ডানেলিয়া টুলেশ্বোভা ( Daneliya Tuleshova, কাজাখ: Данэлия Төлешова, ৰোমানিক: Danelia Töleşova), (জন্ম ১৮ জুলাই ২০০৬) ১ ২ ৩ ৪ ৫ এগৰাকী কাজাখস্তানী গায়িকা। ২০১৮ চনত বেলাৰুছৰ মিনস্কত অনুষ্ঠিত হোৱা জুনিয়ৰ ইউৰোভিছন গীত প্ৰতিযোগিতাত কাজাখাস্তানক প্ৰতিনিধিত্ব কৰি তেওঁৰ গীত "Ózińe sen" ৰ জৰিয়তে ষষ্ঠ স্থান দখল কৰে। জুনিয়ৰ ইউৰোভিছনৰ পূৰ্বে তেওঁ দ্য ভইচ কিডছ ইউক্ৰেইনৰ চতুৰ্থ ছিজনত জয়লাভ কৰিছিল আৰু ২০১৫ চনৰ চিলড্ৰেনছ নিউ ৱেভত চূড়ান্ত প্ৰতিযোগী আছিল।২০১৯ চনত তেওঁ ডিমাছ কুডাইবাৰ্গেনৰ সৈতে নিজৰ দেশক প্ৰতিনিধিত্ব কৰি দ্য ৱৰ্ল্ডছ বেষ্টত অংশগ্ৰহণ কৰিছিল। আমেৰিকা গট টেলেণ্টৰ ১৫ নং ছিজনৰ ফাইনেলিষ্ট আছিল।
প্ৰাৰম্ভিক জীৱন
ডানেলিয়াৰ জন্ম হৈছিল ২০০৬ চনৰ ১৮ জুলাইত কাজাখস্তানৰ ৰাজধানী আস্তানাত। ১ তেওঁৰ মাতৃৰ নাম এলেনা টুলেশ্বোভা আৰু পিতৃৰ নাম আলেকজেণ্ডাৰ টুলেশ্বোভা। দুয়ো গৰাকী কাজাখস্তানৰ অতি পুৰনি বাসিন্দা যথাক্ৰমে কাজাখ আৰু টাটাৰ পৰিয়ালৰ খিলঞ্জীয়া লোক। ডানেলিয়াৰ দুগৰাকী সৰু ভাই-ভনী আছে। ৬ চাৰি বছৰ বয়সতে জিমনাষ্টিকছৰ অনুশীলনত পোৱা আঘাতৰ পৰা সুস্থ হৈ উঠা পিছত ডানেলিয়াই বলৰুম নৃত্যৰ অনুশীলন আৰম্ভ কৰে। তাৰ পিছত আলমাটিত নৃত্যৰ ক্লাছৰ লগতে একে সময়তে অভিনয় আৰু গায়কীৰ ক্লাছতো অংশ লৈছিল। ২০১৮ চনত ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতে তেওঁ ইউক্ৰেইনৰ পদাৰ্থ বিজ্ঞান আৰু গণিত লাইচিয়ামত গণিত বিষয়টোত মেধাৰ পৰিচয় দিছিল। ১ টুলেশ্বোভাৰ জন্ম আস্তানাত হৈছিল যদিও, ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত ইউটিউবত ৰখা এটা সাক্ষাৎকাৰত তেওঁৰ গৃহ চহৰ আলমাটি বুলি কৈছিল। ৭
সঙ্গীত জীৱনৰ আৰম্ভণি
আঠ বছৰ বয়সত ৰাছিয়াত প্ৰতি বছৰে অনুষ্ঠিত হোৱা যুৱ কলা-কুশলীৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বিখ্যাত শিশু নিউ ৱেভৰ বাছনি ৰাউণ্ড কাজাখ গায়ন প্ৰতিযোগিতা আয়াগ্লাগান আস্তানাৰ আয়োজকসকলে তেওঁক দেখা পায় আৰু গায়কীত মুগ্ধ হয়। ২০১৫ চনত ডেনেলিয়াই এই প্ৰতিযোগিতাত বিজয়ী হয় আৰু শিশুৰ নিউ ৱেভৰ ফাইনেলত প্ৰৱেশ কৰি দৰ্শক বঁটা লাভ কৰে। ১
২০১৭–২০১৮: দ্য ভইচ কিডছ ইউক্ৰেইন আৰু জুনিয়ৰ ইউৰোভিজন
