অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইৰফান হবিব

ইৰফান হবিব এজন ভাৰতীয় বুৰঞ্জীবিদ, ভাৰতীয় পৌৰাণিক আৰু মধ্যযুগীয় ইতিহাসৰ ওপৰত তেওঁৰ দখল আছে তথা এই বিষয়ত অৱদান আগবঢ়াই আহিছে। তেওঁ হিন্দুত্ব আৰু ইছলামী মৌলবাদৰ বিৰুদ্ধে তেওঁৰ শক্তিশালী স্থিতিৰ বাবে জনাজাত।

হালনাগাদ: ১৩ আগষ্ট ২০২৫ ৪৭৬ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ইৰফান হবিব এজন ভাৰতীয় বুৰঞ্জীবিদ, ভাৰতীয় পৌৰাণিক আৰু মধ্যযুগীয় ইতিহাসৰ ওপৰত তেওঁৰ দখল আছে তথা এই বিষয়ত অৱদান আগবঢ়াই আহিছে। তেওঁ হিন্দুত্ব আৰু ইছলামী মৌলবাদৰ বিৰুদ্ধে তেওঁৰ শক্তিশালী স্থিতিৰ বাবে জনাজাত। ভাৰতৰ বিতৰ্কিত মাৰ্ক্সবাদী ইতিহাসবিদ হিচাপে জনাজাত ইৰফান হবিবক ২০০৫ চনত ভাৰত চৰকাৰে পদ্মভূষণ বঁটা প্ৰদান কৰে।

প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন

ইৰফান হবিবৰ জন্ম হৈছিল এটা ভাৰতীয় মুছলমান পৰিয়ালত। দেউতাকৰ নাম মহম্মদ হবিব আৰু মাতৃৰ ছোহাইলা হবিব (নাই ত্যাবজী)।১তেওঁৰ দেউতাক মহম্মদ হবিব এজন মাৰ্ক্সবাদী ইতিহাসবিদ আছিল আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) চিপিআই(এম)ৰ আদৰ্শত বিশ্বাস কৰিছিল। ইৰফান হবিবৰ ককাক মহম্মদ নাছিম এজন ধনী বেৰিষ্টাৰ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য আছিল। ইৰফান হাবিবৰ পত্নী ছায়েৰা হবিব আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ অধ্যাপক আছিল।২ইৰফান হবিবৰ মাকৰ ফালৰ ককাদেউতাক আছিল আব্বাছ তৈয়াবজী, তেওঁ বৰোদা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু মোহনদাস কৰমচান্দ গান্ধীৰ প্ৰসিদ্ধ অনুগামী আছিল।৩

কৰ্মজীৱন

অক্সফৰ্ডৰ পৰা উভতি অহাৰ পিছত ইৰফান হবিবে আলিগড় মুছলিম বিশ্ববিদ্যালয়ত ফেকাল্টি সদস্য হিচাপে যোগদান কৰে; তেওঁ ১৯৬৯ চনৰ পৰা ১৯৯১ চনলৈ আলিগড়ৰ মুছলিম বিশ্ববিদ্যালয়ত ইতিহাসৰ অধ্যাপক আছিল আৰু বৰ্তমান তেওঁ এমিৰিটাছত অধ্যাপক হিচাপে কৰ্মৰত। ১৯৯১ চনত অক্সফৰ্ডত ৰাধাকৃষ্ণণৰ ওপৰত বক্তৃতা প্ৰদান কৰিছিল। হবিবে ১৯৯৭ চনৰ পৰা ব্ৰিটিছ ৰয়েল হিষ্টোৰিকেল চছাইটিৰ এজন নিৰ্বাচিত সংশ্লিষ্ট ফেলো। হবিবে প্ৰাচীন ভাৰতৰ ঐতিহাসিক ভূগোল, ভাৰতীয় প্ৰযুক্তিৰ ইতিহাস, মধ্যযুগীয় প্ৰশাসনিক আৰু অৰ্থনৈতিক ইতিহাস, ঔপনিৱেশিকতা আৰু ভাৰতীয় হিষ্টোৰিঅগ্ৰাফীৰ ওপৰত ইয়াৰ প্ৰভাৱৰ ওপৰত কাম কৰিছে। অমিয় কুমাৰ বাগচীয়ে হবিবক "আজিৰ ভাৰতৰ দুই বিশিষ্ট মাৰ্ক্সবাদী ইতিহাসবিদৰ এজন আৰু একে সময়তে দ্বাদশ আৰু অষ্টাদশ শতিকাৰ ভিতৰত ভাৰতৰ অন্যতম মহান জীৱিত মাৰ্ক্সবাদী ইতিহাসবিদ" বুলি বৰ্ণনা কৰিছে।৪তেওঁ ১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈ আৰু ১৯৮৪ চনৰ পৰা ১৯৯৪ চনলৈ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ (AMU) চেণ্টাৰ ফৰ এডভান্সদ ষ্টাডিজৰ সমন্বয়ক/অধ্যক্ষ আছিল। তেওঁ ১৯৮৬-৯০ বৰ্ষত ভাৰতীয় ঐতিহাসিক গৱেষণা পৰিষদৰ অধ্যক্ষ আছিল।৫তেওঁ ভাৰতীয় ইতিহাস কংগ্ৰেছৰ সাধাৰণ সম্পাদক, শাখাগত সভাপতি আৰু পিছত সাধাৰণ সভাপতি (১৯৮১) হৈছিল।

