অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ফিনিক্স (কিংবদন্তি)

ফিনিক্স হ'ল মূলতঃ গ্ৰীক লোকগাথাৰ এক অমৰ বা মৃত্যুহীন পক্ষী। এই পক্ষী পুনঃপৌনিকভাৱে পুনৰুজ্জীৱিত হয়। ফিনিক্স সূৰ্যৰ সৈতে সম্পৰ্কিত আৰু ইয়াৰ পূৰ্বৱৰ্তী ফিনিক্সৰ ভষ্মৰ পৰা ই নতুন জীৱন লাভ কৰে। কিছুমান কিংবদন্তিৰ মতে যে ই জুইৰ সৃষ্টি কৰি মৃত্যুবৰণ কৰে।

হালনাগাদ: ২৪ মাৰ্চ ২০২৫ ৫২৮ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ফিনিক্স হ'ল মূলতঃ গ্ৰীক লোকগাথাৰ এক অমৰ বা মৃত্যুহীন পক্ষী। এই পক্ষী পুনঃপৌনিকভাৱে পুনৰুজ্জীৱিত হয়। ফিনিক্স সূৰ্যৰ সৈতে সম্পৰ্কিত আৰু ইয়াৰ পূৰ্বৱৰ্তী ফিনিক্সৰ ভষ্মৰ পৰা ই নতুন জীৱন লাভ কৰে। কিছুমান কিংবদন্তিৰ মতে যে ই জুইৰ সৃষ্টি কৰি মৃত্যুবৰণ কৰে। কিছুসংখ্যকৰ মতে ই পুনৰ জন্ম হোৱাৰ আগতে সাধাৰণভাৱে মৃত্যুবৰণ কৰে আৰু পচি যায়। লোকসংস্কৃতিৰ অধ্যয়ন কৰা লোকসকলে ব্যৱহাৰ কৰা এক সঁজুলি 'লোক সাহিত্যৰ ম'টিফ-ইণ্ডেস্ক'ত ফিনিক্সক B32 হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।১

হেৰ'ড'টাছ আৰু ঊনবিংশ শতিকাৰ পণ্ডিতসকলে ফিনিক্সৰ উৎপত্তি প্ৰাচীন ইজিপ্ত বা মিচৰত হোৱা বুলি কয় যদিও আন পণ্ডিতসকলে প্ৰাচীন ইজিপ্তৰ গ্ৰন্থসমূহ ধ্ৰুপদী লোককথাৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে বুলি মত পোষণ কৰে। সময়ৰ লগে লগে ফিনিক্সৰ ধাৰণাটো বিয়পি পৰে আৰু ই বিভিন্ন ধৰণৰ নতুন সংযোগ লাভ কৰে। হেৰ'ড'টাছ, লুকান, প্লিনি দ্য এলডাৰ, ১ম পোপ ক্লেমেণ্ট, লেক্টেণ্টিয়াছ, অভিড, আৰু চেভিলৰ ইছিড'ৰ আদি ব্যক্তি ফিনিক্সৰ ধাৰণাটোৰ পুনৰ্কথন আৰু সম্প্ৰসাৰণত অৰিহণা যোগোৱা লোকসকলৰ ভিতৰত অন্যতম। সময়ৰ লগে লগে ফিনিক্সে ইয়াৰ মূলৰ বাহিৰলৈ বিস্তৃতি লাভ কৰি বিভিন্ন ধৰণে সাধাৰণ নবীকৰণৰ লগতে সূৰ্য্য, সময়, সাম্ৰাজ্য, অভিষেক, পুনৰুত্থান, স্বৰ্গীয় জীৱন, যীশুখ্ৰীষ্ট, মেৰী, কুমাৰীত্ব, ব্যতিক্ৰমী মানুহ, আৰু খ্ৰীষ্টান জীৱনৰ কিছুমান দিশক প্ৰতীকি ৰূপত বুজাব পাৰে। ২ কিছুমান পণ্ডিতে দাবী কৰে যে De ave phoenice কবিতাটোৱে ফিনিক্সৰ পৌৰাণিক ধাৰণাক যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ প্ৰতীক হিচাপে উপস্থাপন কৰিব পাৰে। ৩

