অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চে গোৱেৰা

আৰ্নেষ্ট "চে" গোৱেৰা (Ernesto "Che" Guevara; ১৪ জুন ১৯২৮ – ৯ অক্টোবৰ ১৯৬৭) আছিল এজন আৰ্জেণ্টেনীয় মাৰ্ক্সবাদী, বিপ্লৱী, চিকিৎসক, গ্ৰন্থকাৰ, গেৰিলা নেতা, কূটনীতিজ্ঞ, আৰু সামৰিক তত্ত্ববিদ। কিউবাৰ বিপ্লৱৰ এক অগ্ৰগণ্য নেতা।

হালনাগাদ: ১৯ মাৰ্চ ২০২৪ ৫২৭ শব্দ · ৩ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

আৰ্নেষ্ট "চে" গোৱেৰা (Ernesto "Che" Guevara; ১৪ জুন ১৯২৮১ – ৯ অক্টোবৰ ১৯৬৭) আছিল এজন আৰ্জেণ্টেনীয় মাৰ্ক্সবাদী, বিপ্লৱী, চিকিৎসক, গ্ৰন্থকাৰ, গেৰিলা নেতা, কূটনীতিজ্ঞ, আৰু সামৰিক তত্ত্ববিদ। কিউবাৰ বিপ্লৱৰ এক অগ্ৰগণ্য নেতা।২

চিকিৎসা বিভাগৰ ছাত্ৰ হৈ থকা সময়ত গোৱেৰাই সমগ্ৰ দক্ষিণ আমেৰিকা ভ্ৰমণ কৰিছিল আৰু জনতাৰ দৰিদ্ৰতা, ক্ষুধা আৰু যন্ত্ৰণা দেখি অত্যন্ত পীড়িত হৈছিল।৩

গোৱেৰাই ৰাউল আৰু ফিডেল কাষ্ট্ৰ'ৰ সাক্ষাৎ লভি তেওঁলোকে ২৬ জুলাইৰ আন্দোলনত সহযোগ কৰিছিল আৰু কিউবালৈ গৈ আমেৰিকা-সমৰ্থিত একনায়ত্ববাদী কিউবাৰ শাসক ফালগেনচিঅ' বাটিষ্টাক উৎখাত কৰিবলৈ চেষ্টা কৰিছিল।৪ বিদ্ৰোহৰ কালছোৱাত খুব কম সময়ৰ ভিতৰতে গোৱেৰাৰ উত্থান হৈ সহকাৰী অধিনায়কৰ পদত অধিষ্ঠিত হয় আৰু দুবছৰজোৰা সফল গেৰিলা অভিযানৰ নেতৃত্ব দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উল্লেখ্য যে, এই বিদ্ৰোহৰ অন্তত বাটিষ্টা-সাম্ৰাজ্য সিংহাসনচ্যুত হয়।৫

জন্ম আৰু শিক্ষা

পিতৃ-মাতৃ আৰু ভ্ৰাতৃ-ভগ্নীৰ সৈতে নাবালক আৰ্নেষ্ট' (বাওঁফালে) ১৯৪৪, তেওঁৰ কাষত বাওঁফালৰ পৰা ক্ৰমে: চেলিয়া (মাতৃ), চেলিয়া (ভগ্নী), ৰবাৰ্ট', জুৱান মাৰ্টিন, আৰ্নেষ্ট' (পিতৃ) আৰু আনা মাৰিয়া
পিতৃ-মাতৃ আৰু ভ্ৰাতৃ-ভগ্নীৰ সৈতে নাবালক আৰ্নেষ্ট' (বাওঁফালে) ১৯৪৪, তেওঁৰ কাষত বাওঁফালৰ পৰা ক্ৰমে: চেলিয়া (মাতৃ), চেলিয়া (ভগ্নী), ৰবাৰ্ট', জুৱান মাৰ্টিন, আৰ্নেষ্ট' (পিতৃ) আৰু আনা মাৰিয়াছবি: Unknown author · Public domain

