অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইউজেবিউ

ইউজেবিউ ডা ছিলভা ফিৰাইৰা, GCIH, GCM (; উচ্চাৰণভেদে ইউছেবিঅ', ২৫ জানুৱাৰী ১৯৪২ – ৫ জানুৱাৰী ২০১৪) এজন মোজাম্বিকত জন্মগ্ৰহণ কৰা পৰ্তুগীজ ষ্ট্ৰাইকাৰ। তেওঁক সৰ্বকালৰ মহান ফুটবলাৰসকলৰ এজন বুলি গণ্য কৰা হয়। পেছাদাৰী কেৰিয়াৰত তেওঁ মাত্ৰ ৭৪৫খন খেলত ৭৩৩টা গ'ল দিছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২০৯ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ
লিছবন, পৰ্তুগালৰ বেনফিকাৰ ষ্টেডিয়ামৰ বাহিৰত ইউজেবিউৰ প্ৰতিমূৰ্তি
লিছবন, পৰ্তুগালৰ বেনফিকাৰ ষ্টেডিয়ামৰ বাহিৰত ইউজেবিউৰ প্ৰতিমূৰ্তিছবি: P. Fernandes (Trebaruna) · CC BY 3.0

ইউজেবিউ ডা ছিলভা ফিৰাইৰা, GCIH, GCM (; উচ্চাৰণভেদে ইউছেবিঅ', ২৫ জানুৱাৰী ১৯৪২ – ৫ জানুৱাৰী ২০১৪) এজন মোজাম্বিকত জন্মগ্ৰহণ কৰা পৰ্তুগীজ ষ্ট্ৰাইকাৰ। তেওঁক সৰ্বকালৰ মহান ফুটবলাৰসকলৰ এজন বুলি গণ্য কৰা হয়।১২ পেছাদাৰী কেৰিয়াৰত তেওঁ মাত্ৰ ৭৪৫খন খেলত ৭৩৩টা গ'ল দিছিল।২

ক'লা চিতা (Black Panther), ক'লা মুকুতা (Black Pearl),৩ বা অ' ৰেই (o Rei, ৰজা)৪৫ উপনামেৰে জনাজাত ইউছবিঅ' তেওঁৰ গতি, কৌশল আৰু সোঁভৰিৰ সবল নিখুঁত শ্বটৰ বাবে বিখ্যাত আছিল। তেওঁক বেনফিকা আৰু পৰ্তুগাল জাতীয় দলৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে গণ্য কৰা হয়। বিশ্বমানৰ আফ্ৰিকান ষ্ট্ৰাইকাৰসকলৰ ভিতৰত তেওঁ আছিল আগৰণুৱা। মোজাম্বিকত জন্মগ্ৰহণ কৰিলেও এংগ'লীজ লোকৰ সন্তান ইউজেবিউই কেৱল পৰ্তুগীজ দলতহে খেলিব পাৰিছিল কাৰণ সেই সময়ত দুয়োখন আফ্ৰিকান দেশেই পৰ্তুগীজ উপনিৱেশ আছিল আৰু তাৰ অধিবাসীসকলক পৰ্তুগীজ বুলি ধৰি লোৱা হৈছিল।

তেওঁ পৰ্তুগালক ১৯৬৬ বিশ্বকাপত তৃতীয় স্থান দখল কৰাত সহায় কৰিছিল। প্ৰতিযোগিতাখনত দিয়া নটা গ'লেৰে (উত্তৰ কোৰিয়া দলৰ বিৰুদ্ধে এখন মেছতে চাৰিটাসহ)৩ তেওঁ গ'ল্ডেন বুট আৰু ব্ৰ'ঞ্জ বল বঁটা লাভ কৰিছিল। তেওঁ ১৯৬৫ চনত শ্ৰেষ্ঠ ইউৰোপীয় ফুটবলাৰৰ বেলন ডিঅ'ৰ বঁটা লাভ কৰিছিল আৰু ১৯৬২, ১৯৬৬ চনত ৰানাৰ্ছ আপ হৈছিল। ২২ বছৰীয়া ফুটবল কেৰিয়াৰৰ ১৫ বছৰেই তেওঁ বেনফিকা ক্লাবৰ হৈ খেলিছিল। সেই ক্লাবত ৬১৪খন আনুষ্ঠানিক খেলত ৬৩৮টা গ'লেৰে তেওঁ সৰ্বকালৰ শ্ৰেষ্ঠ স্ক'ৰাৰ। তাত তেওঁ এঘাৰটা প্ৰাইমেইৰা লীগা খিতাপ, পাঁচটা টাচা ডি পৰ্তুগাল খিতাপ, এটা ইউৰোপীয়ান কাপ (১৯৬১-৬২) জয় কৰিছিল আৰু আন তিনিবাৰ ইউৰোপীয়ান কাপৰ ফাইনেলত উপনীত হৈছিল (১৯৬৩, ১৯৬৫, ১৯৬৮)। ইউৰোপীয়ান কাপৰ অষ্টম সৰ্বোচ্চ গ'লস্ক'ৰাৰ আৰু প্ৰাক-চেম্পিয়ন্‌ছ লীগ যুগত আলফ্ৰেড' ডি ষ্টিফান'ৰ পিছত ৪৮টা গ'লেৰে দ্বিতীয় সৰ্বোচ্চ গ'লস্ক'ৰাৰ। তেওঁ ১৯৬৪-৬৫, ১৯৬৫-৬৬ আৰু ১৯৬৭-৬৮ৰ ইউৰোপীয়ান কাপত সৰ্বোচ্চ গ'ল কৰিছিল। তেওঁ ব'লা ডি প্ৰাটা (প্ৰাইমেইৰা লীগৰ সৰ্বোচ্চ স্ক'ৰাৰ) বঁটাও অভিলেখ সংখ্যক সাতবাৰকৈ লাভ কৰিছিল। ১৯৬৮ চনত ইউৰোপীয়ান গ'ল্ডেন বুট লাভ কৰা তেওঁ প্ৰথমগৰাকী খেলুৱৈ আছিল আৰু ১৯৭৩ চনত তেওঁ পুনৰ সেই বঁটা লাভ কৰে।

