অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

কুমান থং

কুমান থং (থাই: กุมารทอง) থাই লোকধৰ্মৰ এজন ঘৰুৱা দেৱতা। সঠিকভাৱে শ্ৰদ্ধা কৰিলে এই দেৱতাই গৃহস্থৰ বাবে ভাগ্য আৰু সৌভাগ্য কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়।

হালনাগাদ: ১৩ ফেব্ৰুৱাৰী ২০২৫ ৩৯৮ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ
এটা বৌদ্ধ মন্দিৰত স্মৃতি হিচাপে বিক্ৰী কৰা কুমান থং
এটা বৌদ্ধ মন্দিৰত স্মৃতি হিচাপে বিক্ৰী কৰা কুমান থংছবি: Greg Field · CC BY-SA 3.0

কুমান থং (থাই: กุมารทอง) থাই লোকধৰ্মৰ এজন ঘৰুৱা দেৱতা। সঠিকভাৱে শ্ৰদ্ধা কৰিলে এই দেৱতাই গৃহস্থৰ বাবে ভাগ্য আৰু সৌভাগ্য কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়। কুমান, বা কুমাৰ (পালি) শব্দৰ অৰ্থ হৈছে ‘সৰু ল’ৰা’ (স্ত্ৰীলিংগ: কুমাৰী) আৰু থং মানে 'সোণালী', অৰ্থাৎ “সোণালী ল’ৰা”৷

ব্যক্তিগত লাভ, সুৰক্ষা, ধন-সম্পত্তি আৰু কিছুমান ক্ষেত্ৰত ক্ষতিৰ বাবে এই সত্ত্বাবোৰক প্ৰায়ে তেওঁলোকৰ অনুগামীসকলে পূজা কৰে। এই পূজাৰ পৰা তেওঁলোকে অনুৰোধৰ ফল পায় বুলি বিশ্বাস কৰা হয়।

বিৱৰণ

কুমান থংৰ পূজা মূলসুঁতিৰ বৌদ্ধ ধৰ্মীয় প্ৰথাৰ অংশ নহয় যদিও থাইলেণ্ডত ই জনপ্ৰিয়। মূলসুঁতিৰ বৌদ্ধ ধৰ্মই এনে প্ৰথাক স্বীকৃতি নিদিয়ে। কিন্তু থাইলেণ্ডত সৰ্বপ্ৰাণবাদৰ ব্যাপক বিশ্বাসৰ বাবে কুমান থঙে বৌদ্ধ বিশ্বাসত অভিযোজিত হৈ সংমিশ্ৰিত ৰূপ পাইছিল।

উৎপত্তি

নেক্ৰোমেন্সি প্ৰথাৰ পৰা কুমান থঙৰ উৎপত্তি হৈছিল বুলি বিশ্বাস কৰা হয়। মাকৰ গৰ্ভত থকাৰ সময়তে মৃত্যু হোৱা শিশুৰ শুকান ভ্ৰুণৰ পৰা এইবোৰৰ উদ্ভৱ হয়। ডাইনীসকলৰ এই মৃত শিশুক আমন্ত্ৰণ কৰি সন্তান হিচাপে গ্ৰহণ কৰাৰ আৰু তেওঁলোকৰ প্ৰচেষ্টাত সহায় কৰিবলৈ ব্যৱহাৰ কৰাৰ ক্ষমতা আছে বুলি কোৱা হয়।

