অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনুষ্কা শেট্টী

ছুইটি শেট্টী (Anushka Shetty; জন্ম: ৭ নৱেম্বৰ ১৯৮১) -ৰ পৰিচিত নাম হৈছে অনুষ্কা শেট্টী৷ তেখেত এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ অনুষ্কাৰ অধিকাংশ ছবিয়েই তেলেগু আৰু তামিল ভাষাৰ৷ নিজৰ দক্ষতাপূৰ্ণ অভিনয়ৰ জৰিয়তে অনুষ্কাই এতিয়ালৈকে বহুকেইটা বঁটা-বাহন লাভ কৰিবলৈ সক্ষম হৈছে৷ তাৰে ভিতৰত আছে- তিনিটাকৈ চিনেমা…

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩১৭ শব্দ · ২ মিনিট সংগৃহীত ৪২
সংশোধনৰ পৰামৰ্শ

ছুইটি শেট্টী (Anushka Shetty; জন্ম: ৭ নৱেম্বৰ ১৯৮১) -ৰ পৰিচিত নাম হৈছে অনুষ্কা শেট্টী৷ তেখেত এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ অনুষ্কাৰ অধিকাংশ ছবিয়েই তেলেগু আৰু তামিল ভাষাৰ৷ নিজৰ দক্ষতাপূৰ্ণ অভিনয়ৰ জৰিয়তে অনুষ্কাই এতিয়ালৈকে বহুকেইটা বঁটা-বাহন লাভ কৰিবলৈ সক্ষম হৈছে৷ তাৰে ভিতৰত আছে- তিনিটাকৈ চিনেমা (CineMAA) বঁটা, এটা নন্দী বঁটা, তামিল নাডু ৰাজ্যিক ছবি বঁটা আৰু তিনিটাকৈ ফিল্মফেয়াৰ (দাক্ষিণাত্য) বঁটা৷ পঞ্চাছতকৈও অধিকখন ছবিত অভিনয় কৰা অনুষ্কা হৈছে ভাৰতৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম৷১২ দাক্ষিণাত্যৰ ছবিৰ জগতত তেখেতক লেডি ছুপাৰষ্টাৰ হিচাপেও জনা যায়৷৩৪৫৬২

২০০৫ চনত মুক্তি লাভ কৰা ছুপাৰ নামৰ তেলেগু ভাষাৰ ছবিখনত অনুষ্কাক পোনপ্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা যায়৷ এইখন ছবিত অভিনয় কৰি অনুষ্কাই ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ মনোনয়ন লাভ কৰে৷৭ পৰৱৰ্তী বছৰটোত তেখেতে এছ.এছ. ৰাজামৌলীৰ ছবি বিক্ৰমাকাড়ুত অভিনয় কৰে৷ ছবিখনে অভাৱনীয় ব্যৱসায়িক সফলতা লাভ কৰে৷ ২০০৭ চনত অনুষ্কাই আন এখন সফল ছবি লক্ষ্যমত অভিনয় কৰে৷ ২০০৮ চনত অনুষ্কাই অভিনয় কৰা সৌৰ্য্যম আৰু চিন্তাকায়ালা ৰবী ছবি দুখনেও বক্স অফিচত সফল হিচাপে বিবেচিত হয়৷ ২০০৯ চনত তেখেতে তেলেগু ডাৰ্ক ফেণ্টাছি ছবি অৰুন্ধতীত অভিনয় কৰে৷ তেখেতেৰ অভিনয়ে সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে৷ ছবিখনৰ জৰিয়তে অনুষ্কাই প্ৰথমটো নন্দী বঁটা, ফিল্মফেয়াৰ বঁটা আৰু চিনেমা বঁটা লাভ কৰে৷ আটাইকেইটা বঁটায়েই আছিল শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত৷ তাৰ পিছৰটো বছৰতে অনুষ্কাই সমাদৃত ড্ৰামা ছবি ৱেদামত এগৰাকী দেহোপজীৱিনীৰ চৰিত্ৰ ৰূপায়ন কৰে৷ এইটো চৰিত্ৰই তেখেতলৈ দ্বিতীয়টো ফিল্মফেয়াৰ আৰু চিনেমা বঁটা কঢ়িয়াই আনে৷৮ এইদৰেই ক্ৰমাগতভাৱে সফল ছবিত সফল অভিনয় কৰি অনুষ্কা তেলেগু ছবি উদ্যোগৰ এগৰাকী প্ৰতিষ্ঠিত আৰু শীৰ্ষতম অভিনেত্ৰীৰ আসনত বহে৷৯

