অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

পামিৰ পৰ্বতমালা

পামিৰ পৰ্বতমালা মধ্য এছিয়া আৰু দক্ষিণ এছিয়াৰ মাজত অৱস্থিত এক পৰ্বতমালা। ই অন্যান্য উল্লেখযোগ্য পৰ্বতমালা যথা টিয়েন শ্বান, কাৰাকোৰাম, কুনলুন, হিন্দুকুশ আৰু হিমালয়ৰ সংযোগস্থলত অৱস্থিত। ই পৃথিৱীৰ অন্যতম ওখ পৰ্বত। পামিৰ পৰ্বতমালাৰ বেছিভাগেই তাজিকিস্তানৰ গৰ্নো-বাদাখছান অঞ্চলত অৱস্থিত।

হালনাগাদ: ২২ নৱেম্বৰ ২০২৪ ৪৯৭ শব্দ · ৩ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

পামিৰ পৰ্বতমালা মধ্য এছিয়া আৰু দক্ষিণ এছিয়াৰ মাজত অৱস্থিত এক পৰ্বতমালা। ই অন্যান্য উল্লেখযোগ্য পৰ্বতমালা যথা টিয়েন শ্বান, কাৰাকোৰাম, কুনলুন, হিন্দুকুশ আৰু হিমালয়ৰ সংযোগস্থলত অৱস্থিত। ই পৃথিৱীৰ অন্যতম ওখ পৰ্বত।

পামিৰ পৰ্বতমালাৰ বেছিভাগেই তাজিকিস্তানৰ গৰ্নো-বাদাখছান অঞ্চলত অৱস্থিত। এই পৰ্বতবোৰ চাৰিখন দেশৰ সীমাৰেখাৰে বিস্তৃত হৈ আছে। দক্ষিণে ইয়াৰ লগত আছে আফগানিস্তানৰ বাদাখছান প্ৰদেশৰ ৱাখান কৰিডৰ, পাকিস্তানৰ চিত্ৰাল আৰু গিলগিট-বাল্টিস্তান অঞ্চলৰ হিন্দুকুশ পৰ্বতমালা। পূবে ই চীনৰ কাংগুৰ টাগ ১ ৰ সৈতে এটা পৰ্বতমালালৈ বিস্তৃত হৈ আছে, যাক "পূব পামিৰ" বুলি কোৱা হয়, যিটো কুৱেনলুন পৰ্বতমালাৰ পৰা ইয়াৰকাণ্ড উপত্যকাৰ দ্বাৰা পৃথক হৈছে। ভিক্টোৰিয়ান যুগৰ পৰাই পামিৰ পৰ্বতমালাক "বিশ্বৰ মূধচ" বুলি জনা যায়, সম্ভৱতঃ এয়া পাৰ্চী ভাষাৰ পৰা অনুবাদ কৰা। ২

ভূতাত্ত্বিক শব্দ

পামিৰ অঞ্চলত কেইবাটাও ভিন্ন সংস্কৃতি, জনগোষ্ঠী আৰু ভাষাৰ লোকৰ বাসস্থান। এনে কিছুমান ভাষাত পামিৰ পৰ্বতক বিভিন্ন নামেৰে উল্লেখ কৰা হয়। ইন্দু-ইউৰোপীয় ভাষাত ইহঁতক কোৱা হয়:

  • পশতু ভাষাত پامیر غرونه পামিৰ ঘ্ৰুনা;
  • তাজিক ভাষাত رشته کوه‌های پامیر, Ришта Кӯҳҳои Помир, ৰিচতা কোহহোই পমিৰ;
  • উৰ্দু ভাষাত পামিৰ কোহিস্তান;
  • সংস্কৃত ভাষাত सुमेरु সুমেৰু।

তুৰ্কী ভাষাসমূহত, কোৱা হয়:

  • কিৰ্গিজত پامىر توولورۇ, Памир Тоолору, পামিৰ টুলৰু;
  • উইগুৰ ভাষাত پامىر ئېگىزلىكى, Памир Егизлики, পামিৰ গিজলিকি।

মিডলটন আৰু থমাছৰ মতে "পামিৰ" এটা ভূতাত্ত্বিক শব্দও।৩ পামিৰ হৈছে পাহাৰেৰে আগুৰি থকা সমতল মালভূমি বা U আকৃতিৰ উপত্যকা। হিমবাহ বা বৰফৰ পথাৰ গলি শিলৰ সমভূমি এৰি গলিলে ই গঠন হয়। এটা পামিৰ তেতিয়ালৈকে থাকে যেতিয়ালৈকে খহনীয়াই মাটি গঠন নকৰে আৰু স্বাভাৱিক উপত্যকাবোৰ কাটি পেলায়। এই ধৰণৰ ভূখণ্ড ৱাখানৰ পূব আৰু উত্তৰত আৰু পশ্চিমৰ উপত্যকা আৰু গৰ্জৰ বিপৰীতে গৰ্নো-বদাখছানৰ পূব আৰু দক্ষিণত পোৱা যায়। পামিৰ গ্ৰীষ্মকালীন চৰণীয়া পথাৰত ব্যৱহাৰ কৰা হয়।৩৪

