পাৰ্ক শ্বিন-হাই (কোৰিয়ান: 박신혜; জন্ম ১৮ ফেব্ৰুৱাৰী, ১৯৯০) এগৰাকী দক্ষিণ কোৰিয়ান অভিনেত্ৰী। তেওঁ প্ৰথমে টেলিভিছন ধাৰাবাহিক ষ্টেৰৱে টু হেভেন (২০০৩) আৰু ট্ৰি অৱ হেভেন (২০০৬) ত শিশু অভিনেত্ৰী হিচাপে স্বীকৃতি লাভ কৰে। ২০১৩ চনত তেওঁ মিৰাকেল ইন চেল নং ৭ ছবিত অভিনয় কৰে, যিখন ছবি সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী কোৰিয়ান ছবিসমূহৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হয়। ইয়াৰ পিছত তেওঁ টেলিভিছন নাটক ইউ আৰ বিউটিফুল (২০০৯), দ্য হেইয়াৰ্ছ (২০১৩), পিনোকিঅ’ (২০১৪–২০১৫), আৰু ডাক্টৰছ (২০১৬) ৰ জৰিয়তে মূলসুঁতিৰ আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰে। পৰৱৰ্তী সময়ত তেওঁ মেম’ৰিজ অৱ দ্য আলহামব্ৰা (২০১৮–২০১৯), ডাক্টৰ স্লাম্প (২০২৪), আৰু দ্য জজ ফ্ৰম হেল (২০২৪) ত মুখ্য চৰিত্ৰত অভিনয় কৰে।১২
পাৰ্ক ২০১৫, ২০১৭, ২০২১ আৰু ২০২২ চনত ফৰ্বছ কোৰিয়াৰ শক্তিশালী চেলিব্ৰিটি ৪০ তালিকাত অন্তৰ্ভুক্ত হয়।৩৪৫ অভিনয় কেৰিয়াৰৰ উপৰি, পাৰ্ক নিজৰ দাতব্য উদ্যোগ “ষ্টাৰলাইট এঞ্জেল প্ৰজেক্ট”ৰ জৰিয়তে সমাজসেৱামূলক কামৰ বাবেও পৰিচিত।৬৭
প্ৰাথমিক জীৱন আৰু শিক্ষা
১৯৯০ চনৰ ১৮ ফেব্ৰুৱাৰীত দক্ষিণ কোৰিয়াৰ গোৱাংজুত পাৰ্ক শ্বিন-হাইৰ জন্ম হয়। তেওঁ ডাঙৰ ভায়েক এজনৰ সৈতে ছংপা জিলা, ছিউলত ডাঙৰ-দীঘল হৈছিল।৮ ২০০১ চনত পাৰ্কে অডিচন দিয়ে আৰু পিছলৈ গায়ক লি চেউং-হ্ৱানৰ “ডু ইউ লাভ মি! ” শীৰ্ষক গীতৰ সংগীত ভিডিঅ’ত অভিনয় কৰে। ইয়াৰ পিছত তেওঁ লিৰ সংস্থা ড্ৰিম ফেক্টৰীত গায়ন, নৃত্য আৰু অভিনয়ৰ আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ কৰে। প্ৰশিক্ষণ চলাকালীন সময়ছোৱাত তেওঁ লিৰ আন এটা সংগীত ভিডিঅ’ “ফ্ল'ৱাৰ” (২০০৩)তো অভিনয় কৰিছিল।৯
ইয়ংপা গাৰ্লছ হাইস্কুলত শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত পাৰ্কে চুং-আং বিশ্ববিদ্যালয়ত আঠ বছৰ অধ্যয়ন কৰে আৰু ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত থিয়েটাৰ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।১০১১ সমাবৰ্তন অনুষ্ঠানত তেওঁ চেলিব্ৰিটি ৰাষ্ট্ৰদূত হিচাপে আগবঢ়োৱা অৱদানৰ বাবে সেৱা বঁটাৰে সন্মানিত হয়।১২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (April 6, 2018). (★ 파헤치기) 박신혜, 톱배우가 된 최지우 아역. Xports News
- ↑ (January 3, 2019). Park Shin Hye – 16 years of from a pure little girl to top Hallyu star. JTBC Life
- ↑ (February 27, 2017). 엑소 위에 박보검·송중기, 아이돌 천하 깬 드라마 스타. JoongAng Ilbo
- ↑ (April 23, 2021). 2021 포브스코리아 선정 파워 셀럽 40. 중앙시사매거진
- ↑ (April 28, 2022). 2022 포브스코리아 선정 파워 셀러브리티 40. JoongAng Ilbo
- ↑ (November 17, 2023). 박신혜, 亞투어도 했던 한류여신..20주년 팬미팅 초고속 매진. 뉴스컬처
- ↑ (April 1, 2015). Park Shin-hye donates proceeds from fan meeting. Kpop Herald
- ↑ (October 13, 2015). Park Shin-hye's brother is talented musician. Kpop Herald
- ↑ (September 26, 2013). (STARCAST) Park Shin Hye's Life Graph "I hope to be someone who grows 1cm every year". Naver
- ↑ (February 15, 2016). ko:박신혜·유리·수영, 중앙대 연극과 졸업.캠퍼스와 작별(종합). Star News
- ↑ (February 11, 2016). Park Shin-hye, Yuri, Sooyoung to graduate. The Korea Times
- ↑ (February 11, 2016). Park Shin-hye, Girls' Generation Kwon Yuri and Choi Soo-young to receive Service Award at convocation of Chung-Ang University. HanCinema. Star Money
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰ্ক শ্বিন-হাই” প্ৰবন্ধৰ সংশোধন ৬০০৭৭১ (১৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।