অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এমি ৰোছাম

ইমানুৱেল গ্ৰে ৰোছাম (জন্ম: ১২ ছেপ্টেম্বৰ, ১৯৮৬) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা-গীতিকাৰ। তেওঁ লাভ কৰা সন্মানসমূহৰ ভিতৰত এটা চ্যাটাৰ্ণ বঁটা আৰু এটা ক্ৰিটিকছ চয়েছ মুভি বঁটা অন্যতম।

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ৪৩৮ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ইমানুৱেল গ্ৰে ৰোছাম (জন্ম: ১২ ছেপ্টেম্বৰ, ১৯৮৬) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী আৰু গায়িকা-গীতিকাৰ। তেওঁ লাভ কৰা সন্মানসমূহৰ ভিতৰত এটা চ্যাটাৰ্ণ বঁটা আৰু এটা ক্ৰিটিকছ চয়েছ মুভি বঁটা অন্যতম। ইয়াৰ উপৰি তেওঁ গোল্ডেন গ্ল'ব বঁটা, ইণ্ডিপেণ্ডেন্ট স্পিৰিট বঁটা আৰু দুটাকৈ ক্ৰিটিকছ চয়েছ টেলিভিছন বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে।

নিউয়ৰ্ক মহানগৰ চহৰত জন্মগ্ৰহণ কৰা আৰু ডাঙৰ-দীঘল হোৱা ৰোছামে সৰুতেই মেট্ৰ'পলিটান অপেৰাৰ সৈতে পেছাগতভাৱে অভিনয় আৰম্ভ কৰিছিল। তেওঁৰ প্ৰাৰম্ভিক চলচ্চিত্ৰসমূহৰ ভিতৰত আছিল জিনিয়াছ (১৯৯৯), ছংকেচাৰ (২০০০), পেছনাডা (২০০২) আৰু নোলা (২০০৩)। ১৬ বছৰ বয়সত তেওঁ মিষ্টিক ৰিভাৰ (২০০৩) নামৰ চলচ্চিত্ৰখনত অভিনয় কৰি ব্যাপক জনপ্ৰিয়তা লাভ কৰে। ৰোছামে ২০০৪ চনৰ বিজ্ঞানভিত্তিক ছবি দ্য ডে আফটাৰ টুমৰত অভিনয় কৰিছিল। দ্য ফেণ্টম অৱ দ্য অপেৰা (২০০৪) ছবিৰ চলচ্চিত্ৰ সংস্কৰণত ক্ৰিষ্টিন ডায়েৰ মুখ্য চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰে। তেওঁ পজাইডন (২০০৬), ড্ৰেগনবল ইভলিউচন (২০০৯), ইনচাইড (২০১১), বিউটিফুল ক্ৰিয়েচাৰ্ছ (২০১৩), কমেট (২০১৪), ইউ আৰ নট ইউ (২০১৪) আৰু ক'ল্ড পাৰছুট (২০১৯) আদি ছবিত অভিনয় কৰিছে।

টেলিভিছনৰ ক্ষেত্ৰত ৰোছামক বিশেষকৈ শ্বেমলেছ (২০১১–২০১৯) ধাৰাবাহিকখনত ফিয়োনা গ্যালাগাৰৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনা যায়।১ ২০১০-ৰ দশকৰ মাজভাগৰ পৰা তেওঁ টেলিভিছন অনুষ্ঠান পৰিচালনা আৰু প্ৰযোজনা কৰি আহিছে, য’ত ২০২২ চনৰ পীকক ধাৰাবাহিক এঞ্জেলিন অন্তৰ্ভুক্ত— য’ত তেওঁ নিজেও অভিনয় কৰিছে।

২০০৭ চনত ৰোছামে তেওঁৰ প্ৰথমটো এলবাম ইনচাইড আউট মুক্তি দিয়ে। একে বছৰতে তেওঁ কেৰল অৱ দ্য বেলছ নামৰ এখন বৰদিনৰ ইপি (EP) মুকলি কৰে। ২০১৩ চনত তেওঁ ছেন্টিমেণ্টেল জাৰ্নি নামৰ তেওঁৰ পৰৱৰ্তী এলবামটো মুক্তি দিয়ে।

প্ৰাৰম্ভিক জীৱন

ইমানুৱেল গ্ৰে ৰোছামৰ২ জন্ম হৈছিল ১৯৮৬ চনৰ ১২ ছেপ্টেম্বৰত নিউয়ৰ্ক চহৰত।৩ তেওঁ কৰ্পোৰেট ফটোগ্ৰাফাৰ হিচাপে কাম কৰা একক মাতৃ চেৰিল ৰোছামৰ একমাত্ৰ সন্তান।৩৪৫ মাতৃ গৰ্ভৱতী হৈ থকা অৱস্থাতে তেওঁৰ পিতৃ-মাতৃ পৃথক হৈছিল আৰু ২০০৭ চনলৈকে তেওঁ নিজৰ পিতৃক মাত্ৰ দুবাৰহে লগ পাইছিল।৬

