অশ্বনৰ বা চেণ্টৰ (উচ্চাৰণ: /ˈ sentɔːr, ˈsentɑːr/ SEN-tor, SEN-tar) বা হিপ্প’চেণ্টৰ (hippocentaur) বা ইক্সিঅ’নিডিয়া (Ixionidae) হৈছে গ্ৰীক পৌৰাণিক কাহিনীৰ এটা কিংবদন্তিমূলক জীৱ। ইয়াৰ মূৰ তথা দেহৰ ওপৰৰ অংশ মানুহৰ দৰে আৰু শৰীৰৰ তলৰ অংশ তথা ভৰি ঘোঁৰাৰ দৰে আৰু ই থেছালিৰ পৰ্বতত বাস কৰে।১ অন্য এটা শ্ৰুতিকথা অনুসৰি ভাতৃ লেপিথেছৰ সম্পৰ্কৰ ফালৰ পৰা ই কিংবদন্তিমূলক জনগোষ্ঠী লেপিথসকলৰৰ আত্মীয় আছিল আৰু চেণ্টাৰছৰ নামেৰে চেণ্টৰসকলৰ নাম ৰখা হৈছিল।
বহুতো গ্ৰীক শ্ৰুতিকথা অনুসৰি চেণ্টাৰছ থেছালিৰ মেগনেচিয়া আৰু পেলিয়ন পৰ্বত, এলিছৰ ফল’ই ওক গছৰ অৰণ্য আৰু দক্ষিণ লেকনিয়াৰ মালিয়ান উপদ্বীপত বাস কৰা এবিধ মুক্ত বন্য ঘোঁৰা বুলি ভবা হয়। পৰৱৰ্তী সময়ত চেণ্টাৰছক ৰোমান পৌৰাণিক কাহিনীত মধ্যযুগীয় পশুপালনৰ চিনাকি জীৱ হিচাপে উল্লেখ কৰা হয়। অশ্বনৰসমূহ আধুনিক কল্পসাহিত্যৰো এক মূল সমল হিচাপে ব্যৱহাৰ কৰা দেখা যায়।
ব্যুৎপত্তি
সাধাৰণতে গ্ৰীক শব্দ ‘কেণ্টৰ'ছ’ (kentauros)ৰ পৰা চেণ্টৰ শব্দটোৰ উৎপত্তি হৈছে বুলি এক অস্পষ্ট ধাৰণা কৰা হয়।২ গ্ৰীক পৌৰাণিক কাহিনী সম্পৰ্কীয় পেলেফেটাছৰ গ্ৰন্থ, অন ইনক্ৰিডিবল টেলছ (Περὶ ἀπίστων)ত উল্লেখ আছে “নেফেলে নামৰ এখন গাঁৱৰ পৰা অশ্বাৰোহী ধনুৰ্বিদসকলে ইক্সিয়ন ৰাজ্যত আতংকৰ সৃষ্টি কৰা ষাঁড়ৰ জাক এটাক নিৰ্মূল কৰিছিল।”৩ এই ইউহেমেৰিষ্ট কাহিনীত উল্লেখিত ‘কেন + টাউৰ'ছ’ (ken + tauros) অৰ্থাৎ ‘বিন্ধি থকা ষাঁড়’ শব্দৰ পৰাও চেণ্টৰ শব্দ উৎপত্তি হ’ব পাৰে। ইয়াৰ আন এটা সম্ভাৱ্য ব্যুৎপত্তি হৈছে “ষাঁড়-হত্যাকাৰী” (bull-slayer)।৪
শ্ৰুতিকথা
অশ্বনৰৰ সৃষ্টি
সাধাৰণতে থেছিলিৰ ৰজা ইক্সিয়ন আৰু মেঘৰ দেৱী নেফেলৰ পৰা অশ্বনৰৰ জন্ম হৈছিল বুলি কোৱা হয়।৫ কাহিনী মতে ইক্সিয়নে হেৰাৰ প্ৰতি থকা তেওঁৰ কামনা জিউছৰ আগত প্ৰকাশ কৰোতে জিউছে চক্ৰান্ত কৰি মেঘৰ পৰা হেৰাৰ এক উপমা তৈয়াৰ কৰিছিল, সেয়াই আছিল নেফেলে। এই নেফেলে আৰু ইক্সিয়নৰ সম্পৰ্কৰ পৰাই অশ্বনৰৰ সৃষ্টি হয়।৬ অন্য এক কাহিনীমতে অৱশ্যে চেণ্টৰছৰ নামৰ এজন লোকে মেগনেছিয়ান মাইকী ঘোঁৰাৰ সৈতে সংগম কৰাৰ ফলত জন্ম হোৱা সন্তানসকলকে চেণ্টৰ বা অশ্বনৰ বুলি কোৱা হয়। এই চেণ্টৰছ হয়তো ইক্সিয়ন আৰু নেফেলৰ পুত্ৰ নাইবা এপ'ল' আৰু অপেশ্বৰ ষ্টিলবেৰ পুত্ৰ আছিল। কাহিনীটোৰ পিছৰ সংস্কৰণত লেপিথছৰ পূৰ্বপুৰুষ লেপিথেছ আছিল চেণ্টৰছৰ যমজ ভাতৃ।
