অশন্তি আকপান (ইংৰাজী ভাষা: Ashanti Akpan; জন্ম: ২৪ নৱেম্বৰ ২০০৫) এগৰাকী পেছাদাৰী ফুটবল খেলুৱৈ যিয়ে 'ৱিমেনছ ছুপাৰ লীগ ২' ক্লাব নিউকেচেল ইউনাইটেডৰ হৈ মধ্যপংক্তিৰ খেলুৱৈ হিচাপে খেলে। পোলেণ্ডত জন্মগ্ৰহণ কৰা আকপানে আন্তঃৰাষ্ট্ৰীয় যুৱ পৰ্যায়ত ইংলেণ্ডক প্ৰতিনিধিত্ব কৰিছে।
ক্লাব কেৰিয়াৰ
আকপানে ২০১৩ চনৰ আগষ্ট মাহত মাত্ৰ সাত বছৰ বয়সতে চেলছী একাডেমীত যোগদান কৰিছিল। একাডেমী দলটোৰ সৈতে তেওঁ ২০২১-২২ বৰ্ষত এফএ ইউথ কাপ আৰু ২০২২-২৩ বৰ্ষত এফএ ডব্লিউ এছ এল একাডেমী কাপ জয় কৰিছিল।১
২০২২ চনৰ ২৩ নৱেম্বৰত ৰিয়েল মাদ্ৰিডৰ বিৰুদ্ধে অনুষ্ঠিত ইউইএফএ ৱিমেনছ চেম্পিয়নছ লীগৰ খেলখনত তেওঁ প্ৰথমবাৰৰ বাবে চেলছীৰ মূল দলৰ আসনত স্থান লাভ কৰিছিল, যদিও সেইদিনা তেওঁ খেলিবলৈ সুযোগ পোৱা নাছিল।২ ২০২৩ চনৰ ১৯ মাৰ্চত ৰিডিং ক্লাবৰ বিৰুদ্ধে অনুষ্ঠিত ৱিমেনছ এফএ কাপৰ খেলখনত তেওঁৰ অভিষেক ঘটে। খেলৰ দ্বিতীয়াৰ্ধত তেওঁ ছফি ইংলেৰ সলনি খেলপথাৰত নামে।৩ একে বছৰৰে ডিচেম্বৰ মাহত আকপানে চেলছীৰ সৈতে ২০২৫ চনলৈকে প্ৰথমটো পেছাদাৰী চুক্তিত স্বাক্ষৰ কৰে।১ ২০২৫ চনৰ জুন মাহত তেওঁৰ এই চুক্তি পুনৰ এবছৰৰ বাবে বৃদ্ধি কৰা হয়।৪
আকপানে ২০২৫-২৬ ছিজনৰ প্ৰথম ভাগত ঋণত চাউদাম্পটন ক্লাবৰ হৈ খেলিছিল।৫ যদিও তেওঁ গোটেই ছিজনটো চাউদাম্পটনত থকাৰ কথা আছিল, ২০২৬ চনৰ জানুৱাৰীত মাজভাগতে সেই চুক্তি সমাপ্ত কৰা হয়।৬ একে মাহতে তেওঁ চেলছী ত্যাগ কৰি নিউকেচেল ইউনাইটেডত স্থায়ীভাৱে যোগদান কৰে।৭
আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ
জন্মস্থানৰ সূত্ৰে আকপানে পোলেণ্ডৰ হৈ, পিতৃৰফালৰপৰা নাইজেৰিয়াৰ হৈ আৰু বসতিৰ সূত্ৰে ইংলেণ্ডৰ হৈ খেলিবলৈ যোগ্যতা অৰ্জন কৰিছে।৮ তেওঁ ইংলেণ্ডৰ ১৫ বছৰ অনূৰ্ধ্বৰপৰা ২৩ বছৰ অনূৰ্ধ্বৰ সকলো যুৱ পৰ্যায়তে অংশগ্ৰহণ কৰিছে। ১৯ বছৰ অনূৰ্ধ্ব দলৰ হৈ তেওঁ ২০২৪ চনৰ ইউইএফএ ৱিমেনছ ইউ-১৯ চেম্পিয়নশ্বিপত অংশ লৈছিল, য'ত ইংলেণ্ডৰ দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল।৯
২০২৪ চনৰ অক্টোবৰ মাহত মেছি চাইমণ্ডছৰ আঘাতৰ বাবে আকপানৈ ইংলেণ্ডৰ ইউ-২৩ দললৈ আমন্ত্ৰণ জনোৱা হয়।১০ ২০২৫ চনৰ ৩ এপ্ৰিলত স্পেইনৰ বিৰুদ্ধে অনুষ্ঠিত খেলখনত তেওঁৰ অভিষেক ঘটে।১১
ব্যক্তিগত জীৱন