ৰোছামৰ মাতৃ ৰাছিয়ান ইহুদী বংশোদ্ভূত,৭ আৰু পিতৃ ইংৰাজ তথা ডাচ পূৰ্বপুৰুষৰ এগৰাকী প্ৰটেষ্টেণ্ট।৮৯ ৰোছামে নিজকে ইহুদী হিচাপে পৰিচয় দিয়ে আৰু জনাইছে যে তেওঁৰ মাতৃয়ে তেওঁৰ অন্তৰত "ইহুদী নীতি-আদৰ্শ আৰু নৈতিকতা" গঢ়ি তুলিছিল।১০১১১২ তেওঁৰ নামটো তেওঁৰ আজোককাক ইমানুৱেলৰ নাম অনুসৰি স্ত্ৰীলিংগ ৰূপত ৰখা হৈছিল।

সাত বছৰ বয়সতে বাৰটা 'কী'তে (key) "হেপ্পী বাৰ্থডে" গাব পৰাৰ দক্ষতাৰ বাবে ৰোছামক পৰিচালক এলেনা ড'ৰিয়াই মেট্ৰ'পলিটান অপেৰা চিলড্ৰেনছ কোৰাছত অংশ ল'বলৈ আমন্ত্ৰণ জনাইছিল।১৩১৪ পাঁচ বছৰতকৈও অধিক সময় তেওঁ মঞ্চত এই গায়কদলৰ সৈতে সংগীত পৰিৱেশন কৰিছিল আৰু প্লাচিডো ডমিংগো তথা লুচিয়ানো পাভাৰোটিৰ দৰে গায়কৰ সৈতে কাম কৰাৰ সুযোগ পাইছিল। ৰাতিটোত ৫ ৰ পৰা ১০ ডলাৰ পাৰিশ্ৰমিকৰ বিনিময়ত ৰোছামে ২০ খন অপেৰাত ছয়টা ভাষাত গীত গাইছিল, যাৰ ভিতৰত আছিল লা ব'হেম, তুৰাণ্ডট, কাৰ্নেগী হলত পৰিৱেশন কৰা লা ডেমনেচন ডি ফাউষ্ট আৰু এ মিডছামাৰ নাইটছ ড্ৰিম।১৫ তেওঁ ফ্ৰাংকো জেফিৰেলিৰ নিৰ্দেশনাত কাৰমেনতো কাম কৰিছিল।

অভিনয়ৰ প্ৰতি বৃদ্ধি পোৱা আগ্ৰহৰ বাবে তেওঁ নিউয়ৰ্ক চহৰৰ 'দ্য নিউ এক্টৰ্ছ ৱৰ্কশ্বপ'ত ফ্ল' চেলেণ্ট গ্ৰীণবাৰ্গৰ ওচৰত শিক্ষা গ্ৰহণ কৰে।১৬ তেওঁ অভিনয় প্ৰশিক্ষক টেৰী নিকাৰবকাৰৰ সৈতেও কাম কৰিছে।১৭

ৰোছামে মানহাটানৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্পেন্স স্কুলত অধ্যয়ন কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Goldberg, Lesley. (July 6, 2016). 'Shameless' Star Emmy Rossum to Make Directorial Debut With Showtime Series (Exclusive). The Hollywood Reporter
  2. ↑ Heldman, Breanne L.; Rosenbaum, Claudia. (August 10, 2009). Emmy Rossum: Secretly Married, Now Not-So-Secretly Splitting. E!
  3. ↑ Lightstone, Miranda. 15 Questions With Emmy Rossum. AskMen
  4. ↑ Emmy Rossum biography. E!
  5. ↑ Dickie, George. (January 20, 2013). What it takes to make Emmy Rossum 'Shameless'. Zap2it
  6. ↑ Thomas, Karen. (October 24, 2007). From movies to music, Emmy Rossum is doing it all. USA Today
  7. ↑ (June 28, 2020). Emmy Rossum highlights issue of Jewish stereotypes in Hollywood casting
  8. ↑ Bloom, Nate. (April 26, 2011). Interfaith Celebrities: Take Me Out to the Ballpark with Emmy Rossum. InterfaithFamily
  9. ↑ Nessif, Bruna. (February 19, 2014). Emmy Rossum's Childhood Nanny Was Once Awarded a Medal By Adolf Hitler: "My Mom Is Jewish, So That Was a Little Awkward". E!
  10. ↑ Baylen, Ashley. (May 28, 2013). EXCLUSIVE: Interview With 'Shameless' Star, Emmy Rossum. shalomlife.com
  11. ↑ Emmy Rossum. (January 17, 2013). This is my first trip to Russia. My family heritage is part Russian so I'm psyched to see where I come from. Moscow! #BeautifulCreatures
  12. ↑ Emmy Rossum. (November 9, 2016). I am a woman. I am Jewish. I am marrying an Arab American. My sister in law is handicapped. I'm a victim of sexual violence. It's personal.
  13. ↑ Joffe, Jessica. "Emmy Rossum: Hollywood's newest It Girl." Glamour: September 2006. p 326-7, 392
  14. ↑ Children's Chorus Auditions
  15. ↑ "It's Evening in America". Vanity Fair. May 2012. Page 152
  16. ↑ Emmy Rossum. emmyonline.com
  17. ↑ Testimonials (Emmy Rossum). Terry Knickerbocker Studio

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পীগীতিকাৰগায়িকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এমি ৰোছাম” প্ৰবন্ধৰ সংশোধন ৫৯৮০৯৬ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।