গ্ৰেট পামিৰ জোৰকুল হ্ৰদৰ আশে-পাশে। ইয়াৰ পূবে ৱাখানৰ সুদূৰ পূবত লিটিল পামিৰ। কাৰাকোৰাম ঘাইপথৰ পশ্চিমে তাছকুৰগান আৰু ৱাখানৰ মাজত তাঘডুম্বাছ পামিৰ। গুণ্ট নদীৰ যশিল কুলৰ আশে-পাশে আলিচুৰ পামিৰ। তাজিকিস্তানৰ মুৰ্গাব চহৰৰ আশে-পাশে অৱস্থিত ছাৰেজ পামিৰ। কাৰকুল হ্ৰদৰ দক্ষিণে খাৰগুছ পামিৰ। আৰু কেবাটাও আছে।

পামিৰ নদী পামিৰৰ দক্ষিণ-পশ্চিমে অৱস্থিত।

ভূগোল

পৰ্বত

পামিৰ্ছৰ মূল তিনিটা উচ্চতম পৰ্বত হ'ল ইছমোইল ছ'মনি শৃংগ (১৯৩২ চনৰ পৰা ১৯৬২ চনলৈ ষ্টেলিন শৃংগ, আৰু ১৯৬২ চনৰ পৰা ১৯৯৮ চনলৈ কমিউনিজম শৃংগ নামেৰে জনাজাত), ৭৪৯৫ মি ইবন চিনা শৃংগ (এতিয়াও বেচৰকাৰীভাৱে লেনিন শৃংগ নামেৰে জনাজাত), ৭১৩৪ মি; আৰু শৃংগ কোৰজেনেভস্কয়া (সাঁচ:লেংক্স, পিক কোৰজেনেভস্কোই),৭৪৯৫ মি৫ পূব পামিৰত ৭৬৪৯ মি সৰ্বাধিক কংগুৰ টাঘ।

পামিৰ পৰ্বতমালাৰ উল্লেখযোগ্য শৃংগসমূহৰ ভিতৰত তলত দিয়া শিখৰসমূহ হ’ল-৬

নামউচ্চতা মিটাৰতস্থানাংকউপ-পৰ্বতমালাদেশ
কংগুৰ (কুংগুৰ টাঘ)৭,৬৪৯কংগুৰ ছান
কংগুৰ জিউবিয়ে (কুংগুৰ ট্জুবে টাঘ)৭,৫৩০কংগুৰ ছান
মুজটাঘ আটা৭,৫০৯মুজটাঘ আটা মচ্চিফ
ইছমইল ছমনি শৃংগ (পূৰ্বতে কমিউনিজম শৃৃৃংগ, ষ্টেলিন শৃংগ)৭,৪৯৫অকাডেমী অৱ চাইন্স ৰেঞ্জ
লেনিন শৃংগ (নতুন নাম: আবু আলী ইবনে চিনো শৃংগ, পূৰ্বতে কৌফমেন শৃংগ)৭,১৩৪ট্ৰান্স-এলয় ৰেঞ্জ,
কৰঝেনেভস্কায়া শৃংগ৭,১০৫অকাডেমী অৱ চাইন্স ৰেঞ্জ
ইণ্ডিপেণ্ডেন্স শৃংগ (বা কোৱাল্লাই ইষ্টিকলল, পূৰ্বতে ৰিভল্যুচন পিক, ড্ৰেইস্পিট্জ)৬,৯৪০ইয়াজগুলেম ৰেঞ্জ
ৰাছিয়া শৃংগ৬,৮৭৫অকাডেমী অৱ চাইন্স ৰেঞ্জ
মস্কো শৃংগ৬,৭৮৫পিটাৰ আই ৰেঞ্জ
কাৰ্ল মাৰ্ক্স শৃংগ৬,৭২৬শখদৰা ৰেঞ্জ
গোৰা কুৰুমডী৬,৬১৪ট্ৰান্স-এলয় ৰেঞ্জ,
মাউণ্ট গাৰ্মো৬,৫৯৫অকাডেমী অৱ চাইন্স ৰেঞ্জ
এঞ্জেছ শৃংগ৬,৫১০শখদৰা ৰেঞ্জ
কোহি পামিৰ৬,৩২০ৱাখান ৰেঞ্জ
পিক অৱ দ্য ছোভিয়েট অফিছাৰছ্৬,২৩৩মুুুঝকল ৰেঞ্জ
মায়াকোভস্কি শৃংগ৬,০৯৫শখদৰা ৰেঞ্জ
পটখৰ শৃংগ৬,০৮৩ৰুছান ৰেঞ্জ
লেইপজিগ শৃংগ৫,৭২৫ট্ৰান্স-এলয় ৰেঞ্জ,
স্কালিষ্ট্য শৃৃৃংগ৫,৭০৭ছুংগনান ৰেঞ্জ
ক্যচ্যলডংগি শৃংগ৫,৭০৪দক্ষিণ আলিটচুৰ ৰেঞ্জ

