ফুটবল খেলুৱৈ
২৯ প্ৰবন্ধ
-
পেলে
এড্ছন আৰাণ্টিছ ড' নাচিমেণ্ট' (Edson Arantes do Nascimento) , বা Pelé (, জন্মৰ প্ৰমাণপত্ৰত নামটো "এডিছন" বুলি দিয়া হৈছিল, জন্ম ২১ অক্টোবৰ ১৯৪০- কিন্তু পেলেৰ মতে তেওঁৰ জন্ম ২৩ অক্টোবৰতহে হৈছিল ১৯৯৯ চনত International Federation of Football History & Statistics সংস্থাই তেওঁক শতিকাৰ বিশ্ব খেলুৱৈ…
-
ডিয়েগ' মাৰাড'না
ডিয়েগ' আৰ্মাণ্ড' মাৰাড'না ফ্ৰাঙ্ক (৩০ অক্টোবৰ ১৯৬০-২৫ নৱেম্বৰ ২০২০) এজন আৰ্জেণ্টিনীয় ফুটবল মেনেজাৰ, প্ৰশিক্ষক আৰু প্ৰাক্তন খেলুৱৈ। বহু কুশলী, ফুটবল সমালোচক, প্ৰাক্তন বা বৰ্তমানৰ খেলুৱৈ আৰু অনুৰাগীয়ে তেওঁক সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ হিচাপে গণ্য কৰে।
-
ইউজেবিউ
ইউজেবিউ ডা ছিলভা ফিৰাইৰা, GCIH, GCM (; উচ্চাৰণভেদে ইউছেবিঅ', ২৫ জানুৱাৰী ১৯৪২ – ৫ জানুৱাৰী ২০১৪) এজন মোজাম্বিকত জন্মগ্ৰহণ কৰা পৰ্তুগীজ ষ্ট্ৰাইকাৰ। তেওঁক সৰ্বকালৰ মহান ফুটবলাৰসকলৰ এজন বুলি গণ্য কৰা হয়। পেছাদাৰী কেৰিয়াৰত তেওঁ মাত্ৰ ৭৪৫খন খেলত ৭৩৩টা গ'ল দিছিল।
-
আল্ফ্ৰেড' ডি ষ্টিফান'
আল্ফ্ৰেড' ষ্টিফান' ডি ষ্টিফান' ল'উহি (Alfredo Stéfano di Stéfano Laulhé) (; ৪ জুলাই ১৯২৬ – ৭ জুলাই ২০১৪) এজন আৰ্জেণ্টিনীয় ফুটবলাৰ আৰু প্ৰশিক্ষক আছিল। ১৯২৬ চনৰ ৪ জুলাইত বাৰাকাছ, বুৱেন'ছ আয়াৰ্ছত জন্মলাভ কৰা ডি ষ্টিফান'ক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ ৰূপে গণ্য কৰা হয়।
-
জিক'
আৰ্টুৰ এণ্টুনিছ ক'ইম্ব্ৰা (Arthur Antunes Coimbra,, জন্ম ৩ মাৰ্চ ১৯৫৩, ৰিঅ' ডি জেনেইৰ') বা জিক (Zico, ), এজন ব্ৰাজিলিয়ান প্ৰশিক্ষক আৰু প্ৰাক্তন ফুটবল খেলুৱৈ। "বগা পেলে" (White Pelé) নামেৰেও জনাজাত জিক'ক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফিনিশ্বাৰ আৰু পাচাৰ বুলি গণ্য কৰা হয়।
-
নেইমাৰ
নেইমাৰ ডা ছিলভা ছাণ্টোছ জুনিয়ৰ বা চমুকৈ নেইমাৰ(;জন্ম ৫ ফেব্ৰুৱাৰী, ১৯৯২) এজন পেছাদাৰী ব্ৰাজিলিয়ান ফুটবল খেলুৱৈ। তেওঁ ফৰাচী ক্লাব পেৰিছ ছেইণ্ট জাৰ্মান (Paris Saint-Germain F.C.) আৰু ব্ৰাজিলৰ জাতীয় ফুটবল দলৰ সদস্য। তেওঁ ফৰৱাৰ্ড বা উইংগাৰ হিচাপে খেলে।
-
লিঅ'নেল মেছি
লিঅ'নেল আন্দ্ৰেছ মেছি (Lionel Andrés "Leo" Messi; ) (জন্ম ২৪ জুন, ১৯৮৭) আমেৰিকান ফুটবল (soccer) ক্লাব ইণ্টাৰ মীয়ামি আৰু আৰ্জেণ্টিনা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ ৰাইট ৱিংগাৰ হিচাপে খেলা এজন আৰ্জেণ্টিনাৰ পেছাদাৰী ফুটবল খেলুৱৈ।
