কিলিয়ান এমবাপে লটিন (Kylian Mbappé Lottin; জন্ম: ২০ ডিচেম্বৰ ১৯৯৮) এগৰাকী ফৰাচী পেছাদাৰী ফুটবলাৰ। তেওঁ লিগ ১ ক্লাব পেৰিছ চেণ্ট জাৰ্মেইন আৰু ফ্ৰান্স জাতীয় দলৰ বাবে ফৰৱাৰ্ড হিচাপে খেলে। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ বুলি পৰিগণিত ১ এমবাপে ড্ৰিবলিং ক্ষমতা, ব্যতিক্ৰমী গতি আৰু ফিনিছিঙৰ বাবে বিখ্যাত।
পেৰিছত জন্মগ্ৰহণ কৰা এমবাপে ২০১৫ চনত মনাকোৰ হৈ খেলি ছিনিয়ৰ ক্লাব কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু তাৰ পৰাই তেওঁ লিগ ১ খিতাপ দখল কৰে। ২০১৭ চনত ১৮ বছৰ বয়সত এমবাপে পেৰিছ চেণ্ট জাৰ্মেইনৰ হৈ অৱশেষত ১৮ কোটি ইউৰোৰ স্থায়ী ট্ৰেন্সফাৰৰ জৰিয়তে চুক্তিবদ্ধ হয় আৰু ইয়াৰ ফলত তেওঁ দ্বিতীয় সৰ্বাধিক ব্যয়বহুল খেলুৱৈ আৰু আটাইতকৈ ব্যয়বহুল কিশোৰ খেলুৱৈ হিচাপে পৰিগণিত হয়।২ তাত তেওঁ লিগ ১ৰ চাৰিটা খিতাপ আৰু তিনিটা ক’পে ডি ফ্ৰান্স জয় কৰিছে আৰু ক্লাবটোৰ সৰ্বকালৰ দ্বিতীয় সৰ্বাধিক গ’লদাতা হিচাপে পৰিগণিত হৈছে। ২০২০ চনত পি এছ জিক প্ৰথমবাৰৰ বাবে ইউএফএ চেম্পিয়নছ লীগৰ ফাইনেলত প্ৰৱেশ কৰোৱাত তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।
২০১৭ চনত ১৮ বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ফ্ৰান্সৰ হৈ এমবাপেৰ ছিনিয়ৰ অভিষেক ঘটে। ২০১৮ চনৰ ফিফা বিশ্বকাপত এমবাপ বিশ্বকাপত গ’ল দিয়া আটাইতকৈ কম বয়সীয়া ফৰাচী খেলুৱৈ আৰু ফ্ৰান্সে প্ৰতিযোগিতাখনত জয়লাভ কৰাৰ লগে লগে তেওঁ যৌথভাৱে দ্বিতীয় সৰ্বাধিক গ’লদাতা হিচাপে পৰিগণিত হয়। তেওঁৰ প্ৰদৰ্শনৰ বাবে ফিফা বিশ্বকাপৰ শ্ৰেষ্ঠ যুৱ খেলুৱৈ আৰু ফ্ৰান্সৰ বছৰটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। ২০২২ চনৰ ফিফা বিশ্বকাপত ফ্ৰান্সে ৰানাৰ্ছ আপৰ সন্মান লাভ কৰে। ফাইনেলত এমবাপে হেট্ৰিক অৰ্জন কৰি প্ৰতিযোগিতাখনৰ গোল্ডেন বুট লাভ কৰাৰ লগতে বিশ্বকাপৰ ফাইনেলত সৰ্বকালৰ শীৰ্ষ গ’লদাতা হিচাপে পৰিগণিত হয়।
তেওঁ ২০১৮ আৰু ২০১৯ চনত ফিফা ফিফপ্ৰ’ ৱৰ্ল্ড১১, ২০১৮ চনত ইউএফএৰ বছৰৰ শ্ৰেষ্ঠ দল আৰু ২০১৬–১৭, ২০১৯–২০, ২০২০–২১ আৰু ২০২১–২২ চনত ইউএফএ চেম্পিয়নছ লীগৰ ছিজনৰ শ্ৰেষ্ঠ দল হিচাপে নিৰ্বাচিত হয়। ২০২১ চনত গ্ল’ব ছকাৰৰ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰা এমবাপে ২০১৭ চনত গোল্ডেন বয়, লিগ ১ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু চাৰিটা ছিজনত লিগ ১ৰ শীৰ্ষ স্ক’ৰাৰ হিচাপে সন্মান লাভ কৰিছে। এমবাপেক বিশ্বৰ সৰ্বাধিক দৰমহা পোৱা ফুটবলাৰ বুলি কোৱা হয়।৩
তথ্যসূত্ৰ
- ↑ (16 November 2022). World Cup Rank: The 50 best footballers of Qatar 2022. ESPN
- ↑ (19 February 2018). PSG trigger Kylian Mbappe's permanent transfer from Monaco. ESPN
- ↑ Birnbaum, Justin. The World's Highest-Paid Soccer Players 2022: Kylian Mbappé Claims No. 1 As Erling Haaland Debuts. Forbes
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিলিয়ান এমবাপে” প্ৰবন্ধৰ সংশোধন ৪৯৪২৮৮ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।