পিংকী মৈদাসানী এগৰাকী ভাৰতীয় ৰেপাৰ আৰু প্লেবেক গায়িকা।১ ৰাজস্থানী লোকসংগীতক আধুনিক ৰেপৰ সৈতে মিশ্ৰণ কৰাৰ বাবে তেওঁক ভাৰতৰ প্ৰথমগৰাকী মহিলা লোক ৰেপাৰ হিচাপে অভিহিত কৰা হৈছে।২৩ তেওঁ ৫০০০ৰো অধিক লাইভ শ্ব’ত অংশগ্ৰহণ কৰিছে; তেওঁৰ গীতসমূহ শেহতীয়াকৈ বলীউডৰ চিনেমাসমূহত প্ৰদৰ্শিত হৈছে। তেওঁ ১৩টা ভাষাত গান গায়। তেওঁবলীউডৰ ছবি লুভ শুভ তে চিকেন খুৰানাত গীত গাইছে। তেওঁ য়ো য়ো হানি সিঙৰ সৈতে সংগতি ৰাখি পাঞ্জাবী ৰেপ গীত "কিকলী কলেৰদী" গাইছিল। ২০১৫ চনত তেওঁৰ ছবি শৰাফত গয়ী তেল লেনে ছবিগৃহত মুক্তি লাভ কৰে।৪ তেওঁ ৰেপক দেশী সংগীতৰ সৈতে সংযুক্ত কৰিছিল।৫
প্ৰাথমিক জীৱন
পিংকী সিন্ধী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।৩ তেওঁৰ পিতৃ ৰেলৱেত কৰ্মৰত আছিল। পাঁচজন ভাই-ভনীৰ ভিতৰত তেওঁ আছিল সৰু। তেওঁৰ পৰিয়ালে তেওঁক সংগীতৰ কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত সহায় কৰিছিল।৬
কেৰিয়াৰ
তেওঁ শৈশৱত মধ্যপ্ৰদেশৰ কাটনীত প্ৰয়াত উস্তাদ হিবজুল কবীৰ খান চাহাবৰ পৰা সংগীতৰ ক্লাছ আৰম্ভ কৰিছিল। কাটনীত তেওঁ মাধৱ শ্বাহ দৰবাৰত ভজন গাইছিল৷ পিংকীয়ে ৰিয়েলিটি শ্ব' ইণ্ডিয়ান আইডল ৩ৰ প্ৰতিযোগী শিল্পী আছিল৭ আৰু তাৰ পিছৰ পৰা বলীউড ছবিৰ বাবে গীত গাবলৈ আৰম্ভ কৰে।
ফিল্মগ্ৰাফী
প্লেবেক গায়িকা হিচাপে তেওঁ তলত দিয়া চলচ্চিত্ৰ সমূহত কণ্ঠদান কৰিছে।৮
- ব্ৰহ্মচাৰী
- শৰাফত গয়ী তেল লেনে৪''
- লুভ শুভ তেয় চিকেন খুৰানা
- চান পাৰদেশী
- মিষ্টাৰ জো বি কাৰ্ভালো
- শৰ্মা জী কী লগ গয়ী
একক
- বুলেট ৱালে ছাইয়াঁ৯
- চুম্মা চাতি
- আয়া লড়িয়া
- কিকলী কলেৰদী৯
- দিল্লী কী সৰকাৰ
- টাৰ্ণ ইট আপ
- দেখ লে কিছমত য়্যাৰ
- তেৰা ৰং
- ৰং দেংগী তেৰী চোলী
- তেৰে ইশ্ক মেঁ ফানা
- হোলী কে বাহানে ৰিস্তা জোড় জাড় লে
- সিন্ধ
- ছাইয়াঁ জী
তথ্যসূত্ৰ
- ↑ Pinky Maidasani Filmography · Biography of Pinky Maidasani · Pinky Maidasani. www.indianfilmhistory.com
- ↑ India's first female folk rapper, Pinky Maidasani speaks about debut song 'Bullet Wale Saiyaan', folk rap and truth of music reality shows. Radioandmusic.com
- ↑ (29 January 2019). Pinky blends strains of Rajasthani folk with rap. Deccan Herald
- ↑ Pinky Maidasani. IMDb
- ↑ (4 January 2019). Tuning Folk: Pinky Maidasani tells us why she likes combining rap with desi flavour. DNA India
- ↑ (9 March 2019). 'I love folk rap, as it comes naturally to me' – Times of India. The Times of India
- ↑ (25 May 2019). Pinky Maidasani: Even after Indian Idol, I was a music teacher for four years!. soundboxindia.com
- ↑ Pinky Maidasani on Moviebuff.com. Moviebuff.com
- ↑ (21 January 2019). 'Kikli Kalerdi' singer unveils song with Rajasthani flavour. Business Standard India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিংকী মৈদাসানী” প্ৰবন্ধৰ সংশোধন ৫১৭১১৮ (১১ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।