নং টানি (นางตานี) বা নাং টানি থাই লোককথাৰ এক নাৰী আত্মা বা উপদেৱতা (দেৱী)। লোক পৰম্পৰা অনুসৰি তেওঁক বনৰীয়া কলৰ গছত বাস কৰা এগৰাকী যুৱতীৰ ৰূপত কল্পনা কৰা হয়। এই কলগছক থাই ভাষাত ক্লুয়াই টানি বুলি জনা যায়।১
নাং টানি গছৰ সৈতে জড়িত এক প্ৰকাৰৰ অশৰীৰি নাৰী বা পৰী হিচাপে শ্ৰেণীভুক্ত কৰিব পাৰি। এই শ্ৰেণীৰ অশৰীৰিক সাধাৰণতে নাং মাই নামেৰে জনা যায়।২ কম্বোডিয়াৰ লোককথাৰ লগতে লাওছৰ জনপ্ৰিয় পৰম্পৰাতো একেধৰণৰ আত্মাৰ অস্তিত্ব আছে।
নাং টানিক ফি টানি বা ফ্ৰাই টানি বুলিও কোৱা হয়।
কিংবদন্তি
নং টানিয়ে বনৰীয়া কল গছৰ জোপাসমূহত বাস কৰে আৰু জনপ্ৰিয় চিত্ৰণত তেওঁক সেউজীয়া পৰম্পৰাগত থাই সাজ-পোছাক পিন্ধা এগৰাকী ধুনীয়া যুৱতী হিচাপে উপস্থাপন কৰা হয়।৩ অধিকাংশ সময়তে ফি টানিয়ে দেখা নিদিয়ে। কিন্তু বিশেষকৈ পূৰ্ণিমা ৰাতিত তেওঁক গছৰ পৰা ওলাই অহা দেখা যায়। তেওঁৰ দেহৰ বৰণ গছজোপাৰ লগত মিলি যোৱাকৈ সেউজীয়া। কিন্তু তেওঁৰ ওঁঠৰ ৰং পকা আইভি লাউৰ দৰে ৰঙা। তেওঁৰ চুলিকোছা ক’লা ৰঙৰ আৰু ই মেলি থোৱা অৱস্থাত থাকে। সাধাৰণতে তেওঁক থিয় হৈ থকা অৱস্থাত চিত্ৰিত কৰা হয় আৰু ভৰি দুখনে মাটি স্পৰ্শ নকৰে। অৰ্থাৎ তেওঁ শূন্যতে ভাহি থাকে। কিছুমান আধুনিক চিত্ৰণত নং টানিৰ শৰীৰৰ তলৰ অংশটোক এক বায়ৱীয় ৰূপেৰে উপস্থাপন কৰা হৈছে। তেওঁ কঁকালৰ কাপোৰখন গছৰ ডালৰ পৰা নিৰ্গত হয়।৪
টানি বসবাস কৰা জোপাৰ পৰা গছ কটাটো অশুভ বুলি গণ্য কৰা হয়। তেওঁক উদ্দেশ্যি মিঠাই, ধূপকাঠি আৰু ফুল আদি উছৰ্গা কৰা হয়। মানুহে প্ৰায়ে টানি বসবাস কৰা বুলি ধৰা কলগছজোপাৰ ডালত দীঘলীয়া ৰঙীন চাটিন কাপোৰ বান্ধি লয়।৫ ক্লুয়াই টানি প্ৰজাতিৰ কলৰ গছ খেতি কৰা জাতৰ অন্তৰ্গত নহয়। অশৰীৰিৰ সৈতে সম্পৰ্ক থকাৰ বাবে মানুহে ঘৰৰ ওচৰত এই কলগছসমূহ থকাটো পছন্দ নকৰে আৰু গাঁৱৰ চৌহদৰ ভিতৰতো ইয়াক পোৱা নাযায়। কিন্তু এই কলগছৰ জোপাসমূহ বসতিপ্ৰধান অঞ্চলৰ পৰা অলপ দূৰত, প্ৰায়ে গাঁৱৰ বাহিৰত বা পথৰ কাষত খেতি কৰা পথাৰবোৰৰ দাঁতিত পোৱা যায়। দেখাত খোৱা কলৰ দৰেই যদিও ইয়াৰ ফল খাব পৰা নহয়।৬ থাইলেণ্ডত ইয়াৰ পাত সাধাৰণতে স্থানীয়ভাৱে উৎপাদিত মিঠাইত মেৰিয়াই লোৱা হয় আৰু পৰম্পৰাগত চিকিৎসাত আলচাৰৰ চিকিৎসাৰ বাবে ফুলসমূহ ব্যৱহাৰ কৰা হয়।৭
