ক'ভিড-১৯ বৈশ্বিক মহামাৰীত মৃত্যু হোৱা ব্যক্তি
২১ প্ৰবন্ধ
-
হোমেন বৰগোহাঞি
হোমেন বৰগোহাঞি (১৯৩২–২০২১) আছিল অসমৰ এগৰাকী প্ৰভাৱশালী সাহিত্যিক-সাংবাদিক, যাৰ সৃষ্টি-সাংবাদিকতা আৰু বৌদ্ধিক সক্ৰিয়তাই বিংশ শতিকাৰ শেষ আৰু একবিংশ শতিকাৰ আৰম্ভণিৰ অসমীয়া সাংস্কৃতিক জগতত দীঘলীয়া ছাপ থৈ যায়।
-
তৰুণ গগৈ
তৰুণ গগৈ (১৯৩৪–২০২০) অসমৰ সবাতোকৈ দীৰ্ঘকালীন সময় মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা ৰাজনীতিবিদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ আগশাৰীৰ নেতা। ২০০১ চনৰ পৰা ২০১৬ চনলৈ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ শাসনকাল, একেৰাহে তিনিবাৰ বিধানসভা নিৰ্বাচনী জয় আৰু মৰণোত্তৰ পদ্মভূষণ লাভ—এইবোৰে তেওঁক অসমৰ আধুনিক ৰাজনৈতিক…
-
লক্ষ্মীনন্দন বৰা
লক্ষ্মীনন্দন বৰা (১৯৩২–২০২১) অসমীয়া সাহিত্যৰ এগৰাকী বহুলপাঠ্য কথাশিল্পী, ঔপন্যাসিক আৰু শিক্ষাবিদ; ‘ৰামধেনু’ যুগত গল্পকাৰ হিচাপে তেখেতৰ সাহিত্যিক আত্মপ্ৰকাশ ঘটে।
-
এছ. পি. বালসুব্ৰমনিয়ম
শ্ৰীপতি পণ্ডিতাৰাধ্যুলা বালসুব্ৰমনিয়ম (ఎస్. పి. బాలసుబ్రహ్మణ్యం; ৪ জুন ১৯৪৬ - ২৫ ছেপ্টেম্বৰ ২০২০) জনপ্ৰিয়ভাৱে এছ. পি. বালসুব্ৰমনিয়ম, এছ. পি. বালু, এছ.পি.বি. বা বালু এগৰাকী ভাৰতীয় সংগীতজ্ঞ, নেপথ্য কণ্ঠশিল্পী, সংগীত পৰিচালক, অভিনেতা, ডাবিং শিল্পী আৰু চলচ্চিত্ৰ প্ৰযোজক।
-
শংখ ঘোষ
শংখ ঘোষ (Shankha Ghosh, জন্ম: চিত্তপ্ৰিয় ঘোষ, ৫ ফেব্ৰুৱাৰী ১৯৩২ – ২১ এপ্ৰিল ২০২১) হ'ল এজন ভাৰতীয় কবি আৰু সমালোচক। ১৯৫১ চনত তেওঁ কলিকতাৰ প্ৰেচিডেন্সী কলেজৰপৰা পূৰ্ব স্নাতক ডিগ্ৰী আৰু ১৯৫৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
-
শম্ভু গুপ্তা
শম্ভু গুপ্তা (Sambhu Gupta) এগৰাকী অসমীয়া চলচ্চিত্ৰৰ পৰিচালক, চিত্ৰনাট্যকাৰ তথা সংলাপ লেখক। তেওঁ দাৰা আহমেদৰ সৈতে যুটীয়াভাৱে দেৱী আৰু এককভাবে প্ৰেম আৰু প্ৰেম নামৰ দুখন চলচ্চিত্ৰ পৰিচালনা কৰিছিল। ক'ভিডত আক্ৰান্ত হৈ ২০২১ চনৰ ১৬ মে' তাৰিখে গুৱাহাটীৰ এপ'ল' হস্পিটেলত, ৮০ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।
-
সুন্দৰলাল বহুগুণা
সুন্দৰলাল বহুগুণা (Sunderlal Bahuguna, ৯ জানুৱাৰী ১৯২৭ – ২১ মে' ২০২১) এগৰাকী ভাৰতীয় প্ৰসিদ্ধ গড়ৱালী পৰিৱেশবিদ আৰু চিপকো আন্দোলনৰ নেতা আছিল। চিপকো আন্দোলনৰ ধাৰণাটো তেওঁৰ পত্নীৰ আছিল আৰু তেওঁ এই পদক্ষেপ লৈছিল। বহু বছৰ ধৰি তেওঁ হিমালয়ৰ অৰণ্য সংৰক্ষণৰ বাবে যুঁজ দি আহিছিল।
