কীৰ্তি সুৰেশ (Keerthy Suresh, জন্ম: ১৭ অক্টোবৰ ১৯৯২) হৈছে এগৰাকী ভাৰতীয় ছবিৰ অভিনেত্ৰী। মালয়ালম, তামিল আৰু তেলেগু ভাষাৰ ছবিত কীৰ্তিয়ে সাধাৰণতে অভিনয় কৰে। দাক্ষিণাত্যৰ অভিনেত্ৰী সাৱিত্ৰীৰ জীৱন-আধাৰিত ছবি মহানতী(২০১৮)ত কৰা অভিনয়ৰ বাবে কীৰ্তিয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়।১
কীৰ্তি সুৰেশৰ পিতৃ জি. সুৰেশ কুমাৰ হৈছে এগৰাকী প্ৰযোজক। আৰু মাতৃ মেনকা হৈছে এগৰাকী অভিনেত্ৰী।২ একবিংশ শতিকাৰ আৰম্ভণিতে এগৰাকী শিশু-অভিনেত্ৰী হিচাপে কীৰ্তিয়ে অভিনয়ৰ জীৱনৰ পাতনি মেলে। ফেছন ডিজাইনিঙৰ পাঠ্যক্ৰম শেষ কৰি তেওঁ পুনৰ ছবিজগতলৈ উভতি আহে। ২০১৩ চনৰ মালায়ালম ছবি গীতাঞ্জলিত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰে।৩ পৰৱৰ্তী পৰ্যায়ত কীৰ্তিয়ে "ৰিংগ মাষ্টাৰ" (২০১৪), "ইধু এন্না মায়াম" (২০১৫), "ৰজিনী মুৰুগান" (২০১৬), "ৰেমো" (২০১৬), "নেনো শৈলজা" (২০১৬), "ভৈৰৱা" (২০১৭), "নেনো লোকেল" (২০১৭), "মহানতী" (২০১৮), "ছান্দকোঝী ২" (২০১৮) আৰু "ছৰকাৰ" (২০১৮) আদি ছবিত অভিনয় কৰে।
প্ৰাৰম্ভিক জীৱন
কীৰ্তিৰ পিতৃ মালায়ালম ছবিৰ৪ প্ৰযোজক আৰু পৰিচালক জি. সুৰেশ কুমাৰ আৰু মাতৃ এগৰাকী তামিল অভিনেত্ৰী মেনকা।৫৬ তেখেতৰ জ্যেষ্ঠ ভগ্নী হৈছে ৰেৱতী সুৰেশ। চতুৰ্থ শ্ৰেণীলৈকে কীৰ্তিয়ে চেন্নাই, তামিলনাডুতে পঢ়া-শুনা কৰিছিল।৭ চেন্নাইৰ পাৰ্ল একাডেমিত যোগ দিয়াৰ পূৰ্বতে কীৰ্তিয়ে থিৰুৱনন্তপুৰমৰ পট্টোমৰ কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়ন কৰিছিল। চেন্নাইৰ পাৰ্ল একাডেমিত তেখেতে ফেশন ডিজাইনিঙত ডিগ্ৰী লয়।৮ স্কটলেণ্ডৰ এটা বিনিময়-কাৰ্যসূচীত অংশ লৈ কীৰ্তিয়ে চাৰি মাহ অতিবাহিত কৰে আৰু লণ্ডনত দুমহীয়া ইণ্টাৰ্ণশ্বিপ সম্পূৰ্ণ কৰে। অভিনয় জগতত কেৰিয়াৰ গঢ়া কীৰ্তিয়ে কয় যে- তেওঁ "ডিজাইনিঙতো এটা কেৰিয়াৰ গঢ়াৰ কথা" গভীৰভাৱে বিবেচনা কৰিছিল।৯১০
কৰ্মজীৱন
২০০০ চনৰ আৰম্ভণিতে, কীৰ্তি সুৰেশে পিতৃয়ে প্ৰযোজনা কৰা দুই-এখন ছবিত শিশু-শিল্পী হিচাপে অভিনয় কৰে। যেনে-পাইলট(২০০০), কুবেৰান(২০০২) আদি। তাৰ লগতে দুই-এক টেলিভিছনৰ ধাৰাবাহিকতো ভূমুকি মাৰে।৮ কুবেৰানত অভিনয় কৰাৰ ১১ বছৰৰ পাছত, প্ৰিয়দৰ্শনৰ হৰৰ ছবি গীতাঞ্জলীত প্ৰথমবাৰৰ বাবে মুখ্য অভিনেত্ৰীৰ ৰূপত কীৰ্তিয়ে প্ৰদৰ্শ আগবঢ়ায়।১১ ছবিখনত তেখেতে দ্বৈত ভূমিকা ৰূপায়ণ কৰে। শ্বুটিঙৰ সময়তো তেখেতে অধ্যয়ন কৰি আছিল, আৰু চেমিষ্টাৰ ব্ৰেকৰ সময়ত তেখেতে দৃশ্যগ্ৰহণত অংশ লয়।১২ ছবিখনৰ জৰিয়তে তেওঁ মিশ্ৰিত সঁহাৰি লাভ কৰে। "Sify"য়ে কয় যে- She "does put in some effort but makes only a limited impression in a double role" ,১৩ আনহাতে ৰেডিফে কয় যে-She "has got a plum role but whether she impresses with her acting prowess is another matter"১৪ ২০১৪ চনত কীৰ্তিৰ পৰৱৰ্তী ছবি ৰিং মাষ্টাৰ-এ মুক্তি লাভ কৰে। ছবিখনত তেওঁৰ সহযোগী আছিল দিলীপ। ছবিখনত কীৰ্তিয়ে অন্ধ ছোৱালী এগৰাকীৰ চৰিত্ৰ ৰূপায়ণ কৰে।১৫ which she said was much more challenging than her double role in Geethanjali.১৬ ছবিখন বাণিজ্যিকভাৱে সফল আছিল।১৭১৮ আৰু Sifyৰ পৰা "ছুপাৰ হিট"ৰ মৰ্যাদা লাভ কৰিছিল।১৯