ফুটবলৰ সমালোচক আৰু অনুৰাগীয়ে কৰা সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈৰ তালিকাত ইউজেবিউৰ নাম প্ৰায়েই দেখা যায়। IFFHS এ কৰা এটা সমীক্ষাত তেওঁক বিংশ শতিকাৰ নৱম শ্ৰেষ্ঠ ফুটবলাৰ আৰু ৱৰ্ল্ড ছকাৰ আলোচনীয়ে কৰা সমীক্ষাত বিংশ শতিকাৰ দশম শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে নিৰ্বাচন কৰা হৈছিল।১ ২০০৪ চনত প্ৰকাশ কৰা ফিফা ১০০ তালিকাত পেলেই ইউছবিঅ'ক ১২৫ জন শ্ৰেষ্ঠ জীৱিত ফুটবলাৰৰ মাজত স্থান দিছিল। অনলাইন উৱেফা গ'ল্ডেন জুবিলী সমীক্ষাত তেওঁ সপ্তম স্থান লাভ কৰিছিল। ২০০৩ চনৰ নৱেম্বৰত পৰ্তুগাল ফুটবল ফেডাৰেচনে তেওঁক যোৱা পঞ্চাছ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈৰূপে স্বীকৃতি দিয়ে।৬ তেওঁক "আফ্ৰিকাৰ প্ৰথম মহান ফুটবলাৰ"৩ আৰু "আফ্ৰিকাৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ" বুলিও অভিহিত কৰা হয়।৩

অৱসৰ গ্ৰহণৰ পৰা মৃত্যু পৰ্যন্ত তেওঁ ফুটবলৰ প্ৰসাৰৰ বাবে কাম কৰি গৈছিল। ভাল খেল আৰু নম্ৰতাৰ বাবে তেওঁক প্ৰতিদ্বন্দ্ব্বীয়েও প্ৰায়েই প্ৰশংসা কৰিছিল। মৃত্যুৰ পিছত তেওঁ সন্মানাৰ্থে ফিফা, উৱেফা, পৰ্তুগীজ ফুটবল ফেডাৰেচন আৰু বেনফিকাই শোকপ্ৰস্তাৱ গ্ৰহণ কৰিছিল। বেনফিকা দলত তেওঁ প্ৰভাৱ সুঁৱৰি বেনফিকা আৰু পৰ্তুগালৰ সহখেলুৱৈ বন্ধু এণ্টনিঅ' ছিমছে কৈছিল: "With Eusébio maybe we could be European Champions, without him maybe we could win the League."

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Stokkermans, Karel. (30 January 2000). IFFHS' Century Elections. Rec.Sport.Soccer Statistics Foundation
  2. ↑ (5 January 2014). Eusebio: Portugal football legend dies aged 71. BBC Sport
  3. ↑ (6 June 2010). From Africa to posterity: How Eusébio lit up the World Cup. The Guardian
  4. ↑ Eusébio. dnoticias.Pt
  5. ↑ EusĂŠbio destaca nĂ­vel de CR7 | NotĂ­cias do Futebol. noticias-do-futebol.com
  6. ↑ "Golden Players take centre stage" – uefa.com, UEFA, 2003

সম্পৰ্কিত শ্ৰেণী

পৰ্তুগালৰ ব্যক্তিফুটবল খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইউজেবিউ” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৩৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।