শ্বিমন ছাকাগুচি (Shimon Sakaguchi; জন্ম: ১৯ জানুৱাৰী, ১৯৫১) এজন ৰোগপ্ৰতিৰোধ বিজ্ঞানী আৰু ওছাকা বিশ্ববিদ্যালয়ৰ বিশিষ্ট অধ্যাপক।১ নিয়ন্ত্ৰক টি কোষৰ আৱিষ্কাৰ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাত ইয়াৰ ভূমিকা বৰ্ণনা কৰাৰ বাবে তেওঁ অধিক পৰিচিত। এই আৱিষ্কাৰ কৰ্কট আৰু স্ব-প্ৰতিৰোধী ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। ২০২৫ চনত ছাকাগুচিক আন দুজন বিজ্ঞানী যথাক্ৰমে ফ্ৰেড ৰামছ্ডেল আৰু মেৰী ই ব্ৰুংকোৰ সৈতে পৰিধীয় প্ৰতিৰোধ সহিষ্ণুতাৰ ক্ষেত্ৰত কৰা আৱিষ্কাৰৰ বাবে শৰীৰবিজ্ঞান বা চিকিৎসা-বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়।
জীৱনী
জাপানৰ শ্বিগা প্ৰিফেকচাৰত জন্মগ্ৰহণ কৰা ছাকাগুচিয়ে কিয়'ট' বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে।২১৯৭৬ চনত তেওঁ এম.ডি. আৰু পি.এইচ.ডি. ১৯৮২ চনত তেওঁ জনছ হপকিন্স বিশ্ববিদ্যালয় আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত লুচিল পি মাৰ্কি স্কোলাৰ হিচাপে পোষ্ট ডক্টৰেট অধ্যয়ন কৰে। তেওঁ স্ক্ৰিপছ ৰিচাৰ্চ ইনষ্টিটিউটৰ ইমিউন’লজী বিভাগত সহকাৰী অধ্যাপক হিচাপে কাম কৰিছিল। ১৯৯১ চনত জাপানলৈ উভতি অহাৰ পিছত তেওঁ টকিঅ’ মেট্ৰ’পলিটান ইনষ্টিটিউট অৱ জেৰ’ণ্ট’লজী, টকিঅ’ৰ ইমিউন’পেথ’লজী বিভাগৰ মুৰব্বী হয়। ১৯৯৮ চনৰ পৰা ২০১১ চনৰ ভিতৰত তেওঁ ইনষ্টিটিউট ফৰ ফ্ৰন্টিয়াৰ মেডিকেল চাইন্সেছ কিয়’ট’ বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু পিছলৈ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১১ চনত তেওঁৰ লেবটো ওছাকা বিশ্ববিদ্যালয়লৈ স্থানান্তৰ কৰা হয়।৩২
২০১৫ চনত সংবাদ সংস্থা থমছন ৰয়টাৰে শ্বিমন ছাকাগুচিক শৰীৰবিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰাৰ সম্ভাৱ্যসকলৰ ভিতৰত অন্যতম বুলি সংকেত দিয়ে।৪ ২০২৫ চনৰ ৬ অক্টোবৰত তেওঁ মেৰী ই ব্ৰুংক' আৰু ফ্ৰেড ৰেমছডেলৰ সৈতে "পেৰিফেৰেল ইমিউন টোলাৰেন্স সম্পৰ্কীয় আৱিষ্কাৰৰ বাবে" শৰীৰবিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।
বঁটা আৰু স্বীকৃতি

- ২০০৪: উইলিয়াম বি কলি বঁটা৫
- ২০০৮: কেইঅ' চিকিৎসা বিজ্ঞান বঁটা৬
- ২০০৯: মেডেল অৱ অনাৰ (জাপান), পাৰ্পল ৰিবন৭
- ২০১১: আছাহি বঁটা৮
- ২০১২: নেচনেল একাডেমী অৱ চাইন্সেছৰ বিদেশী সহযোগী৯
- ২০১৫: চুনিচি সংস্কৃতি বঁটা১০
- ২০১৫: গেইৰ্ডনাৰ ফাউণ্ডেশ্যন আন্তৰ্জাতিক বঁটা।১১
- ২০১৬, ২০১৮, ২০২১: এছিয়ান বিজ্ঞানী ১০০, এছিয়ান বিজ্ঞানী১২
- ২০১৭: ক্ৰেফৰ্ড বঁটা১৩
- ২০১৭: সাংস্কৃতিক যোগ্যতাৰ ব্যক্তি১৪১৫
- ২০১৭: মোমোফুকু এণ্ডো বঁটা১৬
- ২০১৯: অৰ্ডাৰ অৱ কালচাৰ১৭
- ২০২০: পল এহৰলিচ আৰু লুডৱিগ ডাৰ্মষ্টেডটাৰ বঁটা১৮
- ২০২০: ৰবাৰ্ট কোচ বঁটা১৯
- ২০২৫: শৰীৰবিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা২০
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Experimental Immunology – Osaka University Immunology Frontier Research Center. IFReC | Osaka University Immunology Frontier Research Center
- ↑ 『ゆらぐ自己と非自己―制御性T細胞の発見』坂口 志文. サイエンティスト・ライブラリー · JT生命誌研究館
- ↑ Shimon Sakaguchi – ISNI Congress
- ↑ Announcing the 2015 Citation Laureates by Thomson Reuters
- ↑ William B. Coley Award-Award আৰ্কাইভ কপি, Cancer Research Institute (cancerresearch.org)
- ↑ The 2008 Keio Medical Science Prize Awardees, Keiō University
- ↑ (March 26, 2015). Distinguished Professor Shimon SAKAGUCHI of IFReC awarded Canada Gairdner International Award. Osaka University
- ↑ The Asahi Prize Asahi Shimbun
- ↑ Shimon Sakaguchi National Academy of Sciences
- ↑ Shimon Sakaguchi MD, PhD, Gairdner Foundation
- ↑ The Asian Scientist 100. Asian Scientist
- ↑ Announcing the 2015 Citation Laureates by Thomson Reuters
- ↑ Shimon Sakaguchi -
- ↑ Shimon Sakaguchi was named a Person of Cultural Merit of Japan · News & Topics · Osaka University Immunology Frontier Research Center. www.ifrec.osaka-u.ac.jp
- ↑ (2017-11-21). Cultural Merit awards conferred upon Shimon Sakaguchi, Shuh Narumiya, and Michio Muramatsu (24 October 2017). KYOTO UNIVERSITY
- ↑ News & Topics | Osaka University Immunology Frontier Research Center
- ↑ Prof. Shimon Sakaguchi Awarded the Order of Culture · News & Topics · Osaka University Immunology Frontier Research Center. www.ifrec.osaka-u.ac.jp
- ↑ Goethe-Universität —. www.uni-frankfurt.de
- ↑ Robert Koch Stiftung – Shimon Sakaguchi. www.robert-koch-stiftung.de
- ↑ (06th October 2025). Press release. Noble Prize
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বিমন ছাকাগুচি” প্ৰবন্ধৰ সংশোধন ৬৪০২৪১ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।