এলা গান্ধী (Ela Gandhi; জন্ম: ১ জুলাই ১৯৪০) এগৰাকী দক্ষিণ আফ্ৰিকাৰ শান্তি কৰ্মী আৰু প্ৰাক্তন ৰাজনীতিবিদ। ১ ১৯৯৪ চনৰ পৰা ২০০৪ চনলৈকে দক্ষিণ আফ্ৰিকাত সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, য'ত তেওঁ কোৱাজুলু-নাটাল প্ৰদেশৰ ইনাণ্ডাৰ ফিনিক্স অঞ্চলক প্ৰতিনিধিত্ব কৰা আফ্ৰিকান নেচনেল কংগ্ৰেছ (ANC) দলৰ সৈতে মিত্ৰতা কৰিছিল। তেওঁ কল্যাণ আৰু ৰাজহুৱা উদ্যোগ সংসদীয় সমিতিত নিযুক্ত হৈছিল। লগতে ছেৰোগেট মাদাৰহুড তদৰ্থ সমিতিতো তেওঁ সেৱা আগবঢ়াইছিল। ন্যায় সমিতিৰ বিকল্প সদস্য হিচাপে ন্যায়পালিকা আৰু আইনী ব্যৱস্থা সংক্ৰান্তীয় থীম কমিটি-৫তো কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ মোহনদাস কৰমচান্দ গান্ধীৰ নাতিনী।
ভাৰত চৰকাৰে ২০০৭ চনত তেওঁ পদ্মভূষণ সন্মানেৰে সন্মানীত কৰে।২
প্ৰাৰম্ভিক জীৱন
১৯৪০ চনৰ ১ জুলাইত ডাৰবানত মনিলাল গান্ধী আৰু সুশীলা মাশ্ৰুৱালাৰ ঘৰত এলা গান্ধীয়ে জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ দেউতাক ইণ্ডিয়ান অপিনিয়ন কাকতৰ সম্পাদক আছিল। এলা ফিনিক্স অঞ্চলৰ এখন আশ্ৰমত ডাঙৰ-দীঘল হয়।৩ তেওঁ নাটাল বিশ্ববিদ্যালয়ৰ পৰা বি.এ. ডিগ্ৰী লয় আৰু পিছলৈ UNISA-ৰ পৰা সমাজ বিজ্ঞানত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে।৪ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ১৫ বছৰ ‘ভেৰুলাম চাইল্ড এণ্ড ফেমিলি ৱেলফেয়াৰ ছ'চাইটি’ত আৰু পাঁচ বছৰ ‘ডাৰবান ইণ্ডিয়ান চাইল্ড এণ্ড ফেমিলি ৱেলফেয়াৰ ছ'চাইটি’ত এগৰাকী সমাজকৰ্মী ৰূপে সেৱা আগবঢ়ায়।৫
গান্ধীয়ে ১৯৯১ চনলৈকে নাটাল অৰ্গেনাইজেচন অৱ উইমেনৰ কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে। নাটাল ইণ্ডিয়ান ক্ংগ্ৰেছ, দ্য ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট, ডেচকম ক্ৰাইছিচ নেটৱৰ্ক আৰু ইণ্ডিয়ানা চাপোৰ্ট কমিটিৰ সৈতে তেওঁ ৰাজনৈতিকভাবে জড়িত।৬ নাটাল ইণ্ডিয়ান ক্ংগ্ৰেছৰ তেওঁ উপ-সভাপতিও আছিল। বৰ্ণবৈষম্য নীতি চলি থকা সময়ছোৱাত গান্ধীক ১৯৭৫ চনত ৰাজনৈতিক সক্ৰিয়তাৰ পৰা বিৰত কৰি মুঠ ৯ বছৰ গৃহবন্দী কৰা হৈছিল। তথাপিও তেওঁ গোপনীয়ভাবে কাম কৰি গৈছিল। বৰ্ণবৈষম্যৰ বিৰুদ্ধে সংগ্ৰামৰ সময়ত তেওঁৰ এজন পুত্ৰৰ মৃত্যু হয়।৭ ১৯৯০ চনৰ ১১ ফেব্ৰুৱাৰীত মুক্তি পোৱাৰ পূৰ্বে পলছমুৰ কাৰাগাৰত নেলছন মেণ্ডেলাৰ সৈতে সাক্ষাৎ কৰা ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰণ্টৰ সদস্যসকলৰ ভিতৰত তেৱোঁ আছিল অন্যতম। ১৯৯৪ চনৰ নিৰ্বাচনৰ পূৰ্বে তেওঁ ট্ৰেনজিছনেল এক্সিকিউটিভ কাউন্সিলৰ সদস্য আছিল।৮
সাংসদীয় কৰ্মজীৱন
সংসদত কাৰ্যনিৰ্বাহ কৰাৰ পিছত গান্ধীয়ে ঘৰুৱা হিংসাৰ বিৰুদ্ধে ২৪ ঘণ্টীয়া কাৰ্যসূচী প্ৰস্তুত কৰি গান্ধী উন্নয়ন ন্যাস প্ৰতিষ্ঠা কৰিছিল। ধৰ্মীয় পৰিক্ৰমা সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও এখন মাহেকীয়া বাতৰি কাকতৰ তদাৰক কৰিছিল। তেওঁ ‘মহাত্মা গান্ধী ছল্ট মাৰ্চ কমিটি’ আৰু ‘মহাত্মা গান্ধী ডেভেলপমেণ্ট ট্ৰাষ্ট’ৰ অধ্যক্ষও।৯ এলা গান্ধীয়ে কেইবাবছৰ ধৰি ডাৰবান ইউনিভাৰ্চিটি অৱ টেকন’লজীৰ চেঞ্চেলৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
তথ্যসূত্ৰ
- ↑ ELA GANDHI. Voices of Resistance
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ A Life Committed to Satyagraha: 2002 International Peace Award Recipient Ela Gandhi. Int'l Peace Award: Community of Christ. Community of Christ
- ↑ Ela Gandhi (July 01, 1940 - ). South Africa: Overcoming Apartheid, Building Democracy. South African History Online
- ↑ Tiara Walters. (5 June 2010). Ela Gandhi. Times Live. AVUSA, Inc
- ↑ Ela Gandhi. South African History Online
- ↑ A Life Committed to Satyagraha: 2002 International Peace Award Recipient Ela Gandhi. Int'l Peace Award: Community of Christ. Community of Christ
- ↑ Ela Gandhi. South African History Online
- ↑ Durban Living Legend - Ela Gandhi. wiki.ulwazi.org. Ulwazi
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলা গান্ধী” প্ৰবন্ধৰ সংশোধন ৪২০৫৭৭ (৬ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।