টীকা: কংগুৰ আৰু মুজতাগাটা গোটৰ শিখৰসমূহ কিছুমান উৎসত কুনলুন পৰ্বতৰ অংশ হিচাপে গণ্য কৰা হয়, যিয়ে ইছমোইল ছমনি শৃৃৃংগক পামিৰৰ সৰ্বোচ্চ শিখৰ কৰি তুলিব।

আকাশী যানৰ পৰা পামিৰৰ দৃশ্য
আকাশী যানৰ পৰা পামিৰৰ দৃশ্যছবি: Irene2005 · CC BY 2.0

হিমবাহ

পামিৰ পৰ্বতমালাত বহুতো হিমবাহ আছে, ইয়াৰ ভিতৰত ৭৭ কিলোমিটাৰ (৪৮ মাইল) দীঘল ফেডচেংকো হিমবাহ, পূৰ্বৰ ইউ এছ এছ আৰৰ আটাইতকৈ দীঘল আৰু মেৰু অঞ্চলৰ বাহিৰৰ আটাইতকৈ দীঘল হিমবাহ।৭ পামিৰৰ প্ৰায় ১২,৫০০ কিলোমিটাৰ বৰ্গফুট (প্ৰায় ১০%)৮ হিমবাহৰে আবৃত। দক্ষিণ পামিৰৰ হিমবাহবোৰ দ্ৰুতগতিত পিছুৱাই গৈছে। বাৰ্ষিক পানীৰ দহ শতাংশ পানী দক্ষিণ পামিৰৰ পিছুৱাই যোৱা হিমবাহৰ পৰা উৎপত্তি হোৱাৰ অনুমান কৰা হয়।৮ উত্তৰ-পশ্চিম পামিৰত হিমবাহৰ ভৰৰ ভাৰসাম্য প্ৰায় সুস্থিৰ।৮

জলবায়ু

বসন্ত কালত পামিৰ পৰ্বতমালাৰ অংশ।
বসন্ত কালত পামিৰ পৰ্বতমালাৰ অংশ।ছবি: Brian Harrington Spier · CC BY-SA 2.0

বছৰৰ বেছিভাগ সময় বৰফেৰে আবৃত পামিৰ অঞ্চলৰ শীতকাল দীঘলীয়া আৰু তিক্ত শীতৰ অনুভৱ হয়, আনহাতে গ্ৰীষ্মকাল চুটি, আৰু শীতল, যিটো কপেন জলবায়ু শ্ৰেণীবিভাজন অনুসৰি (তুষাৰ ৰেখাৰ ওপৰত ই এফ) ই.টি (টুণ্ড্ৰা জলবায়ু)ৰ সমান। বাৰ্ষিক বৰষুণৰ পৰিমাণ প্ৰায় ১৩০ মিলিমিটাৰ (৫ ইঞ্চি), ফলত ঘাঁহনি গজি উঠিলেও কিন্তু গছৰ সংখ্যা নগণ্য হোৱা দেখা যায়।

তথ্যসূত্ৰ

  1. ↑ Arnaud, N. O.; Brunel, M. (1993). High cooling and denudation rates at Kongur Shan, Eastern Pamir (Xinjiang, China). পৃ. 1335–1346
  2. ↑ Bliss, Frank. (2002-06-01). Social and Economic Change in the Pamirs (Gorno-Badakhshan, Tajikistan): Translated from German by Nicola Pacult and Sonia Guss with support of Tim Sharp. Taylor & Francis. পৃ. 13–14. ISBN 978-0-203-40531-4
  3. ↑ This section is based on the book by R. Middleton and H. Thomas: Robert Middleton and Huw Thomas, 'Tajikistan and the High Pamirs', Odyssey Books, 2008
  4. ↑ Aga Khan Development Network (2010): Wakhan and the Afghan Pamir. পৃ. 3
  5. ↑ Tajikistan: 15 Years of Independence, statistical yearbook, Dushanbe, 2006, p. 8, in Russian
  6. ↑ Dominance. www.8000ers.com
  7. ↑ In the Karakoram Mountains, Siachen Glacier is 76 km long, Biafo Glacier is 67 km long, and Baltoro is 63 km long. The Bruggen or Pio XI Glacier in southern Chile is 66 km long. Kyrgyzstan's South Inylchek (Enylchek) Glacier is 60.5 km in length. Measurements are from recent imagery, generally with Russian 1:200,000 scale topographic mapping for reference as well as the 1990 Orographic Sketch Map: Karakoram: Sheets 1 and 2, Swiss Foundation for Alpine Research, Zurich
  8. ↑ Knoche, Malte; Merz, Ralf; Lindner, Martin. (2017-06-13). Bridging Glaciological and Hydrological Trends in the Pamir Mountains, Central Asia. Water. পৃ. 422

সম্পৰ্কিত শ্ৰেণী

ভূগোলপৰ্বতমালা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পামিৰ পৰ্বতমালা” প্ৰবন্ধৰ সংশোধন ৪৪৭২১৯ (২২ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।