অন্তাবোগা, বা কথিত ভাষাত জাভান ড্ৰেগন সৰ্প দেৱতা হৈছে জাভান আৰু সুন্দন ধৰ্মত (পিছলৈ বালি হিন্দু ধৰ্মতো গ্ৰহণ কৰা হয়) এজন সৰ্প দেৱতা। ১
নামাকৰণ
অন্তাবোগাক প্ৰথমে স্থানীয়ভাৱে "অন্তাবোগা" বুলি কোৱা হোৱা নাছিল। কিন্তু "অন্তাবোগা" নামাকৰণটো জাভানীজ পৰ্টমেণ্ট' শব্দ Antaboga পৰা উদ্ভৱ হৈছিল। (পুৰণি জাভানিজ শব্দ Anantabhoga পৰা উৎপত্তি হোৱা ) জাভা-বালিৰ হিন্দুকৰণ যুগত, সম্ভৱতঃ দুটা সংস্কৃত শব্দ যথা Āṉanta (আনন্ত, ) আৰু Bhoga ( ভোগ, )ৰ পৰা ইয়াৰ উদ্ভৱ হ'ব পাৰে।
প্ৰথমে অন্তাবোগা আছিল প্ৰাচীন কালৰ পৰা বা বিদেশী ধৰ্ম (যেনে হিন্দু, বৌদ্ধ, ইছলাম, খ্ৰীষ্টান ইত্যাদি) থলুৱা জাভান ভূমিত আগমনৰ আগৰ থলুৱা জাভানসকলৰ থেৰিঅ'লেট্ৰি ৰূপ। পৰম্পৰাগতভাৱে জাভানিজম লোক ধৰ্মীয় বিশ্বাসত পূজন কৰা থলুৱা জাভান ড্ৰেগন সাপ (Xenodermus javanicus)ৰ পৰা এই ৰূপটো আহৰণ কৰা হৈছে। স্থানীয় জাভানসকলৰ মাজত প্ৰাক-ইছলামিক যুগৰ পৰাই (ডেমাক ৰাজ্যৰ ইছলামকৰণৰ আগতে, যিটো পিছলৈ ডেমাক চুলতানেটলৈ ৰূপান্তৰিত হয়) ব্যাপকভাৱে এই পৰম্পৰা প্ৰচলিত আছিল। জাভান ড্ৰেগন সাপক পৰম্পৰাগতভাৱে পূজা কৰা হয় আৰু স্থানীয় জাভা আৰু চুণ্ডানী জনগোষ্ঠীয় সম্প্ৰদায়ৰ ভিতৰত এই সাপ আৰু পূজা উল্লেখযোগ্য মূল্যবোধ আছে।
স্থানীয় জাভানসকলৰ বিশ্বাসৰ সমলসমূহৰ ভিতৰত চুণ্ডানীজ ঐতিহাসিক প্ৰাচীন পাণ্ডুলিপি অনুসৰি উৰ্বৰতাৰ দেৱীৰ জন্মৰ বাবে অন্তাবোগা দায়ী আছিল; ইয়াৰে এটা উদাহৰণ ৱাৱাকান চুলাঞ্জনাত লিপিবদ্ধ কৰা ধৰণৰ, য’ত উল্লেখ কৰা হৈছিল যে জাভান উৰ্বৰতাৰ দেৱীৰ জন্ম অন্তাবোগাৰ চকুলোৰ পৰা হৈছিল। এই চকুলো এটা অণ্ডলৈ পৰিণত হৈছিল। ২ ৩
জাভা যুগৰ ইছলামকৰণৰ পিছত বিশেষকৈ ডেমাক ৰাজ্যৰ সমাজৰ ভিতৰত অন্তাবোগাৰ পূজা আইনগতভাৱে নিষিদ্ধ কৰা হয় আৰু তেতিয়াও নিজৰ বিশ্বাসক ধৰি ৰখা ডেমাক জাভানসকলে নিজৰ বিশ্বাস ব্যৱস্থাক জীয়াই ৰাখিবলৈ জাভাৰ পৰা বালিলৈ প্ৰব্ৰজন কৰিবলৈ আৰম্ভ কৰে। এই প্ৰব্ৰজনৰ ফলত "অন্তাবোগা"ৰ নামকৰণৰ উত্থান ঘটিছিল, যিয়ে স্থানীয় জাভাৰ লোকবিশ্বাসক হিন্দু ধৰ্মৰ সৈতে সামন্বয় ঘটাইছিল; এই নামটো বালি হিন্দু ধৰ্মৰ সাহিত্যৰ পৰাই উদ্ভৱ হৈছে বা প্ৰেৰণা লাভ কৰিছে, য'ত শেষ নাগৰ কাহিনীটোকে (ইয়াৰ এটা নাম আন্তা) পুনৰাই কোৱা হৈছে।
বালিজ হিচাপে আত্মপৰিচয় দিয়া ডেমাক জাভানসকলৰ মতে, বেদাংগ সৃষ্টিকৰ্তা বুলি বিশ্বাস কৰা জীৱ নিৰ্মাণ প্ৰক্ৰিয়াত অন্তাবোগাৰ উল্লেখযোগ্য অৱদান আছে, যাৰ পৰাই আন সকলোবোৰ সৃষ্টি হৈছিল।৪