২০১৭ চনৰ জানুৱাৰী মাহত টুলেশ্বোভাই আন্তঃৰাষ্ট্ৰীয় গায়ন প্ৰতিযোগিতা হোপছ অৱ ইউৰোপত অংশগ্ৰহণ কৰিছিল আৰু তাত তেওঁ গ্ৰেণ্ড প্ৰাইজ লাভ কৰিছিল। সেই বছৰৰ শেষৰ ফালে তেওঁ দ্য ভইচ কিডছ ইউক্ৰেইনৰ ৪ৰ্থ ছিজনৰ বাবে অডিচন দিয়ে। ব্লাইণ্ড অডিচনৰ সময়ত তেওঁ ডেমি লোভাটোৰ গীত "ষ্টোন কল্ড" পৰিবেশন কৰে। তিনিওজন প্ৰশিক্ষক; মনাটিক, নাটালিয়া মহাইলেভস্কা আৰু ভ্ৰেমিয়া আই ষ্টেক্লোৱে ডানেলিয়াক প্ৰশংসাৰে উপচাই দি ডানেলিয়াৰ বাবে "নিজৰ নিজৰ চকী ঘূৰাইছিল "; তাই প্ৰশিক্ষক মনাটিক বাছি লৈছিল। শেষত ১০ বছৰ বয়সত আটাইকেইটা মঞ্চ পাছ কৰি গ্ৰেণ্ড ফাইনেলত স্থান লাভ কৰে। তাত "Ne tvoya viyna" গীতটো পৰিবেশন কৰি প্ৰতিযোগিতাখনৰ বিজয়ী ঘোষিত হয়। সেই সময়ত তেওঁ প্ৰথমগৰাকী অ-ইউক্ৰেইনীয় বিজয়ী আছিল। ১ কিন্তু ২০১৯ চনত জৰ্জিয়ান গায়ক অ'লেক্সাণ্ডৰ জাজাৰাশভিলীয়ে পঞ্চম চিজনৰ বিজয়ী হৈছিল। ৮
২০১৮ চনৰ মাৰ্চ মাহত মস্কোত অনুষ্ঠিত হোৱা প্ৰথম আন্তঃৰাষ্ট্ৰীয় পেছাদাৰী সংগীত প্ৰিমিয়াম ব্ৰাভো বঁটাত ডানেলিয়া টুলেশ্ব’ভাই গ্লিম্পছ ইনটু দ্য ফিউচাৰ বঁটা লাভ কৰে। বঁটা লাভ কৰাৰ পিছত ফৰাচী গায়িকা জ্যাজ সংগীত ৰ সৈতে তেওঁ "Je veux" পৰিবেশন কৰি সকলোকে আপ্লুত কৰে।৯
২০১৮ চনৰ ২২ ছেপ্টেম্বৰত বেলাৰুছৰ মিনস্কত অনুষ্ঠিত হ'বলগীয়া জুনিয়ৰ ইউৰোভিছন গীত প্ৰতিযোগিতা ২০১৮ত কাজাখস্তানক প্ৰতিনিধিত্ব কৰিবলৈ তেওঁ টুলেশ্বোভা, আৰ্টিয়ম কুজ'মেনকোভ আৰু কামিলা ডাইৰোভাৰ দ্বাৰা লিখা আৰু ইভান লোপুখভৰ দ্বাৰা সুৰ দিয়া "Ózińe sen" গীতটোৰে নিৰ্বাচিত হয়।১০১ ফাইনেলত তেওঁ পৰ্তুগালৰ ৰীটা লাৰাঞ্জেইৰা ৰ পিছত আৰু আলবেনিয়াৰ এফি জিকা ৰ পূৰ্বে তৃতীয় স্থান দখল কৰে।১১তেওঁ ভোটদানৰ শেষত ১৭১ পইণ্ট, আন্তঃৰাষ্ট্ৰীয় জুৰীৰ পৰা ৬৮ পইণ্ট আৰু ৰাজহুৱা ভোটৰ পৰা ১০৩ পইণ্ট লাভ কৰি ষষ্ঠ স্থানত উপনীত হৈছিল।১১২ "Ózińe sen" ৰ ইংৰাজী সংস্কৰণ, শিৰোনাম Seize the Time, ২০১৮ চনৰ ২১ অক্টোবৰত মুকলি কৰা হয়।১৩
২০১৯: বিশ্বৰ শ্ৰেষ্ঠ যোগ্যতা, দ্য ৱৰ্ল্ডছ বেষ্ট
২০১৯ চনত টুলেশ্বোভাই আমেৰিকাৰ টিভি প্ৰতিভা অনুষ্ঠান দ্য ৱৰ্ল্ডছ বেষ্ট ৰ বাবে অডিচন দিয়ে। প্ৰথমে আন্দ্ৰা ডে ই পৰিবেশন কৰা "ৰাইজ আপ" গীতটো পৰিবেশন কৰে।১৪ যুদ্ধৰ ৰাউণ্ডত তেওঁ জাপানৰ মানামী ইটোক পৰাস্ত কৰি চেম্পিয়ন ৰাউণ্ডত ঊত্তীণ হোৱাৰ যোগ্যতা অৰ্জন কৰে।১৫ তাত তেওঁ "ৱাট এবাউট আছ" পৰিবেশন কৰিছিল যদিও শেষত প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈ শীৰ্ষ ৮ম স্থান লাভ কৰে।১৬
