চাৰ্জন ভাইচ এডমিৰেল পুনিতা আৰোৰা (পিভিএছএম, এছএম, ভিএছএম) ভাৰতীয় থলসেনা আৰু ভাৰতীয় নৌসেনাৰ প্ৰাক্তন তিনি তাৰকাযুক্ত ফ্লেগ অফিচাৰ। তেওঁ ভাৰতীয় থলসেনাৰ দ্বিতীয় সৰ্বোচ্চ পদবী লেফ্টটেনেণ্ট জেনেৰেল১ আৰু ভাৰতীয় নৌসেনাৰ দ্বিতীয় সৰ্বোচ্চ পদবী ভাইচ এডমিৰেল পদত অধিষ্ঠিত হোৱা প্ৰথম মহিলা।২ তেওঁ এগৰাকী চিকিৎসক হিচাপে আৰ্মড ফৰ্চ মেডিকেল কলেজ কমাণ্ডৰ সদস্য আছিল।
প্ৰাৰম্ভিক জীৱন
১৯৪৬ চনৰ ৩১ মে' তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত পঞ্জাবৰ লাহোৰৰ এক পঞ্জাবী পৰিয়ালত পুনিতা অৰোৰাৰ জন্ম হৈছিল। দেশ বিভাজনৰ পিছত মাত্ৰ এবছৰ বয়সতে তেওঁৰ পৰিয়াল ভাৰতলৈ গুচি আহে।৩ তাৰপিছত তেওঁলোক উত্তৰ প্ৰদেশৰ চাহাৰণপুৰত নিগাজীকৈ থাকিবলৈ লয়।
শিক্ষা
পুনিতা অৰোৰা প্ৰাৰম্ভিক শিক্ষা চাহাৰণপুৰতে গ্ৰহণ কৰিছিল। তেওঁ অষ্টম শ্ৰেণীলৈ চাহাৰণপুৰৰ চফীয়া স্কুলত পঢ়িছিল। তাৰপিছত তেওঁ গুৰু নানক গাৰ্লছ ইণ্টাৰ কলেজত অধ্যয়ন কৰে। একাদশ শ্ৰেণীত তেওঁ বিজ্ঞান বিষয় কেৰিয়াৰ হিচাপে বাচি লয়। ১৯৬৩ চনত তেওঁ পুনেত অৱস্থিত আৰ্মড ফৰ্চ মেডিকেল কলেজত নামভৰ্তি কৰে।৪ তেওঁ আৰ্মড ফৰ্চ মেডিকেল কলেজৰ দ্বিতীয় বেছৰ ছাত্ৰী আছিল আৰু পৰৱৰ্তী সময়ত তেওঁ নিজৰ শ্ৰেণীত শীৰ্ষস্থান লাভ কৰে। তেওঁ ইয়াৰ পৰায়ে স্ত্ৰীৰোগ আৰু ধাত্ৰীবিদ্যা বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। এএফএমচিৰ পৰা পুনে বিশ্ববিদ্যালয়ৰ প্ৰথম স্থান ৰ অধিকাৰী হিচাপে তেওঁ সোণৰ পদক লাভ কৰিছিল।
কৰ্মজীৱন
১৯৬৮ চনৰ জানুৱাৰী মাহত পুনিতা অৰোৰা কৰ্মস্থলীত যোগদান কৰিবলৈ অনুমোদন লাভ কৰিছিল।৫ তেওঁ ভাৰতীয় নৌসেনাৰ ভাইচ এডমিৰেল পদত অধিষ্ঠিত হোৱাৰ আগতে আৰ্মড ফৰ্চ মেডিকেল কলেজৰ কমাণ্ডেট আছিল। ২০০৪ চনত তেওঁ আৰ্মড ফৰ্চ মেডিকেল কলেজৰ কমাণ্ডেট হিচাপে যোগদান কৰিছিল। তেওঁ মেডিকেল কলেজখনৰ প্ৰথম মহিলা কমাণ্ডেট।৬ ইয়াৰ আগতে তেওঁ ভাৰতীয় থলসেনাৰ সদৰত সশস্ত্ৰ বাহিনী চিকিৎসা সেৱাৰ চিকিৎসা গৱেষণা শাখাৰ অতিৰিক্ত ডাইৰেক্টৰ জেনেৰেল হিচাপে আৰ্মড ফৰ্চ মেডিকেল ৰিচাৰ্ছ বাহিনীৰ সহ-পৰিচালক আছিল।৫ তেওঁক ভাৰতীয় থলসেনাৰ পৰা নৌসেনালৈ স্থানান্তৰ কৰা হৈছিল। এএফএমচিৰ কমন পুলৰ বাবে ইয়াৰ বিষয়া সমূহক প্ৰয়োজন সাপেক্ষে এটাৰ পৰা আনটো সেৱালৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা আছে।৭
পুৰস্কাৰ
তেওঁৰ সুদীৰ্ঘ ৩৬ বছৰ সেৱাৰ কালছোৱাত তেওঁ ১৫টা পদক লাভ কৰিছে। তাৰে উল্লেখযোগ্য সমূহ হ'ল:
- পৰম বিশিষ্ট সেৱা মেডেল
- সেনা মেডেল (২০০৬)
- বিশিষ্ট সেৱা মেডেল (২০০২)
- সুদীৰ্ঘ ৩০ বছৰকাল সেৱা মেডেল
- সুদীৰ্ঘ ২০ বছৰকাল সেৱা মেডেল
- সুদীৰ্ঘ ৯ বছৰকাল সেৱা মেডেল
ব্যক্তিগত জীৱন
পুনিতা অৰোৰাৰ পৰিয়ালৰ সকলো ডাক্তৰ। তেওঁৰ স্বামী পি এন অৰোৰা ভাৰতীয় সেনাবাহিনীত চৰ্ম বিশেষজ্ঞ হিচাপে কৰ্মৰত আছিল। তেওঁ ব্ৰিগেডিয়াৰ হিচাপে অৱসৰ গ্ৰহণ কৰে। তেওঁৰ পুত্ৰ স্কোৱাড্ৰন লিডাৰ সন্দীপ অৰোৰা ভাৰতীয় বিমানবাহিনীৰ দিল্লী এয়াৰফৰ্চ চিকিৎসালয়ত চৰ্ম বিশেষজ্ঞ হিচাপে কৰ্মৰত। তেওঁলোকৰ দুহিতা সবিনায়ো এগৰাকী চিকিৎসক।
তথ্যসূত্ৰ
- ↑ The General in Sari. Specials.rediff.com
- ↑ (16 June 2005). Navy gets its 1st lady vice-admiral. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ rediff.com: The General in a Sari - A Slide Show. Specials.rediff.com
- ↑ Archived copy
- ↑ (8 September 2004). A Doctor Who Looks After An Army. The Financial Express
- ↑ Heera Mandi then and now. Tribuneindia.com
- ↑ Exclusive varsities for PIOs on the cards: Tytler. Tribuneindia.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুনিতা আৰোৰা” প্ৰবন্ধৰ সংশোধন ৩৮১৭৭০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।