আলমাছ (ইংৰাজী: Almas) উত্তৰ ককেছিয়ান আৰু তুৰ্কী লোককথাত বৰ্ণনা কৰা এবিধ ৰহস্যময় জীৱ৷ এই জীৱটো মধ্য এছিয়াৰ ককেছাছ, টিয়ান শ্বান আৰু পামিৰ পৰ্বতমালা আৰু পশ্চিম মংগোলিয়াৰ আলটাই পৰ্বতমালাত বাস কৰা বুলি কোৱা হয়।১২ ইয়াক আলমা (alma) বা আলমাষ্টি (almasty) বুলিও কোৱা হয়৷
ব্যুৎপত্তি
"আলমাছ" শব্দটো আৰু ইয়াৰ বহুতো ভিন্নতা মংগোলীয়, তুৰ্কী ভাষা আৰু ইৰাণী ভাষাত পোৱা যায়।৩৪
১৯৬৪ চনত পণ্ডিত পি আৰ ৰিনচেনে লিখিছিল যে "পুৰণি নামটোৰ উৎপত্তি একেবাৰে অজ্ঞাত ... আৰু ই অন্য ভাষাত অনুবাদৰ বাবে নিজকে ধাৰলৈ নিদিয়ে"।৫
এই নামটো দক্ষিণ-পশ্চিম মংগোলিয়াৰ আলমাচিন ড'বো ('আলমাচেছৰ পাহাৰ'), আলমাচিন উলান অ'লা ('আলমাচেছৰ ৰঙা পৰ্বত') আৰু ('আলমাচেছৰ ৰঙা শিল') আদি বিভিন্ন ঠাইৰ নামৰ সৈতে জড়িত।৬
অবুৰখাংগাই আৰু বায়ানখংগোৰত আলমাছসমূহৰ প্ৰতি লোকবিশ্বাসৰ ফলত তাত এই শব্দটো ব্যৱহাৰৰ নিষেধাজ্ঞাৰ আৰোপ কৰা হৈছে, সেই অঞ্চলসমূহত এই সত্তাসমূহক আখাই বুলি ক'ব পাৰি, যাৰ অৰ্থ হৈছে 'খুৰা-ভাতৃ'।৭
দাৰখাদৰ লোক পৰম্পৰাৰ ভিতৰত আলমাছ খাৰা টেংগুৱেৰ (Almas khara Tenguer) দেৱতা অৰ্থাৎ ‘অন্ধকাৰ দেৱতা আলমাছ’ আৰু উচ্চ স্থানৰ তৃণভূমি আৰু পাহাৰীয়া অৰণ্যৰ সৈতে জড়িত। ৰিনচেনৰ মতে দেৱতালৈ আগবঢ়োৱা খোৱাৰ উপযোগী বনৰীয়া শিপা আৰু বন্যপ্ৰাণীৰ মাংস হ'ব পাৰে।৮
বিৱৰণ
নিকোলাই প্ৰজেভালস্কিয়ে আলমাছক কুং-গুৰেছু ("মানুহ-জন্তু") নামৰ সৈতে সম্পৰ্কিত বুলি বৰ্ণনা কৰিছে:
"আমাক কোৱা হৈছিল যে ইয়াৰ মুখখন মানুহৰ দৰে সমতল, আৰু ই প্ৰায়ে দুখন ভৰিৰে খোজ কাঢ়ে, ইয়াৰ শৰীৰটো ডাঠ ক'লা নোমেৰে আবৃত, আৰু ভৰি দুখন বিশাল নখৰে সজ্জিত; ইয়াৰ শক্তি ভয়ংকৰ, আৰু কেৱল চিকাৰীসকলে ইয়াক আক্ৰমণ কৰিবলৈ ভয় কৰাই নহয়, ইয়াৰ বাসিন্দাসকলেও দেশৰ সেই অংশবোৰৰ নিজৰ বাসস্থান স্থাপন কৰাৰ পৰা আঁতৰি থাকে"।৯
হিনীয়ে মত প্ৰকাশ কৰিছে যে আলমাছকলৰ ৰিফিয়ান পৰ্বতমালাত বাস কৰা বুলি কোৱা কিংবদন্তি মানৱৰূপী জীৱ আৰিমাস্পিৰ সৈতে সাদৃশ্য দেখা পোৱা যায়।১০
বিজ্ঞানত
১৯৬৪ চনত ছোভিয়েট একাডেমী অৱ চাইন্সেছৰ এজন ছোভিয়েট বিজ্ঞানীয়ে প্ৰস্তাৱ দিছিল যে আলমাষ্টি এতিয়াও চাইবেৰিয়াত বাস কৰা নিয়াণ্ডাৰথেলৰ অৱশিষ্ট জনসংখ্যা হ'ব পাৰে।১১ ১৯৯২ চনত বিজ্ঞানীৰ এটা দলে ককেছাছ পৰ্বতমালাৰ আলমাছক বিচাৰি অভিযান চলায়।১২ ২০১৪ চনৰ এক অধ্যয়নত আলমাছৰ বুলি কোৱা চুলিৰ নমুনাবোৰ উৰ্ছাছ আৰ্কটছ, ইকুয়াছ কেবালাছ আৰু বছ টাউৰাছৰ দৰে প্ৰজাতিৰ পৰা লোৱা হৈছে বুলি সিদ্ধান্ত লয়৷১৩ গুটিয়েৰেজ আৰু পাইনে এই নমুনাবোৰৰ কেইবাটাও প্ৰকৃততে বাদামী ভালুক বুলি সিদ্ধান্তত উপনীত হয়।১৪
তথ্যসূত্ৰ
- ↑ Wenzel 2009, পৃ. 9-11
- ↑ Wenzel 2009, পৃ. 5
- ↑ Mayor Heaney 1993
- ↑ Ståhlberg, Sabira; Svanberg, Ingvar. (2017). Wildmen in Central Asia. Anthropos. (Academia Verlag). পৃ. 51–62
- ↑ Rinčen 1964, পৃ. 186
- ↑ Rinčen 1964, পৃ. 186
- ↑ Rinčen 1964, পৃ. 186
- ↑ Rinčen 1964, পৃ. 186–187
- ↑ Przhevalskii, Nikolai. (1876). Mongolia, the Tangut Country and the Solitudes of Northern Tibet. Sampson Low, Marston, Searle & Rivington. পৃ. 249
- ↑ Mayor Heaney 1993, পৃ. 53–54
- ↑ Sulzberger, Arthur Ochs. (18 February 1964). Soviet Scientist Believes 'Snowmen' Are Neanderthal Survivors. The New York Times. পৃ. 14
- ↑ (27 June 1992). Almasty international. The Economist
- ↑ Sykes, Bryan C.; Mullis, Rhettman A.; Hagenmuller, Christophe. (22 August 2014). Genetic analysis of hair samples attributed to yeti, bigfoot and other anomalous primates. Proceedings of the Royal Society B: Biological Sciences. পৃ. 20140161
- ↑ Gutiérrez, Eliécer; Pine, Ronald H. (16 June 2015). No need to replace an "anomalous" primate (Primates) with an "anomalous" bear (Carnivora, Ursidae). ZooKeys. পৃ. 141–154
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলমাছ” প্ৰবন্ধৰ সংশোধন ৪৮৮২৪০ (৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।