-
ক্ৰিষ্টিয়ানো ৰোনাল্ডো
ক্ৰিষ্টিয়ানো ৰোনাল্ডো ডছ ছাণ্ট 'ছ এভেইৰো (জন্ম 5 ফেব্ৰুৱাৰী 1985) এজন পৰ্তুগিজ পেছাদাৰী ফুটবল খেলুৱৈ। পৰ্তুগাল ৰাষ্ট্ৰীয় দল ফৰৱাৰ্ড তথা অধিনায়ক ৰোনাল্ডোৱে বৰ্তমান ছৌদি প্ৰ 'লীগ ক্লাব আল নাছৰ ক্লাবৰ হৈ খেলি আছে।
-
গেব্ৰিয়েল বাটিষ্টুটা
গেব্ৰিয়েল অমা'ৰ বাটিষ্টুটা (Gabriel Omar Batistuta) (জন্ম ১ ফেব্ৰুৱাৰী, ১৯৬৯) এজন অৱসৰপ্ৰাপ্ত পেছাদাৰী ফুটবলাৰ। তেওঁক বাটিগ'ল (Batigol) আৰু El Ángel Gabriel (Angel Gabriel-ৰ স্পেনীয় নাম) বুলিও জনা যায়।
-
ৰ'নাল্ড'
ৰ'নাল্ড' লুই নাজাৰিঅ' ডি লিমা (Ronaldo Luís Nazário de Lima; জন্ম ১৮ ছেপ্টেম্বৰ ১৯৭৬) বা চমুকৈ ৰ'নাল্ড হৈছে এজন প্ৰাক্তন ব্ৰাজিলিয়ান ফুটবলাৰ। "The phenomenon" বুলিও জনাজাত ৰ'নাল্ড'ক সমালোচক আৰু অনুৰাগীয়ে সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ বুলি গণ্য কৰা হয়।
-
আৰ্জেন ৰ'বেন
আৰ্জেন ৰ'বেন(জন্ম ২৩ জানুৱাৰী, ১৯৮৪) হৈছে এজন প্ৰখ্যাত ডাচ্চ ফুটবলাৰ। তেওঁ নেডাৰলেণ্ডচ্ জাতীয় দল আৰু জৰ্মানীৰ বুন্দেছলিগা(Bundesliga) লীগৰ ক্লাব বেয়াৰ্ন মিউনিখৰ এজন গুৰুত্বপূৰ্ণ খেলুৱৈ। ৰ'বেনে ইউৰো ২০০৪, ইউৰো ২০০৮, ইউৰো ২০১২ আৰু ফিফা বিশ্বকাপ ২০০৬, ২০১০, ২০১৪ত ভাগ লৈছে।
-
ক'কে
ছাৰ্জিঅ' কণ্ট্ৰেৰাছ পাৰ্ড' (Sergio Contreras Pardo), যাৰ চিনাকি নাম ক'কে (Koke) (জন্ম- ২৭ এপ্ৰিল ১৯৮৩), হৈছে স্পেইনৰ এজন পেছাদাৰী ফুটবল খেলুৱৈ। তেওঁ এতিয়ালৈকে স্পেইন, ফ্ৰান্স, পৰ্তুগাল, গ্ৰীচ, আমেৰিকা যুক্তৰাষ্ট্ৰ, আজাৰবাইজান, জাৰ্মানী, বলিভিয়া আৰু ভাৰতৰ বিভিন্ন ক্লাবক প্ৰতিনিধিত্ব কৰিছে।
-
কিলিয়ান এমবাপে
কিলিয়ান এমবাপে লটিন (Kylian Mbappé Lottin; জন্ম: ২০ ডিচেম্বৰ ১৯৯৮) এগৰাকী ফৰাচী পেছাদাৰী ফুটবলাৰ। তেওঁ লিগ ১ ক্লাব পেৰিছ চেণ্ট জাৰ্মেইন আৰু ফ্ৰান্স জাতীয় দলৰ বাবে ফৰৱাৰ্ড হিচাপে খেলে। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ বুলি পৰিগণিত এমবাপে ড্ৰিবলিং ক্ষমতা, ব্যতিক্ৰমী গতি আৰু ফিনিছিঙৰ বাবে বিখ্যাত।
-
মিৰ'শ্লাৱ কলিতা
মিৰ'শ্লাৱ কলিতা (Mirosław Kalita; জন্ম: ১৮ জুলাই ১৯৭০) এগৰাকী প'লেণ্ডৰ পূৰ্ব ফুটবল খেলুৱৈ আৰু বৰ্তমান ফুটবল প্ৰশিক্ষক।তেওঁ মিডফিল্ড পজিচনত খেলিছিল।
-
অশন্তি আকপান
অশন্তি আকপান (ইংৰাজী: Ashanti Akpan; জন্ম: ২৪ নৱেম্বৰ ২০০৫) এগৰাকী পেছাদাৰী ফুটবল খেলুৱৈ যিয়ে 'ৱিমেনছ ছুপাৰ লীগ ২' ক্লাব নিউকেচেল ইউনাইটেডৰ হৈ মধ্যপংক্তিৰ খেলুৱৈ হিচাপে খেলে। পোলেণ্ডত জন্মগ্ৰহণ কৰা আকপানে আন্তঃৰাষ্ট্ৰীয় যুৱ পৰ্যায়ত ইংলেণ্ডক প্ৰতিনিধিত্ব কৰিছে।