আৰ্নেষ্ট' গোৱেৰাৰ পিতৃ আছিল আৰ্নেষ্ট' গোৱেৰা লিন্স আৰু মাতৃ আছিল চেলিয়া দি লা ছাৰ্ণা ৱাই ল'ছা। তেওঁৰ জন্ম হৈছিল ১৪ জুন ১৯২৮ চনত; আৰ্জেণ্টিনাৰ ৰ'ছাৰিঅ'ত।১ সেইয়া তেওঁৰ জন্মৰ প্ৰমাণপত্ৰৰ মতে। কিন্তু তেওঁৰ জীৱনী-লেখক জ'ন লি এণ্ডাৰছনৰ গ্ৰন্থ Che Guevara: A Revolutionary Lifeৰ মতে, চেৰ মাতৃয়ে হেনো তেওঁৰ এজন জ্যোতিষীবন্ধুক ১৪ মে' ১৯২৮তহে জন্ম হোৱা বুলি কৈছিল। বিবাহত বান্ধ খোৱাৰ তিনিমাহৰ পূৰ্বতেই গৰ্ভৱতী হোৱাৰ অপবাদৰ পৰা বাচিবলৈ তেওঁ এই পন্থা হাতত লৈছিল বুলি ধাৰণা হয়।৬

চে গোৱেৰা আছিল এটা মধ্যবিত্ত আৰ্জেণ্টেনীয় পৰিয়ালৰ পাঁচটি সন্তানৰ সকলোতকৈ ডাঙৰজন।৭৮৯ জীৱনৰ প্ৰাৰম্ভিক অৱস্থাতেই আৰ্নেষ্ট'ই দৰিদ্ৰ লোকৰ প্ৰতি এক সহানুভূতি গঢ়ি তুলিছিল।১০ তেওঁৰ পৰিয়ালত বাওঁপন্থীয় ৰাজনীতিৰ আলোচনা-চৰ্চা আদি হৈছিল আৰু সেইবোৰে কিশোৰ গোৱেৰাকো ৰাজনীতিৰ বহুমাত্ৰিক বৈচিত্ৰ্যৰ প্ৰতি উৎসুক কৰি তুলিছিল।১১ তেওঁৰ দেউতাক স্পেনীয় গৃহযুদ্ধৰ ৰিপাব্লিকানসকলৰ এজন জোৰদাৰ সমৰ্থক আছিল, আৰু তেওঁলোকৰ ঘৰত বহু বৰ্ষীয়ান ৰিপাব্লিকানক আপ্যায়ন কৰা হৈছিল।১২

বৌদ্ধিক আৰু সাহিত্যিক অনুৰাগ

গোৱেৰাই দেউতাকৰ পৰা দবা খেলিবলৈ শিকিছিল আৰু ১২ বছৰ বয়সত স্থানীয় প্ৰতিযোগিতাবোৰত অংশগ্ৰহণ কৰিব পৰা হৈছিল। বয়ঃসন্ধিৰ সময়ত আৰু ওৰেটো জীৱনেই তেওঁ কবিতাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছিল। তেওঁ বিশেষকৈ পাবলো নেৰুদা,জন কিটছ্, এণ্টনিঅ' মাছাড', ৱাল্ট হুইটমেন আদি কবিসকলৰ কবিতা পঢ়িছিল।১৩ তেওঁ ৰুডিয়াৰ্ড কিপলিঙৰ "ইফ্" কবিতাটো অন্তঃকৰণেৰে আবৃত্তি কৰিব পাৰিছিল।১৩ তেওঁলোকৰ ঘৰত তিনিহাজাৰতকৈও অধিকসংখ্যক কিতাপ আছিল, যিবোৰ কিতাপে গোৱেৰাক এজন উৎসাহী আৰু উদ্যমী পাঠক হ'বলৈ প্ৰেৰণা যোগাইছিল। কাৰ্ল মাৰ্ক্স, উইলিয়াম ফ'কনাৰ, আণ্ড্ৰে গাইড, এমিলিঅ' ছালগাৰি আৰু জুল ভাৰ্ণৰ কিতাপ তাৰ ভিতৰত উল্লেখনীয়।১৪ ইয়াৰ উপৰিও তেওঁ জৱাহৰলাল নেহৰু, ফ্ৰান্‌ৎছ কাফকা, এলবাৰ্ট ক্যামু, ভ্লাডিমিৰ পুটিন, জাঁ পল ছাট্ৰে, এনাটল ফ্ৰান্স, ফ্ৰেডেৰিখ এঞ্জেলছ্, এইচ্ছ. জি. ৱেলছ আৰু ৰবাৰ্ট ফ্ৰ'ষ্টৰ কিতাপো পঢ়িছিল।১৫ বয়স বাঢ়ি অহাৰ লগে-লগে তেওঁৰ অধ্যয়নপিপাসু মনটোক লেটিন আমেৰিকাৰ লেখকসকলৰ সৃষ্টিৰাজীয়েও আকৰ্ষিত কৰিছিল।১৫