একবিংশ শতিকাৰ প্ৰথমটো দশকত অনুষ্কাই তামিল ভাষাৰ ছবিতো একাধিক সফল ছবিত অভিনয় কৰে৷ তাৰে ভিতৰত সিংঘাম, ভেট্টাইকৰণ আদিৰ বিষয়ে উল্লেখ কৰিব পাৰি৷ ২০১৫ চনত অনুষ্কাই মহাকাব্যিক ঐতিহাসিক কল্পকাহিনীত ৰুদ্ৰমা দেৱীৰ চৰিত্ৰটো ৰূপায়ন কৰে৷ ছবিখনৰ জৰিয়তে অনুষ্কাই তৃতীয়টো ফিল্মফেয়াৰ লাভ কৰে৷ ২০১৫-১৭ৰ সময়ছোৱাত অনুষ্কাই এছ.এছ. ৰাজামৌলিৰ দ্বাৰা নিৰ্মিত বাহুবলীত "দেৱসেনা" নামৰ চৰিত্ৰটোত সবল অভিনয় কৰি পৃথিৱীজোৰা খ্যাতি অৰ্জন কৰে৷ বাহুবলী ফ্ৰেঞ্চাইজিৰ দুয়োখন ছবিয়েই অকল্পনীয় সফলতা অৰ্জন কৰে৷ ব্যৱসায়িকভাৱেও সফলতম প্ৰমাণিত হোৱা এই দুয়োখন ছবিয়ে অনুষ্কাক দক্ষিণ ভাৰতীয় ছবিৰ উদ্যোগত সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠাপিত কৰে৷১০১১১২

প্ৰাৰম্ভিক জীৱন

বাহুবলী টু:দ্য কনক্লুজনৰ প্ৰথম প্ৰকাশৰ (Look launch) উন্মোচনী অনুষ্ঠানত বাকীসকলৰ লগত অনুষ্কা
বাহুবলী টু:দ্য কনক্লুজনৰ প্ৰথম প্ৰকাশৰ (Look launch) উন্মোচনী অনুষ্ঠানত বাকীসকলৰ লগত অনুষ্কাছবি: Bollywood Hungama · CC BY 3.0
২০১৩ চনত কেলিফৰ্ণিয়াৰ ছাণ্টা ক্লাৰাৰ টেকএইডছ বঁটা অনুষ্ঠানত অনুষ্কা
২০১৩ চনত কেলিফৰ্ণিয়াৰ ছাণ্টা ক্লাৰাৰ টেকএইডছ বঁটা অনুষ্ঠানত অনুষ্কাছবি: TeachAIDS from Stanford, California, USA · CC BY-SA 2.0

কৰ্ণাটকৰ মাংগালোৰত অনুষ্কা শেট্টীৰ জন্ম হয়৷ বেল্লিপাড়ি উৰামালু গুথু পৰিয়ালক প্ৰতিনিধিত্ব কৰা অনুষ্কা হৈছে এগৰাকী খিলঞ্জীয়া টুলুৱা৷১৩ পিতৃ হৈছে প্ৰফুল্ল আৰু মাতৃ হৈছে এ.এন. ৱিটাল শেট্টী৷ তেখেতৰ জ্যেষ্ঠ ভ্ৰাতৃ হৈছ গুণৰঞ্জন শেট্টি আৰু ছাই ৰমেশ শেট্টী৷১৩ বাংগালোৰস্থিত মাউণ্ট কাৰ্মেল কলেজৰ পৰা অনুষ্কাই কম্পিউটাৰ এপ্লিকেছনত স্বাতক ডিগ্ৰী অৰ্জন কৰিছিল৷ ভাৰত ঠাকুৰৰ অধীনত প্ৰশিক্ষণ লোৱা অনুষ্কা এগৰাকী যোগ নিৰ্দেশকো৷১৪

তথ্যসূত্ৰ

  1. ↑ Baahubali 2: Did you know Prabhas, Rana Daggubati, Anushka are highest paid star cast in India?. India Today. Ist
  2. ↑ www.republicworld.com/entertainment-news/regiona
  3. ↑ www.indiatvnews.com/entertainment/regional-cinem
  4. ↑ Happy Birthday Anushka Shetty: 6 Best Performances of the Baahubali actress who is a darling among the masses - Times of India ►. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  5. ↑ Archived copy
  6. ↑ (3 February 2018). Rajinikanth, Ram Charan laud Anushka Shetty's performance in Bhaagamathie. Indian Express
  7. ↑ Anushka The Queen Of South Indian Cinema. www.magzter.com
  8. ↑ (31 May 2010). Meet super-talented Anushka Shetty! – Rediff.com Movies. Movies.rediff.com
  9. ↑ (29 December 2009). Top Telugu actresses of 2009 – Rediff.com Movies. Movies.rediff.com
  10. ↑ Upadhyaya, Prakash. (27 April 2017). Baahubali 2 (Bahubali 2): Tamil Movie Review: SS Rajamouli pushes the envelope with this two-part epic. ibtimes.co.in
  11. ↑ (27 April 2017). Baahubali 2 first review: UAE critic Umair Sandhu gives 5 stars, says CGI comparable to Harry Potter; Prabhas performance spectacular. financialexpress.com
  12. ↑ (28 April 2017). Baahubali 2 Movie Review: SS Rajamouli's epic drama will be hard to forget anytime soon. firstpost.com
  13. ↑ Vinobha KT. (24 December 2011). Household Kola draws Tulu belle to Bellipady. The Times of India
  14. ↑ Meet super-talented Anushka Shetty!. rediff.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীদাক্ষিণাত্যৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুষ্কা শেট্টী” প্ৰবন্ধৰ সংশোধন ৩৭৯৬৭৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।