২০১৪ চনত, কীৰ্তিয়ে পোনপ্ৰথমবাৰৰ বাবে কেইবাখনো তামিল ছবিৰ লগত চুক্তিবদ্ধ হয়। মুক্তি লাভ কৰা প্ৰথমখন ৰোমাণ্টিক কমেডি আছিল এ.এল. বিজয়ৰ "ইড়ু এন্না মায়াম"(২০১৫)। তেওঁৰ বিপৰীতে অভিনয় কৰিছিল বিক্ৰম প্ৰভুৱে। অৱশ্যে ছবিখনে বক্স অফিচত বিশেষ সফলতা লাভ নকৰিলে।২০ সেইটো বছৰত তেখেতে মানে থানে পায়ে, কাভালাই ভেনদম আদি একাধিক ছবিত অভিনয় কৰে।২১কম সময়ৰ ভিতৰতে তেখেতে ক্ৰমাগতভাৱে দুখন ছবিত অভিনয় কৰে-ৰজিনি মুৰুগান আৰু ৰেমো, একেটা সময়তে প্ৰভু চলন্তৰ থোদাৰিত অভিনেতা ধনুষৰ সৈতে মুখ্য ভূমিকা ৰূপায়ণ কৰে।২২ ২০১৬ চনত তেখেতে প্ৰথমখন তেলেগু ছবি নেনু শৈলজাত অভিনয় কৰে। তেখেতৰ সহযোগী আছিল ৰাম পথিনেনি। ২০১৭ চনৰ জানুৱাৰীত, কীৰ্তিয়ে ভৈৰৱাত আভিনয় কৰে।২৩ একেটা বৰ্ষতে তামিল ছবি পাম্ভু ছাট্টাই আৰু তেলেগু ছবি নেনো লোকেলত অভিনয় কৰে।২৪২৫
২০১৮ চনৰ আগভাগত, কীৰ্তিয়ে অগ্নায়াথাবাসি আৰু থানা চেৰেন্ধা কোট্টমত অভিনয় কৰে। সেই বছৰতে কীৰ্তিয়ে নাগ অশ্বিনে নিৰ্মাণ কৰা বায়'পিক "মহানতী"ত মুখ্য অভিনেত্ৰী হিচাপে যোগদান কৰে। ছবিখনত তামিল আৰু তেলেগু ভাষাত নিৰ্মিত। ছবিখনত তেখেতে দাক্ষিণাত্যৰ প্ৰয়াত অভিনেত্ৰী সাৱিত্ৰীৰ চৰিত্ৰটি ৰূপায়ণ কৰে। ছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে সমালোচকৰ প্ৰশংসা লাভ কৰে।২৬
২০১৯ চনৰ মধ্যভাগত, কীৰ্তিয়ে "মনমধ-২"ত কেমিঅ' হিচাপে ভূমুকি মাৰে। ছবিখনৰ পৰিচালক আছিল ৰাহুল ৰবিন্দ্ৰন।২৭
২০২০ চনত মুক্তিলাভ কৰা কীৰ্তিৰ শেহতীয়া ছবিখন হৈছে পেংগুইন। থ্ৰিলাৰধৰ্মী ছবিখনৰ পৰিচালক হৈছে ঈশ্বৰ কাৰ্তিক। ছবিখন এমাজন প্ৰাইভ ভিডিঅ'ত ২০২০ চনৰ ১৯ জুনত মুক্তি লাভ কৰে। ছবিখনত কীৰ্তিৰ অভিনয়ক প্ৰশংসা কৰি হিন্দুস্তান টাইমছে কয় যে-"Keerthy Suresh proves yet again she’s an artist with a lot of potential.....she delivers one of her career-best performances."২৮
বঁটা আৰু মনোনয়ন
| বৰ্ষ | বঁটা | শ্ৰেণী | ছবি | ফলাফল | Ref. |
|---|---|---|---|---|---|
| ২০১৪ | তৃতীয় দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ | শ্ৰেষ্ঠ নৱাগতাৰ বঁটা– মালায়ালম | গীতাঞ্জলী | ২৯ | |
| ১৬তম এছিয়ানেট ছবি বঁটা | বৰ্ষটোৰ শ্ৰেষ্ঠ মুখ | ৩০ | |||
| ২০১৫ | এডিছন বঁটা | শ্ৰেষ্ঠ মহিলা উদীয়মান তাৰকা | ইড়ু এন্না মায়াম | ৩১ | |
| ২০১৬ | পঞ্চম দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ | শ্ৰেষ্ঠ তামিল নৱাগতা | ৩২ | ||