অশ্বনৰৰ আন এটা জনগোষ্ঠী চাইপ্ৰাছত বাস কৰিছিল বুলি কোৱা হৈছিল। ননছৰ মতে চাইপ্ৰিয়ান অশ্বনৰসকলৰ পিতৃ আছিল জিউছ, যিয়ে আফ্ৰডাইটে তেওঁক কৰা প্ৰত্যাখানৰ বাবে হতাশাত ভূগি সেই দেশৰ মাটিত নিজৰ বীজ ঢালি দিছিল। মূল ভূখণ্ড গ্ৰীচৰ অশ্বনৰসকল সৈতে চাইপ্ৰিয়ান অশ্বনৰসকল কিছু পৃথক আছিল, এই অশ্বনৰসকলৰ ষাঁড়ৰ দৰে শিং আছিল।৭৮
লামোছ নদীৰ বাৰটা গাঁৱলীয়া ডাইমোন (আত্মা) লামিয়ান ফেৰেছ (Lamian Pheres) আছিল। জিউছে তেওঁলোকক কেঁচুৱা ডাইঅ’নিছছক হেৰাৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিবলৈ পহৰা দিয়া কাৰ্যত নিয়োগ কৰিছিল, কিন্তু ক্ৰোধিত হেৰাদেৱীয়ে তেওঁলোকক চাইপ্ৰিয়ান অশ্বনৰৰ সৈতে সম্পৰ্কহীন ষাঁড়ৰ শিঙযুক্ত অশ্বনৰলৈ ৰূপান্তৰিত কৰিছিল। পিছলৈ এই লামিয়ান ফেৰেছসকলে ডাইঅ'নিছছৰ সৈতে লগ লাগি ভাৰতীয়ৰ বিৰুদ্ধে অভিযান চলাইছিল।৯
অশ্বনৰৰ এই অৰ্ধমানুহ, অৰ্ধ ঘোঁৰাৰ অৱয়ব লগতে লেপিথ (তেওঁলোকৰ আত্মীয়)ৰ সৈতে হোৱা যুদ্ধত তেওঁলোকৰ বন্য প্ৰকৃতি আৰু ইয়াৰ বিপৰীতে চিৰনৰ দৰে শিক্ষক, এই দুয়োটা প্ৰকৃতিৰ সমন্বয় বহু লেখকক অশ্বনৰসমূহ লিমিনেল সত্তা (Liminal beings) হিচাপে গণ্য কৰিবলৈ বাধ্য কৰাইছে।১০
চেণ্টাৰমেচি
অশ্বনৰসকল তেওঁলোকৰ ভাতৃ লেপিথসকলৰ সৈতে কৰা যুদ্ধৰ বাবে বেছিকৈ পৰিচিত পৰিছিল। লেপিথাইৰ ৰজা আৰু ইক্সিয়নৰ পুত্ৰ পিৰিথাউছৰ সৈতে হিপ’ডামিয়াৰ বিবাহৰ দিনটোতে অশ্বনৰসকলে হিপ’ডামিয়া আৰু বাকী লেপিথ মহিলাসকলক হৰণ কৰি লৈ যোৱাৰ বাবেই চেণ্টাৰমেচি নামৰ এই যুদ্ধখনৰ সংঘটিত হৈছিল। সেই সময়ত তাত উপস্থিত থকা নায়ক আৰু চহৰৰ প্ৰতিষ্ঠাপক থিছিয়াছে যুদ্ধত পিৰিথাউছক সহায় কৰি লেপিথসকলৰ সপক্ষে যুদ্ধ কৰিছিল। যুদ্ধত অশ্বনৰসকল খেদি পঠিওৱা বা ধ্বংস কৰা হৈছিল।১১১২১৩ আন এজন অস্ত্ৰ চালনা কৰিবলৈ অক্ষম হৈ পৰা লেপিথ নায়ক কেনিয়াছক অশ্বনৰসকলে শিল আৰু গছৰ ডাল হাতত লৈ পৃথিৱীত প্ৰহাৰ কৰিছিল। এলিজাবেথ লৰেন্সে তেওঁৰ প্ৰবন্ধ “দ্য চেণ্টৰ: ইট্ছ হিষ্ট্ৰী এণ্ড মিনিং ইন হিউমেন কালচাৰ”ত দাবী কৰিছে যে অশ্বনৰ আৰু লেপিথৰ মাজৰ প্ৰতিযোগিতা হৈছে সভ্যতা আৰু বৰ্বৰতাৰ মাজৰ সংগ্ৰামৰ এক আৰ্হিস্বৰূপ।১৪

চেণ্টাৰমেচিক যুদ্ধক ফিডিয়াছৰ মেট’পছ অৱ দ্যা পাৰ্থেনন (metopes of the Parthenon) আৰু মাইকেল এঞ্জেলোৰ বেটেল অৱ দ্যা চেণ্টৰছ (Battle of the Centaurs)ত সুন্দৰকৈ চিত্ৰায়িত কৰা হৈছে।
অশ্বনাৰী
