ৰাচেল লুইচ কাৰ্ছন (২৭ মে ১৯০৭ - ১৪ এপ্ৰিল ১৯৬৪) এগৰাকী সামুদ্ৰিক জীৱবিজ্ঞানী (marine biologist) আৰু সংৰক্ষণবাদী (conversatrionist) আছিল। তেওঁৰ কিতাপ "ছাইলেন্ট স্প্ৰিং" আৰু অন্যান্য ৰচনাসমূহে গোলকীয় পৰিবেশ আন্দোলনলৈ বিশেষ অৱদান আগবঢ়াইছিল।
কাৰ্ছনে ইউ এছ ব্যুৰু অব ফিশ্বাৰিজ-অত জল-জীৱবিজ্ঞানী (aquatic biologist) হিচাবে কৰ্মজীৱন আৰম্ভ কৰে১ আৰু ১৯৫০ চনলৈ এগৰাকী পূৰ্ণকালীন (full time) লিখক হৈ পৰে। তেওঁৰ বহুপ্ৰশংসিত ১৯৫১ চনৰ বহুবিক্ৰীত(bestseller) "দা ছী এৰাউণ্ড আছ"-এ আমেৰিকাৰ "নেশ্যনেল বুক এৱাৰ্ড" পায়২ আৰু এক প্ৰতিভাশালী লিখক হিচাবে বিখ্যাত হোৱাৰ উপৰিও তেওঁক আৰ্থিক স্বাবলম্বীতা দিয়ে। তেওঁৰ দ্বিতীয় কিতাপ "দা এ'ড্জ অব দা ছী" আৰু প্ৰথম কিতাপখনৰে এক নব-প্ৰকাশন "আণ্ডাৰ দা ছী উইণ্ড"-ও বহুবিক্ৰীত হৈ পৰে। এই তিনিখন কিতাপে সাগৰৰ তীৰৰ পৰা গভীৰতালৈ সাগৰীয় জীৱনৰ বিষয়ে অনুসন্ধান উপস্থাপন কৰিছে।
১৯৫০ অত কাৰ্ছনে পৰিবেশ সংৰক্ষণ, বিশেষকৈ কীটনাশকৰ ফলত সৃষ্টি হোৱা পৰিবেশৰ অনিষ্টকৰণলৈ মন দিয়ে। এই বিষয়ে লিখা তেওঁৰ কিতাপ "ছাইলেন্ট স্প্ৰি"-এ আমেৰিকাৰ জনসাধাৰণৰ এক বৃহৎ অংশৰ মাজত পৰিবেশ সজাগতা সৃষ্টি কৰিলে। কীটনাশক প্ৰস্তুতকাৰী কোম্পানীবোৰৰ বিৰোধিতা সত্বেও ই ৰাষ্ট্ৰৰ কীটনাশক নীতিসমূহৰ সংশোধন আৰম্ভ কৰোৱালে। আমেৰিকাত DDT আৰু অন্যান্য কীটনাশকৰ প্ৰয়োগত নিষেধ আৰোপ কৰা হ'ল। লগতে এই সজাগতাই তৃণমূল পৰ্যায়ত এক পৰিবেশ সংৰক্ষণ আন্দোলনৰ সৃষ্টি কৰিলে আৰু ইউনাইটেড ষ্টেটছ এনভাইৰণমেন্টেল প্ৰটেক্শ্যন এজেন্সি গঠন কৰা হ'ল৩।
পাচত ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰে কাৰ্ছনক মৰণোত্তৰভাবে প্ৰেছিডেন্সিয়েল মেডেল অব ফ্ৰীডম সন্মান প্ৰদান কৰে।
তথ্যসূত্ৰ
- ↑ (2010). Carson, Rachel. Encyclopædia Britannica
- ↑ "National Book Awards – 1952" . National Book Foundation. Retrieved March 19, 2012. (With acceptance speech by Carson and essay by Neil Baldwin from the Awards 50-year anniversary publications.)
- ↑ Paull, John (2013) "The Rachel Carson Letters and the Making of Silent Spring", Sage Open, 3(July):1-12
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাচেল কাৰ্ছন” প্ৰবন্ধৰ সংশোধন ৫৫৭১৬৪ (২৫ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।