উল্লেখযোগ্য গ্ৰন্থ

  1. এ পিপলছ হিষ্টৰী অৱ ইণ্ডিয়া – ভলিউম ৩৬: মেন এণ্ড এনভাইৰনমেণ্ট, তুলিকা বুকচ,২০১৫
  2. দি নেছনেল মুভমেণ্ট,ষ্টাডিজ এণ্ড আইডিওলোজি হিষ্টৰী, তুলিকা বুকচ ২০১১
  3. এন এটলাছ অৱ এনচিয়েণ্ট ইণ্ডিয়ান হিষ্টৰী (ফৈজী হবিবৰ সৈতে) অক্সফৰ্ড ইউনিভাৰ্ছিটি প্ৰেছ, ২০১২
  4. মোগল ভাৰতৰ কৃষি প্ৰণালী ১৫৫৬-১৭০৭। প্ৰথমপ্ৰকাশ ১৯৬৩ চনত এছিয়া পাব্লিচিং হাউচৰ দ্বাৰা প্ৰকাশিত। দ্বিতীয়, ব্যাপকভাৱে সংশোধিত, অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছৰ দ্বাৰা 1999 চনত প্ৰকাশিত সংস্কৰণ।
  5. মোগল সাম্ৰাজ্যৰ এটলাস: ৰাজনৈতিক আৰু অৰ্থনৈতিক মানচিত্ৰৰ সৈতে বিতং টোকা, গ্ৰন্থপঞ্জী আৰু সূচী। অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছ, ১৯৮২
  6. ভাৰতীয় ইতিহাসৰ প্ৰবন্ধ – এক মাৰ্ক্সবাদী ধাৰণা। তুলিকা বুকচ, ১৯৯৫
  7. মধ্যযুগীয় ভাৰতৰ অৰ্থনৈতিক ইতিহাস: এটা সমীক্ষা। তুলিকা বুকচ, ২০০১।
  8. মধ্যযুগীয় ভাৰত: এটা সভ্যতাৰ অধ্যয়ন। নেচনেল বুক ট্ৰাষ্ট, ২০০৮।
  9. পিপলছ হিষ্ট্ৰী অৱ ইণ্ডিয়া – অংশ 1: প্ৰাক-ইতিহাস। আলিগড় হিষ্টোৰিয়ানৰ্ছ চছাইটি এণ্ড তুলিকা বুকচ, ২০০১।
  10. পিপলছ হিষ্ট্ৰী অৱ ইণ্ডিয়া -অংশ ২: সিন্ধু সভ্যতা। আলিগড় হিষ্টোৰিয়ানছ চছাইটি এণ্ড তুলিকা বুকচ, ২০০২।
  11. এ পিপলছ হিষ্ট্ৰী অৱ ইণ্ডিয়া ভলিউম ৩: দ্য বেদিক এজ। (সহ-লেখক বিজয় কুমাৰ ঠাকুৰ) আলিগড় হিষ্টোৰিয়ানছ চছাইটি এণ্ড তুলিকা বুকচ, ২০০৩।
  12. এ পিপলছ হিষ্ট্ৰী অৱ ইণ্ডিয়া – ভলিউম 4/5: মৌৰ্য ইণ্ডিয়া। (সহ-লেখক বিবেকানন্দ ঝা) আলিগড় হিষ্টোৰিয়ানৰ্ছ চছাইটি এণ্ড তুলিকা বুকচ, ২০০৪।
  13. এ পিপলছ হিষ্ট্ৰী অৱ ইণ্ডিয়া – ভলিউম 6: মৌৰ্যৰ পিছত ভাৰত, 200 খ্ৰীষ্টপূৰ্ব – খ্ৰীষ্টাব্দ 300। তুলিকা বুকচ, ২০১৩।

বাহ্যিক সংযোগ

  1. www.cpim.org/marxist/201004-maixist-indian%20his link|date=November 2024 |bot=InternetArchiveBot |fix-attempted=yes }}
  2. www.friendsofsouthasia.org/textbook/NCERT_Delhi_
  3. web.archive.org/web/20050825022246/http://www.in
  4. web.archive.org/web/20060622184824/http://www.hi
  5. www.rediff.com/news/2001/jan/05inter.htm

তথ্যসূত্ৰ

  1. ↑ web.archive.org/web/20121106233632/http://www.hi
  2. ↑ www.historians.org/awards-and-grants/past-recipi
  3. ↑ books.google.com/books?id=ejrBraqBaLQC&q=%22
  4. ↑ আৰ্কাইভ কপি
  5. ↑ web.archive.org/web/20181115113422/http://ichr.a

সম্পৰ্কিত শ্ৰেণী

গুজৰাটী ব্যক্তিভাৰতৰ ইতিহাসবিদনাস্তিকতাবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইৰফান হবিব” প্ৰবন্ধৰ সংশোধন ৫৩২১৫১ (১৩ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।