আদি গ্ৰীক সাহিত্য আৰু সংস্কৃতিত চেণ্টৰাইড বা চেণ্টাৰেছেছ বা অশ্বনাৰী সম্পৰ্কে কোনো উল্লেখ পোৱা নাযায়। ইয়াৰ পিছৰ কালত মাজে মাজে অশ্বনাৰীৰ বিৱৰণ পোৱা যায়। অশ্বনাৰীৰ অন্যতম উদাহৰণ হৈছে খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰ এটা মেচিডোনিয়ান মোজাইক শিল্পত থকা অশ্বনাৰীৰ চিত্ৰ।১৫ লেপিথসকলৰ সৈতে হোৱা যুদ্ধত স্বামী চিলাৰাছক হত্যা কৰাৰ বাবে আত্মহত্যা কৰা হাইল’নম নামৰ এগৰাকী অশ্বনাৰী কথা ৰোমান কবি অভিডৰ লেখনিত পোৱা যায়।১৬
তথ্যসূত্ৰ
- ↑ Definition of centaur by Merriam-Webster. merriam-webster.com. Merriam-Webster.com Dictionary
- ↑ Scobie, Alex. (1978). The Origins of 'Centaurs'. Folklore. পৃ. 142–147 Scobie quotes Nilsson, Martin P. (1955). Geschichte der griechischen Religion
- ↑ Scobie 1978, পৃ. 142
- ↑ Alexander Hislop, in his polemic The Two Babylons: Papal Worship Revealed to be the Worship of Nimrod and His Wife. (1853, revised 1858) theorized that the word is derived from the Semitic Kohen and "tor" (to go round) via phonetic shift the less prominent Consonants being lost over time, with it developing into KhenTor or Ken-Tor, and being transliterated phonetically into Ionian as Kentaur, but this is not accepted by any modern philologist
- ↑ Nash, Harvey. (June 1984). The Centaur's Origin: A Psychological Perspective. The Classical World. পৃ. 273–291
- ↑ Alexander, Jonathann. Tzetzes, Chiliades 9. Theoi.com. Theoi Project
- ↑ Nonnus, Dionysiaca 5.611 ff., 14.193 ff. & 32.65 ff
- ↑ CYPRIAN CENTAURS (Kentauroi Kyprioi) - Half-Horse Men of Greek Mythology. www.theoi.com
- ↑ LAMIAN PHERES - Centaurs of Dionysus in Greek Mythology. www.theoi.com
- ↑ Chiron · Greek mythology · Britannica. www.britannica.com
- ↑ Plutarch, Theseus 30
- ↑ Ovid, Metamorphoses 12.210
- ↑ Diodorus Siculusiv. pp. 69-70
- ↑ Lawrence, Elizabeth Atwood. (1994). The Centaur: Its History and Meaning in Human Culture. Journal of Popular Culture. পৃ. 58
- ↑ Pella Archaeological Museum
- ↑ Ovid, Metamorphoses 12.210 ff
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অশ্বনৰ” প্ৰবন্ধৰ সংশোধন ৬৩১৭৫৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।