অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উ ছুৱানয়ী

উ ছুৱানয়ী (ইংৰাজী: Wu Xuanyi; জন্ম: ২৬ জানুৱাৰী, ১৯৯৫) এগৰাকী চীনা গায়িকা আৰু অভিনেত্ৰী। ২০১৬ চনত দক্ষিণ কোৰিয়াৰ গাৰ্ল গ্ৰুপ 'ডব্লিউ.জে.এচ.এন.' (WJSN) ৰ সদস্য হিচাপে তেওঁ কেৰিয়াৰ আৰম্ভ কৰিছিল।

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ৪০২ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

উ ছুৱানয়ী (ইংৰাজী ভাষা: Wu Xuanyi; জন্ম: ২৬ জানুৱাৰী, ১৯৯৫)১ এগৰাকী চীনা গায়িকা আৰু অভিনেত্ৰী। ২০১৬ চনত দক্ষিণ কোৰিয়াৰ গাৰ্ল গ্ৰুপ 'ডব্লিউ.জে.এচ.এন.' (WJSN) ৰ সদস্য হিচাপে তেওঁ কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০১৮ চনৰ প্ৰথম ভাগত তেওঁ এই গোটটোৰপৰা সাময়িক বিৰতি লৈ টেনচেণ্ট ভিডিঅ’ৰ চাৰ্ভাইভেল ৰিয়েলিটী শ্ব’ প্ৰডিউচ ১০১ চাইনাত এগৰাকী প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল।২৩ সেই প্ৰতিযোগিতাত তেওঁ দ্বিতীয় স্থান দখল কৰে আৰু ২০২০ চনৰ জুন মাহলৈকে চীনা প্ৰজেক্ট গাৰ্ল গ্ৰুপ 'ৰকেট গাৰ্লছ ১০১'-ত যোগদান কৰে।৪ প্ৰজেক্ট গ্ৰুপটো ভংগ হোৱাৰ পিছত, তেওঁ চীনত একক কেৰিয়াৰ গঢ়িবলৈ ডব্লিউ.জে.এচ.এন.-ৰপৰা আঁতৰি থাকে আৰু অৱশেষত ২০২৩ চনৰ ৩ মাৰ্চত আনুষ্ঠানিকভাৱে গ্ৰুপটো ত্যাগ কৰে।

প্ৰাৰম্ভিক জীৱন

উ ছুৱানয়ীৰ জন্ম হৈছিল চীনৰ হাইনিনত। তেওঁ য়ুহুৱা এণ্টাৰটেইনমেণ্টত যোগদান কৰিছিল আৰু ২০১৪-২০১৫ চনৰ আশে-পাশে দক্ষিণ কোৰিয়ালৈ গুচি গৈছিল। তাৰ পিছত তেওঁ ষ্টাৰশ্বিপ এণ্টাৰটেইনমেণ্টত যোগদান কৰে আৰু এগৰাকী প্ৰশিক্ষাৰ্থী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে।

কেৰিয়াৰ

২০১৫–২০১৬: ডব্লিউ.জে.এচ.এন.-ৰ সৈতে আত্মপ্ৰকাশ

২০১৫ চনৰ ৪ ডিচেম্বৰত ষ্টাৰশ্বিপ এণ্টাৰটেইনমেণ্ট আৰু য়ুহুৱা এণ্টাৰটেইনমেণ্টে ১২ জনীয়া চীন-দক্ষিণ কোৰিয়াৰ গাৰ্ল গ্ৰুপ ডব্লিউ.জে.এচ.এন. (WJSN) ৰ পৰিচয় কৰাই দিয়ে। ছুৱানয়ীক "জয় ইউনিট"ৰ সদস্য হিচাপে পৰিচয় কৰাই দিয়া হৈছিল। ৱাণ্ডাৰ ইউনিটৰ সৈতে একেলগে তেওঁলোকে "অল আই ৱাণ্ট ফৰ খ্ৰীষ্টমাছ ইজ ইউ" গীতটোৰ এটি খ্ৰীষ্টমাছ কভাৰ মুকলি কৰিছিল। ২০১৬ চনৰ ফেব্ৰুৱাৰ মাহত তেওঁলোকৰ মিনি এলবাম উড ইউ লাইক?-ৰ জৰিয়তে ডব্লিউ.জে.এচ.এন.-য়ে আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰে, য’ত "মোমোমো" আৰু "কেচ মি" নামৰ দুটা মুখ্য চিংগল আছিল।

২০১৮–বৰ্তমান: ৰকেট গাৰ্লছ ১০১-ৰ সৈতে আত্মপ্ৰকাশ, একক কাৰ্যসূচী আৰু ডব্লিউ.জে.এচ.এন. ত্যাগ

