আৰ্ডেম পাটাপুটিয়ান (Ardem Patapoutian, জন্ম ১৯৬৭) এজন আৰ্মেনিয়ান-আমেৰিকান আণৱিক জীৱবিজ্ঞানী, স্নায়ুবিজ্ঞানী আৰু ন'বেল বঁটা বিজয়ী। তেওঁ চাপ, মেন্থল আৰু উষ্ণতা চিনাক্ত কৰা পিআইইজেডঅ'১, পিআইইজেডঅ'২, আৰু টিআৰপিএম৮ ৰিচেপ্টৰৰ বিশেষত্ব চিহ্নিত কৰাৰ বাবে জনাজাত। পাটাপুটিয়ান এজন স্নায়ুবিজ্ঞানৰ অধ্যাপক আৰু কেলিফৰ্ণিয়াৰ লা জোলাৰ স্ক্ৰিপছ ৰিচাৰ্চৰ হাৱাৰ্ড হিউজেছ চিকিৎসা প্ৰতিষ্ঠানৰ অনুসন্ধানকাৰী। ২০২১ চনত তেওঁ উষ্ণতা আৰু স্পৰ্শৰ বাবে ৰিচেপ্টৰৰ আৱিষ্কাৰৰ বাবে ডেভিদ জুলিয়াছৰ সৈতে যুটীয়াভাৱে শৰীৰতত্ত্ব বা ঔষধৰ ন'বেল বঁটা লাভ কৰে।১
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৬৭ চনত লেবাননৰ ৰাজধানী বেইৰুতত আৰ্ডেম পাটাপুটিয়ানত জন্ম হৈছিল। ১৯৮৬ চনত আমেৰিকালৈ প্ৰব্ৰজন কৰাৰ আগতে তেওঁ আমেৰিকান ইউনিভাৰ্চিটি অৱ বেইৰুতত অধ্যয়ন কৰিছিল। তেওঁ ১৯৯০ চনত লছ এঞ্জেলছৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ পৰা কোষ আৰু বিকাশমূলক জীৱবিজ্ঞানত স্নাতক ডিগ্ৰী আৰু ১৯৯৬ চনত কেলিফৰ্ণিয়া ইনষ্টিটিউট অৱ টেকন'লজীৰ পৰা জীৱবিজ্ঞানত পিএইচডি ডিগ্ৰী লাভ কৰে। এজন পোষ্টডক্টৰেল ফেল' হিচাপে পাটাপুটিয়ানে লুই এফ ৰিচাৰ্ডৰ সৈতে চান ফ্ৰান্সিস্কোৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ত গৱেষণা কৰিছিল। ২০০০ চনত তেওঁ স্ক্ৰিপছ ৰিচাৰ্চ ইনষ্টিটিউটৰ সহকাৰী অধ্যাপক পদত অধিষ্ঠিত হয়। ২০০০ চনৰ পৰা ২০১৪ চনৰ ভিতৰত তেওঁ নোভাৰ্টিছ গৱেষণা ফাউণ্ডেচনৰ বাবে অতিৰিক্ত গৱেষণাৰ পদবী লাভ কৰিছিল। ২০১৪ চনৰ পৰা পাটাপুটিয়ান হাৱাৰ্ড হিউজেছ মেডিকেল ইনষ্টিটিউটৰ এজন অনুসন্ধানকাৰী হিচাপে কৰ্মৰত অৱস্থাত আছে।২
গৱেষণা
আৰ্ডেম পাটাপুটিয়ানৰ গৱেষণাৰ মুখ্য বিষয় হৈছে উষ্ণতা আৰু স্পৰ্শৰ বাবে জৈৱিক ৰিচেপ্টৰ বা নচিচেপচন। দীৰ্ঘম্যাদী বিষকে ধৰি বিভিন্ন ৰোগৰ চিকিৎসা বিকশিত কৰিবলৈ তেওঁৰ গৱেষণাৰ পৰা প্ৰাপ্ত জ্ঞান প্ৰয়োগ কৰা হৈছে। ৩ তেওঁৰ আৱিষ্কাৰবোৰে পৰা গম পোৱা গৈছে যে উত্তাপ আৰু যান্ত্ৰিক শক্তিয়ে কেনেদৰে স্নায়ুৰ আৱেগ সৃষ্টি কৰে।৩ তেওঁ চেন্সৰৰ সংকেত ৰূপান্তৰৰ ওপৰত গৱেষণা কৰিছে। তেওঁ উষ্ণতা, যান্ত্ৰিক শক্তি বা বৰ্ধিত কোষৰ পৰিমাণৰ দ্বাৰা সক্ৰিয় হোৱা নভেল আয়ন চেনেল আৰু ৰিচেপ্টৰ চিনাক্তকৰণত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। পাটাপুটিয়ান আৰু সহকৰ্মীসকলে গৱেষণাৰ জৰিয়তে দেখুৱাবলৈ সক্ষম হৈছিল যে এই আয়ন চেনেলবোৰে উষ্ণতাৰ সংবেদন, স্পৰ্শৰ সংবেদন, প্ৰোপ্ৰিওচেপচন, বিষৰ সংবেদন আৰু ভাস্কুলাৰ টোনৰ নিয়ন্ত্ৰণত এক অসামান্য ভূমিকা পালন কৰে। শেহতীয়া গৱেষণা অনুসৰি মেকানোচেন্সিভ আয়ন চেনেলবোৰ চিনাক্ত আৰু বিশেষত্ব দিবলৈ কাৰ্যকৰী জিনোমিক্স কৌশল ব্যৱহাৰ কৰা হয়। ইয়াক মেকানোট্ৰেন্সডাক্টচন বোলে।৪৫৬৭৮
বঁটা আৰু সন্মান
