কবিতা
৫১ প্ৰবন্ধ
-
পাৰিপাৰ্শ্বিক কবিতা
পাৰিপাৰ্শ্বিক কবিতা (২০২৩, ইংৰাজী: Pariparshik Kabita) অসমীয়া পাৰিপাৰ্শ্বিক কবিতাৰ এখন সংকলন। সংকলনখনৰ সম্পাদক কবি, অনুবাদক আৰু লেখক প্ৰকল্প ৰঞ্জন ভাগৱতী।
-
পুনশ্চ (কাব্য সংকলন)
পুনশ্চ হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত এখন কাব্য সংকলন। এইখন কাব্য সংকলন ১৯৩২ চনত প্ৰকাশিত হৈছিল। এই কাব্য সংকলনৰ অন্তৰ্গত কবিতাসমূহৰ যোগেদি তেওঁ মানৱ জীৱন আৰু মৃত্যু সম্পৰ্কীয় মানুহৰ সমস্যাসমূহ ব্যক্ত কৰিছিল। এই কাব্য সংকলনখনত মুঠ ৫০টা কবিতা আছে।
-
বলধাৰোহী
বলধাৰোহী (ইংৰাজী: Baladharohi) (২০২১) প্ৰকল্প ৰঞ্জন ভাগৱতীৰ একমাত্ৰ অসমীয়া কবিতা-সংকলন। ২০২১ চনৰ জানুৱাৰী মাহত অসম পাবলিচিং কোম্পানীয়ে সংকলনটি প্ৰকাশ কৰে।
-
বিক্ৰমাৰ্জুন বিজয়
বিক্ৰমাৰ্জুন বিজয় (কন্নড়: ವಿಕ್ರಮಾರ್ಜುನ ವಿಜಯ; ইংৰাজী: Vikramarjuna Vijaya) (অৰ্থাৎ 'পৰাক্ৰমী অৰ্জুনৰ বিজয়'), যাক পম্প ভাৰত বুলিও জনা যায়, হৈছে ১০ম শতিকাৰ জৈন কবি আদিকবি পম্পাৰ (৯০২–৯৭৫ খ্ৰীষ্টাব্দ) এক ধ্ৰুপদী কৃতি। ই কন্নড় ভাষাত ৰচিত মহান মহাকাব্য মহাভাৰতৰ এক জৈন সংস্কৰণ।
-
মছনবী
মছনবী ( Masnavi; পাৰ্চী: مثنوی معنوی) হৈছে ৰুমিয়ে লিখা এখন বিস্তৃত পাৰ্চী মছনৱী (এটা কাব্য সংকলন) আৰু চুফীবাদৰ ইতিহাসত এখন অন্যতম প্ৰভাৱশালী গ্ৰন্থ। ই ছখন কবিতাৰ এটি গ্ৰন্থ শৃংখলা যি একেলগে প্ৰায় ২৫,০০০ পদ বা ৫০,০০০ শাৰীৰে গঠিত।
-
যুদ্ধভূমিৰ কবিতা
যুদ্ধভূমিৰ কবিতা (Yudhabhumir Kabita) কিতাপখন সাহিত্য অকাডেমি বঁটা বিজয়ী কবি সমীৰ তাঁতীৰ প্ৰথমখন কাব্য সংকলন। সংকলনটিত কবিৰ ৫৩টা কবিতা সংকলিত হৈছে। সংকলনটি ১৯৮৫ চনৰ এপ্ৰিল মাহত প্ৰথমবাৰৰ বাবে প্ৰকাশ হৈছিল। ২০০৩ চনৰ জানুৱাৰী মাহত ইয়াৰ পুনৰ মুদ্ৰণ হয়। ৮৪ পৃষ্ঠাৰ এই কিতাপখনৰ দাম ৩৩ টকা।
-
অৰুন্ধতী (মহাকাব্য)
অৰুন্ধতী (Arundhatī) (১৯৯৪) হৈছে ১৯৯৪ চনত জগতগুৰু ৰামভদ্ৰাচাৰ্য (১৯৫০–)ৰ দ্বাৰা ৰচিত এখন হিন্দী মহাকাব্যিক কবিতা (মহাকাব্য)। ই ১৫টা সৰ্গত বিভক্ত ১২৭৯টা শ্লোকৰ সমষ্টি। এই কবিতাটোত বিভিন্ন হিন্দু শাস্ত্ৰত পোৱা দম্পতী অৰুন্ধতী আৰু বশিষ্ঠৰ আখ্যান উপস্থাপন কৰা হৈছে।
