আনামুডি ভাৰতৰ কেৰালা ৰাজ্যৰ এক পৰ্বত। ই এৰ্নাকুলাম জিলা আৰু ইডুক্কি জিলাত অৱস্থিত।১২৩ মালায়ালম ভাষাত এই নামৰ অৰ্থ হৈছে "হাতীৰ মূৰ।" এই শৃংগটোৰ উচ্চতা ২৬৯৫ মিটাৰ। ই পশ্চিমঘাট পৰ্বতমালাৰ আটাইতকৈ ওখ শৃংগ। সমগ্ৰ দক্ষিণ ভাৰতৰ ভিতৰতো এইটোৱে উচ্চতম শৃংগ।
ভূগোল
আনামুডিৰ উচ্চতা ২৬৯৫ মিটাৰ।৪ এইটো দক্ষিণ ভাৰতৰ আটাইতকৈ ওখ শৃংগ। ইয়াক দক্ষিণ ভাৰতৰ মাউণ্ট এভাৰেষ্ট বুলিও কোৱা হয়।৫ ই ভাৰতৰ ভিতৰত আটাইতকৈ বেছি ভৌগোলিকভাৱে বিচ্ছিন্ন শৃংগ। হিমালয়ৰ দক্ষিণ দিশে থকা এইটোৱে আটাইতকৈ ওখ স্থান।৬ আনামুডিৰ ভূ-প্ৰকৃতিৰ উচ্চতা ২৪৭৯ মিটাৰ। ইয়াৰ মূল সংযোগ স্থানখন ২০০০ কিলোমিটাৰতকৈও দূৰত অৱস্থিত। এই স্থান দিল্লীৰ পশ্চিমফালে থকা হাৰিয়ানা ৰাজ্যত পৰে।৭ এই পৰ্বতটো বৰ থিয় নহয়। ই এটা চ্যুতি-স্তূপ পৰ্বত। পৰ্বতটোৰ উত্তৰ আৰু দক্ষিণ ফালৰ ঢালবোৰ সমান। কিন্তু পূব আৰু পশ্চিম ফালবোৰ বহুত থিয়। সেইবাবে ইয়াৰ শিলৰ দেৱালবোৰ বগোৱা টান।৮ এই শৃংগটো মুন্নাৰৰপৰা ১৩ কিলোমিটাৰ দূৰত আছে। ই কেৰালাৰ পেৰিয়াৰ নদীৰ কাষত অৱস্থিত। এই ঠাইটুকুৰা ইৰাভিকুলাম ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ ভাগত পৰে। ইয়াতেই ইলাচি পাহাৰ, আনামালানি পাহাৰ আৰু পালানি পাহাৰ একেলগ হৈছে।৯
ভূতত্ত্ব

আনামুডি এটা ডাঙৰ টেকটনিক অঞ্চলৰ ভিতৰত অৱস্থিত। এই অঞ্চলটো নিঅ’প্ৰটেৰ’জ’ইক যুগৰ এটা গতিশীল অংশ। ইয়াক দক্ষিণ গ্ৰেনুলাট ভূ-খণ্ড বা পাণ্ড্যন ম’বাইল বেল্ট বুলি কোৱা হয়। ইয়াত পুৰণি আৰ্কিয়ান যুগৰ শিলাখণ্ড পোৱা যায়। এই শিলাবোৰ পেন-আফ্ৰিকান পৰ্বত গঠনৰ সময়ত মাটিত পোত খাই গৈছিল। ই মজাম্বিক বেল্টৰ এটা অংশ আছিল। প্ৰায় ৮০০-৫০০ নিযুত বছৰ পুত খাই থকাৰ পিছত এতিয়া এই শিলাবোৰ ওপৰলৈ ওলাই পৰিছে। মাটিৰ তলৰপৰা হোৱা জোকাৰণিৰ বাবে এইবোৰ সাগৰ পৃষ্ঠৰ বহু ওপৰলৈ উঠি আহিল। এতিয়া ইয়াক মুন্নাৰ গ্ৰেনাইট বুলি জনা যায়।১০
জলবায়ু
এই অঞ্চলৰ জলবায়ু উপ-উষ্ণমণ্ডলীয় উচ্চভূমিপ্ৰকাৰৰ। পশ্চিমঘাট পৰ্বতমালাৰ আন ঘাঁহনিবোৰৰ দৰে ইয়াৰ উপত্যকাতো শোলা অৰণ্য পোৱা যায়।১১
উদ্ভিদ আৰু প্ৰাণী কূল
আনামুডি আৰু ইয়াৰ আশে-পাশে থকা ইৰাভিকুলাম ৰাষ্ট্ৰীয় উদ্যান নীলগিৰি তহৰৰ প্ৰধান বাসস্থান। ইয়াত বৰ্তমান আটাইতকৈ বেছিসংখ্যক নীলগিৰি তহৰ পোৱা যায়। ইয়াৰ উপৰি ইয়াত এছিয়াৰ হাতী, মেঠোন, ঢেঁকীয়াপতীয়া বাঘ আৰু নীলগিৰি মাৰ্টেন আদি বন্যপ্ৰাণী পোৱা যায়।১২ এই অঞ্চলটো বহুতো উভচৰ প্ৰাণীৰো আশ্ৰয়স্থল। ইয়াৰে ভিতৰত থলুৱা ভেকুলী 'ৰাওৰচেছটেছ ৰেছপ্লেনডেন্স' কেৱল এই অঞ্চলতে পোৱা যায়।১৩১৪ আনামুডিৰ একেবাৰে ওপৰভাগত চুটি চুটি জোপোহা উদ্ভিদ পোৱা যায়। ইয়াৰ ভিতৰত কুৰুণা ডেনচিফোলিয়া, উইণ্টাৰগ্ৰীন, এনফেলিচ, ইম্পেটিয়েনচ আৰু এৰিঅ'কেউলন আদি প্ৰধান।১৫
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Anamudi peak, Munnar, Idukki, Kerala, India. Kerala Tourism - Munnar
- ↑ Anamudi: View Images, Timing and Reviews. Tripoto
- ↑ (2026-02-19). Did you know? Kerala’s highest peak ‘Anamudi’ is home to the endangered Nilgiri tahr. The Indian Express
- ↑ Anamudi. Kerala Tourism
- ↑ (25 July 2017). Up the "Everest of the South India". The New Indian Express
- ↑ World Peaks with 300 km of Isolation. Peakbagger
- ↑ Southern India Mountain Ultra-Prominence. Peaklist
- ↑ Hoiberg, Dale; Ramchandani, Indu. (2000). Students' Britannica India, Volumes 1-5. Popular Prakashan. পৃ. 63. ISBN 0-85229-760-2
- ↑ Maya K. Studies on the nature and chemistry of sediments and water of Periyar and Chalakudy Rivers, Kerala
- ↑ Brandt, Sönke; Raith, Michael M.; Schenk, Volker. (31 January 2014). Crustal evolution of the Southern Granulite Terrane, south India: New geochronological and geochemical data for felsic orthogneisses and granites. Precambrian Research. পৃ. 91–122
- ↑ Climate: Munnar: Climate graph, Temperature graph, Climate table. Climate-Data.org
- ↑ Anamudi peak
- ↑ Significance of Eravikulam National Park. Eravikulam National Park
- ↑ (5 May 2010). New species of frog found in Eravikulam National Park. দ্য হিন্দু
- ↑ Eravikulam National Park Management Plan. Eravikulam National Park
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনামুডি” প্ৰবন্ধৰ সংশোধন ৬৩০০৮২ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।