মটৰ-চাইকেল যাত্ৰা

, p. 89.</ref>]]

১৯৪৮ চনত গোৱেৰাই বোৱেনছ এয়াৰছ্ বিশ্ববিদ্যালয়ত চিকিৎসা-বিজ্ঞান পঢ়িবলৈ নামভৰ্তি কৰে। গোৱেৰাৰ পৃথিৱী অন্বেষণ কৰাৰ ক্ষুধাই ("hunger to explore the world")১৬ তেওঁৰ বিদ্যায়তনিক দিশৰ পৰা আঁতৰাই নি দুটা দীৰ্ঘকালীন যাত্ৰাত মনোনিৱেশ কৰোৱায়, যি দুটা যাত্ৰাই তেওঁক লেটিন আমেৰিকাৰ অৰ্থনৈতিক দিশৰ সমসাময়িক ৰূপটো দেখুৱাই দিয়ে। তেওঁৰ প্ৰথমটো যাত্ৰা আছিল ৪,৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ। অকলশৰীয়াকৈ কৰা সেই যাত্ৰাটো হৈছিল ১৯৫০ চনত য'ত তেওঁ উত্তৰ আৰ্জেণ্টিনাৰ গ্ৰামীণ প্ৰদেশবোৰ ভ্ৰমণ কৰিছিল। যাত্ৰাটো সম্পন্ন কৰা এখন বাইচাইকেলত এটা সৰু ইঞ্জিন সংস্থাপিত কৰি লৈছিল।১৭ ইয়াৰ পিছৰটো যাত্ৰা গোৱেৰাই সম্পন্ন কৰিছিল তেওঁৰ বন্ধু এলবাৰ্ট' গ্ৰেনাড'ৰ লগত। ১৯৫১ চনত আৰম্ভ কৰা সেইটো এক নমহীয়া যাত্ৰা আছিল য'ত তেওঁলোকে ৮,০০০ কিলোমিটাৰৰ দৈৰ্ঘ্য অতিক্ৰম কৰিছিল। সেই যাত্ৰাটোৱে দক্ষিণ আমেৰিকাক একাংশ সামৰি লৈছিল। যাত্ৰাটো কৰিবৰ বাবে তেওঁ এবছৰৰ বাবে অধ্যয়নৰ পৰা বিৰতি লৈছিল, সৰ্বশেষ কাম হিচাপে তেওঁলোকে পেৰুৰ আমাজান নদীৰ ওপৰত থকা লেপাৰ কলনিত কিছু স্বেচ্ছামূলক কৰ্মত আত্মনিয়োগ কৰিছিল।১৮

১৯৫৩ চনত তেওঁ চিকিৎসকৰ ডিগ্ৰীটো গ্ৰহণ কৰে।১৯

এলবাৰ্ট গ্ৰেনাড'ৰ সৈতে সম্পন্ন কৰা ১৯৫২ চনৰ যাত্ৰাটোৰ মানচিত্ৰীয় আভাস (ৰঙা কাঁড়বোৰে আকাশী-যাত্ৰাক চিহ্নিত কৰিছে। )
এলবাৰ্ট গ্ৰেনাড'ৰ সৈতে সম্পন্ন কৰা ১৯৫২ চনৰ যাত্ৰাটোৰ মানচিত্ৰীয় আভাস (ৰঙা কাঁড়বোৰে আকাশী-যাত্ৰাক চিহ্নিত কৰিছে। )ছবি: Pepe Robles · Public domain