-
অ’ ফ’ৰছ্যোনা
অ’ ফ’ৰছ্যোনা (O Fortuna) ১৩শ শতিকাৰ আৰম্ভনিতে লিখিত এটি মধ্যযুগীয় লেটিন বিদ্ৰূপাত্মক পদ্য যি কাৰমিনা বুৰাণা বোলা ২৫৪টি পদ্যসমষ্টিৰ অন্তৰ্গত। এই পদ্যটিৰ মাধ্যমেৰে নিয়তি আৰু ৰোমান ভাগ্যদেৱী ফ'ৰছ্যোনাক বিদ্ৰূপ কৰা হৈছে। ১৯৩৫-৩৬ চনত অ’ ফ’ৰছ্যোনা ৰ বাবে জাৰ্মান সংগীতজ্ঞ কাৰ্ল ওৰ্ফে সংগীত ৰচনা কৰে।
-
আজিও আহিছিল অৰণ্যখন
আজিও আহিছিল অৰণ্যখন (ইংৰাজী: Ajio Ahisil Aranyakhan) অসমীয়া পাৰিপাৰ্শ্বিক কবিতাৰ এখন সংকলন৷ সংকলনখনৰ কবি সত্যজিৎ গগৈ৷
-
কবিতা (আলোচনী)
কবিতা (ইংৰাজী: Kabita) অসমীয়া আৰু ইংৰাজী ভাষাত প্ৰকাশিত এখন কবিতা বিষয়ক দুমহীয়া আলোচনী। প্ৰথম সংখ্যাটোৰপৰা অসমৰ কাব্য-জগতত চিন্তা আৰু ৰুচিৰ দিশেৰে এক উচ্চ আৰ্হি স্থাপন কৰিবলৈ সক্ষম হোৱা আলোচনীখন কেৱল সাতটা সংখ্যা প্ৰকাশ পাই বন্ধ হৈ যায়।
-
কালী দ্য মাদাৰ (কবিতা)
"কালী দ্য মাদাৰ" হিন্দু সন্ন্যাসী স্বামী বিবেকানন্দৰ এটি কবিতা। ১৮৯৮ চনৰ ২৪ ছেপ্টেম্বৰত বিবেকানন্দই এই কবিতাটো লিখিছিল, যেতিয়া তেওঁ কাশ্মীৰৰ শ্ৰীনগৰৰ দল হ্ৰদত গৃহনাওত উঠি বহি আছিল। এই কবিতাৰ মাধ্যমেৰে তেওঁ কালী দেৱীক পূজা কৰিছিল।
-
চেফা
চেফা (ইংৰাজী: Sepha; থাই: เสภา) হ’ল থাই কাব্যিক কাহিনী কথনৰ এটা ধাৰা। ইয়াৰ উৎপত্তি হৈছিল ভ্ৰাম্যমাণ গায়কসকলৰ পৰা, যিসকলে দুডাল সৰু কাঠৰ টুকুৰা (যাক থাই ভাষাত ক্ৰাপ চেফা আৰু খামেৰ ভাষাত ক্ৰাপ চমল বুলি কোৱা হয়) ব্যৱহাৰ কৰি ছন্দ আৰু গুৰুত্ব প্ৰদান কৰি আবৃত্তি কৰিছিল।
-
জাপানী কবিতা
জাপানী কবিতা নীলমণি ফুকনৰ দ্বাৰা অনুদিত জাপানী কবিতাৰ এখন সংকলন৷ গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ১৯৭০ চনত৷ গ্ৰন্থখনৰ ভূমিকা লিখিছে ড° হীৰেন গোহাঁয়ে৷ জাপানৰ প্ৰতিনিধিত্বমূলক কেইজনমান কবিৰ চুটি চুটি কবিতা এইখন গ্ৰন্থত সংকলিত হৈছে৷
-
নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা
নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা (Nilomani Phookanar Xampurna Kabita) হৈছে অসমৰ জ্ঞানপীঠ বঁটা বিজয়ী কবি-সাহিত্যিক নীলমণি ফুকনৰ দ্বাৰা লিপিবদ্ধ কবিতাৰ একত্ৰ সংকলন৷ এই সংকলনত কবিৰ আটাইবোৰ কবিতা সংৰক্ষিত হৈছে৷ ২০০৬ চনত অৰ্থাৎ সংস্কৰণে সম্পূৰ্ণ কবিতা নামেৰে প্ৰকাশিত কৰা এই সংকলকখন আঁক-বাক প্ৰকাশনে ২০১৩ চনত…