থাইলেণ্ডৰ মৌখিক কিংবদন্তি অনুসৰি এই অশৰীৰিগৰাকীয়ে পুৰুষৰ ক্ষতি কৰিব পাৰে। বিশেষকৈ যিসকলে নাৰীৰ ওপৰত অন্যায় কৰিছে তেওঁলোকক নঙ টানিয়ে ক্ষতি কৰে বুলি বিশ্বাস কৰা হয়। কিন্তু তেওঁক সৰহভাগ সময়তে উপকাৰী বুলি গণ্য কৰা হয়। নাং টানি সাধাৰণতে কোমল স্বভাৱৰ আৰু তেওঁ পথচাৰী বৌদ্ধ ভিক্ষুসকলক খাদ্যৰ যোগান ধৰিব পাৰে।৮ বিভিন্ন আকৃতি আৰু আকাৰৰ নাং টানিৰ বৈশিষ্ট্যযুক্ত তাবিজ জনসাধাৰণৰ মাজত জনপ্ৰিয়।৯ কিছুমান লোকে নাং টানিয়ে বসবাস কৰা বুলি পৰিচিত কলৰ গছৰ ডালত দীঘলীয়া ৰেচম বান্ধে।১০
আধুনিক অভিযোজন
থাইলেণ্ডৰ কিছুমান চলচ্চিত্ৰ যেনে নাংফ্ৰাই টানি (১৯৬৭) আদি জনপ্ৰিয় ধ্ৰুপদী।১১ ১২ পৰৱৰ্তী সময়ত নাং টানি১৩ টানি থি ৰাক,১৪ মন ৰাক নাং ফ্ৰাই পঠা নাং টানি১৫ আৰু ফ্ৰাই টানি (২০০০)১৬ কেইবাখনো চলচ্চিত্ৰত নাং টানিয়ে মূল ভূমিকা পালন কৰিছে। ইয়াৰ উপৰিও তেওঁক আন আন ছবি যেনে নাং ফ্ৰাই খানং ৰাক আদিতো গুৰুত্বপূৰ্ণ ভূমিকাত অৱতাৰণা কৰা হৈছে। ১৭ থাইলেণ্ডৰ চিলভেনিয়া লাইট বাল্বৰ বিজ্ঞাপনতো টানিৰ চৰিত্ৰ দেখা যায়।১৮
এই নাৰী আত্মা থাই জনপ্ৰিয় সংস্কৃতিত অতিশয় জনপ্ৰিয়।১৯ন২০ তেওঁৰ বিষয়ে থাই কমিক বুক আৰু সাধুৰ কিতাপত কেতিয়াবা হাস্যৰসময়ভাৱেও উপস্থাপন কৰা হৈছে।২১২২২৩
তথ্যসূত্ৰ
- ↑ (19 March 2012). Banana Tree Prai Lady Ghost. Thailand-amulets.net
- ↑ MADEC, Regis. Spirits. www.thaiworldview.com
- ↑ Thailand, Types of Thai Ghosts and Spirits
- ↑ Phi Tani comic vignette
- ↑ Spirits. Thaiworldview.com
- ↑ Kluai Tani trees
- ↑ Plant use in Southern Thailand
- ↑ Phi Krahang
- ↑ Nang Tani Amulet
- ↑ Silk cloth offering around the trunk of the Kluai Tani tree
- ↑ Nang Phrai Tani movie
- ↑ Nang Phrai Tani movie poster
- ↑ Nang Tani movie
- ↑ Tani Thi Rak movie
- ↑ Monrak Nang Prai vs. Nang Tani
- ↑ thaifilmdb.com - thaifilmdb Resources and Information. www.thaifilmdb.com
- ↑ "นางพรายคะนองรัก", Nang Phrai Khanong Rak
- ↑ Eric Molina. (31 May 2007). Really Awesome Sylvania light bulb commercial
- ↑ ★ กล้วยตานี ปลายหวีเหี่ยว ~* - ❉ O r a n g e b o X ❉. orangebox.exteen.com
- ↑ Phi Tani comic vignette"Phi Tani comic vignette"
- ↑ Nang Tani cartoon
- ↑ Comic Vignette of Nang Tani
- ↑ Phi Tani book cover
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নং টানি” প্ৰবন্ধৰ সংশোধন ৪৮৯২৯৮ (৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।