২০২০: ডা নেল আৰু আমেৰিকাৰ গট টেলেণ্ট
২০২০ চনত আমেৰিকাৰ টেক্সাছত ডেনেলিয়াৰ কনচাৰ্ট অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু সমগ্ৰ পৃথিৱী চানি ধৰা ক’ভিড-১৯ মহামাৰী ৰ বাবে এই কাম বাতিল কৰা হয়।
২০২০ চনৰ ফেব্ৰুৱাৰী মাহত কাজাখ টিভি চেনেল গাক্কু টিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ডেনেলিয়াই ঘোষণা কৰে যে তেওঁ "ডা নেল" মঞ্চ নামেৰে এটা নতুন সংগীত প্ৰকল্প আৰম্ভ কৰিব। "Da NeL" হিচাপে তেওঁৰ প্ৰথম একক "хзчздз" (Nobody freakin' knows what the homework is) ইউটিউবত প্ৰিমিয়াৰ হয় 2020 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখে, লগতে "OMG" আৰু "FIRE", প্ৰিমিয়াৰ হয় ২০২০ চনৰ ক্ৰমে মে' আৰু জুন মাহত।
জুন মাহত তেওঁ ফাউজিয়া ৰ "টিয়াৰ্ছ অৱ গোল্ড" গাই আমেৰিকা গট টেলেণ্ট ৰ বাবে অডিচন দিছিল আৰু বিচাৰক চাইমন কৱেল, ছফিয়া ভাৰ্গাৰা, হাইডি ক্লাম, আৰু হ'ৱি মেণ্ডেল ৰ পৰা "হয়" বুলি উত্তীৰ্ণ হৈছিল। ডানেলিয়া টুলেশ্ব’ভাৰ অভিনয়ক প্ৰশংসা কৰে ফাউজিয়াই কয় যে তেওঁৰ কণ্ঠ আৰু... মঞ্চৰ উপস্থিতি "আচৰিত"।১৭ ১৮ আগষ্টৰ কোৱাৰ্টাৰ ফাইনেলত হেৰী ষ্টাইলছ ৰ "চাইন অৱ দ্য টাইমছ" পৰিবেশন কৰি লাইভ শ্ব'লৈ অগ্ৰগতি লাভ কৰে। অনলাইন ৰাজহুৱা ভোটৰ জৰিয়তে তেওঁ ছেমিফাইনেলত উপনিত হয়।১৮ ইয়াৰ পিছতজেছি জেৰ "হু ইউ আৰ" গীতটোত কণ্ঠদান কৰে আৰু ফাইনেললৈ ঊত্তিৰ্ণ হয়।১৯ চূড়ান্ত অভিনয়ৰ বাবে তেওঁ শ্বিয়াৰ "এলাইভ" গীতটো গাইছিল।২০ শীৰ্ষ ৫ম স্থানলৈ আগবাঢ়িব নোৱাৰি অবশেষত ৬ষ্ঠ স্থানত থমকিব লগা হয়।
২০২১: ৪ কৰ্ড ৰেকৰ্ডছৰ সৈতে স্বাক্ষৰ আৰু অধিক সংগীত মুক্তি
২০২১ চনৰ মে' মাহত পৰিবেশন কৰা এটি খবৰ অনুসৰি, ডানেলিয়া টুলেশ্বোভাক আমেৰিকান সংগীত প্ৰতিষ্ঠান ৪ কৰ্ডছ ৰেকৰ্ডছৰ ফ্লেগশ্বিপ শিল্পী হিচাপে নিৰ্বাচিত কৰা হয়, য'ত তেওঁ "লাইক ইউ ইউজড টু" শীৰ্ষক একক গীতটোৰে অভিষেক কৰে,আৰু গীতটি মুক্তিৰ কিছুদিনৰ ভিতৰতে ষ্ট্ৰীমিং প্লেটফৰ্মত ১০০লাখ তকৈ অধিক লাভ কৰে।২১
তথ্যসূত্ৰ
- ↑ (Retrieved 16 August 2019.). "Daneliya Tuleshova".
- ↑ (on 19 June 2019. Retrieved 16 August 2019.). iamdaneliya.com. Archived from the original