| ২০১৭ | ৬৪তম ফিল্মফেয়াৰ বঁটা-দাক্ষিণাত্য | তেলেগু ভাষাৰ শ্ৰেষ্ঠ অভিনেত্ৰী | নেনু শৈলজা | ৩৩ | |
| ষষ্ঠ দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ | শ্ৰেষ্ঠ নৱাগতা-তেলেগু | ৩৪ | |||
| জি তেলেগু গল্ডেন বঁটা | শ্ৰেষ্ঠ নৱাগতা | ৩৫ | |||
| বৰ্ষটোৰ বিনোদনকাৰী | |||||
| ২০১৮ | মেলবোৰ্ণ ভাৰতীয় ছবি মহোৎসৱ | শ্ৰেষ্ঠ অভিনেত্ৰী | মহানতী | ৩৬ | |
| ২০১৯ | নৰৱে তামিল ছবি মহোৎসৱ বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী | মহানতী | ৩৭ | |
| বিচাৰকৰ বিশেষ বঁটা | |||||
| এডিছন বঁটা (ভাৰত) | শ্ৰেষ্ঠ অভিনেত্ৰী | ৩৮ | |||
| ৰাষ্ট্ৰীয় ছবি বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় ছবি বঁটা | মহানতী | ৩৯ | ||
| জি চিনে বঁটা – তেলেগু | শ্ৰেষ্ঠ অভিনেত্ৰী | ৪০ | |||
| অষ্টম দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ | শ্ৰেষ্ঠ অভিনেত্ৰী-তেলেগু | ৪১ | |||
| টি. চুব্বাৰামি ৰেড্ডি-টিভি নাইন ৰাষ্ট্ৰীয় ছবি বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী | ৪২ | |||
| [৬৬তম ৰাষ্ট্ৰীয় ছবি বঁটা-দাক্ষিণাত্য | শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা-তেলেগু | ৪৩৪৪ |
চলচ্চিত্ৰপুঞ্জী
| +চিহ্ন | Denotes films that have not yet been released |
| বৰ্ষ | নাম | চৰিত্ৰ | ভাষা | টোকা | Ref. |
|---|---|---|---|---|---|
| 2000 | Pilots | Church kid | Malayalam | Child artist | |
| 2001 | Achaneyanenikkishtam | Kunjunni's classmate | |||
| 2002 | Kuberan | Siddharth's adopted child | ৪৫ | ||
| 2013 | Geethaanjali | Geetha, Anjali | Debut film | ||
| 2014 | Ring Master | Karthika | |||
| 2015 | Idhu Enna Maayam | Maya | Tamil | Debut Tamil film | |
| 2016 | Nenu Sailaja | Sailaja | Telugu | Debut Telugu film | |
| Rajini Murugan | Karthika Devi | Tamil | |||
| Thodari | Saroja | ||||
| Remo | Kavya | ||||
| 2017 | Bairavaa | Malarvizhi | |||
| Paambhu Sattai | Veni | ||||
| Nenu Local | Keerthi | Telugu | |||
| 2018 | Agnyaathavaasi | Sukumari | |||
| Thaanaa Serndha Koottam | Madhu | Tamil | |||
| Mahanati | Savitri | Telugu Tamil | |||
| Nadigaiyar Thilagam | |||||
| Seema Raja | Bhoomi | Tamil | Cameo appearance | ||
| Saamy Square | Diya | Also singer for "Pudhu Metro Rail" | ৪৬ | ||
| Sandakozhi 2 | Sembaruthi | ||||
| Sarkar | Nila | ||||
| 2019 | Manmadhudu 2 | Suma | Telugu | Cameo appearance | ৪৭ |
| 2020 | Penguin | Rhythm | Tamil Telugu | Amazon Prime film | ৪৮৪৯ |
| Marakkar: Arabikadalinte Simham | Aarcha | Malayalam | Post-production | ৫০ | |