আকপানৰ জন্ম ৱাৰ্শ্ব’ত এগৰাকী পোলিছ মাতৃ আৰু নাইজেৰিয়ান পিতৃৰ গৃহত হৈছিল। পৰৱৰ্তী সময়ত তেওঁ পৰিয়ালৰ সৈতে ইংলেণ্ডলৈ গুচি আহে। তেওঁ আন এগৰাকী পেছাদাৰী ফুটবল খেলুৱৈ এছলী আকপানৰ ভগ্নী।
কেৰিয়াৰ পৰিসংখ্যা
ক্লাব
| + ক্লাব, ছিজন আৰু প্ৰতিযোগিতা অনুসৰি উপস্থিতি আৰু গ’ল | ||||||||||||
| ক্লাব | ছিজন | লীগত | ৰাষ্ট্ৰীয় কাপ | লীগ কাপ | মহাদেশীয় | মুঠ | ||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|
| ডিভিজন | অংশগ্ৰহণ | গ’ল | অংশগ্ৰহণ | গ’ল | অংশগ্ৰহণ | গ’ল | অংশগ্ৰহণ | গ’ল | অংশগ্ৰহণ | গ’ল | ||
| চেলছী | ২০২২–২৩ | ৱিমেনছ ছুপাৰ লীগ | ০ | ০ | ১ | ০ | ০ | ০ | ০ | ০ | ১ | ০ |
| ২০২৩–২৪ | ০ | ০ | ০ | ০ | ০ | ০ | ০ | ০ | ০ | ০ | ||
| মুঠ | ০ | ০ | ১ | ০ | ০ | ০ | ০ | ০ | ১ | ০ | ||
| বাৰ্মিংহাম চিটি (ঋণত) | ২০২৪–২৫ | ৱিমেনছ চেম্পিয়নশ্বিপ | ১৩ | ০ | ০ | ০ | ২ | ০ | ০ | ০ | ১৫ | ০ |
| কেৰিয়াৰৰ সৰ্বমুঠ | ১৩ | ০ | ১ | ০ | ২ | ০ | ০ | ০ | ১৬ | ০ |
তথ্যসূত্ৰ
- ↑ (22 December 2023). Academy midfielder Ashanti Akpan signs first professional contract. Chelsea F.C.
- ↑ Chelsea vs. Real Madrid – 23 November 2022. Soccerway
- ↑ (19 March 2023). Report: Reading Women 1 Chelsea Women 3. Chelsea F.C.
- ↑ (27 June 2025). Ashanti Akpan extends Chelsea contract. Chelsea F.C.
- ↑ (22 August 2025). Southampton sign Chelsea midfielder Akpan on loan. Yahoo Sports
- ↑ (9 January 2026). Chelsea midfielder Akpan returns from Southampton loan spell. Yahoo Sports
- ↑ (23 January 2026). Newcastle United Women complete Ashanti Akpan signing from Chelsea Women. Newcastle United F.C.
- ↑ (29 July 2021). Meet Nigerian-born Ashanti Akpan who plays for Chelsea women's youth team. The Daily News
- ↑ Vassell, Zac. (24 July 2024). Report: England WU19s 1–3 Spain. England Football
- ↑ (21 October 2024). England squad update: WU23 and WU19 changes. England Football
- ↑ Gibson, Thomas. (3 April 2025). Report: Spain 2–1 England WU23s. England Football
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অশন্তি আকপান” প্ৰবন্ধৰ সংশোধন ৬০৯৬২৫ (২৯ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।