অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিক্ৰমজিৎ কঁৱৰপাল

বিক্ৰমজিৎ কঁৱৰপাল (২৯ আগষ্ট ১৯৬৮ – ১ মে ২০২১) এজন ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন অভিনেতা আছিল। তেওঁ এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়া আছিল। কঁৱৰপালে বহুতো চলচ্চিত্ৰ আৰু দূৰদৰ্শন ধাৰাবাহিকত সহায়কৰ ভূমিকাত অভিনয় কৰিছিল। কঁৱৰপালে ২৪ নামৰ জনপ্ৰিয় দূৰদৰ্শন ছিৰিজত অভিনেতা অনিল কাপুৰৰ সৈতে অভিনয় কৰিছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

বিক্ৰমজিৎ কঁৱৰপাল (২৯ আগষ্ট ১৯৬৮ – ১ মে ২০২১) এজন ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন অভিনেতা আছিল। তেওঁ এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়া আছিল। কঁৱৰপালে বহুতো চলচ্চিত্ৰ আৰু দূৰদৰ্শন ধাৰাবাহিকত সহায়কৰ ভূমিকাত অভিনয় কৰিছিল।১ কঁৱৰপালে ২৪ নামৰ জনপ্ৰিয় দূৰদৰ্শন ছিৰিজত অভিনেতা অনিল কাপুৰৰ সৈতে অভিনয় কৰিছিল।২ ২০২১ চনত তেওঁ কৰ'নাভাইৰাছ ৰোগ ২০১৯ত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।৩৪

প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ

কঁৱৰপালৰ জন্ম ভাৰতৰ হিমাচল প্ৰদেশৰ চোলানত হৈছিল। তেওঁ ১৯৬৩ চনত কীৰ্তি চক্ৰ লাভ কৰা ভাৰতীয় সেনা বিষয়া দ্বাৰকা নাথ কঁৱৰপালৰ পুত্ৰ আছিল। ১৯৮৬ চনত বিক্ৰমজিৎ কঁৱৰপালে ছানাৱাৰৰ লৰেন্স স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা সম্পূৰ্ণ কৰে আৰু ১৯৮৯ চনত তেওঁ ভাৰতীয় সেনাবাহিনীত নিযুক্ত হয়। তেওঁ ২০০২ চনত মেজৰ হিচাপে সেনাৰ পৰা অৱসৰ গ্ৰহণ কৰে। ২০০৩ চনত, তেওঁ এজন অভিনেতা হোৱাৰ শৈশৱৰ সপোন পূৰণ কৰিবলৈ বলীউডত আত্মপ্ৰকাশ কৰে আৰু পৰৱৰ্তী সময়ত কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰে।৫

তথ্যসূত্ৰ

  1. ↑ Stuti Agarwal. (4 July 2013). Malikaa's cast revealed. Times of India
  2. ↑ R.M. Vijayakar. (15 September 2014). ‘Creature 3D’ Movie Review: Elements of Novelty but Routine Overall. India-West
  3. ↑ (1 May 2021). Actor Bikramjeet Kanwarpal passes away due to Covid-19 complications. Indian Express
  4. ↑ Cyril, Grace. (May 1, 2021). Bikramjeet Kanwarpal dies of Covid-19 complications at 52. India Today
  5. ↑ (12 September 2014). क्रीचर 3डीः क्या ये फोरेस्ट गार्ड देगा बिपाशा का साथ?. Amar Ujala

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতাক'ভিড-১৯ বৈশ্বিক মহামাৰীত মৃত্যু হোৱা ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিক্ৰমজিৎ কঁৱৰপাল” প্ৰবন্ধৰ সংশোধন ৩৮২০৬৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।