মাৰিয়া ডেল পিলাৰ কুৱেষ্টা একোষ্টা (ইংৰাজী ভাষা: María del Pilar Cuesta Acosta; জন্ম: ২৭ মে’ ১৯৫১), পেছাদাৰীভাৱে আনা বেলেন নামেৰে পৰিচিত এগৰাকী স্পেনীছ ভাষা অভিনেত্ৰী আৰু গায়িকা। তেওঁ আৰু তেওঁৰ স্বামীক স্পেইনৰ গণতন্ত্ৰলৈ পৰিৱৰ্তনৰ যুগৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। তেওঁৰ গীত আৰু এলবামবোৰত প্ৰায়ে সামাজিক আৰু ৰাজনৈতিক বিষয়-বস্তু সম্বলিত সাহসী নামৰ সৃষ্টিৰাজি দেখা পোৱা যায়।
জীৱন আৰু কেৰিয়াৰ
১৯৫১ চনৰ ২৭ মে’ত মাদ্ৰিদত জন্মগ্ৰহণ কৰা মাৰিয়া ডেল পিলাৰ কুৱেষ্টা একোষ্টা তিনিজন ভাই-ভনীৰ ভিতৰত জ্যেষ্ঠ। তেওঁৰ পিতৃ হোটেল পেলেচৰ এজন ৰান্ধনী আছিল আৰু মাতৃয়ে এটা এষ্টেটত দুৱৰী হিচাপে কাম কৰিছিল।১২ কুৱেষ্টাই ১৯৬৬ চনত ফাৰ্নান্দো ৰে’ৰ সৈতে জাম্পো ই ইঅ' নামৰ চলচ্চিত্ৰখনৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে। এই ছবিখনত তেওঁ 'আনা বেলেন' নামৰ এগৰাকী ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল; তেতিয়াৰপৰাই তেওঁ চৰিত্ৰটোৰ নামটোকে নিজৰ মঞ্চ নাম হিচাপে গ্ৰহণ কৰে।
পৰিচালক গঞ্জালো চুয়াৰেজৰ ছবি মৰবো-ত ভিক্টৰ মেনুৱেলৰ সৈতে কাম কৰাৰ পাছত, ১৯৭২ চনৰ ১৩ জুনত জিব্ৰাল্টৰত তেওঁ মেনুৱেলৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৩ এই সময়ছোৱাতে তেওঁ এগৰাকী গায়িকা হিচাপেও কেৰিয়াৰ আৰম্ভ কৰে আৰু কেইবাটাও সফল এলবাম মুকলি কৰে। ইয়াৰ উপৰি তেওঁ বিভিন্ন চলচ্চিত্ৰত অভিনয় কৰিছে, যেনে: পিলাৰ মিৰোৰ লা পেটিচিয়ন; এঞ্জেলিনো ফনছৰ এমিলিয়া পাৰাডা ই ফাণ্ডা; লুচিয়ানো বেৰিয়াটুয়াৰ এল বুচকোন; জৰ্ডি কাডেনৰ লা অস্কুৰা হিষ্টৰিয়া ডি লা প্ৰিমা মণ্টচে; এলয় ডি লা ইগলেছিয়াৰ লা ক্ৰিয়াটুৰা আৰু মানুৱেল গুটিৱেৰেজ আৰাগনৰ চোনাম্বুলোছ।
১৯৮৬ চনত আনা বেলেনে গীতিকাৰ ভিক্টৰ মেনুৱেলৰ সৈতে মিলি "লা পুৱেৰ্টা ডি আলকালা" গীতটো পৰিৱেশন কৰে।৪ ১৯৮৬ চনৰ গ্ৰীষ্মকালত এই গীতটোৱে স্পেইনত একেৰাহে সাত সপ্তাহ ধৰি শীৰ্ষ স্থান দখল কৰি আছিল। ১৯৯১ চনত তেওঁ কোমো উনা নোভিয়া নামৰ এলবামটো ৰেকৰ্ড কৰে, যিটো আছিল ভিক্টৰ মেনুৱেলৰদ্বাৰা ৰচিত বা অভিযোজিত কোনো গীত নথকা তেওঁৰ প্ৰথমটো এলবাম। ১৯৯৭ চনত তেওঁ মীৰামে নামৰ এটা নতুন এলবাম মুকলি কৰে, যিটো তেওঁৰ একক কেৰিয়াৰৰ আটাইতকৈ বেছি বিক্ৰী হোৱা এলবাম হিচাপে পৰিগণিত হয়। ১৯৯৬ চনৰ শৰৎকালত তেওঁ জোৱান মানুৱেল চেৰাট, মিগেল ৰিঅ’ছ আৰু ভিক্টৰ মেনুৱেলৰ সৈতে মিলি সমগ্ৰ স্পেইনত তেওঁলোকৰ "এল গুষ্টো এছ নুৱেষ্ট্ৰো" ভ্ৰমণৰ জৰিয়তে টিকট বিক্ৰীৰ অভিলেখ গঢ়িছিল। ১৯৯৮ চনত বেলেনে ফেডেৰিকো গাৰ্চিয়া লৰ্কাৰ জন্ম শতবাৰ্ষিকী উপলক্ষ্যে লৰ্কাৰ কবিতা আৰু জনপ্ৰিয় গীতৰ সংকলন লৰ্কুয়ানা নামেৰে দুটা এলবাম মুকলি কৰে। তাৰ পিছৰ বছৰত আন এখন এলবাম আনা বেলেন ই মিগেল ৰিঅ’ছ কাণ্টান এ কুৰ্ট ৱেইল মুকলি কৰা হয় আৰু তেওঁ টেলি ৫-ৰ ধাৰাবাহিক পেট্ৰা ডেলিকাডো-ত এটা চৰিত্ৰত অভিনয় কৰে।
২০২৪ চনত দ্য কুইন অফ স্পেইন (২০১৬) আৰু ২০০৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ তেওঁ আইলেণ্ডছ ছবিত যোগদান কৰে।৫
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ ANA BELÉN Inicios de su carrera, anabelen.es; accessed 18 March 2015
- ↑ (2013-07-14). Pilar Acosta, la madre coraje de Ana Belén. www.vanitatis.elconfidencial.com
- ↑ Piñeiro, Raquel. (16 May 2020). 'Morbo', Gibraltar y el inicio de un matrimonio modelo: la boda de Ana Belén y Víctor Manuel. Vanity Fair
- ↑ (1982-11-20). Ana Belén y Víctor Manuel (letter to the editor). El País
- ↑ (30 May 2024). Ana Belén vuelve al cine de la mano de Marina Seresesky en 'Islas', rodada en Tenerife. El Día. Prensa Ibérica
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনা বেলেন” প্ৰবন্ধৰ সংশোধন ৫৯৬২৪৯ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।