কেছিডী ফ্ৰীমেন (ইংৰাজী ভাষা: Cassidy Freeman; জন্ম: ২২ এপ্ৰিল, ১৯৮২)১ এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী আৰু সংগীতজ্ঞ। তেওঁ দ্য চিডব্লিউৰ ছুপাৰহিৰো ড্ৰামা স্মলভিলত টেছ মাৰ্চাৰ, এইচবিঅ’ৰ ধাৰাবাহিক দ্য ৰাইচাছ জেমষ্টোনছত এম্বাৰ জেমষ্টোন, দ্য ভেম্পায়াৰ ডায়েৰীজত চেজ আৰু লংমায়াৰত কেডী লংমায়াৰৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
ফ্ৰীমেনৰ জন্ম হৈছিল ইলিনয়ৰ চিকাগোত।১ তেওঁৰ পিতৃ এগৰাকী ৰাছিয়ান ইহুদী পৰিয়ালৰ লোক আৰু মাতৃ ইংৰাজ বংশোদ্ভূত কেথলিক আছিল।৩ তেওঁ চাৰিটা সন্তানৰ ভিতৰত আটাইতকৈ সৰু আছিল। তেওঁৰ ক্ৰিস্পিন ফ্ৰীমেন নামৰ এজন ককায়েক এগৰাকী কণ্ঠ অভিনেতা আৰু আন এজন ককায়েক ক্লৰ্ক এগৰাকী অভিনেতা তথা সংগীতজ্ঞ।৪
কেৰিয়াৰ

অভিনয়
ফ্ৰী মেনে কেইবাখনো হ্ৰস্ব ছবি, পূৰ্ণদৈৰ্ঘ্যৰ ছবি আৰু টেলিভিছন ধাৰাবাহিকত অভিনয় কৰিছে। ২০০৬ চনৰ চুটি ছবি ৰেজাৰ শ্বাৰ্পত তেওঁ কৰা অভিনয়ৰ বাবে ছবিখনে ২০০৭ চনৰ ছান ডিয়েগো কমিক-কন আন্তৰ্জাতিক স্বতন্ত্ৰ চলচ্চিত্ৰ মহোৎসৱত "শ্ৰেষ্ঠ একচন ফিল্ম"ৰ বঁটা লাভ কৰিছিল।৫
২০০৮ চনৰ ছেপ্টেম্বৰত তেওঁ দ্য চিডব্লিউৰ ধাৰাবাহিক স্মলভিলত মাইকেল ৰোজেনবামৰ বিদায়ৰ পিছত টেছ মাৰ্চাৰৰ চৰিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে আৰু ২০১১ চনত ধাৰাবাহিকখন শেষ হোৱালৈকে এই চৰিত্ৰটোত অভিনয় কৰি থাকে।
২০১২ চনত ফ্ৰী মেনে ধাৰাবাহিক দ্য ভেম্পায়াৰ ডায়েৰীজৰ তৃতীয় ছিজনত চেজৰ চৰিত্ৰত অভিনয় কৰে।৬ ২০১২ চনৰ পৰা ২০১৭ চনলৈকে তেওঁ ক্ৰাইম ড্ৰামা লংমায়াৰত কেডী লংমায়াৰ হিচাপে অভিনয় কৰিছিল।২৭
২০১৬ চনত তেওঁ এনচিআইএছ আৰু এনচিআইএছ: নিউ অৰলিন্সত ৰাছিয়ান চোৰাংচোৱা ইভা আজাৰোভাৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০২১ চনত তেওঁ দ্য ফৰএভাৰ পাৰ্জ ছবিত অভিনয় কৰে। ২০১৯ চনৰ পৰা ২০২৫ চনলৈকে তেওঁ এইচবিঅ’ৰ ধাৰাবাহিক দ্য ৰাইচাছ জেমষ্টোনছত এম্বাৰ জেমষ্টোনৰ চৰিত্ৰত অভিনয় কৰিছিল।
সংগীত
ফ্ৰীমেন, তেওঁৰ ককায়েক ক্লৰ্ক ফ্ৰীমেন আৰু এণ্ডি মিটনে মিলি "দ্য ৰিয়েল ডিকয়" (The Real D'Coy) নামৰ এটা বেণ্ড গঠন কৰিছিল, য’ত ফ্ৰী মেনে কণ্ঠদান কৰাৰ লগতে পিয়ানো বজায়।৪৭
জেৰেমি পিভেনৰ বিৰুদ্ধে অভিযোগ
২০১৭ চনৰ নৱেম্বৰ মাহত ফ্ৰী মেনে অভিনেতা জেৰেমি পিভেনৰ বিৰুদ্ধে অশালীন আচৰণৰ অভিযোগ উত্থাপন কৰিছিল। এটা ইনষ্টাগ্ৰাম প’ষ্টৰ জৰিয়তে তেওঁ জনাইছিল যে পিভেনে তেওঁৰ সৈতে কি কৰিছিল বা কি কৰিবলৈ চেষ্টা কৰিছিল সেই বিষয়ে তেওঁ অৱগত।
তথ্যসূত্ৰ
- ↑ (2014-11-19). Cassidy Freeman Actor. TV Guide
- ↑ (2014-11-19). Cassidy Freeman List of Movies and TV Shows. TV Guide
- ↑ Hammontree, John. (2022-02-22). The Righteous Gemstones: Cassidy Freeman takes us behind the scenes of the misbehavin' hit show. reckon.news
- ↑ Eramo, Steven. (2009-05-01). 'Lex Schmex' – Meet Smallville's Tess Mercer. Newsarama
- ↑ Miska, Brad. (2009-12-11). Slamdance '10: First Stills from 'YellowBrickRoad'. Bloody Disgusting
- ↑ Barton, Steve. (November 15, 2013). See the Extended Preview of The Vampire Diaries Episode 5.08 - Dead Man on Campus. Dread Central
- ↑ (June 24, 2012). Cassidy Freeman Talks Longmire, Smallville, and Her Band, The Real D'Coy. Collider (website)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেছিডী ফ্ৰীমেন” প্ৰবন্ধৰ সংশোধন ৬৩৬৯৩৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।