-
পুগাত
পুগাত (ইংৰাজী: Puġat বা Pughat; উগাৰিটিক: 𐎔𐎙𐎚; ৰোমানীকৃত: pġt, Virolleaud, যেনে 2:15: মহিলাৰ ব্যক্তিগত নাম Puʿah-ৰ সৈতে সংযোগ) কানান ধৰ্মত আখাত কাহিনীৰ উগাৰিটিক কবিতাৰ এটা চৰিত্ৰ।
-
বিৰুদ্ধ-কবিতা
বিৰুদ্ধ-কবিতা ( Anti-poetry), সাধাৰণতে প্ৰচলিত কবিতাৰ পৰম্পৰাগত নীতি-নিয়মবোৰ ভংগ কৰাৰ পোষকতা কৰা এক সাহিত্যিক আন্দোলন। বিৰুদ্ধ-কবিতাৰ প্ৰাৰম্ভিক সমৰ্থকসকলৰ ভিতৰত আছে চিলিৰ নিকান'ৰ পাৰা আৰু গ্ৰীকৰ ইলিয়াছ পেট্ৰ'পুলাছ।
-
মাষ্টাৰ মিত্ৰসেন
মিত্ৰসেন থাপা মগৰ (২৯ ডিচেম্বৰ ১৮৯৫ – ৭ এপ্ৰিল ১৯৪৬), জনপ্ৰিয়ভাৱে মাষ্টাৰ মিত্ৰসেন নামেৰে পৰিচিত, ভাৰতৰ ধৰ্মশালাৰ নেপালী লোকসংগীতৰ এজন গায়ক আৰু গীতিকাৰ আছিল। তেওঁ নাট্যকাৰ আৰু সমাজকৰ্মীও আছিল।
-
সঞ্চয়ন
সঞ্চয়ন অসমীয়া কবিতাৰ নিৰ্বাচিত সঙ্কলন৷ সঙ্কলটোৰ সম্পাদক মহেশ্বৰ নেওগ৷ প্ৰথম প্ৰকাশ হয় ১৯৭১ চনত৷
-
সাগৰ দেখিছা (কবিতা সংকলন)
সাগৰ দেখিছা(Sagar Dekhisa) হৈছে দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্য গ্ৰন্থ। এই কবিতা সংকলনখন স্বাধীনতাৰ পিছত(১৯৪৮ চনত) প্ৰকাশ হৈছে যদিও, সৰহভাগ কবিতাই দ্বিতীয় বিশ্বযুদ্ধৰ আগতে ৰচনা কৰা হৈছিল। গ্ৰন্থ আকাৰে প্ৰকাশ হোৱাৰ পূৰ্বে ইয়াৰ প্ৰায়বিলাক কবিতা 'আৱাহন'ত প্ৰকাশিত হৈছিল।
-
ৰশ্মিৰথী
ৰশ্মিৰথী (Rashmirathi) (অৰ্থাৎ 'পোহৰৰ ৰথৰ আৰোহী'; 'ৰশ্মি' মানে পোহৰৰ ৰশ্মি আৰু 'ৰথী' মানে ৰথ চলোৱা জন) হৈছে ১৯৫২ চনত কবি ৰামধাৰী সিং দিনকৰৰ দ্বাৰা ৰচিত এটা হিন্দী মহাকাব্যিক কবিতা। এই কবিতাটোত হিন্দু মহাকাব্য মহাভাৰতৰ অন্যতম কেন্দ্ৰীয় চৰিত্ৰ কৰ্ণৰ কাহিনী বৰ্ণনা কৰা হৈছে।
-
ৰাজনৈতিক কবিতা
ৰাজনৈতিক কবিতাই (Political Poetry) ৰাজনীতি আৰু কবিতাক একত্ৰিত কৰে। ডেভিদ অৰৰ "দ্য পলিটিক্স অৱ পয়েট্ৰি"ৰ মতে, কবিতা আৰু ৰাজনীতি প্ৰকাশ আৰু অনুভূতিৰ জৰিয়তে সংযোগ ঘটায়, যদিও দুয়োটাই ব্যাখ্যাযোগ্য বিষয়। ৰাজনৈতিক কবিতাই মানুহৰ অনুভূতিৰ লগত সংযোগ ঘটায়, আৰু ৰাজনীতিয়ে সাম্প্ৰতিক ঘটনাৰ লগত সংযোগ কৰে।