ব্যুৎপত্তি

আধুনিক ইংৰাজী phoenix শব্দটো লেটিনৰ পৰা ইংৰাজী ভাষালৈ আহিছিল। লেটিন ফিনিক্সৰ পৰা পুৰণি ইংৰাজী (fenix) শব্দটো ধাৰলৈ লোৱাৰ জৰিয়তে এই শব্দটোৰ প্ৰথমে ইংৰাজী ভাষালৈ প্ৰৱেশ ঘটে। সময়ৰ লগে লগে এই শব্দটোৱে ইংৰাজী ভাষাত বিশেষ ব্যৱহাৰৰ বিকাশ ঘটায়। উদাহৰণস্বৰূপে, ফিনিক্স শব্দটোৱে এজন "উৎকৃষ্ট ব্যক্তি" (দ্বাদশ শতিকা), বিভিন্ন ধৰণৰ হেৰাল্ডিক প্ৰতীক (পঞ্চদশ শতিকা), আৰু এটা নক্ষত্ৰমণ্ডলৰ নামকো (১৭ শতিকা) বুজাব পাৰে। ৪

লেটিন ফিনিক্স (phoinīx) শব্দটো গ্ৰীক φοῖνιξ ৰ পৰা উদ্ভৱ হৈছে। ৫ ইয়াৰ লগতে ফিনিচিয়ান (Phoenician) শব্দটো একেটা মূলৰ পৰা অহা যেন লাগে, যাৰ অৰ্থ হৈছে ‘ৰঙা ৰঙেৰে কাম কৰাসকল’। গতিকে ফিনিক্সৰ অৰ্থ ‘ফিনিচিয়ান চৰাই’ বা ‘বেঙুনীয়া-ৰঙা চৰাই’ হ’ব পাৰে। ৬

চিত্ৰণ

কেতিয়াবা প্ৰাচীন আৰু মধ্যযুগীয় সাহিত্য আৰু মধ্যযুগীয় শিল্পত ফিনিক্সক এক প্ৰভামণ্ডলেৰে সজ্জিত হিচাপে বৰ্ণনা কৰা হয়। ই চৰাইটোৰ সৈতে সূৰ্য্যৰ সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৭ ফিনিক্সৰ আটাইতকৈ পুৰণি ছবিসমূহত এই প্ৰভাৰ প্ৰায়েই হেলিঅ'ছৰ (গ্ৰীক সূৰ্য্যদেৱতা) দৰে সাতটা ৰশ্মি থাকে। ৮ প্লিনি দ্য এলডাৰে৯ ইয়াৰ মূৰত জঁ বা পাখিৰ মুকুট থকা বুলি বৰ্ণনা কৰিছে। ১০ আনহাতে নাট্যকাৰ ইজেকিয়েলে ইয়াক মতা কুকুৰাৰ সৈতে তুলনা কৰিছে। ১১

সময়ৰ লগে লগে ফিনিক্স নিৰ্দিষ্ট ৰঙৰ সৈতে জড়িত হ’বলৈ ধৰে। সাধাৰণতে ফিনিক্সক ৰঙীন বুলি বিশ্বাস কৰা হৈছিল যদিও ইয়াৰ ৰঙৰ বিষয়ে সূত্ৰসমূহে কোনো স্পষ্ট ঐকমত প্ৰকাশ কৰা নাই। ৰোমান ইতিহাসবিদ আৰু ৰাজনীতিক টেচিটাছে মত প্ৰকাশ কৰিছিল যে ইয়াৰ ৰঙে ইয়াক আন সকলো পক্ষীৰ পৰা পৃথক কৰি তুলিছিল। ১২ কিছু লোকে কয় যে এই চৰাইটোৰ ৰং ময়ূৰৰ দৰে আছিল। অৱশ্যে হেৰ'ড'টাছে ফিনিক্সৰ ৰঙা আৰু হালধীয়া বুলি কৰা দাবী কৰা ৰূপটো আখ্যানসমূহৰ বহুকেইটা সংস্কৰণত জনপ্ৰিয়। ১৩ নাট্যকাৰ ইজেকিয়েলৰ মতে ফিনিক্সৰ ঠেং দুখন ৰঙা আৰু চকু দুটা তীক্ষ্ণ হালধীয়া। ১৪ কিন্তু ৰোমান লেখক লেক্টেণ্টিয়াছে কয় যে ইয়াৰ চকু দুটা নীলা ৰঙৰ ১৫ আৰু ইয়াৰ ঠেং দুখন গোলাপী ৰঙৰ নখেৰে সৈতে হালধীয়া-সোণালী বাকলিৰে আৱৰা। ১৬