কিউবাৰ বিপ্লৱ আৰু বিদ্ৰোহ

১৯৫৪ চনত গোৱেৰা মেক্সিকোলৈ ৰাওনা হয় আৰু তাৰ পিছৰ বছৰতেই তেওঁ কিউবাৰ বিপ্লৱী নেতা ফিডেল কাষ্ট্ৰ'ক লগ পায়। ১৯৫৫ চনত তেওঁ বিবাহপাশত আৱদ্ধ হয়। গোৱেৰাই কাষ্ট্ৰ'ৰ ২৬ জুলাইৰ আন্দোলনত যোগদান কৰে আৰু কিউবাৰ একনায়কত্ববাদী শাসক বাটিষ্টাৰ বিৰুদ্ধে গেৰিলা যুদ্ধৰ জৰিয়তে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।২০

কাষ্ট্ৰ'ৱে ১৯৫৯ চনত বাটিষ্টাক ক্ষমতাচ্যুত কৰিবলৈ সক্ষম হয় আৰু কিউবাৰ ক্ষমতা নিজৰ হাতলৈ আনে। ১৯৫৯ চনৰ পৰা ১৯৬১ চনলৈকে গোৱেৰা নেশ্যনেল বেংক আৱ কিউবাৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু তাৰপিছত উদ্যোগৰ মন্ত্ৰী হিচাপে নিজৰ দায়িত্ব পালন কৰে। এই স্থানত থাকিয়েই কিউবাৰ ৰাষ্ট্ৰদূত হিচাপে তেওঁ পৃথিৱীৰ বিভিন্ন ঠাই ভ্ৰমণ কৰে।২০

ছ'ভিয়েট সংঘৰ লগত সন্মিলিত হ'বৰ বাবে কাষ্ট্ৰ'লৈ তেওঁ বিভিন্ন দিহা আগবঢ়ায়। কিন্তু আমেৰিকাৰ কিছুমান ঔদ্যোগিক নীতি আৰু কিছুমান অসফল সংস্কাৰৰ বাবে কিউবাৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হয়। এই দুৰ্যোগপূৰ্ণ সময়তে গোৱেৰা আৰু কিউবাৰ নেতাসকলৰ মাজত ক্ৰমাৎ এক পাৰ্থক্য আহি পৰে। ১৯৬৫ চনত কাষ্ট্ৰ'ৱে গোৱেৰাই কিউবা ত্যাগ কৰি যোৱা বুলি ঘোষণা কৰে।২০

কংগো, বলিভিয়া আৰু মৃত্যু

১৯৬৫ চনত যেতিয়া কিউবাৰ অৰ্থনীতি বিপন্ন হয়, তেতিয়া তেওঁ বিশ্বৰ বিভিন্ন ঠাইত নিজৰ বৈপ্লৱিক আদৰ্শ প্ৰচাৰ কৰিবলৈ প্ৰয়াস কৰে। তেওঁ প্ৰথমতে কংগোলৈ যায় আৰু তাত গৈ গেৰিলা যুদ্ধশৈলীৰ প্ৰশিক্ষণ দিয়ে আৰু বিপ্লৱৰ সূচনা কৰিবলৈ চেষ্টা কৰে কিন্তু সেই প্ৰচেষ্টা ব্যৰ্থ হোৱাত তেওঁ পৰৱৰ্তী বছৰ কংগো ত্যাগ কৰে। ১৯৬৬ চনত গোৱেৰা বলিভিয়ালৈ যায় আৰু লগত লৈ যায় কিছু বিদ্ৰোহী। সেই যাত্ৰাৰো উদ্দেশ্য আছিল বিপ্লৱৰ সূচনা কৰা। কিন্তু তেওঁক বলিভিয়ান আৰ্মীয়ে আটক কৰে আৰু ১৯৬৭ চনত বলিভিয়াৰ লা হিগোৱেৰা গাঁৱত তেওঁক প্ৰাণদণ্ড দিয়া হয়।২১ তেওঁৰ দেহটো এক অজ্ঞাত স্থানত সমাধিস্থ কৰা হয়।২০

