অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফ্ৰেড ৰামছ্‌ডেল

ফ্ৰেডেৰিক জে "ফ্ৰেড" ৰামছ্‌ডেল (Frederick J. "Fred" Ramsdell, জন্ম:৪ ডিচেম্বৰ, ১৯৬০, আমহাৰ্ষ্ট, ইলিনয়) এজন আমেৰিকান ৰোগপ্ৰতিৰোধবিদ আৰু ছান ফ্ৰান্সিস্কোৰ পাৰ্কাৰ ইনষ্টিটিউট ফৰ কেন্সাৰ ইমিউন'থেৰাপিৰ গৱেষণা সঞ্চালক।

হালনাগাদ: ১৮ নৱেম্বৰ ২০২৫ ১৫৫ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ফ্ৰেডেৰিক জে "ফ্ৰেড" ৰামছ্‌ডেল (Frederick J. "Fred" Ramsdell, জন্ম:৪ ডিচেম্বৰ, ১৯৬০, আমহাৰ্ষ্ট, ইলিনয়) এজন আমেৰিকান ৰোগপ্ৰতিৰোধবিদ আৰু ছান ফ্ৰান্সিস্কোৰ পাৰ্কাৰ ইনষ্টিটিউট ফৰ কেন্সাৰ ইমিউন'থেৰাপিৰ গৱেষণা সঞ্চালক। ২০২৫ চনত পৰিধীয় সহিষ্ণুতা(peripheral tolerance)ৰ ক্ষেত্ৰত কৰা আৱিষ্কাৰৰ বাবে তেওঁ শ্বিমন ছাকাগুচি আৰু মেৰী ই ব্ৰুংকোৰ সৈতে যৌথভাৱে চিকিৎসা-বিজ্ঞান নোবেল বঁটা লাভ কৰে। বঁটাৰ এক তৃতীয়াংশ ধনৰাশি তেওঁ পুৰস্কাৰ হিচাপে লাভ কৰিব৷১ ২

শিক্ষা

ফ্ৰেড ৰামছ্‌ডেলে ১৯৮৩ চনত ছান ডিয়েগোৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা জীৱবিজ্ঞানত স্নাতক ডিগ্ৰী আৰু ১৯৮৭ চনত লছ এঞ্জেলছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা ৰোগ প্ৰতিৰোধ বিজ্ঞানত পি এইচ ডি ডিগ্ৰী লাভ কৰে।২

কৰ্মজীৱন

প'ষ্ট ডক্টৰেট কৰি থকা সময়ত ফ্ৰেড ৰামছ্‌ডেলে নেচনেল ইনষ্টিটিউট অৱ হেল্থত কাম কৰিছিল আৰু তাৰ পিছত ছিয়াটল অঞ্চলৰ বায়’টেক কোম্পানীত কাম কৰিছিল। তেওঁ কেইবাটাও জৈৱ প্ৰযুক্তি কোম্পানী যেনে- ডাৰউইন মলিকুলাৰ/চেলটেক, জাইমোজেনেটিক্স, ন’ভ’ নৰ্ডিস্ক, আৰু এটাইৰ ফাৰ্মাত জ্যেষ্ঠ কাৰ্যবাহী হিচাপে কাম কৰি আহিছে। ২০১৬ চনৰ আৰম্ভণিৰ পৰাই তেওঁ ছান ফ্ৰান্সিস্কোৰ পাৰ্কাৰ ইনষ্টিটিউট ফৰ কেন্সাৰ ইমিউন’থেৰাপিৰ গৱেষণা সঞ্চালক হিচাপে কাম কৰি আহিছে।

ফ্ৰেড ৰামছ্‌ডেলে আৰু তেওঁৰ দলটোৱে স্কাৰফি এন্দুৰ আৰু আইপিইএক্স চিনড্ৰম নামৰ গুৰুতৰ স্ব-প্ৰতিৰোধী ৰোগ থকা শিশুৰ ক্ষেত্ৰত ফৰ্কহেড বক্স প্ৰটিন পি৩ (FOXP3) চিনাক্ত কৰে। তেওঁলোকে অধিক গৱেষণাৰ জৰিয়তে নিৰ্ণয় কৰিলে যে নিয়ন্ত্ৰক T-কোষৰ বিকাশত FOXP3-এ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

বঁটা-সন্মান

  • ২০১৭ চনত ৰামছ্‌ডেলে শ্বিমন ছাকাগুচি আৰু আলেকজেণ্ডাৰ ৰুডেনস্কিৰ সৈতে যৌথভাৱে পলিআৰ্থাইটিছৰ গৱেষণাৰ বাবে ক্ৰেফৰ্ড বঁটা লাভ কৰে। "আৰ্থাৰাইটিছ আৰু অন্যান্য স্ব-প্ৰতিৰোধী ৰোগত ক্ষতিকাৰক প্ৰতিৰোধ ক্ষমতাৰ প্ৰতিক্ৰিয়া প্ৰতিহত কৰা নিয়ন্ত্ৰক টি কোষৰ আৱিষ্কাৰ"ৰ বাবে তেওঁক উল্লেখ কৰা হৈছিল।৩
  • ফ্ৰেড ৰামছ্‌ডেলক শ্বিমন ছাকাগুচি আৰু মেৰী ই ব্ৰুংকভৰ সৈতে ২০২৫ চনৰ শৰীৰবিজ্ঞান আৰু চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়। পৰিধীয় ৰোগ-প্ৰতিৰোধী সহিষ্ণুতা (peripheral immune tolerance)ৰ দিশত কৰা আৱিষ্কাৰৰ বাবে তেওঁলোকলৈ এই বঁটা আগবঢ়োৱা হয়৷৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (6th October 2025). Nobel Prize 2025 in Medicine awarded to Mary E. Brunkow, Fred Ramsdell and Shimon Sakaguchi for discoveries in immune tolerance Read more at: economictimes.indiatimes.com/news/science/nobel-. Economic TImes
  2. ↑ (06th October 2025). Press release. Noble Prize
  3. ↑ The Crafoord Prize in Polyarthritis 2017. crafoordprize.se
  4. ↑ They understood how the immune system is kept in check. Noble Prize

সম্পৰ্কিত শ্ৰেণী

চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা বিজয়ীজীৱবিজ্ঞানীআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিন’বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ্ৰেড ৰামছ্‌ডেল” প্ৰবন্ধৰ সংশোধন ৫৫৩২৬৮ (১৮ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।