| Miss India | Manasa | Telugu | Post- production | ৫১ | |
| Good Luck Sakhi | Sakhi | Filming | ৫২ | ||
| Rang De | Anu | Filming | ৫৩ | ||
| Annaatthe | Tamil | Filming | ৫৪ |
দূৰদৰ্শনত
| বৰ্ষ | ধাৰাবাহিক | চেনেল | ভাষা | টোকা | তথ্যসূত্ৰ |
|---|---|---|---|---|---|
| 2004 | Santhana Gopalam | Surya TV | Malayalam | Child artist | ৫৫ |
| 2005 | Krishna Kripa Sagaram | Amrita TV | Malayalam | Child artist | ৫৬ |
| 2016 | Neengalum Vellalam Oru Kodi | Star Vijay | Tamil | Contestant | Game reality show |
তথ্যসূত্ৰ
- ↑ (13 June 2014). Characters Which Has Scope To Perform Excites Me, Says Keerthi Menaka. www.filmibeat.com
- ↑ Menaka was treated like a queen
- ↑ (15 September 2014). SIIMA 2014 Malayalam: 'Drishyam' Gets Best Film Award; Dileep Bags Best Actor Award ( Winners' List)
- ↑ సినిమా కష్టాలేవీ లేవు..!. www.eenadu.net
- ↑ Menaka was treated like a queen
- ↑ (13 June 2014). Want to play memorable roles like mom. malayalam.filmibeat.com
- ↑ Gupta, Rinku. (7 April 2015). Mayas Role Is Very Close to My Heart. The New Indian Express
- ↑ Sathyendran, Nita. (25 July 2013). One for the family. The Hindu
- ↑ Menaka was treated like a queen. The New Indian Express
- ↑ (10 November 2016). Keerthy Suresh. Keerthy Suresh Height, Weight, Age, Affairs, Wiki & Facts. StarsFact
- ↑ (15 July 2013). Nishan to romance Keerthi. Nowrunning
- ↑ A star is born. The New Indian Express
- ↑ Movie Review: Geethanjali. Sify
- ↑ (15 November 2013). Review: Geethanjali disappoints. Rediff
- ↑ Playing a blind girl is not an easy task: Keerthy Suresh. The Times of India
- ↑ Keerthy Suresh on a 'blind' date. Deccan Chronicle
- ↑ Six months, six months. IndiaGlitz
- ↑ Screening the Past. The New Indian Express
- ↑ Kerala Box-Office April 10 to June 15 Summer Hits. Sify
- ↑ (17 October 2014). The shooting of my first Tamil film is going on: Keerthy Suresh. The Times of India
- ↑ Keerthi Suresh is Aari's pair in Krishna's rom-com. The Times of India
- ↑ Anushka Shetty wishes Keerthy Suresh luck in K'wood. The Times of India
- ↑ (4 February 2017). Bairavaa (Bhairava) 3 weeks box office collection: Vijay's film earns around Rs 110 crore in 22 days. IB Times
- ↑ Paambhu Sattai Review {2.5/5}: The film is let down by the uneven writing, overlong romance portions and a muddled final act.
