নিৰ্মল চাইনী (Nirmal Saini; ১০ অক্টোবৰ ১৯৩৮ – ১৩ জুন ২০২১, জন্ম নাম: নিৰ্মল কৌৰ১) এগৰাকী ভাৰতীয় ভলীবল খেলুৱৈ আৰু ভাৰতৰ মহিলা ৰাষ্ট্ৰীয় ভলীবল দলৰ অধিনায়ক আছিল।২১ তেওঁ ১৯৬০ চনত দিল্লীৰ লেডী আৰৱিন কলেজত শাৰীৰিক শিক্ষা বিভাগৰ উপ-প্ৰশিক্ষক ৰূপে কাৰ্যনিবাহ কৰিছিল।১ পিছলৈ তেওঁ পঞ্জাব ক্ৰীড়া সংস্থাৰ সহকাৰী সঞ্চালকৰ পদত অধিষ্ঠিত হৈছিল। মিলখা সিং আছিল এই সংস্থাৰ ডেপুটি ডিৰেক্টৰ। ১৯৬৩ চনৰপৰা ১৯৮০ চনত অৱসৰ গ্ৰহণ কৰালৈকে তেওঁলোক এই পদত নিয়োজিত অছিল।৩ নিৰ্মল চাইনী কিংবদন্তি ভাৰতীয় দৌৰবিদ মিলখা সিংৰ পত্নী আছিল।১ মিলখা সিং সেৱা সংস্থাৰ নিৰ্মল সহযোগী আছিল, যি অভাৱী খেলুৱৈ আৰু শিশুৰ হকে সহায়ৰ হাত আগবঢ়াইছিল। তেওঁৰ এক ৰাজনৈতিক দৃষ্টিভংগী আছিল আৰু জীয়ৰী ডা° মনা সিঙৰ সৈতে ২০১৪ চনত আম আদমি পাৰ্টীত যোগদান কৰিছিল। অৱশ্যে পিছত তেওঁ দলত্যাগ কৰে।৩
সংক্ষিপ্ত জীৱনী
১৯৩৮ চনৰ ১০ অক্টোবৰত পঞ্জাবৰ শেইখুপুৰা (বৰ্তমান পাকিস্তানৰ অংশ) -ত তেওঁৰ জন্ম হৈছিল। দেউতাক মেহৰ চন্দ চাইনী পঞ্জাবৰ পাঠানকোটৰ ক্ষেত্ৰী পৰিয়ালৰ লোক অছিল।৩ তেওঁ ৰাজ্যিক বিভাগৰ মহিলা ক্ৰীড়া সঞ্চালক আছিল। ১৯৫৮ চনত পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
ব্যক্তিগত জীৱন
নিৰ্মল চাইনীৰ “দ্য ফ্লাইং শিখ” মিলখা সিঙৰ সৈতে প্ৰেম বিবাহ হৈছিল।৪১৯৫৬ চনত শ্ৰীলংকাত মিলখা আৰু নিৰ্মলৰ প্ৰথম দেখাদেখি হয়, য'ত নিৰ্মল ভাৰতীয় ৰাষ্ট্ৰীয় ভলীবল দলৰ অধিনায়ক হিচাপে শ্ৰীলংকাত খেলিবলৈ গৈছিল আৰু মিলখাও এখন প্ৰতিযোগিতাত ভাগ ল'বলৈ বুলি তালৈ গৈছিল। এই প্ৰথম সাক্ষাতেই প্ৰেমলৈ পৰিৱৰ্তিত হয় আৰু পৰিয়াল তথা সমাজকেন্দ্ৰিক অলেখ প্ৰতিবন্ধকতাৰ পাছতো, ১৯৬৩ চনৰ ৫ মে'৩তাৰিখে নিৰ্মল আৰু মিলখা বিবাহপাশত আৱদ্ধ হয়১ আৰু প্ৰায় ছয় দশকজোৰা এটি সুখী দাম্পত্য জীৱন অতিবাহিত কৰে।৩ নিৰ্মল গল্ফ খেলুৱৈ জীৱ মিলখা সিঙৰ মাতৃ আৰু তেওঁ চণ্ডীগড়ত বাস কৰিছিল।৫৬৭
২০২১ চনৰ ১৩ জুনত তেওঁ মোহালীত ক'ভিড-১৯ বৈশ্বিক মহামাৰীত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।৮২মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ।৩ নিৰ্মলৰ মৃত্যুৰ কিছুদিনৰ পিছতে ২০২১ চনৰ ১৮ জুন তাৰিখে তেওঁৰ স্বামী মিলখা সিঙৰো ক'ভিড সংক্ৰান্তিয় জটিলতাত মৃত্যু হয়।৯
তথ্যসূত্ৰ
- ↑ Swapnajit Kundu. (Jun 19 2021). Milkha Singh and Nirmal Kaur: The race of a lifetime. www.deccanherald.com
- ↑ Legendary sprinter Milkha Singh's wife Nirmal dies due to COVID-19 complications · Off the field News - Times of India. The Times of India
- ↑ Nitin Sharma. (June 14, 2021). Nirmal Milkha Singh dies of Covid: ‘She has been the biggest trophy for me’. indianexpress.com
- ↑ (4 November 2006). The Tribune - Magazine section - Saturday Extra. Tribuneindia.com
- ↑ Papnai, Chitra. (22 February 2009). Swinging star. The Telegraph
- ↑ "Jeev Milkha Singh," the south-asian.com June 2002
- ↑ "Carry on, Jeev," The Telegraph (Calcutta, India), 4 November 2006
- ↑ (13 June 2021). Nirmal Kaur, Milkha Singh's wife, dies after fighting Covid-19 for 3 weeks. Hindustan Times
- ↑ Nitin Sharma. (18 June 2021). Milkha Singh no more; passes away aged 91 due to COVID-19 complications. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিৰ্মল চাইনী” প্ৰবন্ধৰ সংশোধন ৪২৮৭২৮ (১৪ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।