- ↑ (Retrieved 16 August 2019.). Krasavin, Oleg (8 August 2015).
- ↑ (Retrieved 16 August 2019.). Keane, Ed (11 February 2019). "Artist Management and Booking – Daneliya Tuleshova – Biography".
- ↑ (Retrieved 17 August 2019.). Tuleshova, Daneliya (17 July 2019).. YouTube
- ↑ (on 28 July 2019. Retrieved 28 July 2019.). "Danelia Tuleshova: "I did not have a goal to win"".. Kukaeva, Antonina (12 February 2018)
- ↑ (Retrieved 16 August 2019.). Kokumbaeva, Rauana (22 February 2019). "Danelia Tuleshova about The World's Best project, creativity and development (closed-captioned in English)". YouTube.
- ↑ (8 July 2019. Retrieved 8 July 2019.). maximum.fm (in Ukrainian).
- ↑ (11 March 2018. Retrieved 22 June 2019.). "Kazakhstani Daneliya Tuleshova receives int'l BraVo award".
- ↑ (junioreurovision.tv. Retrieved 22 June 2019.). Groot, Evert (22 September 2018).. junioreurovision.tv
- ↑ (Retrieved 29 July 2019.). Zwart, Josianne (19 November 2018).. junioreurovision.tv
- ↑ (Retrieved 19 June 2019.). Farren, Neil (25 November 2018).. Eurovoix
- ↑ (Retrieved 21 June 2019.). Herbert, Emily (22 October 2018).
- ↑ 14 February 2019. Retrieved 29 July 2019. (14 February 2019. Retrieved 29 July 2019.). "Drew Barrymore moved to tears by Daneliya Tuleshova's performance at The World's Best".
- ↑ (Retrieved 29 July 2019.). Windsor, Rachel (22 February 2019).
- ↑ (14 March 2019. Retrieved 29 July 2019.). "Daneliya Tuleshova fails to reach The World's Best finals".
- ↑ (Retrieved 17 September 2020.). ET Canada, 20 June 2020.
- ↑ (20 June 2020.). ET Canada,
- ↑ (Retrieved 17 September 2020.). ET Canada, 16 September 2020.
- ↑ (Retrieved 23 September 2020.). Billboard, 22 September 2020.
- ↑ (Retrieved 12 September 2023.). PRWeb. 27 May 2021.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডানেলিয়া টুলেশ্বোভা” প্ৰবন্ধৰ সংশোধন ৫৪৫৮৮০ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।