ক’লা যাদুৰ অনুশীলনকাৰীসকলে ব্যৱহাৰ কৰা প্ৰাচীন থাই পাণ্ডুলিপি (থাই: ไสยศาสตร์) অনুসৰি প্ৰথমে গৰ্ভস্থ ভ্ৰুণক মাকৰ গৰ্ভৰ পৰা অস্ত্ৰোপচাৰ কৰি উলিয়াই অনা হয়। তাৰ পিছত শিশুটিৰ মৃতদেহ কবৰস্থানলৈ লৈ গৈ কিছুমান ৰীতি-নীতি অনুষ্ঠিত কৰি কুমান থঙক আমন্ত্ৰণ কৰা হয়। ডাইনীসকলে যাদুকৰী লিপিৰ মন্ত্ৰ জপ কৰি থকাৰ সময়তে মৃতদেহটো শুকাই যোৱালৈকে পোৰা হয়। ৰীতি সম্পূৰ্ণ হোৱাৰ পিছত শুকানকৈ পোৰা মৃতদেহটোক য়া লাক নামৰ তাবিজ আৰু তকৰুটক সোণৰ পাতেৰে ঢাকিবলৈ ব্যৱহাৰ কৰা এক প্ৰকাৰৰ ৰঙেৰে ৰং কৰা হয়। এইদৰে এই দেহটোৱে “কুমান থং” নাম লাভ কৰে, যাৰ অৰ্থ হৈছে “সোণালী সৰু ল’ৰা”।

কিছুমান কুমান থং নাম মান প্ৰাই (Nam Man Prai) নামৰ মৃত শিশু বা হিংসাত্মক পৰিস্থিতিত মৃত্যু হোৱা ব্যক্তি বা অস্বাভাৱিকভাবে মৃত্যু হোৱা ব্যক্তি থুঁতৰিৰ ওচৰত মমবাতি জ্বলাই উলিওৱা এক প্ৰকাৰৰ তেলত তিয়াই থোৱা হয়।১ বৰ্তমান এই প্ৰথা কমকৈ অনুসৰণ কৰা হয়, কাৰণ পবিত্ৰ তেলৰ বাবে মানুহৰ কেঁচুৱাৰ চৰ্বি ব্যৱহাৰ কৰা হয় বাবে এই প্ৰথা এতিয়া অবৈধ। মাজে মাজে এতিয়াও বজাৰত এই প্ৰথা ব্যৱহাৰ কৰি প্ৰস্তুত কৰা বুলি দাবী কৰা কিছুমান তাবিজ পোৱা যায়। কিছু বছৰৰ আগতে এজন বিখ্যাত সন্ন্যাসীক এটি কেঁচুৱা পোৰাৰ বাবে বৌদ্ধ সংঘৰ পৰা বহিষ্কাৰ কৰা হৈছিল। তেওঁক দোষী সাব্যস্ত কৰা হয়, কিন্তু পিছলৈ মুক্তিৰ পিছতো তেওঁ সাধাৰণ ব্যক্তি হিচাপে যাদু বিদ্যা অব্যহত ৰাখিছিল।২

কুমান নী

ছোৱালী সন্তানৰ আত্মাৰ ক্ষেত্ৰত প্ৰতিমূৰ্তিটোক কুমান থং বুলি কোৱা নহয়, বৰঞ্চ কুমান নী বুলি কোৱা হয়।

সাহিত্যত

থাইলেণ্ডৰ খুন চাং খুন ফায়েনৰ কিংবদন্তিত কুমান থঙৰ কথা উল্লেখ কৰা হৈছে৷ এই কিংবদন্তিৰ মূল চৰিত্ৰ খুন ফায়েনে তেওঁৰ পত্নীৰ পেটৰ পৰা মৃত শিশু এটিক আঁতৰাই এটা কুমান থং সৃষ্টি কৰিছিল আৰু পিছলৈ তাক হত্যা কৰিছিল।৩

তথ্যসূত্ৰ

  1. ↑ Sak Yant Buddhist Tattoos, Animist Magic, Spirit Possession, (E-Book), 2010, Spencer Littlewood
  2. ↑ Farrell, James. (6 June 2008). The Hex, the Monk and the Exorcist. Chiangmai News
  3. ↑ Williams, Alex. (20 June 2013). Thailand's ghastly wards: The magic of dead fetuses. Inside Investor

সম্পৰ্কিত শ্ৰেণী

কিংবদন্তিমূলক জীৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুমান থং” প্ৰবন্ধৰ সংশোধন ৪৭৬৫১৪ (১৩ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।