আৰ্ডেম পাটাপুটিয়ানে তেওঁৰ গৱেষণাৰ বাবে বহুতো বঁটা আৰু সন্মান লাভ কৰাৰ লগতে কেইবাটাও গৱেষণাৰ সংস্থাৰ লগত জড়িত। তেওঁ ২০১৬ চনৰ পৰা আমেৰিকান এছ'চিয়েচন ফৰ দা এডভান্সমেণ্ট অৱ চাইন্সৰ সভ্য, ২০১৭ চনৰ পৰা ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সদস্য আৰু ২০২০ চনৰ পৰা আমেৰিকান একাডেমী অফ আৰ্টছ এণ্ড চাইন্সেছৰ সদস্য পদত অধিষ্ঠিত আছে।৯ ২০১৭ চনত পাটাপুটিয়ানে ডব্লিউ এল্ডেন স্পেন্সাৰ বঁটা,১০ ২০১৯ চনত ৰোজেনষ্টিয়েল বঁটা,১১ ২০২০ চনত স্নায়ুবিজ্ঞানৰ বাবে কাৱলি বঁটা১২ আৰু জীৱবিজ্ঞান/জৈৱঔষধত বিবিভিএ ফাউণ্ডেচন ফ্ৰণ্টিয়াৰ্ছ অৱ নলেজ বঁটা লাভ কৰিছিল।১৩১৪
২০২১ চনত তেওঁক উষ্ণতা আৰু স্পৰ্শৰ বাবে ৰিচেপ্টৰৰ আৱিষ্কাৰৰ বাবে ডেভিদ জুলিয়াছৰ সৈতে যুটীয়াভাৱে শৰীৰতত্ত্ব বা ঔষধৰ ন'বেল বঁটা প্ৰদান কৰা হৈছিল।১৫
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ The Nobel Prize in Physiology or Medicine 2021. NobelPrize.org
- ↑ (March 12, 2021). Ardem Patapoutian. www.kavliprize.org
- ↑ (15 April 2019). Medizin-Nobelpreis – US-Forscher David Julius und Ardem Patapoutian ausgezeichnet. Deutschlandfunk
- ↑ Ardem Patapoutian. Scripps Research
- ↑ (17 December 2019). Piezo channels in mechanotransduction: Sensory biology to disease – Ardem Patapoutian. Wu Tsai Neurosciences Institute
- ↑ Syeda, Ruhma; Xu, Jie; Dubin, Adrienne E. (22 May 2015). Chemical activation of the mechanotransduction channel Piezo1. eLife. eLife Sciences Publications, Ltd
- ↑ Woo, Seung-Hyun; Lukacs, Viktor; de Nooij, Joriene C. (9 November 2015). Piezo2 is the principal mechanotransduction channel for proprioception. Nature Neuroscience. Springer Science and Business Media LLC. পৃ. 1756–1762
- ↑ Murthy, Swetha E.; Dubin, Adrienne E.; Patapoutian, Ardem. (4 October 2017). Piezos thrive under pressure: mechanically activated ion channels in health and disease. Nature Reviews Molecular Cell Biology. Springer Science and Business Media LLC. পৃ. 771–783
- ↑ Ardem Patapoutian. www.nasonline.org
- ↑ Members Elected in 2020. American Academy of Arts & Sciences
- ↑ (June 4, 2020). The Thirty-Ninth Annual W. Alden Spencer Award and Lecture. Kavli Institute for Brain Science
- ↑ Lewis S. Rosenstiel Award for Distinguished Work in Basic Medical Research. www.brandeis.edu
- ↑ (March 12, 2021). 2020 Kavli Prize in Neuroscience. www.kavliprize.org
- ↑ Fundación BBVA. FBBVA
- ↑ The Nobel Prize in Physiology or Medicine 2021. NobelPrize.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰ্ডেম পাটাপুটিয়ান” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৩২ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।