- ↑ Keerthy Suresh's sister warned Keerthy about acting with Nani. Find out why? - Times of India. The Times of India
- ↑ Mahanati actor Keerthy Suresh on playing Savirtri: I'm glad I convinced her daughter with my portrayal- Entertainment News, Firstpost
- ↑ (7 June 2019). Keerthy Suresh joins Manmadhudu 2. Deccan Chronicle
- ↑ www.hindustantimes.com/regional-movies/penguin-r
- ↑ (15 September 2014). SIIMA 2014 Malayalam Winners. International Business Times
- ↑ 16th Ujala Asianet Film Awards 2014 Winners. Kerala TV
- ↑ 9th Annual Edison Awards. India Today
- ↑ SIIMA 2016 Tamil Winners. South Indian International Movie Awards
- ↑ (2017-06-17). 64th Filmfare Awards South 2017: Here is the full nominations' list.. India Today
- ↑ (30 May 2017). SIIMA 2017 Nominations for BEST DEBUT ACTRESS (Telugu)
- ↑ (2017-12-19). Zee Telugu Golden Awards 2017 nomination list: Baahubali 2 gets highest nods, will Prabhas get an award?. International Business Times
- ↑ (2018-07-12). Padmaavat, Sanju dominate nominations at Indian Film Festival of Melbourne Awards 2018. Firstpost
- ↑ (9 January 2019). 'Pariyerum Perumal' bags Best Film award at Norway Tamil Film Festival
- ↑ 12th Annual Edison Awards
- ↑ (2019-08-09). 66th National Film Awards: Keerthy Suresh bags Best Actress award for her portrayal of Savitri.. India Today
- ↑ (2019-01-25). Tollywood's first and biggest Awards event of the Year on Zee Telugu.. Zee News
- ↑ (17 August 2019). SIIMA 2019 winners full list: Dhanush, Trisha, Prithviraj win big. Indian Express
- ↑ (2019-02-16). Balakrishna, Nagarjuna and Keerthy Suresh among TSR-TV9 film award winners. The News Minute
- ↑ Nominations for the 66th Filmfare Awards (South) 2019. Filmfare
- ↑ Winners of the 66th Filmfare Awards (South) 2019. Filmfare
- ↑ Did you know Keerthy Suresh is the kid who played Dileep's daughter in 'Kuberan'? - Times of India. The Times of India
- ↑ Anupama Subramanian. Keerthy Suresh sings for Saamy Square. Deccan Chronicle
- ↑ (5 June 2019). After Samantha Akkieneni, Keerthy Suresh joins Nagarjuna's Manmadhudu 2 for a cameo. India Today
- ↑ (15 May 2020). It's Official: Keerthy Suresh's Penguin to release on June 19. The Times of India
- ↑ Now, PVR "disappointed" with films going directly to streaming platforms. Outlook India
- ↑ (19 January 2020). Keerthy Suresh's First Look For 'Marakkar Arabikadalinte Simham' Revealed. Republic World
- ↑ (26 August 2019). Watch: Keerthy Suresh is all style in 'Miss India' teaser. The News Minute
- ↑ (30 October 2019). Keerthy Suresh plays a sharpshooter in Nagesh Kukunoor's 'Good Luck Sakhi'. India Today
- ↑ (8 October 2019). Rang De: Keerthy Suresh, Nithiin kick-starts their shoot with a Pooja!. JFW online
- ↑ (18 December 2019). Rajinikanth's starts shooting for 'Thalaivar 168' in Hyderabad today. Times of India
- ↑ ഞാന് കീര്ത്തി; മേനകയുടെ മകള് . mangalam.com (16 August 2013). Retrieved on 26 January 2014
- ↑ As a child artist – Keerthy Suresh: Interesting facts about the 'Mahanati' actress – The Times of India. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কীৰ্তি সুৰেশ” প্ৰবন্ধৰ সংশোধন ৬৩৬৯২৫ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।