অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বিৰুদ্ধ-কবিতা

বিৰুদ্ধ-কবিতা ( Anti-poetry), সাধাৰণতে প্ৰচলিত কবিতাৰ পৰম্পৰাগত নীতি-নিয়মবোৰ ভংগ কৰাৰ পোষকতা কৰা এক সাহিত্যিক আন্দোলন। বিৰুদ্ধ-কবিতাৰ প্ৰাৰম্ভিক সমৰ্থকসকলৰ ভিতৰত আছে চিলিৰ নিকান'ৰ পাৰা আৰু গ্ৰীকৰ ইলিয়াছ পেট্ৰ'পুলাছ।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ২৮৮ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

বিৰুদ্ধ-কবিতা ( Anti-poetry), সাধাৰণতে প্ৰচলিত কবিতাৰ পৰম্পৰাগত নীতি-নিয়মবোৰ ভংগ কৰাৰ পোষকতা কৰা এক সাহিত্যিক আন্দোলন। বিৰুদ্ধ-কবিতাৰ প্ৰাৰম্ভিক সমৰ্থকসকলৰ ভিতৰত আছে চিলিৰ নিকান'ৰ পাৰা১ আৰু গ্ৰীকৰ ইলিয়াছ পেট্ৰ'পুলাছ।২

বিৰুদ্ধ-কবিতাৰ পিতৃ হিচাপে পৰিচিত পাৰাই, পদ্যই ৰহস্যময় শক্তি ধাৰণ কৰে বুলি থকা গতানুগতিক বিশ্বাসক নাকচ কৰি ১৯৫৪ চনত তেওঁৰ প্ৰথম বিৰুদ্ধ-কবিতা সংকলন প্ৰকাশ কৰে,৩ তেওঁৰ কবিতাসমূহক গদ্যৰ দৰে, অনাদৰ আৰু মানৱ অস্তিত্বৰ চিন্তাক আলোকিত কৰা বুলি বৰ্ণনা কৰা হৈছে।৪

পেট্ৰ’পুলাছে তেওঁৰ বাৰ্লিন নোটবুকত বিৰুদ্ধ-কবিতা কলাৰ বৰ্ণনা কৰিব বিচাৰিছিল, য’ত তেওঁ ইচ্ছাকৃতভাৱে কৰা গদ্য, ব্যাকৰণ আৰু ছন্দৰ ভুল সন্নিবিষ্ট আছিল। তেওঁৰ বহু কবিতাৰ প্ৰেৰণা আছিল, তেওঁ বাস কৰা দেৱালেৰে বিভক্ত বাৰ্লিনৰ কঠিন পৰিৱেশ। পেট্ৰ'পুলাছে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিল যে প্ৰেম আৰু কামনাক কেন্দ্ৰ কৰি ৰচিত কবিতা আধুনিক সাহিত্যৰ বাবে অতি কোমল। সেয়ে, আৱেগ-বিৰোধী অনুভূতি সন্নিবিষ্ট কৰা বিৰুদ্ধ-কবিতাৰ সময় আহি পৰিছে।৫

প্ৰাৰম্ভিক ইতিহাস

খ্ৰীষ্টপূৰ্ব ৫ম শতিকাৰ সময়ছোৱাত মাইম নামৰ নাট্য স্কেচবোৰৰ প্ৰৱৰ্তন হৈছিল এনে ধাৰণা আৰু ভাষাৰ সৈতে যিবোৰক এণ্টি-প্লে বুলি নিৰ্ধাৰণ কৰা হৈছিল এনেকুৱা সময়ো আহিছিল যেতিয়া কবিসকলে নিজৰ কবিতাৰ বিৰুদ্ধে বিৰোধীৰ ৰূপত থিয় দিছিল। ইটালীৰ প্ৰথম কবিসকলৰ পৰা আৰু লগতে (ডান্টে, তাৰ পিছত পেট্ৰাৰ্ক) লগতে ইউৰোপৰ আন কিছুমান ঠাইৰ পৰা বিৰুদ্ধ-কবিতা বিচাৰি পোৱা আৰু তেনে কবিতাৰ উদ্ধৃতি দিব পাৰি। তেওঁলোকে লেটিন ভাষাতকৈ স্থানীয় ভাষাত পদ্য ৰচনা কৰাৰ সিদ্ধান্ত লৈছিল; তেওঁলোকে কাব্যবিৰোধী আচৰণ কৰিছিল। বহু নাট্যকাৰৰ মাজত উইলিয়াম শ্বেক্সপীয়েৰ আৰু মলিয়েৰ দুয়োকে তেওঁলোকৰ পদ্য নাটকৰ মাজত বিৰুদ্ধ কবিতাক ঠাই দিয়া দুজন নাট্যকাৰ হিচাপে উল্লেখ কৰিব পাৰি৷৫

