

বিভিন্ন দেশৰ শ্ৰুতিকথাসমূহত বিভিন্ন প্ৰজাতিৰ কিংবদন্তিমূলক মূৰবিহীন পুৰুষৰ উল্লেখ পোৱা যায়। এই জীৱবোৰ পৃথিৱীৰ দুৰ্গম অঞ্চলত বাস কৰে। ইহঁতক বিভিন্ন নামেৰে জনা যায়। যেনে প্ৰাচীন গ্ৰীক শ্ৰুতিকথাত আকাফালই (akephaloi) বা ব্লেমি (Blemmyes) বুলি জনাজাত মূৰৰ নথকা জীৱবোৰৰ বুকুত মুখৰ বৈশিষ্ট্য থাকে। এইসকলক প্ৰথমে প্ৰাচীন লিবিয়া বা নীল ব্যৱস্থাৰ (এথিওপিয়া) বাসিন্দা বুলি বৰ্ণনা কৰা হৈছিল। পিছৰ পৰম্পৰাত ইহঁতৰ বাসস্থান ব্ৰিছন নদীৰ এটা বিশেষ দ্বীপত সীমাবদ্ধ কৰি ৰাখিছিল,১ বা ভাৰতলৈ স্থানান্তৰিত কৰিছিল।
গ্ৰীক কিংবদন্তিত দুই প্ৰকাৰৰ ব্লেমি উল্লেখ কৰা হৈছে: প্ৰথম বিধৰ বুকুত চকু থাকে আৰু অন্য বিধৰ কান্ধত চকু থাকে।
ব্যুৎপত্তি
"ব্লেমিজ" (Blemmyes) নামটোৰ উৎপত্তিৰ বাবে বিভিন্ন ব্যুৎপত্তি প্ৰস্তাৱ কৰা হৈছিল আৰু ইয়াৰ বুৎপত্তি অমিমাংসিত বুলি ধৰা হয়।২
প্ৰাচীন কালত ননছৰ ৫ম শতিকাৰ মহাকাব্য ডাইঅ'নিচিয়াকা (Dionysiaca) অনুসৰি ব্লেমিছ নামেৰে জনাজাত প্ৰকৃত জনগোষ্ঠীটোৰ নাম ৰজা ব্লেমিছ (Βλέμυς)ৰ নামেৰে ৰখা হৈছিল বুলি কোৱা হৈছিল যদিও এই গ্ৰন্থখনৰ লোকসকলৰ লগত মূৰহীনতাৰ বিষয়ে কোনো তথ্য জড়িত নহয়।৩৪ ১৭ শতিকাৰ চেমুৱেল ব'চাৰ্টে হিব্ৰু ভাষাৰ ব্লাই (בלי) "নথকা" আৰু মচ (מוח) "মগজু" শব্দৰ পৰা পৰা Blemmyes শব্দটো উৎপত্তি হৈছিল, যাৰ অৰ্থ হৈছে “মগজু নথকা মানুহ” (যদিও মূৰ নথকা নহয়)।৫ গ্ৰীক শব্দ ব্লেমা (βλέμμα) "চাওক, চকু ফুৰাওক" আৰু মুঅ (μύω) "চকু বন্ধ কৰক" শব্দৰ পৰা গ্ৰীক ব্যুৎপত্তিও প্ৰস্তাৱ কৰা হৈছে।৬ উলফগেং হেলকে ইয়াৰ ব্যুৎপত্তিবিজ্ঞানৰ বাবে কপটিক শব্দ যাৰ অৰ্থ হৈছে "অন্ধ" সেই শব্দটোৰ পৰা উৎপত্ত হৈছে বুলি দাবী কৰিছিল।৭
১৮৯৫ চনত লিঅ' ৰেইনিচে প্ৰস্তাৱ দিছিল যে ই বেডাউয়ে ভাষাত (বেজা ভাষা) বালামি (bálami অৰ্থাৎ "মৰুভূমিৰ মানুহ") শব্দৰ পৰা উদ্ভৱ হৈছে। যদিও এই তত্ত্বটো বহুদিনৰ পৰা অৱহেলিত হৈ ৰৈছিল,৮ বৰ্তমান এই ব্যুৎপত্তিটোৱে গ্ৰহণযোগ্যতা লাভ কৰিছে, লগতে বেজা লোকসকলক পূৰ্ৱৰ ব্লেমিৰ প্ৰকৃত বংশধৰ হিচাপে চিনাক্ত কৰা হৈছে।৯১০১১
কিংবদন্তিত
ভাৰতীয় মহাকাব্য ৰামায়ণত কবন্ধ দানৱ পেটত চকু থকা আৰু অতিৰিক্ত দীঘল বাহু থকা এবিধ মূৰহীন প্ৰাণীৰ উল্লেখ কৰা হৈছে। ৰামে মুক্তি নিদিয়ালৈকে এই ৰূপত থাকিবলৈ তেওঁক অভিশাপ দিয়া হৈছিল। চীনা ধ্ৰুপদী গ্ৰন্থ ক্লাছিক অৱ মাউণ্টেনছ এণ্ড ছিজত জিংটিয়ান (Xingtian) দেৱতাক মূৰ নথকা বুলি বৰ্ণনা কৰা হৈছে৷ জাপানী লোককথাত য়কাই (yokai) নামৰ এজন মূৰহীন মানুহক চিত্ৰিত কৰা হৈছে৷
তথ্যসূত্ৰ
- ↑ Also "Brixonte[s]", etc
- ↑ Zaborski 1989
- ↑ Nonnus, Dionysiaca, XVII, 385–397
- ↑ Derrett 2002, পৃ. 468
- ↑ Pliny. (1829). Histoire naturelle. C. L. F. Panckoucke. পৃ. 190–1
- ↑ Morié, Louis J. (1904). Les civilisations africaines: La Nubie (Éthiopie ancienne). A. Challamel. পৃ. 65
- ↑ Der Kleine Pauly I, 913, cited in Derrett 2002, পৃ. 468
- ↑ Zaborski 1989, পৃ. 172–173
- ↑ Mukarovsky, Hans G. (1987). Reinisch and Some Problems of he Study of Beja Today. Leo Reinisch: Werk und Erbe. Verlag der Österreichischen Akademie der Wissenschaften. পৃ. 130 (125–139). ISBN 9783700111498
- ↑ Updegraff, Robert T. (1988). The Blemmyes I: The Rise of the Blemmyes and the Roman Withdrawal from Nubia under Diocletian. ANRW. পৃ. 55 (44–106)
- ↑ Fleming, Harold C. (1988). Ongota: A Decisive Language in African Prehistory. Otto Harrassowitz Verlag. পৃ. 149. ISBN 9783447051248
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুণ্ডহীন মানৱ” প্ৰবন্ধৰ সংশোধন ৪৮০৬০৩ (২১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।