অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আনুশেহ্‌ অনাদিল

আনুশেহ্‌ অনাদিল এগৰাকী বাংলাদেশী সংগীতশিল্পী, শিল্পী, সাংস্কৃতিক কৰ্মী আৰু সামাজিক উদ্যোগী। তেওঁ বাংলা বেণ্ডৰ লগত জড়িত, যিটো বাংলাদেশৰ প্ৰথম মহিলা নেতৃত্বাধীন বেণ্ড হিচাপে পৰিচিত।

হালনাগাদ: ১২ ফেব্ৰুৱাৰী ২০২৬ ৩৪৭ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

আনুশেহ্‌ অনাদিল এগৰাকী বাংলাদেশী সংগীতশিল্পী, শিল্পী, সাংস্কৃতিক কৰ্মী আৰু সামাজিক উদ্যোগী। তেওঁ বাংলা বেণ্ডৰ লগত জড়িত, যিটো বাংলাদেশৰ প্ৰথম মহিলা নেতৃত্বাধীন বেণ্ড হিচাপে পৰিচিত। ২০০২ চনত প্ৰকাশিত তেওঁলোকৰ প্ৰথম এলবাম কিংকৰ্তব্যবিমূঢ়ৰ জৰিয়তে বেণ্ডটোৱে বাংলাদেশ আৰু পশ্চিমবংগ (ভাৰত)ত বিশেষ জনপ্ৰিয়তা লাভ কৰে। আধ্যাত্মিক লোকগীত আৰু নিজা মৌলিক সংগীতৰ সমন্বয়ে তেওঁলোকে গাঁৱৰ বাউল-ফকিৰ পৰম্পৰাক নগৰীয়া জনপ্ৰিয় সংস্কৃতিত আনি এক নতুন ধাৰা সৃষ্টি কৰে। ইয়াৰ জৰিয়তে ফকিৰ লালন শাঁইৰ দৰ্শন নগৰীয়া যুৱ সমাজৰ মাজত নতুন ৰূপে জনপ্ৰিয় হয়। ২০০৫ চনত প্ৰকাশিত তেওঁলোকৰ দ্বিতীয় এলবাম প্ৰত্যুৎপন্নমত্তিত্ব ফকিৰ লালন শাঁইৰ প্ৰতি উৎসৰ্গিত। এই এলবামটোৱে ধৰ্মীয় উগ্ৰবাদ আৰু দুৰ্নীতিগ্ৰস্ত ৰাজনীতিক প্ৰশ্ন তোলে।

আনুশেহ্‌ অনাদিল এগৰাকী গীতিকাৰো। ২০১২ চনত তেওঁ একক এলবাম ৰাই প্ৰকাশ কৰে। ‘এখন বোধয় ফুল চোৰণৰ পালা’, ‘আমাৰ মনেৰ মানুহ’, ‘তুইতো মজাৰ মানুষ’ আৰু ‘ধৰ্ম বুজে মানৰে সখা’ আদি তেওঁৰ জনপ্ৰিয় গীত। জাহিদ আহমেদে লিখা ‘তোমাৰ ঘৰে বসত কৰে কয়জনা’ গীতটোৰ তেওঁৰ কণ্ঠে বাংলাদেশ আৰু পশ্চিম বংগ দুয়ো ঠাইতে ব্যাপক জনপ্ৰিয়তা লাভ কৰে।

তেওঁ বাংলাদেশত প্ৰথমগৰাকী সংগীতশিল্পী যিয়ে নিজৰ মাদকাসক্তিৰ অভিজ্ঞতাৰ বিষয়ে মুকলিকৈ কথা কৈছিল আৰু জীৱন-শৈলী সলনি কৰি সংগীত আৰু শিপাৰ সৈতে পুনৰ সংযোগে কেনেদৰে তেওঁক এই আসক্তিৰপৰা উদ্ধাৰ কৰিলে সেই বিষয়ে ব্যক্ত কৰিছিল।১

