলিবলৈ আৰম্ভ কৰোঁতে বগা ৰঙৰ হয় আৰু লাহে লাহে ৰং সলনি কৰি ক্ৰমে গুলপীয়া আৰু শেষলৈ ডাঠ গুলপীয়া বা ৰঙা হোৱা দেখা যায়।

স্থলপদ্ম ফুলৰ ৰঙৰ পৰিৱৰ্তন

স্থলপদ্ম ফুলৰ ৰঙৰ পৰিৱৰ্তন
স্থলপদ্ম ফুলৰ ৰঙৰ পৰিৱৰ্তনছবি: পল্লৱ কুমাৰ নাথ · CC BY 4.0

স্থলপদ্ম ফুলৰ ৰঙৰ পৰিৱৰ্তন ঘটা দেখা পোৱা যায়। ফুলিবলৈ আৰম্ভ কৰোঁতে আৰু ৰাতিপুৱাৰ সময়ত ইয়াৰ ৰং বগা হয়, দুপৰীয়াৰ সময়ত গুলপীয়া আৰু একেদিনাই সন্ধিয়া ডাঠ গুলপীয়া বা ৰঙা হয়। পৰীক্ষাগাৰৰ পৰিস্থিতিত বাহিৰৰ পৰিস্থিতিতকৈ ফুলৰ পাহিৰ ৰঙৰ পৰিৱৰ্তন লেহেমীয়া হৈছিল।৩ তাপমাত্ৰা ৰঙৰ পৰিৱৰ্তনত প্ৰভাৱ পেলোৱা এটা গুৰুত্বপূৰ্ণ কাৰক হ’ব পাৰে। কাৰণ ফ্ৰীজত ৰখা বগা ফুলবোৰ গৰমলৈ উলিয়াই নিদিয়ালৈকে বগা হৈ থাকে, তাৰ পিছত লাহে লাহে গোলাপী হৈ পৰে।

তথ্যসূত্ৰ

  1. ↑ Hibiscus mutabilis L. · Plants of the World Online · Kew Science. Plants of the World Online
  2. ↑ গোলাপি স্থলপদ্ম
  3. ↑ Wong, S.K.; Lim, Y.Y.; Chan, E.W.C. (2009). Antioxidant properties of Hibiscus: species variation, altitudinal change, coastal influence and floral colour change. Journal of Tropical Forest Science. পৃ. 307–315

সম্পৰ্কিত শ্ৰেণী

ফুলঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্থলপদ্ম” প্ৰবন্ধৰ সংশোধন ৫৪০৮৬৮ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।