অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হান্স খ্ৰীষ্টিয়ান গ্ৰাম

হান্স খ্ৰীষ্টিয়ান জোৱাচিম গ্ৰাম (Hans Christian Gram; ১৩ ছেপ্টেম্বৰ ১৮৫৩ – ১৪ নৱেম্বৰ ১৯৩৮) এগৰাকী ডেনিছ বীজাণুবিদ, ঔষধবিজ্ঞানী আৰু অণুজীৱবিদ। তেওঁক গ্ৰেট গ্ৰাম ষ্টেইনৰ উন্নীতকৰণত আগবঢ়োৱা অৱদানৰ বাবে বিশেষ ভাবে জনাজাত। গ্ৰাম ষ্টেইন এবিধ ৰঞ্জক।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ৩৬৮ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

হান্স খ্ৰীষ্টিয়ান জোৱাচিম গ্ৰাম (Hans Christian Gram; ১৩ ছেপ্টেম্বৰ ১৮৫৩ – ১৪ নৱেম্বৰ ১৯৩৮) এগৰাকী ডেনিছ বীজাণুবিদ, ঔষধবিজ্ঞানী আৰু অণুজীৱবিদ। তেওঁক গ্ৰেট গ্ৰাম ষ্টেইনৰ উন্নীতকৰণত আগবঢ়োৱা অৱদানৰ বাবে বিশেষ ভাবে জনাজাত। গ্ৰাম ষ্টেইন এবিধ ৰঞ্জক। ইয়াৰ সহায়ত বেক্টেৰিয়া সমূহ অণুবীক্ষণ যন্ত্ৰত সহজে দৃশ্যমান হয়। ইয়াৰ সহায়ত গ্ৰাম পজিটিভ আৰু গ্ৰাম নেগেটিভ হিচাপে বেক্টেৰিয়াৰ শ্ৰেণীবিভাজনো কৰা হয়।

২০১৯ চনৰ ১৩ ছেপ্টেম্বৰ তাৰিখে হান্স খ্ৰীষ্টিয়ান গ্ৰামৰ সন্মানৰ্থে তেওঁৰ ১৬৬তম জন্মদিনত গুগলে বিশেষ ডুডুল প্ৰদৰ্শন কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৮৫৩ চনৰ ১৩ ছেপ্টেম্বৰ তাৰিখে ডেনমাৰ্কত হান্স খ্ৰীষ্টিয়ান জোৱাচিম গ্ৰামৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ফ্ৰেডৰিক টাৰকেল জুলিয়াছ গ্ৰাম আইনীবিদ্যাৰ অধ্যাপক আৰু মাতৃ লুচী খ্ৰীষ্টিয়ান ৰলেণ্ড।

তেওঁ কোপেনহেগেন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু জীৱবিজ্ঞানী জেপটুছ ষ্টিনত্ৰুপৰ উদ্ভিদ বিজ্ঞান সহকাৰী আছিল। উদ্ভিদবিদ্যা অধ্যয়ন কৰোঁতে তেওঁ ঔষধী উদ্ভিদৰ মৌলিক তত্ত্ব আৰু অণুবীক্ষণ যন্ত্ৰৰ ব্যৱহাৰৰ বিষয়ে শিকিছিল।

তেওঁ ১৮৭৮ চনত চিকিৎসা বিদ্যালয়ত নামভৰ্তি কৰে আৰু ১৮৮৩ চনত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ ১৮৭৮ চনৰ পৰা ১৮৮৫ চনলৈ ইউৰোপ ভ্ৰমণ কৰে। ১৮৮৪ চনত তেওঁ জাৰ্মানীৰ বাৰ্লিনত বেক্টেৰিয়াক দুটা মুখ্য শ্ৰেণীত শ্ৰেণীবিভাজন কৰা এক পদ্ধতি উদ্ভাৱন কৰে।১ এই পদ্ধতিক গ্ৰাম ষ্টেইনিং বোলা হয় আৰু বৰ্তমানলৈ চিকিৎসা অণুজীৱবিদ্যাত ইয়াৰ ব্যৱহাৰ কৰা হয়।

