মাউণ্ট ফুজি বা Mount Fuji,

Mount Fuji (富士山, Fuji-san) জাপানৰ সৰ্বোচ্চ পৰ্বত। ইয়াৰ উচ্চতা3776 মিটাৰ।১ লগতে ই এটা আগ্নেয়গিৰী। ই শ্বিজোকা আৰু য়ামানাশিৰ সীমাত অৱস্থিত। মাউণ্ট ফুজি জাপানৰ সাংস্কৃতিক চিহ্ন। ২০১৩ চনত ই জাপানৰ ১৩তম ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত পৰিণত হয়। ১৭০৭ৰ পৰা ১৭০৮ চনলৈ ই শেষৰ বাৰৰ বাবে উদ্গীৰিত হৈছিল।
জাগ্ৰত আগ্নেয়গিৰী
চৰকাৰীভাৱে মাউণ্ট ফুজি এটা জাগ্ৰত আগ্নেয়গিৰী।২ কিন্তু কিছুমানে ইয়াক সুপ্ত আগ্নেয়গিৰী বুলিও কয়।৩
শেষৰ বাৰৰ উদ্গীৰণ ১৬ ডিচেম্বৰ ১৭০৭ ডাঙৰ পৰা ১ জানুৱাৰী ১৭০৮ চনলৈ গৈছিল।৪ Cinders and ash from Fuji fell like rain in Izu Province, Kai Province, Sagami Province, and Musashi Province.৫
শ্বিণ্টো ধৰ্ম
বৌদ্ধ ধৰ্মৰ অগ্নি দেৱী কামুয় ফুচিৰ নামেৰে এই পৰ্বতৰ নাম মাউণ্ট ফুজি হয়।৬ শ্বিণ্টো ধৰ্মৰ মতে ই অতি পৱিত্ৰ পৰ্বত। ইয়াৰ তল ভাগত দেৱী ক'ন'হানান'চাকুয়াৰ( Konohananosakuya-hime コノハナノサクヤヒメ).৬ মন্দিৰ আছে।
হাইকিং
মাউণ্ট ফুজি হাইকিংৰ বাবে বিখ্যাত। চৰকাৰী ভাবে হাইকিংৰ ঋতু হল গ্ৰীষ্ম ঋতু: ২৫ জুলাইৰ পৰা ২৫ আগষ্ট লৈ। ৬ শ্বিজোকাৰ ফালে তিনিটা পূৰ্বতাৰোহণৰ পথ আছে। মাউণ্ট ফুজিৰ শৃংগত এটা ডাকঘৰো আছে। এই ডাকঘৰ কেৱল গ্ৰীষ্ম কালত কাৰ্যক্ষম হয়। ১৯০৯ চনত এই ডাকঘৰ সজা হৈছিল আৰু ই জাপানৰ সৰ্বোচ্চ উচ্চতাত থকা ডাকঘৰো।৭
শিল্পত মাউণ্ট ফুজি
২০০৯ চনত মাউণ্ট ফুজি জাপানৰ শীৰ্ষ ১০০ টা প্ৰাকৃতিক অঞ্চলৰ ভিতৰত স্বীকৃত হয়। ই জাপানৰ হেইচেই কালৰ ঐতিহ্য বহন কৰে। বহুতো বিখ্যাত চিত্ৰ আৰু শিল্পৰ বিষয় বস্তু মাউণ্ট ফুজি।৮

বহিঃসংযোগ
- Nippon Archives, Nippon Archives - The history of Mount Fuji
- Japan-guide.com, Mount Fuji
- Kawaguchi Lake Immersive Virtual Tour
- Pictures of routes up Mount Fuji
- Mount Fuji climbing & sightseeing guide
তথ্যসূত্ৰ
- ↑ JapanGuide.com: "Mount Fuji"; retrieved 2011-12-12
- ↑ National Institute of Advanced Industrial Science and Technology (AIST), Geological Survey of Japan: "Active Volcanoes in Japan"; "Mount Fuji"; retrieved 2011-12-12
- ↑ Ball, Jessica. "Voices: Dead or alive ... or neither? Why a dormant volcano is not a dead one," Earth Magazine (American Geosciences Institute). September 8, 2010; retrieved 2012-6-14
- ↑ Shizuoka University website: 宝永四年(1707)噴火; retrieved 2011-12-12
- ↑ Titsingh, Isaac (1834). Annales des empereurs du Japon, p.416
- ↑ SacredDestinations.com: "Mount Fuji, Japan"; retrieved 2011-12-12
- ↑ Shizuoka Prefecture website: "Mt. Fuji Trivial Fact Quiz"; retrieved 2011-12-12
- ↑ "100 Landscapes of Heisei announced," Yomiuri Shimbun. May 2009; retrieved 2012-3-30
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাউণ্ট ফুজি” প্ৰবন্ধৰ সংশোধন ৫০৪০০১ (১৯ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।