দীপ্তিৰেখা পাঢ়ী এগৰাকী ওড়িয়া ভাষা টেলিভিছন অভিনেত্ৰী আৰু মুখ্য কণ্ঠশিল্পী। তেওঁ ওড়িয়া চলচ্চিত্ৰ লভ ডট কমত প্ৰথমে মুখ্য কণ্ঠশিল্পী হিচাপে কাম কৰিছিল।১ তাৰ পিছত তেওঁ ইটিভি ওড়িয়াত প্ৰচাৰিত ৰাজকন্যা ধাৰাবাহিকত নায়িকা পূৰ্বী হিচাপে অভিনয় কৰিছিল।২ তেওঁ ওড়িয়া চলচ্চিত্ৰৰ লগতে ওড়িয়া ভজন আৰু এলবামতো গীত গাইছে।২
প্ৰাৰম্ভিক জীৱন
দীপ্তিৰেখা ভুবনেশ্বৰতে জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ এজনী বায়েক আৰু এটা সৰু ভায়েক আছে। তেওঁ সৰুৰেপৰা গীত শিকিবলৈ আৰম্ভ কৰিছিল।৩ তেওঁ প্ৰথমে ৰাজধানী কলা সংসদত গীত শিকিছিল।৪
অভিনয় জীৱন
দীপ্তি সাত বছৰ বয়সৰপৰা গীত শিকিবলৈ আৰম্ভ কৰিছিল। সৰুৰেপৰা বিদ্যালয়ত অনুষ্ঠিত গীত প্ৰতিযোগিতাত অংশ লৈছিল। ২০০৯ চনত দীপ্তিয়ে তেওঁৰ ককাকৰ সৈতে প্ৰেম আনন্দৰ ওচৰলৈ গৈছিল। সেই সময়ত প্ৰেম আনন্দে তেওঁক ওড়িয়া চলচ্চিত্ৰ লভ ডট কমত মুখ্য গীতিকাৰী হিচাপে নিযুক্ত কৰে আৰু নতুন প্ৰেমিকা এলবামত গীত গোৱাৰ সুযোগ দিয়ে।১ তাৰ পাছত দীপ্তিয়ে ভাইনা, ক'ণ কৰিলে সেইৰ "চাল কৰিবা থিয়া পালা"ৰ দৰে গীত গাইছিল।৫ তেওঁৰ অন্যান্য কিছুমান গীত হ’ল "যিয়ে মোক কিনি দেবে ছোট ছোট ছিট জামা", তু মো লাভ ষ্ট'ৰী, বেবী, অভয়, ৰোমিঅ’ জুলিয়েট, হিৰো নং ৱান আদি।৬
ইটিভি ওড়িয়াত প্ৰচাৰিত ধাৰাবাহিক ৰাজকন্যাৰ পূৰ্ব নায়িকা এৰাৰ পাছত দীপ্তিৰেখাক মলয় মল্লিকে সুযোগ দিয়ে।৪ এই ধাৰাবাহিকত তেওঁ নায়িকা পূৰ্বী হিচাপে অভিনয় কৰিছিল।২ তেওঁৰ গীত আৰু অভিনয় দুয়োতে ওড়িয়া সংস্কৃতিৰ প্ৰতিফলন ঘটিছে আৰু ই নতুন প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা স্বৰূপ।
অভিনীত ধাৰাবাহিক
- ৰাজকন্যা - ইটিভি ওড়িয়া
- সন্ধ্যা ৰাগিণী - জী সাৰ্থক
মুখ্য গায়িকা হিচাপে
- লভ্ ডট্ কম্
- চান্দ না তমে তাৰা - যিয়ে মোতে কিনি দেব ছোট ছোট ছিট জামা
- ভাইনা, ক'ণ কলা সে - চাল কৰিবা থিয়া পালা
- বেবি - তু মো হৃদয়ৰ ভাষা
- তু মো লভ্ ষ্টোৰী - টিকে টিকে অচিন্হা তু টিকে টিকে চিন্হা
- অভয় - গজল্ গজল্
- ৰোমিও জুলিয়েট - বেলে বেলে ভল লাগে
- বজৰঙ্গী - হায়ে তো প্ৰেম
- হিৰো নং ৱান্ - ডাৰ্লিং ডাৰ্লিং
- প্ৰেম্ কুমাৰ৭
লাইভ প্ৰদৰ্শন
- 'ৰথা সপ্তমী' উপলক্ষে ভুৱনেশ্বৰৰ খণ্ডগিৰি মেলাত লাইভ অনুষ্ঠান পৰিৱেশন কৰিছে দীপ্তিয়ে।৮৯
- নতুন দিল্লীৰ ইণ্ডিয়া গেটৰ লনত ৰঙৰ উৎসৱ 'দোলা যাত্ৰা'ত অভিনয় কৰিছে৷১০
পুৰস্কাৰ
- ওড়িয়া ফিল্মফেয়াৰ পুৰস্কাৰ- ২০১৭
- তৰংগ চিনে এৱাৰ্ড- ২০১৭
তথ্যসূত্ৰ
- ↑ (29 November 2016). Breakfast Odisha with Dipti Rekha Padhi (Odia singer and actress). Prameya News7
- ↑ (12 August 2018). সিনে গায়িকা দীপ্তি. ধ্বনি প্ৰতিধ্বনি. পৃ. 6
- ↑ Dipti Rekha Padhi
- ↑ (3 July 2022). প্ৰভু শ্ৰী জগন্নাথ মোৰ সকলো. ধৰিত্ৰী (খবৰকাগজ) ছুটিদিন. পৃ. 5
- ↑ (17 September 2016). Chal Kariba Thia Pala Song Video From Bhaina Kana Kala Se Movie. IncredibleOrissa.com
- ↑ (17 September 2017). দীপ্তিৰ দক্ষতা. সমাজ
- ↑ (9 September 2018). গীতৰ মহক. পৃ. 8
- ↑ Bureau, Odisha360 com. (2019-02-13). Khandagiri Mela Kicks off in Bhubaneswar. Odisha 360 - News, Events and Complete Information About the State
- ↑ (2019-02-12). Khandagiri Mela begins in Odisha. KalingaTV
- ↑ Bureau, Odisha Sun Times. Delhi all set to drench in Dola Yatra festivity at second edition of Odisha Parba · OdishaSunTimes.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপ্তিৰেখা পাঢ়ী” প্ৰবন্ধৰ সংশোধন ৬১১৭৩৭ (১১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।