কৰ্মজীৱন

১৮৯১ চনত ঔষধ বিজ্ঞান শিক্ষক হিচাপে তেওঁ কৰ্মজীৱন আৰম্ভ কৰে। পিছলৈ তেওঁ কোপেনহেগেন বিশ্ববিদ্যালয়ৰ ঔষধ বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে। পিছলৈ তেওঁ ১৯০০ চনত ঔষধ বিজ্ঞানৰ অধ্যাপকৰ পদ এৰি মেডিচিন বিভাগৰ অধ্যাপকৰ পদ গ্ৰহণ কৰে।

গ্ৰাম ষ্টেইন

হান্স খ্ৰীষ্টিয়ান গ্ৰামে উদ্ভাৱন কৰা বেক্টেৰিয়াক ষ্টেইন কৰা কৰা পদ্ধতি গ্ৰাম ষ্টেইনৰ বাবে গোটেই বিশ্বত জনাজাত। এই পদ্ধতিৰ সহায়ত বেক্টেৰিয়া সমূহ অণুবীক্ষণ যন্ত্ৰত সহজে দৃশ্যমান হয়। ইয়াৰ সহায়ত গ্ৰাম পজিটিভ আৰু গ্ৰাম নেগেটিভ হিচাপে বেক্টেৰিয়াৰ শ্ৰেণীবিভাজনো কৰা হয়। গ্ৰাম ষ্টেইন ক্ৰিষ্টেল ভায়লেট আৰু চেফ্ৰানিন এই দুবিধ ৰঞ্জকৰে তৈয়াৰ কৰা হয়। ষ্টেইনিঙৰ পিছত গোলাপী-বেগুনীয়া ৰঙৰ হলে বেক্টেৰিয়াখিনিক গ্ৰাম পজিটিভ আৰু ৰঙা ৰঙৰ হলে গ্ৰাম নেগেটিভ বেক্টেৰিয়া বুলি শ্ৰেণীবিভাজন কৰা হয়।

ৰ গ্ৰাম ষ্টেইনিং]]

অন্যান্য কৰ্ম

তেওঁ প্ৰথমতে মানৱ লোহিত ৰক্ত কণিকাৰ অধ্যয়ন কৰিছিল। তেওঁ পাৰনিছিয়াছ এনিমিয়াৰ বৈশিষ্ট্য হিচাপে মেক্ৰ'চাইটক চিহ্নিত কৰিছিল।

১৯০০ চনত তেওঁ কোপেনহেগেন বিশ্ববিদ্যালয়ৰ মেডিচিন বিভাগৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰিছিল।২ অধ্যাপক হিচাপে তেওঁ চাৰিটা খণ্ডৰ ক্লিনিকেল ব্যক্তব্য প্ৰকাশিত কৰিছিল। এই গ্ৰন্থ ডেনমাৰ্কত বহুল ভাৱে প্ৰচলিত হৈছিল। ১৯২৩ চনত তেওঁ বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে।২

মৃত্যু

১৯৩৮ চনৰ ১৪ নৱেম্বৰ তাৰিখে ডেনমাৰ্কৰ কোপেনহেগেনত ৮৫ বছৰ বয়সত হান্স খ্ৰীষ্টিয়ান গ্ৰামৰ মৃত্যু হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Gram, H.C. (1884). Über die isolierte Färbung der Schizomyceten in Schnitt- und Trockenpräparaten. Fortschritte der Medizin. পৃ. 185–189 An English translation is in Brock, T.D. (1999). Milestones in Microbiology 1546–1940. ASM Press. পৃ. 215–218. ISBN 1-55581-142-6 A translation is also at Brock, T.D. Pioneers in Medical Laboratory Science: Christian Gram 1884. Hoslink
  2. ↑ Jay Hardy. Gram's Serendipitous Stain

সম্পৰ্কিত শ্ৰেণী

জীৱবিজ্ঞানীডেনমাৰ্কৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হান্স খ্ৰীষ্টিয়ান গ্ৰাম” প্ৰবন্ধৰ সংশোধন ৩৮৩২৭০ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।