নীৰা দেশাই (Neera Desai; জন্ম:১৯২৫ - মৃত্যু:২৫ জুন ২০০৯) ভাৰতৰ এগৰাকী অধ্যাপক, গৱেষক, শিক্ষাবিদ, ৰাজনৈতিক কৰ্মী আৰু সমাজকৰ্মী। তেওঁ মহিলা অধ্যয়ন ক্ষেত্ৰৰ (ৱুমেনচ ষ্টাডিজ) এগৰাকী অন্যতম নেত্ৰী আছিল।১ তেওঁ মহিলা অধ্যয়নৰ ক্ষেত্ৰত ইয়াৰ প্ৰথমটো গৱেষণা কেন্দ্ৰ স্থাপন কৰাৰ লগতে ১৯৭৪ চনত গ্ৰামোন্নয়ন কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছিল। নীৰা দেশায়ে ১৯৫৪ চনত এছএনডিটি ৱুমেনচ ইউনিভাৰচিটিত যোগদান কৰিছিল আৰু বিভিন্ন পৰিচালনা সংস্থাৰ অধ্যাপক ৰূপে কাম কৰিছিল। তেওঁ এই বিশ্ববিদ্যালয়ৰ সমাজবিজ্ঞান বিভাগৰ মুৰব্বী (স্নাতকোত্তৰ শ্ৰেণীৰ) অধ্যাপক আছিল।২
প্ৰাৰম্ভিক জীৱন
দেশাইৰ জন্ম ১৯২৫ চনত এটা গুজৰাটী পৰিয়ালত হৈছিল, যি ভাৰতীয় স্বাধীনতা আন্দোলনৰ সৈতে জড়িত আছিল আৰু এই আন্দোলনলৈ সমৰ্থন আগবঢ়াইছিল। অতি কম বয়সতে, স্কুলীয়া ছাত্ৰী অৱস্থাত ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰাৰ সময়ত দেশাই ইন্দিৰা গান্ধীয়ে প্ৰতিষ্ঠা কৰা বানৰ সেনা (বান্দৰ ব্ৰিগেড)ত অংশ আছিল। এই দলটোৱে ৰাজনৈতিক বাৰ্তাৰ ভূগৰ্ভস্থ প্ৰচাৰত সহায় কৰাৰ লগতে আৰু নিষিদ্ধ প্ৰকাশন সংস্থাসমূহলৈ সহায়ৰ হাত আগবঢ়াইছিল।৩ নীৰাই ফেলোশ্বিপ স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। স্কুলখন থিঅ’চফিষ্ট আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত এক সহশিক্ষা প্ৰতিষ্ঠান আছিল। তেওঁ ১৯৪২ চনত এলফিনষ্ট’ন মহাবিদ্যালয়ত যোগদান কৰিছিল যদিও মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰাৰ পিছতে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আনুষ্ঠানিক শিক্ষা ত্যাগ কৰিছিল।
নীৰাই ১৯৪৭ চনত অক্ষয় ৰমনলাল দেশাই নামৰ সহকৰ্মী সমাজবিজ্ঞানী এগৰাকীক বিয়া কৰায়।৪ অৱশেষত ভাৰত স্বাধীনত হোৱাৰ পিছতে পঢ়া শুনা সম্পূৰ্ণ কৰি দেশায়ে স্নাতকোত্তৰ ডিগ্ৰী সমাপ্ত কৰে। আধুনিক ভাৰতত মহিলাৰ ভূমিকা (বিশেষকৈ ভক্তি আন্দোলনত মহিলাৰ বিশ্লেষণ)ৰ ওপৰত গুৰুত্ব দি তেওঁ তেওঁৰ গৱেষণা পত্ৰ লিখিছিল। ১৯৫৭ চনত গৱেষণাপত্ৰখন প্ৰকাশ হৈছিল।৫
২০০৯ চনৰ ২৫ জুনত মুম্বাইত দেশাইৰ মৃত্যু হয়।৬
পেছাদাৰী কৰ্মজীৱন
দেশাইৰ পেছাদাৰী কামসমূহে লিংগ অধ্যয়নক উন্নত কৰা, নীতিগত পৰামৰ্শৰ জৰিয়তে শৈক্ষিক জীৱনলৈ ব্যৱহাৰিক অভিজ্ঞতা অনা, নাগৰিক সমাজ আৰু শৈক্ষিক পাঠ্যক্ৰমৰ মাজৰ সম্পৰ্কক বুজা আৰু প্ৰচাৰ কৰা আদিত গুৰুত্ব দিছিল। কৰ্মজীৱনৰ সময়ছোৱাত বিভিন্ন পদবীত থাকি নীৰাই সামাজিক অৱদান আগবঢ়াইছিল; সেই পদবীসমূহ তলত চমুকৈ তালিকাভুক্ত কৰা হৈছে;১
