মাউণ্ট মেৰবাবু (ইণ্ডোনেছিয়া:গুনুং মেৰবাবু ) ইণ্ডোনেছিয়াৰ জাভা দ্বীপৰ মধ্য জাভা প্ৰদেশৰ এটা নিদ্ৰিত আগ্নেয়গিৰি। জাভানীজ সংযুক্ত শব্দৰপৰা মেৰবাবু নামটোক শিথিলভাৱে ‘ছিৰ পৰ্বত’ বুলি অনুবাদ কৰিব পাৰি; মেৰুৰ অৰ্থ "পৰ্বত" আৰু ৱু বা আবুৰ অৰ্থ "ছাই।"
সক্ৰিয় আগ্নেয়গিৰি মাউণ্ট মেৰাপি ইয়াৰ দক্ষিণ-পূব দিশত পোনপটীয়াকৈ কাষতে থকাৰ বিপৰীতে ছালাটিগা চহৰ ইয়াৰ উত্তৰ পাদদেশত অৱস্থিত। মেৰবাবু আৰু মেৰাপিৰ মাজত ১৫০০ মিটাৰ উচ্চতাৰ বহল সমতল আছে, জাভাৰ চেলো গাঁৱৰ স্থান আৰু অতি উৰ্বৰ কৃষিভূমি।১২

দুটা শৃংগ আছে; ছায়াৰিফ (৩,১১৯ মিটাৰ) আৰু কেনটেং ছংগো (৩,১৪৫ মিটাৰ)। কেনটেং ছংগো শিখৰৰপৰা উত্তৰ-পশ্চিম, উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশত তিনিটা ইংৰাজী ইউ আখৰটোৰ আকৃতিৰ উপত্যকা বিস্তৃত হৈ আছে।
১৫৬০ আৰু ১৭৯৭ চনত দুটা মধ্যমীয়া উদ্গীৰণ ঘটিছিল। ১৭৯৭ চনৰ এই পৰিঘটনাক আগ্নেয়গিৰিৰ উদ্গীৰণৰ সূচকাংকত দ্বিতীয় স্থান দিয়া হৈছিল। ১৫৭০ চনত নিশ্চিত নোহোৱা উদ্গীৰণ ঘটিছিল।৩
ভূতাত্ত্বিকভাৱে শেহতীয়া উদ্গীৰণৰ উৎপত্তি উত্তৰ উত্তৰ-পশ্চিম-দক্ষিণ-দক্ষিণ-পূবৰ বিভাজন ব্যৱস্থাৰ পৰা হৈছিল যিয়ে শিখৰটো কাটিছিল আৰু ক্ৰমে উত্তৰ আৰু দক্ষিণ ফ্লেংকৰ কোপেং আৰু কাজ'ৰ ক্ৰেটাৰৰ পৰা বৃহৎ পৰিমাণৰ লাভাৰ প্ৰবাহ হৈছিল।
উত্তৰ-পূব দিশৰ কোপেং চহৰৰ পৰা উৎপত্তি হোৱা কেইবাটাও পথৰ পৰা মেৰবাবুলৈ উঠিব পাৰি, আৰু দক্ষিণ দিশৰ চেলোৰ পৰাও। কোপেঙৰ পৰা কেনটেং ছংগোলৈ উঠিবলৈ ৮ৰ পৰা ১০ ঘণ্টাৰ ভিতৰত সময় লাগে।
২০০৪ চনত এই পাহাৰৰ ৫৭ বৰ্গ কিলোমিটাৰ (২২ বৰ্গমাইল) এলেকাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে।৪
তথ্যসূত্ৰ
- ↑ Troll, Valentin R.; Deegan, Frances M.; Jolis, Ester M. (2015-03-01). Ancient oral tradition describes volcano–earthquake interaction at merapi volcano, indonesia. Geografiska Annaler: Series A, Physical Geography. পৃ. 137–166
- ↑ Wilson, T. (2007). Impacts of the 2006 eruption of Merapi volcano, Indonesia, on agriculture and infrastructure. GNS Science Report. পৃ. 69p
- ↑ Simkin, T., and Siebert, L., 1994, Volcanoes of the World: Geoscience Press, Tucson, Arizona, 349 p
- ↑ Lestari Hutan Indonesia . Retrieved 26 February 2010
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৰবাবু” প্ৰবন্ধৰ সংশোধন ৫৫৬৩৫৯ (২৩ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।