-
মিলখা সিং
মিলখা সিং (Milkha Singh; ২০ নম্বেৱৰ,১৯২৯ – ১৮ জুন, ২০২১) এজন ভূতপূৰ্ব ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড দৌৰবিদ। উৰন্ত শিখ (The Flying Sikh) নামেৰেও জনাজাত সিঙে ভাৰতীয় সেনাত কৰ্মৰত হৈ থাকোঁতে খেলজগতত প্ৰৱেশ কৰে।
-
এছ. আই. পদ্মাৱতী
পদ্মাৱতী শিৱৰামকৃষ্ণ আয়াৰ (২০ জুন ১৯১৭২৯ আগষ্ট ২০২০) চমুকৈ এছ. আই. পদ্মাৱতী এগৰাকী ভাৰতীয় চিকিৎসক তথা হৃদয় বিশেষজ্ঞ। তেওঁ ভাৰতৰ ৰাজধানী নতুন দিল্লীত অৱস্থিত ৰাষ্ট্ৰীয় হৃদয় প্ৰতিষ্ঠানৰ বৰ্তমান সঞ্চালক প্ৰধান।
-
ভিতালী দাস
ভিতালী দাস (Vitali Das বা Bhitali Das; ৬ জুন, ১৯৭৯ – ২১ এপ্ৰিল, ২০২১) এগৰাকী অসমীয়া সংগীত শিল্পী আছিল। ভিতালী তেওঁৰ স্মৰণীয় আৰু সুৱলা কণ্ঠৰ বাবে জনপ্ৰিয় আছিল। তেওঁ জুবিন গাৰ্গ আদি বিভিন্ন শিল্পীৰ সৈতে ৫০০০ৰো অধিক বিহু গান গাইছিল।
-
লি ৱেনলিয়াং
লি ৱেনলিয়াং (Li Wenliang; ১২ অক্টোবৰ ১৯৮৬ – ৭ ফেব্ৰুৱাৰী ২০২০) এগৰাকী চীনা চকুৰোগ বিশেষজ্ঞ আছিল। ৱুহান কেন্দ্ৰীয় চিকিৎসালয়ৰ চিকিৎসক লিয়ে ২০১৯ৰ ডিচেম্বৰত তেওঁৰ সহকৰ্মীসকলক চাৰ্চ (Severe acute respiratory syndrome) সদৃশ ৰোগ অথবা পিছলৈ COVID-19 নামেৰে চিহ্নিত হোৱা ৰোগবিধৰ সম্ভাব্য বিস্তাৰৰ বিষয়ে…
-
ৰোহিত চাৰ্দানা
ৰোহিত চাৰ্দানা (Rohit Sardana, ২২ ছেপ্টেম্বৰ ১৯৭৯ – ৩০ এপ্ৰিল ২০২১) এজন ভাৰতীয় বাতৰি সূত্ৰধাৰ, বাতৰি পৰিবেশক, সাংবাদিক তথা সম্পাদক আছিল। তেওঁ 'তাল ঠক কে' নামৰ এক কাৰ্যসূচীৰ আয়োজন কৰিছিল। এই অনুষ্ঠানত জি নিউজ টিভি চেনেলত ভাৰতৰ সমসাময়িক বিষয়বোৰৰ ওপৰত আলোচনা কৰা হৈছিল।
-
ৰোহিনী কুমাৰ বৰুৱা
ৰোহিনী কুমাৰ বৰুৱা (Rohini Kumar Barua; ) অসমৰ এজন লিখক, চিন্তাবিদ আৰু প্ৰশাসনিক বিষয়া আছিল। চাকৰি জীৱনৰপৰা অৱসৰ লোৱাৰ পাছত তেওঁ নতুন দৈনিক কাকতৰ সম্পাদক ৰূপে কৰ্মৰত আছিল।'ইণ্ডিয়া ভিউড থ্ৰু ইটচ্ নৰ্থ ইষ্ট ৱিণ্ড তেওঁৰ শেহতীয়া কিতাপ।
-
আহমেদ পেটেল
আহমেদভাই মহম্মদভাই পেটেল জনপ্ৰিয়ভাৱে আহমেদ পেটেল (Ahmed Patel, ২১ আগষ্ট ১৯৪৯ – ২৫ নৱেম্বৰ ২০২০) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিভিন্ন পদবীৰ লগতে সাংসদ হিচাপেও নিৰ্বাচিত হৈছিল। তেওঁ কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ ৰাজনৈতিক সচিব আছিল।
-
নিৰ্মল চাইনী