হেৰ'ড'টাছ, প্লিনি, ছলিনাছ আৰু ফিলোষ্ট্ৰেটাছে একোটা ফিনিক্স আকাৰত ঈগলৰ সমান বুলি বৰ্ণনা কৰিছে। ১৭ কিন্তু লেক্টেণ্টিয়াছ আৰু ইজেকিয়েলে ফিনিক্স ঈগলতকৈ ডাঙৰ বুলি দাবী কৰিছে। লেক্টেণ্টিয়াছে মত প্ৰকাশ কৰে যে ই আকাৰত উটপক্ষীতকৈও ডাঙৰ। ১৮

অনুৰূপ

পণ্ডিতসকলে বিভিন্ন সংস্কৃতিত ফিনিক্সৰ অনুৰূপ পক্ষী পৰ্যবেক্ষণ কৰিছে। এই অনুৰূপসমূহৰ ভিতৰত হিন্দুসকলৰগৰুড় আৰু ভেৰুণ্ড, ৰাছিয়ান অগ্নি পক্ষী, পাৰ্চী চিমৰ্ঘ, জৰ্জিয়ানপাছকুঞ্জি, আৰবীয় আনকা, তুৰ্কী কনৰুল, তিব্বতী মে বি কাৰ্মো, চীনা ফেংহুয়াং আৰু ঝুকি, আৰু জাপানী হ'-অ' আদি উল্লেখনীয়। ১৯

তথ্যসূত্ৰ

  1. ↑ Thompson. (2001: 581)
  2. ↑ Van der Broek 1972
  3. ↑ White. (2000). Early Christian Latin Poets. ISBN 978-0415187824
  4. ↑ "phoenix, n.1". OED Online. September 2020. Oxford University Press. www.oed.com/view/Entry/142601?rskey=BIj1L3&r (accessed November 06, 2020)
  5. ↑ Barnhart 1995, পৃ. 564
  6. ↑ Van der Broek 1972
  7. ↑ Van der Broek 1972, পৃ. 233
  8. ↑ Van der Broek 1972
  9. ↑ Ancient Magic and the Supernatural in the Modern Visual and Performing Arts, edited by Filippo Carlà-Uhink, Irene Berti, 2016, p. 172
  10. ↑ Van der Broek 1972, পৃ. 233
  11. ↑ Van der Broek 1972, পৃ. 257
  12. ↑ Van der Broek 1972, পৃ. 253
  13. ↑ Van der Broek 1972, পৃ. 259
  14. ↑ Van der Broek 1972, পৃ. 257
  15. ↑ Van der Broek 1972, পৃ. 256
  16. ↑ Van der Broek 1972
  17. ↑ Van der Broek 1972, পৃ. 251
  18. ↑ Van der Broek 1972, পৃ. 252
  19. ↑ Garry El-Shamy 2005

সম্পৰ্কিত শ্ৰেণী

কিংবদন্তিমূলক জীৱলোককথাৰ জীৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফিনিক্স (কিংবদন্তি)” প্ৰবন্ধৰ সংশোধন ৪৯৬৩৬৩ (২৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।