-
আলীৰেজা আব্বাছফাৰ্দ
আলীৰেজা আব্বাছফাৰ্দ (ফাৰ্চী: علیرضا عباسفرد; জন্ম ২০ অক্টোবৰ ১৯৮১) হৈছে এগৰাকী ইৰানী পেচাদাৰী ফুটবল খেলুৱৈ। তেওঁ বৰ্তমান ইৰানৰ দ্বিতীয় ডিভিজন ফুটবল লীগত নাফ্ট ভা গাজ গাচছাৰন ক্লাবৰ হৈ খেলি আছে। ইয়াৰ পূৰ্বে তেওঁ ৰাহ আহান তেহৰান আৰু এষ্টেঘলাল ক্লাবৰ হৈ খেলিছিল।
-
আৰ্লিং হালেণ্ড
আৰ্লিং ব্ৰাউট হালেণ্ড (Erling Haaland) এজন নৰৱেৰ পেছাদাৰী ফুটবলাৰ যিয়ে প্ৰিমিয়াৰ লীগ ক্লাব মানচেষ্টাৰ চিটি আৰু নৰৱেৰ জাতীয় দলৰ বাবে ষ্ট্ৰাইকাৰ হিচাপে খেলে। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ বুলি গণ্য কৰা তেওঁৰ গতি, শক্তি আৰু বাকচৰ ভিতৰত ফিনিছিং কৰাৰ বাবে পৰিচিত।
-
এলিছ পেৰী
এলিছ আলেক্সান্দ্ৰা পেৰী (জন্ম ৩ নৱেম্বৰ ১৯৯০) এগৰাকী অষ্ট্ৰেলীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ আৰু প্ৰাক্তন ফুটবল খেলুৱৈ। ১৬ বছৰ বয়সত তেওঁ অষ্ট্ৰেলিয়াৰ জাতীয় ক্ৰিকেট দল আৰু জাতীয় ফুটবল দল দুয়োটাৰ হৈ অভিষেক কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলা সৰ্বকনিষ্ঠ অষ্ট্ৰেলীয় খেলুৱৈ হিচাপে পৰিচিত হয় আৰু একে…
-
এলিছা ডি আলমেইডা
এলিছা ফ্ল'ৰে ডি আলমেইডা (ইংৰাজী: Elisa Flore de Almeida; জন্ম: ১১ জানুৱাৰী ১৯৯৮) এগৰাকী ফৰাচী পেছাদাৰী ফুটবলাৰ যিয়ে প্ৰিমিয়াৰ লিগ ক্লাব পেৰিছ চেণ্ট জাৰ্মেইন আৰু ফ্ৰান্সৰ জাতীয় দলৰ বাবে চেণ্টাৰ বেক বা ৰাইট বেক হিচাপে খেলে।
-
ছাকিনা কাৰচাউই
ছাকিনা কাৰচাউই (ইংৰাজী: Sakina Karchaoui; জন্ম: ২৬ জানুৱাৰী ১৯৯৬) এগৰাকী ফৰাচী পেছাদাৰী ফুটবলাৰ যিয়ে প্ৰিমিয়াৰ লিগ ক্লাব পেৰিছ চেণ্ট জাৰ্মেইন আৰু ফ্ৰান্সৰ জাতীয় দলৰ বাওঁ বেক বা মিডফিল্ডাৰ হিচাপে খেলে।
-
ঝাং লিনিয়ান
ঝাং লিনিয়ান (চীনা: 张琳艳; Zhāng Línyàn, জন্ম: ১৬ জানুৱাৰী ২০০১) এগৰাকী চীনা ফুটবল খেলুৱৈ যিয়ে 'চাইনিজ উইমেনছ ছুপাৰ লীগ' ক্লাব 'উহান জিয়াংহান ইউনিভাৰ্চিটি' আৰু চীনৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ ফৰৱাৰ্ড হিচাপে খেলে।
-
ডেভিদ মুতা
ডেভিদ মুতা (জন্ম ২৪ অক্টোবৰ ১৯৮৭) পাপুৱা নিউগিনিৰ এগৰাকী ফুটবল খেলুৱৈ। তেওঁ হেকাৰি ইউনাইটেড আৰু পাপুৱা নিউগিনি ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ মিডফিল্ডাৰ প্লেয়াৰ হিচাপে খেলে আৰু লগতে তেওঁ দলৰ অধিনায়কো।
-
মিছাগ বাহাদোৰান