পৌৰাণিক কাহিনী
বালিৰ হিন্দু ধৰ্মত

জাভা আৰু বালি হিন্দু ধৰ্ম ভিত্তিক পৌৰাণিক কাহিনীত অন্তাবোগাৰ দুটা সন্তান আছে, এটা মতা বাম্বাং নাগ তৎমালা আৰু এটা মাইকী দেৱী নাগাগিনি। ১ সময়ৰ আৰম্ভণিতে কেৱল অন্তাবোগাৰ অস্তিত্ব আছিল। অন্তাবোগাই ধ্যান কৰি বেদাংগ নামৰ বিশ্ব কচ্ছপৰ সৃষ্টি কৰিছিল যাৰ পৰা আন সকলোবোৰ সৃষ্টি হৈছিল। ৪
সুন্দানিজমত
সুন্দানীজ আখ্যান অনুসৰি জাভা আৰু বালিৰ ধানৰ দেৱী, দেৱী শ্ৰী ৰ জন্মৰ ক্ষেত্ৰটো অন্তাবোগাক সংযুক্ত কৰা হৈছে। ৱাৱাকান চুলাঞ্জনা ৰ মতে, অন্তাবোগাৰ চকুলোৰ পৰা সৃষ্টিহোৱা অণ্ডৰ পৰাই দেৱী শ্ৰীৰো জন্ম হৈছিল। ৫ ৬
চিত্ৰণ

জাভানীজ শিল্পত অন্তাবোগাক প্ৰায়ে মুকুট পিন্ধা সাপ হিচাপে চিত্ৰিত কৰা হয়। ঐশ্বৰিক সৰ্পৰ প্ৰতীক হিচাপে ইয়াক অলংকাৰ আৰু সজ্জাগত খোদিত শিল্পকৰ্মত প্ৰয়োগ কৰা হয়। সাধাৰণতে ই গং সজ্জাত জাভানীজ অজগৰৰ প্ৰতীক হিচাপে দেখা যায়। প্ৰাচীন বস্তুৰ শিল্পকৰ্মসমূহো সাধাৰণতে জাভানীজ অজগৰৰ মূৰ্তিৰে সজাই তোলা হয়, যেনে কেৰিছ, মন্দিৰৰ দুৱাৰ, চিৰিৰ ৰেলিং আৰু অন্যান্য জাভা অলংকাৰ আদি উল্লেখযোগ্য। ৭
তথ্যসূত্ৰ
- ↑ (24 August 2021). https://nationalgeographic.grid.id/read/132850798/mengenal-sang-hyang-antaboga-naga-dalam-mitologi-jawa-dan-baliPranata, Galih (24 August 2021). "Mengenal Sang Hyang Antaboga, Naga dalam Mitologi Jawa dan Bali" (in Indonesian). National Geographic Indonesia. Retrieved 2024-08-04
- ↑ Early Mythology – Dewi Sri. Sunda.org
- ↑ (2008-03-01). (Indonesian) Myth Nyi Pohaci/Sanghyang Asri/Dewi Sri. My.opera.com
- ↑ Tresidder. (2005-03-03). The Complete Dictionary of Symbols. Chronicle Books. পৃ. 36. ISBN 0-8118-4767-5Tresidder, Jack (2005-03-03). The Complete Dictionary of Symbols. Chronicle Books. p. 36. ISBN 0-8118-4767-5
- ↑ Early Mythology - Dewi Sri. Sunda.org
- ↑ (2008-03-01). (Indonesian) Mitos Nyi Pohaci/Sanghyang Asri/Dewi Sri. My.opera.com
- ↑ Pranata, Galih. (24 August 2021). Mengenal Sang Hyang Antaboga, Naga dalam Mitologi Jawa dan Bali. National Geographic Indonesia
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অন্তাবোগা” প্ৰবন্ধৰ সংশোধন ৪৪৮৪৪৪ (২৫ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।