গেব্ৰিয়েল অমা'ৰ বাটিষ্টুটা (Gabriel Omar Batistuta) (জন্ম ১ ফেব্ৰুৱাৰী, ১৯৬৯) এজন অৱসৰপ্ৰাপ্ত পেছাদাৰী ফুটবলাৰ। তেওঁক বাটিগ'ল (Batigol) আৰু El Ángel Gabriel (Angel Gabriel-ৰ স্পেনীয় নাম) বুলিও জনা যায়। আৰ্জেণ্টিনাৰ এই দক্ষ ষ্ট্ৰাইকাৰজনে ক্লাব কেৰিয়াৰৰ বেছিভাগ সময় ইটালীৰ ফিয়'ৰেণ্টিনা ক্লাবৰ হৈ খেলিছিল। ইটালীৰ Serie A লীগত ৩১৮ খন খেলত ১৮৪টা গ'লেৰে তেওঁ সৰ্বকালৰ একাদশ সৰ্বোচ্চ স্ক'ৰাৰ। আন্তঃৰাষ্ট্ৰীয় স্তৰত ৭৮ খন খেলত ৫৬টা গ'লেৰে তেওঁ আৰ্জেণ্টিনাৰ সৰ্বকালৰ সবোৰ্চ্চ স্ক'ৰাৰ। জাতীয় দলৰ হৈ তেওঁ তিনিখন বিশ্বকাপত অংশ লৈছিল। ১৯৯৯ চনত ফিফা বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ বঁটাত তেওঁ তৃতীয় স্থান লাভ কৰিছিল। ২০০৪ চনত তেওঁ "১২৫ জন মহানতম জীৱিত ফুটবলাৰ" তালিকা ফিফা ১০০-ত স্থান পায়।১ ফিনিশ্বিং, হেডিং আৰু ফ্ৰী কিকত দক্ষ বাটিষ্টুটাক তেওঁৰ প্ৰজন্মৰ অন্যতম সম্পূৰ্ণ ষ্ট্ৰাইকাৰ হিচাপে গণ্য কৰা হয়। ডিয়েগ' মাৰাড'নাই কৈছিল যে তেওঁৰ দৃষ্টিত বাটিষ্টুষ্টাই শ্ৰেষ্ঠ ষ্ট্ৰাইকাৰ।২৩
১৯৯৩ চনত তেওঁৰ ক্লাব ফিঅ'ৰেণ্টিনাৰ Serie B-লৈ অনুন্নীত হওঁতে বাটিষ্টুটাই সেই ক্লাবতে থাকে আৰু এবছৰ পিছত শীৰ্ষ লীগলৈ উন্নীত হোৱাত সহায় কৰে। ফিঅ'ৰেণ্টিনাৰ হৈ তেওঁৰ খেলৰ প্ৰতি স্বীকৃতিৰূপে অনুৰাগীসকলে ১৯৯৬ চনত তেওঁৰ এটা পূণাংগ ব্ৰ'ঞ্জৰ মূৰ্তি মুকলি কৰে।৪ ফিঅ'ৰেণ্টিনাৰ হৈ কেতিয়াও ইটালীয়ান লীগ খিতাপ দখল কৰিব নোৱাৰা বাটিষ্টুটাই ২০০০ চনত এ এছ ৰ'মালৈ গৈ সেই খিতাপ অৰ্জন কৰে।৫ কাটাৰৰ আল্-আৰবিৰ হৈ শেষ চিজন খেলি ২০০৫ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে।৬
চমু জীৱনী
১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰীত আৰ্জেণ্টিনাৰ এভেলানেডা নগৰত গেব্ৰিয়েল বাটিষ্টুটাৰ জন্ম হয়। তেওঁৰ দেউতাক আছিল জন্তু-নিধন কৰ্মী (slaughterhouse worker) অ'মাৰ বাটিষ্টুটা আৰু মাক আছিল বিদ্যালয়ৰ কৰ্মী গ্ল'ৰিয়া জিলি। ৰিকন্কিষ্টা নগৰৰ ওচৰত তেওঁ ডাঙৰ-দীঘল হয়। এলিছা, এলেজেন্দ্ৰা আৰু গেব্ৰিয়েলা নামৰ তেওঁৰ তিনিগৰাকী ভনীয়েক আছিল।
