অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

নীলা ভান্দা (অৰ্কিড)

নীলা ভান্দা ( Blue Vanda, বৈজ্ঞানিক নাম: Vanda coerulea), এবিধ অৰ্কিডৰ প্ৰজাতি। ইয়াৰ বিস্তৃতি অসম আৰু দাতিকাষৰীয়া খাচী পাহাৰৰ পৰা আৰম্ভ কৰি চীনৰ য়ুন্নান প্ৰদেশলৈকে। এই ফুলক মেইতেই ভাষাত কাকলেই, মিজো ভাষাত অক্টোবৰ আৰু সংস্কৃত ভাষাত ভন্দাৰ বুলিও জনা যায়।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ১৮৩ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

নীলা ভান্দা ( Blue Vanda, বৈজ্ঞানিক নাম: Vanda coerulea), এবিধ অৰ্কিডৰ প্ৰজাতি। ইয়াৰ বিস্তৃতি অসম আৰু দাতিকাষৰীয়া খাচী পাহাৰৰ পৰা আৰম্ভ কৰি চীনৰ য়ুন্নান প্ৰদেশলৈকে। এই ফুলক মেইতেই ভাষাত কাকলেই, মিজো ভাষাত অক্টোবৰ আৰু সংস্কৃত ভাষাত ভন্দাৰ বুলিও জনা যায়। নীলা ভান্দা নীলা-বেঙুনীয়া ৰঙৰ হয় আৰু আন আন অৰ্কিডৰ তুলনাত বহুদিন ভালে থাকে। বঙালী ভাষাত ইয়াক নীল ৰাস্না বুলি কোৱা হয়।

নীলা ভান্দাৰ ৰস গ্লুক'মা, আৰু কেটাৰেক্ট ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ হয়।১ Vanda coerulea ত থকা কিছুমান যৌগই চালত দেখা দিয়া বয়সৰ দাগ প্ৰতিহত কৰাৰ সহায়ক বুলি ধাৰণা কৰা হয়।২

তথ্যসূত্ৰ

  1. ↑ Mohammad Musharof Hossain "Therapeutic orchids: traditional uses and recent advances — An overview", ⁎ Department of Botany, University of Chittagong, Chittagong 4331, Bangladesh
  2. ↑ Bonté F, Simmler C, Lobstein A, Pellicier F, Cauchard JH "Action of an extract of Vanda coerulea on the senescence of skin Fibroblasts". Ann Pharm Fr. 2011 May;69(3):177-81

সম্পৰ্কিত শ্ৰেণী

অৰ্কিডফুলঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলা ভান্দা (অৰ্কিড)” প্ৰবন্ধৰ সংশোধন ৫৪০৯৩৩ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।