মৃত্যুৰ পিছত গোৱেৰা এক বিশ্ববিশ্ৰুত ৰাজনৈতিক ব্যক্তিত্বলৈ পৰিণত হয়। বিপ্লৱ, বিদ্ৰোহ আৰু সমাজবাদৰ প্ৰসংগ ওলালেই তেওঁৰ নাম উচ্চাৰিত হয়। গোৱেৰাৰ জীৱনক লৈ এখন ছবিও নিৰ্মাণ কৰা হয়। সেইখনৰ নাম আছিল "দ্য মটৰচাইকেল ডায়েৰিছ।" ২০০৪ চনত ছবিখনে মুক্তি লভিছিল। তেওঁৰ জীৱন আৰু আদৰ্শক সুঁৱৰি এতিয়াও বহুতো গ্ৰন্থ, সাহিত্য ৰচনা হৈ আছে।২২

তথ্যসূত্ৰ

  1. ↑ The date of birth recorded on his birth certificate was 14 June 1928, although one tertiary source, (Julia Constenla, quoted by Jon Lee Anderson), asserts that he was actually born on 14 May of that year. Constenla alleges that she was told by Che's mother, Celia de la Serna, that she was already pregnant when she and Ernesto Guevara Lynch were married and that the date on the birth certificate of their son was forged to make it appear that he was born a month later than the actual date to avoid scandal. (Anderson 1997, pp. 3, 769.)
  2. ↑ Casey 2009, p. 128
  3. ↑ On Revolutionary Medicine Speech by Che Guevara to the Cuban Militia on 19 August 1960. "Because of the circumstances in which I traveled, first as a student and later as a doctor, I came into close contact with poverty, hunger and disease; with the inability to treat a child because of lack of money; with the stupefaction provoked by the continual hunger and punishment, to the point that a father can accept the loss of a son as an unimportant accident, as occurs often in the downtrodden classes of our American homeland. And I began to realize at that time that there were things that were almost as important to me as becoming a famous or making a significant contribution to medical science: I wanted to help those people."
  4. ↑ Beaubien, NPR Audio Report, 2009, 00:09–00:13
  5. ↑ "Castro's Brain", 1960
  6. ↑ The New York Times, 1997
  7. ↑ Che's last name Guevara derives from the Castilianized form of the Basque Gebara, a Habitational name from the province of Álava, while his grandmother, Ana Lynch, was a descendant of Patrick Lynch, who emigrated from County Galway, Ireland in the 1740s
  8. ↑ Guevara Lynch 2007, pp. i. "The father of Che Guevara, Ernesto Guevara Lynch was born in Argentina in 1900 of Irish and Basque origin."
  9. ↑ The Origins of Guevara's Name - written in Spanish
  10. ↑ Kellner 1989, p. 23
  11. ↑ Argentina: Che's Red Mother Time Magazine, 14 July 1961
  12. ↑ Anderson 1997, pp. 22–23
  13. ↑ Hart 2004, p. 98
  14. ↑ Haney 2005, p. 164
  15. ↑ (Anderson 1997, pp. 37–38)
  16. ↑ Anderson 1997, p. 64
  17. ↑ Anderson 1997, p. 59–64
  18. ↑ Anderson 1997, pp. 83
  19. ↑ www.biography.com/political-figure/che-guevara
  20. ↑ Che Guevara (1928 - 1967)
  21. ↑ www.biography.com/political-figure/che-guevara
  22. ↑ www.biography.com/political-figure/che-guevara

সম্পৰ্কিত শ্ৰেণী

আৰ্জেণ্টিনাৰ ব্যক্তিচিকিৎসাবিদবিপ্লৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চে গোৱেৰা” প্ৰবন্ধৰ সংশোধন ৪১২৯০৭ (১৯ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।