- ১৯৫৪ - SNDTত যোগদান
- ১৯৬৫ - ছ’চিঅ’লজিত পিএইচডি ডিগ্ৰী সম্পূৰ্ণ
- ১৯৭২ - ভাৰতত মহিলাৰ স্থিতি সম্পৰ্কীয় সমিতিৰ সামাজিক টাস্ক ফ'ৰ্চৰ সদস্য হিচাপে নিযুক্ত
- ১৯৭৫ - ৰিছাৰ্চ ইউনিট অৱ ৱুমেঞ্চ ষ্টাডিজৰ প্ৰতিষ্ঠা
- ১৯৮২ - ইণ্ডিয়ান এছ’চিয়েচন অৱ ৱুমেন ষ্টাডিজ (IAWS) ৰ প্ৰতিষ্ঠাপক সদস্য।
- ১৯৮৭ - ৰাষ্ট্ৰীয় আয়োগৰ সদস্য, যি স্ব-নিয়োজিত মহিলা আৰু অনানুষ্ঠানিক খণ্ডত কাম কৰা মহিলাৰ ওপৰত গঠিত।
- ১৯৮৮ - SPARROW (Sound and Picture Archives for Research on Women)ৰ প্ৰতিষ্ঠাপক সদস্য।
উল্লেখযোগ্য কাম
দেশায়ে সমাজবিজ্ঞান (ছ’চিয়লজি), ইতিহাস আৰু মহিলা অধ্যয়নক লৈ ইংৰাজী ভাষা আৰু গুজৰাটী ভাষা দুয়োটা ভাষাতে লিখিছে।৪ তেওঁৰ কিতাপবোৰৰ ভিতৰত আছে;
- নীৰা দেশাই, ৱুমেন ইন মডাৰ্ণ ইণ্ডিয়া (১৯৫৭; repr. Bombay: Vora & Co, ১৯৭৭)
- নীৰা দেশাই, দ্য মেকিং অৱ আ ফেমিনিষ্ট, নাৰী অধ্যয়ন দুই বিষয়ক ভাৰতীয় পত্ৰিকা(১৯৯৫)
- নীৰা দেশাই, Traversing through Gendered Spaces: Insights from Women's Narratives, in Sujata Patel and Krishna Raj (eds), Thinking Social Science in India: Essays in Honour of Alice Thorner (নতুন দিল্লী: Sage, ২০০২). ১৯৯৭ চনত গুজৰাটী ভাষাত অন্য এটি সংস্কৰণ প্ৰকাশ।
- এন. দেশাই আৰু এছ. গ’গেট, টিচিং অৱ দ্য ছ’চিয়লজি থ্ৰু দ্য ৰিজনেল লেংগুৱেজ
- নীৰা দেশাই, Women and the Bhakti Movement, in Kumkum Sangari and Sudesh Vaid (eds), Women and Culture (বম্বে: ৰিছাৰ্চ চেণ্টাৰ ফৰ ৱুমেনচ ষ্টাডিজ, এচ এন ডি টি ৱুমেনচ ইউনিভাৰচিটি, ১৯৯৪)।
তথ্যসূত্ৰ
- ↑ Neera Desai (1925 – 2009). Indian Association for Women's Studies
- ↑ (5 June 2015). Neera Desai (1925-2009): Pioneer of Women's Studies in India. Economic and Political Weekly
- ↑ (3 February 2018). Indira Gandhi: Biography, Family, Early days in Politics, Criticisms & Awards. Who-Is-Who
- ↑ Forbes, Geraldine; Thakkar, Usha. (1 August 2005). Foremothers: Neera Desai (b. 1925). Gender & History. পৃ. 492–501
- ↑ Indian Association for Women's Studies (IAWS) • Special Issue • December 2009, Volume II, No.5
- ↑ Patel, Vibhuti. (11 July 2009). Neera Desai (1925-2009): Pioneer of Women's Studies in India. Economic and Political Weekly. পৃ. 11
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীৰা দেশাই” প্ৰবন্ধৰ সংশোধন ৬২৪২২৩ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।