পটভূমি আৰু প্ৰাৰম্ভিক জীৱন

আনুশেহ্‌ অনাদিলৰ জন্ম ২৬ মাৰ্চ ১৯৭৭ তাৰিখে ঢাকাত হয়। তেওঁৰ পিতৃ জামাল আহমেদ সুফি এগৰাকী উদ্যোগী আৰু মাতৃ লুবনা মৰিয়ম এগৰাকী নৃত্যশিল্পী তথা সাংস্কৃতিক কৰ্মী। তেওঁৰ মাতৃ আৰু খুৰীয়েক নাইলা খান তাৰেখ মাছুদৰ তথ্যচিত্ৰ চলচ্চিত্ৰ মুক্তিৰ গানত অভিনয় কৰিছিল।

তেওঁৰ মাতৃফালৰ দেউতাক লেফটেনেণ্ট কৰ্ণেল কাজী নুৰুজ্জামান, বীৰ উত্তম, বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত মুক্তিবাহিনীৰ সপ্তম ছেক্টৰৰ ছেক্টৰ কমাণ্ডাৰ আছিল।

শৈশৱত আনুশেহে উত্তৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতত প্ৰশিক্ষণ লাভ কৰে। বংগৰ বাউল আৰু ফকিৰসকলৰ সৈতে সংস্পৰ্শৰ জৰিয়তে তেওঁলোকৰ দৰ্শন আৰু সংগীতত স্বাধীনতাৰ অনুভৱ কৰে। ১৯৯৮ চনত তেওঁ বাংলা বেণ্ডৰ সৈতে সংগীত জীৱন আৰম্ভ কৰে।২

কৰ্মজীৱন

আনুশেহ্‌ অনাদিল ‘‘যাত্ৰা বাংলাদেশ’’ৰ প্ৰতিষ্থাপক আৰু সৃজনশীল নিৰ্দেশক। ২০০০ চনত প্ৰতিষ্ঠিত এই প্ৰতিষ্ঠানটোৱে বাংলাদেশৰ লোকশিল্প, হস্তশিল্প আৰু সাংস্কৃতিক ঐতিহ্য প্ৰচাৰ কৰে। ‘‘যাত্ৰা বিৰতি’’ নামৰ ইয়াৰ এক শাখা লোকসংগীত আৰু সজীৱ সাংস্কৃতিক চৰ্চাৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিচিত।৩

ব্যক্তিগত জীৱন

আনুশেহ্‌ অনাদিলে ১৬ ডিচেম্বৰ ২০১৬ তাৰিখে পণ্ডিত ৰবি শংকৰৰ শিষ্য সেথ পাণ্ডুৰংগা ব্লুমবাৰ্গক বিবাহ কৰে।৪ তেওঁ আগৰ স্বামী বুনোৰ সৈতে দুগৰাকী কন্যা সন্তানৰ মাতৃ।৫

বঁটা আৰু সন্মান

  • “দ্য মিউজিকেল জাৰ্নেলিষ্টছ এৱাৰ্ড” (২০০৬)
  • “অনন্যাৰ শ্ৰেষ্ঠ ১০ নাৰী” (২০০৭)
  • “মীটো মেম’ৰিয়েল এৱাৰ্ড” (২০০৯)
  • টেলিভিছন ধাৰাবাহিকৰ “শ্ৰেষ্ঠ শীৰ্ষক গীত”ৰ বাবে “ডেইলি প্ৰতিদিন এৱাৰ্ড” (২০১১)৬

তথ্যসূত্ৰ

  1. ↑ Dasgupta, Priyanka. (October 21, 2010). I had once stabbed a man: Anusheh. The Times of India
  2. ↑ David Bergman. The Bangladeshi Women Making Rural Mystic Music Cool. AsiaCalling.com
  3. ↑ In conversation with Anusheh Anadil. Dhaka Tribune
  4. ↑ Anusheh’s New Beginning. The Daily Star
  5. ↑ I had once stabbed a man: Anusheh. The Times of India
  6. ↑ (June 2, 2011). Anusheh song wins Zee Bangla Gourav Award. The Daily Star

সম্পৰ্কিত শ্ৰেণী

বঙালী কণ্ঠশিল্পীবাংলাদেশৰ কণ্ঠশিল্পীগায়িকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনুশেহ্‌ অনাদিল” প্ৰবন্ধৰ সংশোধন ৫৭৬৭৭২ (১২ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।