নিৰ্মল চাইনী (Nirmal Saini; ১০ অক্টোবৰ ১৯৩৮ – ১৩ জুন ২০২১, জন্ম নাম: নিৰ্মল কৌৰ) এগৰাকী ভাৰতীয় ভলীবল খেলুৱৈ আৰু ভাৰতৰ মহিলা ৰাষ্ট্ৰীয় ভলীবল দলৰ অধিনায়ক আছিল। নিৰ্মল চাইনী কিংবদন্তি ভাৰতীয় দৌৰবিদ মিলখা সিংৰ পত্নী আছিল।
-
বিক্ৰমজিৎ কঁৱৰপাল
বিক্ৰমজিৎ কঁৱৰপাল (২৯ আগষ্ট ১৯৬৮ – ১ মে ২০২১) এজন ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন অভিনেতা আছিল। তেওঁ এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়া আছিল। কঁৱৰপালে বহুতো চলচ্চিত্ৰ আৰু দূৰদৰ্শন ধাৰাবাহিকত সহায়কৰ ভূমিকাত অভিনয় কৰিছিল। কঁৱৰপালে ২৪ নামৰ জনপ্ৰিয় দূৰদৰ্শন ছিৰিজত অভিনেতা অনিল কাপুৰৰ সৈতে অভিনয় কৰিছিল।
-
ষ্টেন স্বামী
ষ্টেনিছ্লাছ লোউৰডুস্বামী (Stan Swamy, ২৬ এপ্ৰিল ১৯৩৭ – ৫ জুলাই ২০২১), জনপ্ৰিয়ভাবে ষ্টেন স্বামী এগৰাকী ভাৰতীয় ৰোমান কেথলিক ধৰ্মযাজক, জেচুইট আদেশৰ সদস্য, আৰু কেইবা দশক জুৰি জনজাতীয় অধিকাৰ কৰ্মী আছিল। স্বামী ভাৰতত সন্ত্ৰাসবাদৰ অভিযোগত অভিযুক্ত হোৱা আটাইতকৈ বয়সিয়াল ব্যক্তি।
-
ৰাহত ইন্দোৰী
ৰাহত কুৰেশ্বি জন্মপ্ৰিয়ভাবে ৰাহত ইন্দোৰী (১ জানুৱাৰী ১৯৫০ – ১১ আগষ্ট ২০২০) এগৰাকী উৰ্দু কবি, শ্বায়েৰ আৰু হিন্দী চলচ্চিত্ৰৰ গীতিকাৰ। তেওঁ উৰ্দু ভাষাৰ শিক্ষাবিদ আৰু এগৰাকী চিত্ৰশিল্পী হিচাপেও বিখ্যাত আছিল। তেওঁ মধ্য প্ৰদেশৰ ইন্দোৰত অৱস্থিত দেৱী অহল্যা বিশ্ববিদ্যালয়ৰ উৰ্দু সাহিত্যৰ অধ্যাপক আছিল।
-
কবৰী
ছাৰা বেগম কবৰী (বা কবৰী চৰৱাৰ; জন্মːমীনা পাল; Kabori, ১৯ জুলাই ১৯৫০-১৭ এপ্ৰিল,২০২১) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী আৰু ৰাজনীতিবিদ। তেওঁৰ উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে সুতৰাং, সাৰেং বৌ, আৱিৰ্ভাব, শত ভাই চম্পা, সুজন সখী আৰু লালন ফকীৰ। জীৱনৰ পিছৰ কালছোৱাত কবৰীয়ে ৰাজনীতিৰ লগত জড়িত হৈ পৰে।
-
পাৰুল দেৱী দাস
পাৰুল দেৱী দাস (Parul Devi Das) হ'ল অসমৰ প্ৰথমগৰাকী মহিলা আই এ এছ বিষয়া। ২০২১ চনৰ ২৬ এপ্ৰিল তাৰিখে ক'ভিড আক্ৰান্ত হৈ তেখেতৰ মৃত্যু হয়।
-
ফাটিমা জাকাৰীয়া
ফাটিমা জাকাৰীয়া (Fatima Zakaria; ১৭ ফেব্ৰুৱাৰী ১৯৩৬ – ৬ এপ্ৰিল ২০২১) আছিল 'মুম্বাই টাইমছ্' কাকতৰ সম্পাদিকা। পৰৱৰ্তী সময়ত তেখেতে 'দ্য টাইমছ অৱ ইণ্ডিয়া'ৰ দেওবৰীয়া সংখ্যাৰ সম্পাদিকা হিচাপে কাম কৰে। তাজ হোটেলৰ 'তাজ আলোচনী'ৰ সম্পাদনাৰ লগতো তেখেত জড়িত হৈছিল।