আধুনিক বিৰুদ্ধ কবিতা

একবিংশ শতিকাত বিৰুদ্ধ-কবিতাক তুলি অনা হৈছে। আধুনিক বিৰুদ্ধ-কবিতাই প্ৰাচীন লেখকসকলৰ দৰেই মনোভাৱ কঢ়িয়াই লৈ ফুৰে যদিও এতিয়া ই স্বকীয় প্ৰকৃতিৰ। আধুনিক বিৰুদ্ধ-কবিতাত বিৰাম চিহ্নৰ প্ৰয়োগ ন্যূনতম আৰু প্ৰয়োজন অনুসৰিহে ব্যৱহাৰ কৰা হয়। ফৰ্মেটিং আৰু কেপিটেলাইজেচন সহজ আৰু পঢ়িবলৈ সহজ। তদুপৰি ইয়াত নতুন শব্দভাণ্ডাৰ সন্নিবিষ্ট কৰা হৈছে আৰু কাব্যিক প্ৰতিচ্ছবি আৰু দৃশ্যৰ চিত্ৰণ কৰা হৈছে।

বিৰুদ্ধ-কবিতাৰ পঠন শৈলী

DADA আৰু পৰিৱেশ্য কবিতাৰ পৰা প্ৰেৰণা লৈ বিৰুদ্ধ-কবিতাৰ পঠন পৰিৱেশনে চেক গণৰাজ্যৰ প্ৰাগত গতি লাভ কৰিছে।৬৭ প্ৰাগ ভিত্তিক পৰিৱেশন আৰু কবিতাবিজ্ঞানৰ সংকলন অৱজেক্ট:পাৰাডাইজ, ২০১৯ চনত টাইকো চেই আৰম্ভ কৰিছিল "কবিতা পাঠক অধিক অন্তৰ্ভুক্ত আৰু আন্তঃশাখা আৰু আৰ্ট কেফে আৰু টাৰ্টেলনেকত কম সীমাবদ্ধ" কৰাৰ লক্ষ্যৰে।৮৯ তেতিয়াৰ পৰাই এই গোটটোৱে পৰিৱেশ্য কবিতাৰ অনুষ্ঠান আয়োজন কৰি আহিছে, য'ত একে সময়তে ঘটা বিভিন্ন শাখাৰ বৈশিষ্ট্য থাকে যাতে "কবিতা পঢ়াৰ বাহিৰেও কবিতা পাঠত ঘটা সকলো কথা" উজ্জ্বল কৰি তোলা হয়।১০১১১২

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Nicanor Parra · Latin-American poet · Britannica. www.britannica.com
  2. ↑ Taylor, John. (Summer 2009). Poetry Today: The Art of Antipoetry. Antioch Review. পৃ. 594-601
  3. ↑ Parra, Nicanor. (1954). Poemas y antipoemas. Cátedra. ISBN 8437607779
  4. ↑ "Parra, Nicanor: INTRODUCTION." Poetry Criticism. Ed. David Galens. Vol. 39. Thomson Gale, 2002. www.enotes.com/topics/nicanor-parra/critical-ess
  5. ↑ Taylor, John. “Poetry Today” N.p., Web. June 1, 2009
  6. ↑ (12 April 2017). Prague's Indie Writing Scene @ DiverCity Week and Prague Microfestival
  7. ↑ About — OBJECT:PARADISE
  8. ↑ Fernanda, Seavon. (March 2022). INSTANTNÍ NOSTALGIE. A2. পৃ. 11
  9. ↑ Manifesto — OBJECT:PARADISE
  10. ↑ (9 June 2021). Poetics collective OBJECT:PARADISE celebrates Žižkov » Prague Monitor / Czech News in English
  11. ↑ Gironès, Cristina. (16 February 2022). Object Paradise, el colectivo artístico que quiere devolver la vida y la voz al barrio de Žižkov. Radio Prague International
  12. ↑ Fernanda, Seavon. (March 2022). INSTANTNÍ NOSTALGIE. A2. পৃ. 11

সম্পৰ্কিত শ্ৰেণী

সাহিত্যসাহিত্যৰ ধাৰাকবিতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিৰুদ্ধ-কবিতা” প্ৰবন্ধৰ সংশোধন ৬৪০০৮১ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।