মিছাগ মদিনা বাহাদোৰান (ফাৰ্চী: میثاق بهادران; জন্ম ১০ জানুৱাৰী, ১৯৮৭) হৈছে এজন ফিলিপিনো পেছাদাৰী ফুটবলাৰ যিয়ে শেহতীয়াকৈ ফিলিপাইন ফুটবল লীগৰ ৱান তাগুইগ আৰু পূৰ্বতে ফিলিপাইন ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ উইংগাৰ বা ফৰৱাৰ্ড হিচাপে খেলিছিল। তেওঁ ফিলিপাইন ৰাষ্ট্ৰীয় ফুটছল দলৰ হৈও খেলিছে।
-
মৌচুমী মুৰ্মু
মৌচুমী মুৰ্মু (ইংৰাজী: Mousumi Murmu; জন্ম: ২৬ ডিচেম্বৰ ২০০৪) পশ্চিম বংগৰ এগৰাকী ভাৰতীয় পেছাদাৰী মহিলা ফুটবলাৰ। তেওঁ বৰ্তমান ইণ্ডিয়ান উইমেনছ লীগৰ ক্লাব শ্ৰীভূমি এফ চি আৰু ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ খেলি আহিছে।
-
যমুনা গুৰুং (ফুটবলাৰ)
যমুনা গুৰুং এগৰাকী নেপালী ফুটবল খেলুৱৈ। তেওঁ নেপালৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল দল প্ৰাক্তন অধিনায়ক। আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলত ২১টা গ'ল আৰু ঘৰুৱা লীগ ফুটবলত ৩৫টা গ'ল ৰেৰ্কডেৰে গুৰুং আটাইতকৈ সফল আৰু প্ৰসিদ্ধ নেপালী মহিলা ফুটবল খেলুৱৈ। প্ৰশিক্ষক কুমাৰ কাটুৱাল কয়,"গুৰুং আমাৰ দলৰ বাবে এক মূল্যৱান সম্পদ।
-
লামিন য়ামাল
লামিন য়ামাল নাছৰাউই এবানা (Lamine Yamal Nasraoui Ebana;জন্ম ১৩ জুলাই ২০০৭) হৈছে কাটালোনিয়াৰ এগৰাকী স্পেনিছ পেছাদাৰী ফুটবল খেলুৱৈ যি লা লিগা ক্লাব বাৰ্চিলোনা আৰু স্পেইনৰ ৰাষ্ট্ৰীয় দলৰ হৈ ৰাইট উইংগাৰ হিচাপে খেলে। তেওঁক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ যুৱ প্ৰতিভা হিচাপে গণ্য কৰা হয়।
-
শিৱানী দেৱী নংমেইকাপাম
শিৱানী দেৱী নংমেইকাপাম (ইংৰাজী: Sibani Devi Nongmeikapam; জন্ম: ১৩ জানুৱাৰী ২০০৭) মণিপুৰৰ এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ। তেওঁ ইণ্ডিয়ান উইমেনছ লীগ ক্লাব শ্ৰীভূমি এফ চি আৰু ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ ফৰৱাৰ্ড হিচাপে খেলে।
-
হোছেইন আবৰঘুৱী
হোছেইন আবৰঘুৱী (ফাৰ্চী: حسین ابرقویی; জন্ম ৮ জুলাই ১৯৯৬) হৈছে এগৰাকী ইৰানী পেছাদাৰী ফুটবল খেলুৱৈ। তেওঁ পাৰ্চিয়ান গাল্ফ প্ৰ' লীগত ইৰানী ফুটবল ক্লাব পাৰ্চেপলিছ আৰু ইৰান ৰাষ্ট্ৰীয় ফুটবল দলৰ মধ্যভাগৰ খেলুৱৈ হিচাপে খেলি আছে।
-
ৰবিন ভেন পাৰ্চি
ৰবিন ভেন পাৰ্চি (Robin van Persie; জন্ম ৬ আগষ্ট ১৯৮৩) হ'ল এজন প্ৰখ্যাত ডাচ্চ ফুটবলাৰ। তেওঁ এজন ষ্ট্ৰাইকাৰ হিচাপে ইংলিছ প্ৰিমিয়াৰ লীগৰ জনপ্ৰিয় ক্লাব মানচেষ্টাৰ ইউনাইটেড আৰু নেডাৰলেণ্ডচ্ জাতীয় দলৰ হৈ খেলি আছে।