অভিনয় আৰু ডব্লিউ.জে.এচ.এন.-ৰ কামত ব্যস্ত থকাৰ মাজতে উ ছুৱানয়ী আৰু তেওঁৰ সতীৰ্থ বেণ্ডমেট মেং মেইকীয়ে টেনচেণ্ট ভিডিঅ’ত ২১ এপ্ৰিলৰপৰা ২৩ জুনলৈ সম্প্ৰচাৰিত হোৱা চীনা ৰিয়েলিটী চাৰ্ভাইভেল গাৰ্ল গ্ৰুপ শ্ব’ প্ৰডিউচ ১০১-ত অংশগ্ৰহণ কৰে। ১৮,১৫,৩৩,৩৪৯টা ভোট লাভ কৰি ছুৱানয়ীয়ে ১৮১জনৰ ভিতৰত সামগ্ৰিকভাৱে দ্বিতীয় স্থান দখল কৰে আৰু ৰকেট গাৰ্লছ ১০১-ৰ সদস্য হিচাপে আত্মপ্ৰকাশ কৰে।

৯ আগষ্টত য়ুহুৱা এণ্টাৰটেইনমেণ্ট আৰু মেভেৰিকছ এণ্টাৰটেইনমেণ্টে এক যুটীয়া ঘোষণা জাৰি কৰি জনাইছিল যে তেওঁলোকে মেইকী আৰু জিলিংৰ সৈতে ছুৱানয়ীক ৰকেট গাৰ্লছ ১০১-ৰপৰা আঁতৰাই আনিব। ছুৱানয়ী আৰু মেইকীয়ে পুনৰ ডব্লিউ.জে.এচ.এন.-ৰ সৈতে নিজৰ কাম আৰম্ভ কৰাৰ কথা আছিল।৫ অৱশ্যে ১৭ আগষ্টত দুয়োটা কোম্পানীয়ে নিশ্চিত কৰে যে টেনচেণ্টৰ সৈতে এক চুক্তিত উপনীত হোৱাৰ পিছত ছুৱানয়ীয়ে মেইকী আৰু জিলিংৰ সৈতে পুনৰ গোটটোলৈ ঘূৰি যাব।

ছুৱানয়ীয়ে প্ৰডিউচ ১০১-ৰ বাবে চীনলৈ অহাৰ এমাহ আগতে তেওঁৰ সতীৰ্থ চেং ছিয়াৱে তেওঁক টেনচেণ্ট ভিডিঅ’ৰ এক ভ্ৰমণভিত্তিক ৰিয়েলিটী শ্ব’ বেষ্ট ফ্ৰেণ্ডছ পাৰ্ফেক্ট ভেকেচনলৈ অতিথি হিচাপে আমন্ত্ৰণ জনাইছিল। ৰকেট গাৰ্লছ ১০১-ৰ সৈতে আত্মপ্ৰকাশ কৰাৰ পাছত তেওঁ অংশগ্ৰহণ কৰা আন দুটা ৰিয়েলিটী শ্ব’ হ’ল স্পেচ চেলেঞ্জ (ইউকু ভিডিঅ’ত) আৰু "নাইচ টু মিট ইউ" (ঝেজিয়াং টিভিত)। ইয়াৰ উপৰি নৱেম্বৰত মুক্তি পোৱা ভইচ মুভি "ফিউচাৰ গাৰ্লফ্ৰেণ্ড লেব"ৰ তেওঁ আছিল মুখ্য অভিনেত্ৰী।৬

২০২৩ চনৰ ৩ মাৰ্চত ষ্টাৰশ্বিপ এণ্টাৰটেইনমেণ্টে ঘোষণা কৰে যে চুক্তিৰ ম্যাদ উকলি যোৱাৰ পাছত ছুৱানয়ীয়ে ডব্লিউ.জে.এচ.এন. ত্যাগ কৰিছে।৭

তথ্যসূত্ৰ

  1. ↑ WJSN(우주소녀). Starship Entertainment
  2. ↑ (March 15, 2018). ko:우주소녀 측 "미기‧선의, 중국판 '프로듀스 101' 출연". Slist News
  3. ↑ (March 15, 2018). (단독) 우주소녀 선의·미기, 중국판 '프듀' 출격확정.."팀 활동 병행". OSEN
  4. ↑ (June 24, 2020). 火箭少女101解散: 偶像的产业现状比分离更令人感伤. finance.sina.com.cn
  5. ↑ 乐华娱乐 - 联合声明
  6. ↑ 未来女友实验室_吴宣仪声音电影_火箭少女101-喜马拉雅FM
  7. ↑ Park, Sang-hoo. (March 3, 2023). ko:(단독)우주소녀, 루다·다원·중국 멤버 3인 제외 8명 재계약. JTBC

সম্পৰ্কিত শ্ৰেণী

চীনা অভিনেত্ৰীগায়িকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উ ছুৱানয়ী” প্ৰবন্ধৰ সংশোধন ৫৯৭৯১১ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।