অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

কেকাছ

কেকাছ (ইংৰাজী: Cacus, প্ৰাচীন গ্ৰীক: Κάκος, κακός শব্দৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে বেয়া) গ্ৰীক আৰু ৰোমান শ্ৰুতিকথাত বৰ্ণিত এজন উশাহত জুই নিৰ্গত কৰিব পৰা দানৱ৷ কাহিনী মতে কেকাছ ভলকানৰ পুত্ৰ (প্লুটাৰ্কে তেওঁক হেফেইষ্টাচৰ পুত্ৰ বুলি কৈছে)।

হালনাগাদ: ১৬ ফেব্ৰুৱাৰী ২০২৫ ২৫১ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

কেকাছ (ইংৰাজী: Cacus, প্ৰাচীন গ্ৰীক: Κάκος,১ κακός শব্দৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে বেয়া) গ্ৰীক আৰু ৰোমান শ্ৰুতিকথাত বৰ্ণিত এজন উশাহত জুই নিৰ্গত কৰিব পৰা দানৱ৷ কাহিনী মতে কেকাছ ভলকানৰ পুত্ৰ (প্লুটাৰ্কে তেওঁক হেফেইষ্টাচৰ পুত্ৰ বুলি কৈছে)।২ ৰোম প্ৰতিষ্ঠাৰ পূৰ্বে এভেণ্টাইন পাহাৰত আতংকৰ সৃষ্টি কৰা বাবে হাৰকিউলিছে তেওঁক হত্যা কৰিছিল।৩

শ্ৰুতিকথা

কেকাছে ইটালীৰ ভৱিষ্যত ৰোমত থকা এটা গুহাত বাস কৰিছিল। ওচৰৰ বাসিন্দাসকলৰ বাবে কেকাছ আতংকৰ কাৰণ হৈ পৰিছিল কিয়নো ই মানুহৰ মাংস খাই জীয়াই আছিল আৰু নিজৰ গুহাৰ দুৱাৰত মানুহক মূৰবোৰ পেলাই দিছিল। অৱশেষত তেওঁক হাৰকিউলিছে হত্যা কৰে।

ছলিনাছৰ মতে কেকাছ চেলিনে নামৰ ঠাইত বাস কৰিছিল, যিটো পিছলৈ পৰ্টা ট্ৰাইজেমিনাৰ হিচাপে জনাজাত হৈছিল।৪

ইভাণ্ডাৰৰ মতে, হাৰকিউলিছে কেকাছৰ গুহাৰ ওচৰত গেৰিয়ানৰ পৰা চুৰি কৰা গৰু-ম’হবোৰ চৰাবলৈ ৰৈছিল। হাৰকিউলিছে শুই থাকোঁতে দানৱটোৱে গৰুবোৰক দেখি লোভ লাগিল আৰু তাৰে আঠটা – চাৰিটা ম’হ আৰু চাৰিটা গৰু – ঠেংত ধৰি টানি কৌশলেৰে চুৰি কৰি লৈ গ’ল। যেতিয়া হাৰকিউলিছে সাৰ পাই যাবলৈ ল’লে, তেতিয়া জন্তুবোৰে গুহাটোৰ ফালে চিঞৰিবলৈ ধৰিলে।

খঙত হাৰকিউলিছে গুহাটোৰ ফালে বিজুলি নিক্ষেপ কৰিলে। ভয়ংকৰ কেকাছে এটা বিশাল শিলৰে প্ৰৱেশদ্বাৰটো বন্ধ কৰি দিলে (যদিও কিছুমান কাহিনী মতে হাৰকিউলিছে নিজেই প্ৰৱেশদ্বাৰটো বন্ধ কৰি দিয়ে) যাৰ ফলত হাৰকিউলিছে ওপৰৰ পৰা পাহাৰৰ ওপৰত ফালি কেকাছৰ ওচৰত উপস্থিত হয়। কেকাছে জুই আৰু ধোঁৱা উলিয়াই হাৰকিউলিছক আক্ৰমণ কৰাৰ বিপৰীতে হাৰকিউলিছে গছৰ ডাল আৰু শিলেৰে প্ৰত্যাক্ৰমণ কৰে। অৱশেষত ধৈৰ্য্য হেৰুৱাই হাৰকিউলিছে আটাইতকৈ বেছি ধোঁৱা হৈ থকা ঠাইখিনিলৈ জপিয়াই পৰিল। হাৰকিউলিছে কেকাছক ধৰি ডিঙি চেপি হত্যা কৰিলে। আইনিডৰ অষ্টম কিতাপত ভাৰ্জিলৰ উল্লেখ কৰিছে যে হাৰকিউলিছে কেকাছক ইমানেই টানকৈ ধৰিলে যে কেকাছৰ চকু দুটা ওলাই আহিল আৰু ডিঙিত কোনো তেজ বাকী নাথাকিল৷

তথ্যসূত্ৰ

  1. ↑ Dionysius of Halicarnassus, Roman Antiquities, 1.39.2
  2. ↑ Plutarch, Of Love, Moralia, 18
  3. ↑ CACUS: Giant of the Land of Latium. theoi.com
  4. ↑ Solinus, Polyhistor, 1.7

সম্পৰ্কিত শ্ৰেণী

কিংবদন্তিমূলক জীৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেকাছ” প্ৰবন্ধৰ সংশোধন ৪৭৮৫৩৫ (১৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।