১৬ বছৰ বয়সত তেওঁ ১৫ বছৰীয়া আইৰিনাৰ ফাৰ্নাণ্ডেজক তাইৰ কিন্চেন্যেৰাত লগ পায়। ১৯৯০ চনৰ ২৮ ডিচেম্বৰত দুয়োৰে বিবাহ সম্পন্ন হয়। দুয়োজনে ১৯৯১ চনত ইটালীলৈ আহে আৰু এবছৰ পিছত তেওঁলোকৰ পুত্ৰ থিয়াগ'ৰ জন্ম হয়। ক্লাব আৰু জাতীয় দলৰ হৈ লাহে লাহে খ্যাতি অৰ্জন কৰা বাটিষ্টুটাই বহু বিজ্ঞাপন আৰু টেলিভিজন অনুষ্ঠানত অংশ ল'বলৈ সুযোগ পায়।
১৯৯৭ চনত বাটিষ্টুটাৰ দ্বিতীয় পুত্ৰ লুকাছ আৰু ১৯৯৯ চনত তৃতীয় পুত্ৰ জ'কুইনৰ জন্ম হয়। পিছত শ্বামেল নামৰে তেওঁ আন এক পুত্ৰ জন্ম হয়। ২০০০ চনত তেওঁ পৰিয়ালৰ সৈতে ৰোমলৈ যায় আৰু এ এছ ৰ'মাৰ হৈ খেলে। শ্বামেলৰ জন্মৰ দুবছৰ পিছত বাটিষ্টুটাক ইণ্টাৰ মিলানলৈ ল'নত পঠিওৱা হয়। ১২ বছৰ ইটালীত খেলাৰ পিছত ২০০৩ চনত তেওঁ সপৰিয়ালে কাটাৰলৈ যায় আৰু স্থানীয় দল আল্-আৰবিৰ হৈ খেলাত সন্মতি প্ৰকাশ কৰে।
ইটো-সিটো আঘাতেৰে জৰ্জৰিত হৈ পৰা বাটিষ্টুটাই আল্-আৰবিত থাকোঁতেই ২০০৫ চনৰ মাৰ্চত অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ পৰিয়ালৰ সৈতে অষ্ট্ৰেলিয়াৰ পাৰ্থত বাস কৰিবলৈ লয়।৭
বাহ্যিক সংযোগ
- Gabriel Batistuta – official website
- International statistics at Rsssf
- Midfield Dynamo's 10 Heroes of the Copa América Batistuta listed in the top 10
- Gabriel Batistuta – Photo profile
- Futbol Factory profile (Archived)
তথ্যসূত্ৰ
- ↑ (4 March 2004). Pele's list of the greatest. BBC Sport
- ↑ (25 April 2013). Radamel Falcao: The Natural Heir to Gabriel Batistuta. Bleacher Report
- ↑ (26 March 2013). Why Messi will struggle to surpass Batistuta's Argentina record. Goal.com
- ↑ Gabriel Batistuta History – His Fans
- ↑ (17 June 2012). Roma-scudetto, racconta il tuo 17 giugno 2001. Corriere dello Sport
- ↑ (14 March 2005). Argentine striker Gabriel Batistuta retires from soccer. USA Today
- ↑ Batistuta linked with Perth Glory bid, TribalFootball, 22 April 2006
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গেব্ৰিয়েল বাটিষ্টুটা” প্ৰবন্ধৰ সংশোধন ৪৩২৫৭৪ (২০ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।